মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / স্মৃতি বৰ্ধক মেধ্য ৰসায়ন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্মৃতি বৰ্ধক মেধ্য ৰসায়ন :

স্মৃতি বৰ্ধক মেধ্য ৰসায়নৰ বিষয়ে লিখা হৈছে ।

ৰূপ-লাৱন্যই যেনেদৰে মানুহক আকৰ্ষিত কৰে; ঠিক তেনেদৰে ধী (cognition), ধৃতি (retention capacity), স্মৃতি (memory) আত্মবিস্বাস, মেধা আৰু জ্ঞানৰ প্ৰভা-কান্তিয়েও মানুহৰ প্ৰতি মানুহৰ আকৰ্ষন আৰু সন্মানৰ কাৰণ হৈ পৰে | মেধা আৰু স্মৃতিশক্তি যদিও একে নহয়, তথাপি এটাক আনটোৰ পৰিপূৰক বুলি ক'ব পৰা যায় | অনেক সময়ত দুৰ্বল স্মৃতিশক্তিৰ বাবে অনেকে অনেক বিপদৰ সন্মুখীন হ'ব লগা হোৱা দেখা যায় | সঘনাই ইটো-সিটো পাহৰি যোৱা বা ছাত্ৰাৱস্থাত ল'ৰা-ছোৱলীৰ পঢ়া কথাবোৰ মনত নথকা আদি সমস্যাই প্ৰায়েই ল'ৰা-ছোৱালী আৰু পিতৃ-মাতৃক বিব্ৰত কৰা দেখা যায় | মেধা আৰু স্মৃতিশক্তি কম বেছি হোৱা কথাটো অসংখ্য কাৰকৰ ওপৰত নিৰ্ভৰ কৰে | এই বিষয়ে বহু গবেষণাৰ কামো চলি আছে | গৱেষণা চলি আছে মেধাবৃদ্ধিকাৰী দৰৱ উদ্ভৱনৰ বিষয়েও | আজি আমি আয়ুৰ্বেদ শাস্ত্ৰত উল্ল্যেখিত তথা ঘৰুৱাভাৱে অতি সহজে প্ৰস্তুত কৰি সেৱন কৰিব পৰা চাৰিবিধ মেধাবৰ্ধক ৰসায়নযোগৰ বিষয়ে ক'বলৈ ওলাইছো | সেইবোৰ এনেধৰনৰঃ (১) সৰু মাণিমুনি শিপাৰে সৈতে উভালি শীতল পৰিস্কাৰ পানীৰে ধুই তাক পিছি ৰস উলিয়াই ল'ব লাগে | প্ৰতিদিনে এনেদৰে উলিয়াই লোৱা ১০-২০ মিঃলিঃ মানিমুনিৰ ৰস সমপৰিমাণৰ খাতি মৌৰ লগত পুৱা-গধুলি দিনে দুবাৰকৈ সেৱন কৰিব লাগে | (২) ৩-৬ গ্ৰাম য়স্থিমধুৰ চুৰ্ণ গোদুগ্ধ একাপৰ লগত পুৱা-গধুলি দিনে দুবাৰকৈ পান কৰিব লাগে | (৩) গুডুচীৰ ঠাৰি আৰু পাতৰ ৰস ১০-২০ মিঃলিঃ সমপৰিমানৰ খাতি মৌৰ লগত পুৱা-গধুলি প্ৰতিদিনে দুবাৰকৈ খাব লাগে | (৪) শংখপুস্পীৰ শিপা আৰু ফুল পতাত পিছি ৫-২০ গ্ৰাম কল্ক বনাই লৈ গোদুগ্ধ একাপৰ লগত পুৱা-গধুলি প্ৰতিদিনে দুবাৰকৈ খাব লাগে | প্ৰতিদিনে এই যোগ নিয়মিতভাৱে সেৱনৰ অভ্যাস কৰিলে মস্তিস্ক সবল হয় আৰু স্মৃতিশক্তি বৃদ্ধিৰ দৰে সুফল লাভ কৰিব পৰা যায় ।

লেখক: নিতুল বৈশ্য
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়

উৎস:  স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

3.22222222222
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top