অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্মৃতিক্ষৰণতা :

স্মৃতিক্ষৰণতাৰ বিষয়ে লিখা হৈছে ।

 

বৃদ্ধাৱস্থাত বেছিভাগ লোকৰেই স্মৃতিশক্তি হ্ৰাস হোৱা দেখিবলৈ পোৱা যায়। চিকিৎসা বিজ্ঞানীৰ মতে, বৃদ্ধাৱস্থাৰ এই স্মৃতি বিভ্ৰমতা এক বাৰ্দ্ধক্যজনিত মানসিক ৰোগ। বয়স বাঢ়ি যোৱাৰ লগে লগে মানুহৰ মগজুৰ স্নায়ুকোষসমূহ সংৰক্ষিত হৈ ক্ষয়প্ৰাপ্ত হ’ব পাৰে। মগজুৰ হিপ্পোকেম্পাছ নামৰ অংশত স্মৃতিসমূহ সংৰক্ষিত হৈ থাকে।

যিদৰে আজিকালিৰ ম’বাইলবোৰ মেম’ৰী কাৰ্ডত ৰেকৰ্ডিংবোৰ ৰখা হয়। এই হিপ্পোকেম্পাছ আৰু কৰ্টেক্স নামৰ অংশ দুটাৰ স্নায়ুকোষত অসংখ্য নিউৰণ থাকে আৰু ইয়াৰ কিবা কাৰণত বিজুতি ঘটিলে মানুহ এই ৰোগত আক্ৰান্ত হোৱা বুলি কয়। ৰোগীৰ স্মৃতিশক্তি লাহে লাহে কমিবলৈ আৰম্ভ কৰে।

কিছু সময়ৰ আগেয়ে কৰা কামটোও পাহৰি যায়, কিন্তু আকৌ ২০ বছৰ পুৰণি কথাও মনত থকা পৰিলক্ষিত হয়। ব্যক্তিভেদে ইয়াৰ লক্ষণো ভিন্ন হোৱা দেখিবলৈ পোৱা যায়। ৰোগীৰ আচাৰ-ব্যৱহাৰ, চাল-চলন তথা ব্যক্তিত্বৰো পৰিৱৰ্তন হোৱা দেখা যায়। ফলত দৈনিক জীৱন যাত্ৰাত এক খেলিমেলিৰো সৃষ্টি হয়।

এই ৰোগৰ প্ৰথম লক্ষণ হ’ল সঘনাই পাহৰা। গতিকে আপুনি সচেতন হৈ থাকি এই ৰোগ প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিব পাৰে। আমি সকলোৱে জানো যে স্মৃতিশক্তি হ’ল মগজুৰ শক্তি।

সেয়েহে আমাৰ দেহ-মন আৰু মগজু শান্ত আৰু সক্ৰিয় কৰি ৰাখিব পাৰিলেহে মস্তিষ্কৰ এই শক্তিও ঠিকে থাকে বুলি মনোবিজ্ঞানীসকলে কয়। সেইবাবে আসন-প্ৰাণায়াম, সুষম আহাৰ, মানসিক প্ৰফুল্লতা, লঘু ব্যায়াম, সন্তুলিত জীৱন যাপনৰ প্ৰতি অধিক গুৰুত্ব দিব লাগে।

যিহেতু বয়স বঢ়াৰ লগে লগে বেছিভাগ মানুহৰে সৃষ্টিশক্তি কামত যদি নিজকে নিয়োজিত কৰি ৰাখিব পৰা যায়, তেতিয়া এই ৰোগৰপৰা হাত সাৰি থাকিব পাৰি বুলি ক’ব পাৰি।

৬০ বছৰ বা ইয়াৰ ঊৰ্দ্ধ বয়সৰ মানুহৰ এইবিধ বেমাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰবল। গতিকে এই সময়ছোৱাত মস্তিষ্কৰ সক্ৰিয়তা বৰ্তাই ৰাখি নিজে সচেতন হৈ থাকিবলৈ যত্নপৰ হোৱা উচিত।

লেখিকা: অপৰাজিতা ভূঞা(দৈনিক অসম)

3.05263157895
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top