অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্মৃতি শক্তি কেনেকৈ বঢ়াব

স্মৃতি শক্তি কেনেকৈ বঢ়াব

আহক আজি আমি স্মৃতি বৃদ্ধি কৰাৰ কিছুমান উপায়ৰ বিষয়ে আলোচনা কৰো।দীঘল বুলি নপঢ়াকৈ নাথাকিব। ই আপোনাৰ জীৱনত বহুতো সহায় কৰিব।

“এওঁক ক’ৰবাত দেখিছিলো, কিন্ত্ত নামটোহে পিচে মনত নপৰে দেখূন ! আৰে মবাইলটো ক’ত থ’লো,মনত পৰা নাই ! মেমৰী মোৰ অকামিলা হৈ গ’ল”.....এনেকুৱা কথা কোৱা আপুনি বহুত মানুহক দেখিছে নিশ্চয়। এইটো এনেকুৱা নহয় যে তেওঁৰ স্মৃতি বিকল হৈ গৈছে বা তাত কিবা সমস্যা হৈছে। আচলতে কোনো কথাত ভালকৈ ফোকাচ নকৰা বা ধ্যান নিদিয়াৰ বাবে এই সমস্যাবোৰ প্ৰায়েই হোৱা দেখা যায়। আপুনি বিচাৰিলে মেমৰি বোলা software টোক বৃদ্ধি কৰিব পাৰে।
বহুতো মানুহে কয় যে: “মোৰ memory lost হৈছে। মই আজিকালি পাহৰিব ধৰিছো। আচলতে এই সৰুসুৰা পাহৰণিবোৰ মেমৰি লষ্ট নহয়। ইয়াৰ মূল কাৰণ হ’ল: absent mind বা anxiety.মেমৰিৰ আধাৰ হ’ল.....Recording, store আৰু replay.

যদি ৰেকৰ্ডয়েই নহয়,তেনেহ’লে প্লে কেনেকৈ হ’ব। সেয়ে যদি কিবা কথা মনত ৰাখিব খূজিছে তেন্তে তাৰ ওপৰত সম্পূৰ্ণ ধ্যান লগাওঁক,ভালকৈ শুনক-চাওঁক আৰু মগজুত তাক সোমোৱাই লওঁক। তেতিয়া হ’লে ই আপোনাৰ মগজুৰ পৰা আতঁৰি নাযায়।

মেমৰি কি দৰে বৃদ্ধি কৰিব :

(১) মগজুৰ ফালৰ পৰা নিজক activate ৰাখক:

শৰীৰক সক্ষম কৰি ৰাখিবলৈ যিদৰে physical exercise অৰ প্ৰয়োজন সেইদৰে মগজুকো mental exercise অৰ প্ৰয়োজন। সাধাৰণতে আমাৰ শৰীৰৰ mechanism য়ে মেমৰিৰ ওপৰত কাম কৰে। হৃদপিণ্ডই যিদৰে আমাৰ শৰীৰৰ বিভিন্ন অংগ-প্ৰতংগলৈ তেজৰ যোগান ধৰে সেইদৰে মগজুৱে cells বিলাকৰ লগত communicate কৰে। মগজু আৰু cells বিলাকৰ মাজত যিমান সোনকালে সংযোগ স্থাপন হ’ব,চিগনেল সিমানেই খৰ বা চোকাকৈ আহিব আৰু মগজুৱে ভালকৈও ভালকৈ কাম কৰিব। সেয়ে মেমৰি বৃদ্ধি কৰিবলৈ হ’লে:

• মগজুৰ খাদ্য হিচাবে puzzles,crossword , Sudoku বস্ত্তবোৰ প্ৰায়েই খেলক।নহলে কিবা এটা বিদেশী ভাষা শিকক।
• বন্ধুৰ লগত বা অকলেও chess খেলক।এইবোৰ খেলে মেমৰি বঢ়োৱাত বহুত সহায় কৰে।
• বাতৰি কাকতৰ সেই খবৰবোৰ পঢ়ক যিবোৰ মানুহে সাধাৰণতে অৱজ্ঞা কৰে।
• গাড়ী, মটৰ চাইকেল, চাইকেল চলাই যাওঁতে একেডোখৰ ঠাইলৈকে বেলেগ বেলেগ পথেৰে যাওঁক(যদি সি উপলব্ধ)।
• কিবা এবিধ বাদ্য যন্ত্ৰ বজোৱাৰ অভ্যাস কৰক।(আঙুলিৰ অগ্ৰভাগ মেছেজ কৰি থাকিলে স্মৃতি সতেজ হ’য়)
(২) কিবা নতুন কৰক:

সদায় কিবা এটা নতুন কাম কৰিবলৈ চেষ্টা কৰক। যিটো আপুনি আগতে কেতিয়াও কৰি পোৱা নাই। সপ্তাহত এবাৰ হ’লেও কিবা নতুন কাম এটা কৰক,নতুন কথা এটা শিকক। কিন্ত্ত সেই কথাবোৰত আপোনাৰ আগ্ৰহো থকাটো প্ৰয়োজন।
(৩) মিলাপ্ৰিতী বঢ়াওক:
• অকলে নাথাকিব।নিজক socialize কৰক। পৰিয়ালৰ আন সদস্য বা বন্ধু-বান্ধৱ সকলক নিয়মিত ৰূপত লগ কৰক।
• যদি আপুনি এনে এখন ঠাইত চাকৰিৰ তাগিদাত আছে য’ত আপোনাৰ আপোন-পৰিয়াল কোনোয়েই নাই। তেতিয়া আপুনি বয়স অনুপাতে স্থানীয় ক্লাৱ,অৰগেনাইজেশ্যন,মছজিদ,নামঘৰৰ সৈতে নিজক জড়িত কৰি লওঁক। অসময়ত ইয়াৰ সদস্য সকলৰ সৈতে সময় পাৰ কৰক।
• মানুহৰ লগত মিলজুল বঢ়ালে tension, depression, Alzheimer ধৰণৰ বেমাৰবোৰৰ পৰা বাচি থাকিব পাৰি। যিবোৰ মেমৰি হেৰুৱাৰ বাবে প্ৰধানকৈ দায়ী।
• ফেচবুকৰ দৰে online social networking site বোৰো হ’ল সময় পাৰ কৰাৰ এটা সুন্দৰ সুবিধা। কিন্ত্ত অচিনাকি মানুহৰ সৈতে সম্বন্ধ কৰিবলৈ যাওঁতে অলপ সাৱধান হ’ব। গা-বচাই চলিব। কাৰণ কেতিয়া আপুনি ঠগ খাব বা বিপদত পৰিব কোনো ঠিকনা নাই। সকলো কথাতে তেওঁৰ লগত হলিগলি নকৰিব বা কিবা information বিচাৰিলে হঠাতে কৈ নিদিব। কাৰোবাক বন্ধু হিচাবে accept কৰাৰ আগতে তেওঁৰ friendlist খন চাই লওঁক আৰু তাৰে দুজন মানক সূধক তেওঁৰ বিষয়ে।

• (৪) organized হওঁক:

• সাধাৰণতে আমি যিবোৰ বস্ত্তৰ কথা ‘ক’ত থ’লো’ বুলি বাৰে-বাৰে পাহৰি যাওঁ.....যেনে মবাইল,চাবি,ডায়েৰী,মনিবেগ আদিৰ বাবে ঘৰত এডোখৰ নিৰ্দ্দিষ্ট ঠাই ঠিক কৰি লওঁক।ক’ৰবাৰ পৰা আহিয়েই বস্ত্তবোৰ সদায় তাতেহে থওঁক।
• নিজৰ কৰিব লগা কাম সমূহ, appointment ,investment আদি কথাবোৰ লিখি ৰখাৰ ব্যৱস্থা কৰক। বহুতে ক’ত কি invest কৰিলে লিখি নৰখাৰ বাবে কেতিয়াবা সেই document কেনেবাকৈ হেৰুৱাই পুনৰ উলিয়াবৰ সময়ত বৰ বিপদত পৰা দেখা যায়।

(৫) Malty tasking না কৰক:

একে সময়তে বহুত কাম একেলগে কৰিবলৈ নাযাব। আপুনি যি কথা জানিবলৈ বা কৰিবলৈ বিচাৰিছে তাকহে ফোক’চ কৰক। তেতিয়া আপোনাৰ কথাটো নিশ্চয় মনত থাকিব। এবাৰতে বহু কথাত ধ্যান দিলে আপোনাৰ হয়তো তাৰ এটা কথাও মনত নাথাকিব।

(৬) visualize কৰক:

ভিজুৱেলাইজেশ্ব্যন মগজুৰ এটা ভাল ব্যায়াম। আপুনি ট্ৰেফিক জেমত ফঁচি থাকোতে, এপইন্টমেন্টৰ বাবে অপেক্ষা কৰি থাকোতে বা শুবলৈ যা-যোগাৰ কৰি থাকোতে বাল্যকালৰ কোনো ঘটনা বা ঠাইলৈ মনত পেলাওঁক । আপোনাৰ হোষ্টেল বা ঘৰৰ পুৰণি দিনৰ কোঠাটো, শ্ৰেণীবোৰ ,গাড়ী...যিয়েই নহওঁক। এই কাৰ্যই মগজুক activate কৰাৰ লগতে টেনশ্ব্যনৰ পৰা মুক্তি দিয়ে। 
(৭) ভাল diet আৰু টোপনি:
• নিতৌ ৭-৮ ঘন্টা শুলে মেমৰি ভালে থাকে।
• মন কৰিব যাতে আপোনাৰ খাদ্যত সদায় ফল,সেউজীয়া শাক-পাচলি আৰু carbohydrates অৰ মাত্ৰা থাকে। এনে খাদ্য খাওঁক য’ত omega-3 নামৰ fatty acid থাকে। nuts, বাদাম,কিছুমান সাগৰীয় মাছ আদিত এই এচিদ উপলব্ধ। বাদাম ৰাতি পানীত তিয়াই থৈ পূৱা খাওঁক। ভাল ফল পাব। সদায় ৮-৯ গিলাচ পানী খোৱাৰ অভ্যাস কৰক।
(৮) সদায় ব্যায়াম কৰক:
• সদায় ব্যায়াম কৰিলে মগজুৰ লগতে গোটেই শৰীৰলৈ ভাল blood circulation হয়।
• সপ্তাহত মুঠ ১৫০ মিনিট বা আঢ়ৈঘন্টামান brisk walk কৰক। Brisk walk মানে হৈছে ৩০মিনিটত ৩ কিঃমিঃ পথ যোৱা। সপ্তাহত ৭৫ মিনিট aerobic exercise কৰক। যেনে খোজঁ কঢ়া,চাইকেল চলোৱা, সাতোঁৰা, ঘোৰাঁত উঠা ইত্যাদি । যদি সময় নাই দিনটোৰ ভিতৰত ১০-১০ মিনিটত ইয়াক ভগাই কৰক।
• মেডিটেশ্যন,দীঘলীয়া উশাহ-নিশাহ লোৱা ইত্যাদি যৌগিক আসন বা যোগ অভ্যাসে মগজুক স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে।

ইয়াকো অৱজ্ঞা নকৰিব:

• Depression, Thyroid, kidney, vitamin-B অভাৱৰ দৰে বেমাৰ বোৰক অৱজ্ঞা নকৰিব। ইহঁতে স্মৃতিৰ ওপৰত এটা সাংঘাতিক প্ৰভাৱ পেলায়।এইবোৰৰ সঠিক ৰূপত চিকিৎসা কৰাওক।
• নিজৰ পচন্দৰ মিউজিক,গান শুনক।গান শুনি শুনি আপুনি তাৰ কথাবোৰ উপলব্ধি কৰিবলৈ চেষ্টা কৰক। ইংৰাজী গানো শুনক.....কথাবোৰ বাৰে বাৰে শুনি বুজিবলৈ চেষ্টা কৰক। প্ৰথমেই lyrics টো download কৰি নলব। মগজুক activate কৰক।
• কিতাপ পঢ়িবলৈ কিছু সময় উলিয়াওক। ঘৰত সময় নহলে কামৰ ঠাইতে দুই এটা কথা পঢ়ক। বাতৰি কাকতৰ গণ্ডগুলীয়া কথাবোৰ কমকৈ পঢ়ি ভিতৰৰ চিন্তামূলক প্ৰৱন্ধবোৰ পঢ়ক। মগজুক সি recharge কৰিব। ব’ম দিয়া,মানুহ মৰা,ধৰ্ষন কৰা,ছোৱালী বিহাৰলৈ পলূৱাই নিয়া,পুতেকে বাপেকৰ ডিঙি কটা,ডাইনী বুলি সন্দেহ কৰি আলিবাবা চল্লিশচোৰৰ দিনৰ বাগদাদৰ ৰাইজে মানুহক জ্বলোৱা, ৰাইজৰ টকা সৰকাই ঘৈনীয়েকক দামী মেখেলা কিনি দিয়া ইত্যাদি বাতৰি বোৰৰ পৰা সাধৰণতে নিজক আতঁৰাই ৰাখক। এইবোৰ বাৰে বাৰে পৰিবেশন কৰা বাতৰিৰ প্ৰতি আমি অভ্যস্ত হৈ গৈছো। সেয়ে আপুনি আকৌ মই কিবা অকণমান সদায় পঢ়িবলৈ কৈছো বুলি যদি এইবোৰ কথাকে সদায় পঢ়ি থাকে তেতিয়া আপোনাৰ স্মৃতি বঢ়াৰ সলনি দুবছৰ আগৰ জেওৰা খৰিডাল শুকুৱাদি শুকাবহে। এনে কথাবোৰ শুনোৱাই দিলে ৰাষ্টাৰ ভেনা মাখি পৰি থকা পাগলীজনীয়েও মনত ৰাখিব পাৰিব। কিয়নো তাত চিন্তা কৰিব লগা একো বিষয় নাই। ল’ৰা-ছোৱালীকটো মুঠেই পঢ়িবলৈ নিদিব......... Total mentality collapse হৈ যাব। সেয়ে চিন্তাৰ খোৰাক জগোৱা বস্ত্তবোৰ পঢ়ক ।
• নিজৰ ঘৰটো হাবি-জাবি কৰি নাৰাখিব। সাধ্য অনুসৰি ধুনীয়াকৈ য’ৰ বস্ত্ত য’ত থাকিব লাগে সেইমতে সজাওঁক। ভিতৰখন মিস্ত্ৰিৰ মতে তেলতেলীয়া ৰঙ কৰি দি গোটেইটো তেলীৰ তাজমহল বা হাবিজাবি কৰি নথ’ব। ভাল লগা ৰঙ,বা আপোনাৰ ভাল লগা বস্ত্তৰে ভিতৰখন সজাঁওক। ভাল ভাল expert য়ে তেনেদৰে কয়। মাটিৰ ঘৰেই হওঁক....পৰিপাটিকৈ ৰাখক। মান ৰজাৰ দিনৰ কাগজ-পত্ৰ....লাম-লাকটু থৈ ঘৰখন মকৰাজালৰ দোকান কৰি ন’থব। ভিতৰখন তেলতেলীয়া ৰঙা নীলা হালধীয়া হ’লে বা বেমেজালি হ’লে আপোনাৰ মনৰ অৱস্থাটোও সেইমতে হ’য়....য’ত আপোনাৰ memory lost হয়। চোতালত অলপ ফুল গছ লগাওঁক। সেইবোৰৰ তদাৰক নিজে কৰক। সেইবোৰ কামৰ বাবে হাজিৰা কৰা মানুহ লগাই তাৰ স্বাস্থ্য ভাল কৰিবলৈ নাযাব। ঘৰৰ ভিতৰতো পাৰিলে দুটামান সচাঁ ফুলৰ টাব ৰাখক।চীনৰ পৰা কিনি অনা কোনোদিনে শিপা নোলোৱা..........পাত বা ফুল নসৰা গছবোৰ কমকৈ ৰাখক। আপুনি যেতিয়া টাবটোৰ চিন্তাত থাকিব আপোনাৰ স্মৃতি active হৈ থাকিব। চীনৰ মিছৰৰ মামী ফুলবোৰে আপোনাক কোনো চিন্তাত নেপেলায়। বোলো “আছে ছাগলি...নিদিয়ে পোৱালি...হোৱাতকৈ কচাইৰ হাততে দিওঁগৈ তুলি।(আছে গৰু নাবায় হালৰ আধুনিকীকৰণ কৰিছো)।
• ঘৰত কুকুৰ মেকুৰী কিবা পুহি তাকো শহুৰৰ দৰে সেৱা-শুশ্ৰষা কৰি থাকিলে expert সকলে স্মৃতি বাঢ়ে বুলি কয়।

• আমি প্ৰায়েই আজিকালি ফোন নম্বৰবোৰ মনত পেলাব নোৱৰো। ই সাধাৰণ কথা। কাৰণ এই পাহৰণিৰ বাবে আমাৰ মোবাইলটোৱেই দায়ী। কিয়নো তাতে গোটেইখন ৰাখি থোৱাৰ ব্যৱস্থা হ’ল। আগৰ land line ফোনৰ দিনৰ কথা বেলেগ আছিল। কিন্ত্ত আমি কিছুমান কাম কিয় বাৰে বাৰে পাহৰো। তাৰো কাৰণ আছে। কিয়নো আজিকালি আমাৰ দহ ঠাইত ধান্দা। সেয়ে কিবা কাম কৰিলে তাক ভালকৈ ফোকাচ কৰক। যিবোৰ কথা আপুনি পাহৰি যোৱাৰ সম্ভাৱনা আছে তাৰ ওপৰত বেচিকৈ ধ্যান দিয়ক। একে সময়ে “এই ছোৱালীজনীক স্কুলৰ পৰা আনিব লাগে, মাইকী মানুহজনীৰ শাৰীখনো ধূৱ লাগে,আজি মোৰ ফটা আন্দাৰ পেন্টটোৰ ঠাইত নতুন এটা কিনিব লাগে” ইত্যাদি ধৰণৰ চিন্তাবোৰ যদি একে সময়তে কৰি থাকো তেন্তে মই ভায়াই নাপাহৰি কোন ভায়াই পাহৰিব! সেয়ে যিটোকে কৰে সেই সময়ত আপোনাৰ পিচফালে খাপঁ দি থকা চোৰটোক খামোঁচ মাৰি ধৰাদি ধৰি থাকক। তেতিয়া নিশ্চয় বৰকৈ নাপাহৰিব। Memory ও ভাল হ’ব।

এইবোৰ কথালৈও এবাৰ মন কৰক:

• ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত সদায় মানুহক এটা চিন্তাত পৰা দেখা যায় যে “গেছৰ চুইচটো বন্ধ কৰিলো নে নাই, পানীৰ পাইপডাল বন্ধ কৰিলোনে নাই, ড্ৰয়িং ৰুমৰ ফেনখনৰ চুইচটো বন্ধ কৰিলোনে নাই,পিচফালৰ দৰজাখন বন্ধ কৰিলোনে নাই ইত্যাদি ইত্যাদি। যদি পাহৰিছে.... কি কৰিলে বা নকৰিলে.... তেতিয়া হ’লে পিচৰবাৰ ঘৰৰ পৰা ওলোৱাৰ সময়ত নিজৰ গতি ধীৰ কৰক........খপজঁপ নকৰিব........দীঘলকৈ দুবাৰমান উশাহ লওঁক.....এবাৰ গোটেই ঘৰটো আদিৰ পৰা অন্তলৈকে চকুফুৰাই চাওঁক.....সকলো ঠিকেঠাকে আছেনে নাই....তাৰ পিচত ওলাই যাওঁক। বহুত মানুহৰ ঘৰ জ্বলে ইস্ত্ৰিৰ চুইছ দি পাহৰি যোৱাৰ বাবে।
• যদি আপুনি ক’ৰ বস্ত্ত ক’ত ৰাখিলে বাৰে বাৰে পাহৰি যায়......তেন্তে এইবোৰৰ এখন check – list বনাই লওঁক।কি ক’ত ৰাখিলে ইয়াৰ সহায়ত বিচাৰক।
• যিটো কাম কৰিবলৈ মনলৈ আহে তাক লগে লগে কৰক। পিচলৈ পেলাই নথ’ব। কাম পিচুৱাই থাকিলে পাহৰি যোৱাৰ অভ্যাস বাঢ়ি গৈ থাকে। বহুতো মানুহে ধাৰ নাখায়.....কিন্ত্ত পাহৰি যোৱাৰ বাবে দোকানীয়ে ভাবে যে মানুহজন লেনদেনত বেয়া। সেয়ে এখন ডায়েৰী maintain কৰক। সকলো কথা লিখি ৰাখক। ডায়েৰীয়েও স্মৃতি বঢ়োৱাত সহায় কৰে। কৰ’বাৰ দূৰণিলৈ যোৱাৰ আগৰ দিনাই এখন check-list বনাওঁক যে কি কি লগত নিব.......ধুতীখনৰ পৰা ফটাকানি খনলৈকে লিখক। আৰু আগদিনাই সেইমতে বস্ত্তবোৰ বেগত ভৰাওঁক। নহলে দেখিব যে আন্দৰপেন্ট এটাকে এৰি আহিল। গা ধুই পিন্ধিবলৈ নাই। কেৱল লংপেন্টতো পিন্ধি সেইদৰেই লতং-পতংকৈ ঘূৰি ফুৰক। কলিকতাৰ দৰে চহৰত থাকিলে মানুহৰ ভিৰত আকৌ আন্দাৰ পেন্ট এটা কিনিবলৈ যাবলৈও আপুনি ভাবিব লাগিব আৰু আপোনাৰ সেই সময়ৰ বহুমূলীয়া সময় এটাও নষ্ট হ’ব।
• এখন দামী কোম্পানীৰ ডাঙৰ কেলেণ্ডাৰ এখন লগত ৰাখক। মানুহে কিবা বিয়া ভোজ সকামলৈ মাতিছে বা সেইদিনা এক বিশেষ এটা কাম কৰিব লগা আছে সেই তাৰিখটোক ক্ৰচ মাৰি সৰুকৈ লিখি ৰাখক। নহলে আপোনাৰ একেবাৰে close জনৰ ঘৰৰ নিমন্ত্ৰন ৰক্ষা কৰিব নোৱাৰি পিচত লাজত পৰিব। মবাইলতো এনেবোৰ কথা save কৰি থোৱাৰ ব্যৱস্থা আছে। তেনেই সাধাৰণ কামটো। কিন্ত্ত ই বহুতৰ ‘বচ কী বাত ন্যেহী’। কেলেণ্ডাৰ খনত প্ৰতিদিনাই এবাৰ চকু ফুৰাওঁক যে আজি আপোনাৰ কিবা নিমন্ত্ৰণ, বিয়া,ভোজ,appointment, বিশেষ কাম কৰিব লগা আছে নেকি।
• কোনোবা নতুন মানুহ পালে আপুনি ভয় কৰিছে যে ঘৰলৈ গৈ মই তেওঁৰ নামটো পাহৰি যাম। কাৰণ মাহুহজনক লগ পোৱাৰ সময়তটো আপুনি “অলপ ৰ’ব মই আপোনাৰ নামটো পাহৰি যাম সেয়ে চিগাৰেটৰ পেকেট এটা ফালি পিচফালে লিখি লওঁ” বুলিটো লাজতে কব নোৱাৰে। সেয়ে তেওঁৰ নামটো আপোনাৰ আগৰ চিনাকি কোন জনৰ লগত মিলিছে সেইদৰে মিলাই মনতে এবাৰ জুকিয়াই চাওঁক। অ’ তেওঁৰ নামটো ‘কান্দুৰা’.....অঁ...অঁ....আমাৰ ঘৰৰ ওচৰৰ ফেদেলীৰ পুতেকৰ নামটোৰে একেই। এনেদৰে। দেখিব মানুহটো মৰি গলেও আপুনি তেওঁৰ নাম নাপাহৰে। আকৌ নায়কৰ নামৰে একে হ’লেটো কথাই নাই। ‘অঁ তেওঁৰ নাম চুলেমান খান’....অঁ....অঁ....বম্বেৰ মোৰ সেই মাহী আইৰ পুতেক চুলেমান খান ভাইৰ সৈতে প্ৰায় একেই’।এনেদৰে।
• দীঘল নম্বৰ এটা মনত ৰাখিব লগা হ’লে টুকুৰা টুকুৰাকৈ মনত ৰাখক.......4815613572 এনেদৰে নহয়..... ঠিক এনেদৰে....481-5613-572.

পঢ়া মনত ৰখাৰ tips (Students অৰ বাবে)
• একেৰাহে পঢ়াতকৈ ৫০ মিনিটমান পঢ়াৰ পিচত ১০ মিনিট জিৰণি লওঁক। আকৌ পঢ়ক। পৰীক্ষা আছে বুলি মাৰাথান দৌৰ নিদিব। আগৰ পৰা prepare হৈ থাকক। 
• বহুতৰ পঢ়াৰ সময়ত মিউজিক শুনাৰ স্বভাৱ আছে। গান শুনাতকৈ instrumental Music শুনক। জেং-জাং মিউজিক নুশুনিব,ই আপোনাৰ ধ্যান তথা স্মৃতিত আঘাত সানে।
• পঢ়াৰ বাবে এডোখৰ নিৰ্দ্দিষ্ট ঠাই ঠিক কৰি লওঁক। সেই ঠাইত নিজকে পঢ়াৰ বাবে উপযুক্ত ঠাই বুলি মনৰ পৰা খাপ খূৱাই লওঁক।
• এদিনত মাত্ৰ এটা বিষয় পঢ়াতকৈ ২ বা ৩টা বিষয় পঢ়ক। যিটো পঢ়িব তাত নিজৰ involvement টো আনিবলৈ চেষ্টা কৰক। কেৱল পঢ়ি যোৱাতকৈ মাজে মাজে নিজকে সূধক যে ‘মই কি পঢ়ি আছো’ ? বুলি। আগলৈ এই বিষটোৱে কি ৰূপ ল’ব পাৰে বা কি....কিয় প্ৰশ্নবোৰ নিজকে কৰি থাকক.....কথাবোৰ মনত ৰাখিবলৈ সহজ হ’ব। ভাবক যে যি subject টো আপুনি পঢ়ি আছে তাৰ main points বোৰ কি কি আছিল। মনতে এটা summery তৈয়াৰ কৰি লওঁ। 
• আপুনি পঢ়াটোক visualization কৰক। নিজক তাৰ ভিতৰৰ গভীৰতৰ মাজলৈ সোমোৱাই লৈ যাওঁক। চকুৰ আগত তাৰ এখন ছবি ভহাঁই লৈ আনক। ধৰক আপুনি লাচিত বৰফুকনৰ কথা পঢ়ি আছে....নিজকে চিন্তাৰ মাজেদি সেই সময়লৈ লৈ যাওঁক। কথা মনত ৰাখিবলৈ সহজ হ’ব। 
• গোটেই chapter টো পঢ়ক। বাচি বাচি নপঢ়িব। প্ৰথমবাৰতে underline নকৰিব। পিচত যিবোৰ পইন্ট আন্দাৰলাইন কৰিলে তাৰ ওপৰত চিন্তা-চৰ্চা কৰক।
• মূখ মেলি জোৰেৰেও কিছু সময় পঢ়ক। ফূটাই পৰিলে কথাবোৰ মগজুত সোনকালে record হয়।
• ক্লাচত নোট লিখাৰ সময়ত এইবুলি তাক note down নকৰিব যে ‘এতিয়া লিখি থওঁ...পিচত ভালকৈ পঢ়িম’ । যিহকে লিখে মনপুতি লিখি যাওঁক। লিখি যাওঁতে কথাবোৰ মনতে আওঁৰাই যাওঁক। উধৰ পৰা মূধলৈকে শিক্ষকৰ কথাবোৰ লিখাতকৈ....main points বোৰ লিখক। 
• এবাৰ মুখস্থ হোৱাৰ পিচতো পুনৰ তাক আওঁৰাক। ২৪ ঘন্টাৰ পিচত ইয়াক প্ৰথমবাৰ, আকৌ সপ্তাহটোৰ পিচত অন্তঃত ২বাৰ মূখস্থ কৰা কথাখিনি আওঁৰাক।
• নতুন পাঠ পঢ়িলে তাক বন্ধু বৰ্গৰ সৈতে আলোচনা কৰক।
• পঢ়াৰ সময় বা ৰুটিনখন মাজে-মাজে বদলাওঁক। নহলে সি আপোনাৰ বাবে একঘেয়মিও হ’ব পাৰে।

কেতিয়া memory loss হয়

Alzheimer ৰৰ দৰে বেমাৰ হ’লে memory loss হয়। ইয়াৰ কাৰণ organic বা মগজুৰ সমস্যা। মগজুলৈ ৰক্ত প্ৰৱাহ কমি আহে। এনে ৰোগীৰ এটা সৰু ডাক্টৰী পৰীক্ষা আছে। এই পৰীক্ষাত ৰোগীক কিছুমান প্ৰশ্ন সোধা হ’য়। neurologist.....Psychologist বা দুয়োজনে মিলি এই পৰীক্ষা কৰে। তাৰ পিচত তেওঁলোকে ৰোগীৰ therapy তয় কৰে ।এনে ৰোগীক প্ৰতিটো সৰু-ডাঙৰ কামৰ বাবে ডায়েৰী maintain কৰিবলৈ পৰামৰ্শ দিয়া হ’য়। এইৰোগ সাধাৰণতে বয়সত হ’য়। কিন্ত্ত এই কথাৰ অৰ্থ এইটো নহয় যে সকলো বয়সীয়াল লোকৰে স্মৃতি শক্তি দূৰ্ব্বল। সেয়ে মেমৰি ভালে ৰাখিবলৈ ইয়াৰ আগৰ পোষ্টটোত মই আপোনালোকৰ লগত এই সম্বন্ধে আলোচনা কৰিছিলো.....সেয়ে সেই কথাবোৰত ধ্যান দিয়ক। সূস্থ থাকক সূখী থাকক।

লিখক: ইমৰান হুছেইন

Imran

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate