মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / স্মৃতিশক্তি বৃদ্ধিকাৰক খাদ্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্মৃতিশক্তি বৃদ্ধিকাৰক খাদ্য :

স্মৃতিশক্তি বৃদ্ধিকাৰক খাদ্যৰ বিষয়ে লিখা হৈছে ।

মাতৃগৰ্ভত স্থিতি লোৱাৰ ১০-১২ সপ্তাহত ভ্ৰূণ এটাৰ মগজু স্নায়ুকোষ সক্ৰিয় হয়। শিশুৱে তিনি বছৰত কথা পতাৰ লগত দীৰ্ঘস্থায়ী স্মৃতিশক্তি বিৰাজ হয়। এই স্মৃতিশক্তি অটুট ৰাখিবলৈ উপযুক্ত খাদ্য গ্ৰহণ কৰিব লাগিব। এতিয়া আহিছো স্মৃতিশক্তি বঢ়োৱাৰ উপায়। দৌৰত মগজুৰ কোষ বৃদ্ধি পায়। ইনষ্টিটিউট ফৰ বায়’লজিকেল ষ্টাডিজৰ দ্বাৰা প্ৰমাণিত হৈছে যে দৌৰিলে কোষৰ বৃদ্ধি হয়। মগজুত কোষ বৃদ্ধি হ’লে স্মৰণ শক্তি বাঢ়ে।

  • শাৰীৰিক পৰিশ্ৰম,
  • খেলা-ধূলাৰ দ্বাৰা স্মৰণ শক্তি বঢ়াব পৰা যায়।

ৰক্ত সঞ্চালন -

মগজুৰ কোষবোৰলৈ তেজ সঞ্চালন ক্ৰিয়া ভাল হ’লে স্মৰণ শক্তি বাঢ়ে। শৰীৰৰ অংগ-প্ৰত্যংগলৈ তেজ চলাচল হোৱা উচিত।

গতিকে খোজকাঢ়িলে, চাইকেল চলালে তেজ চলাচল ভাল হয়। তেতিয়া স্মৰণ শক্তি বৃদ্ধি হয়।

ওচৰ-চুবুৰীয়াৰ লগত মিলাপ্ৰীতি -

ওচৰ-চুবুৰীয়াৰ লগত মিলাপ্ৰীতিৰে থাকিব লাগে। সভা-সমিতি, সাংস্কৃতিক অনুষ্ঠানত যোগদান কৰিব লাগে। তেতিয়া স্মৃতিশক্তি অটুট থাকে। মন প্ৰফুল্লিত হয়।

ভাল টোপনি:

এজন মানুহৰ নিশা ৭-৮ ঘন্টা ভাল টোপনি হোৱা উচিত। ভাল টোপনি হ’লে মানুহৰ দেহ-মন সুস্থ হয়।

বিশুদ্ধ পানী সেৱন -

প্ৰতিদিনে এজন মানুহে প্ৰায় তিনি লিটাৰ পানী খোৱা উচিত। পানীয়ে দেহৰ তেজ সঞ্চালন ভাল কৰে। শৌচ-প্ৰস্ৰাৱ নিয়মীয়া হয়। তেতিয়া স্মৃতি বৰ্ধন হয়।

খাদ্যৰ দ্বাৰা স্মৃতি বৰ্ধন -

মানুহে সদায় সুষম আহাৰ খাব লাগে। মচলাজাতীয় খাদ্য অৰ্থাৎ উদ্ভিদজাত খাদ্য খোৱা উচিত।

  • কেঁচা জলকীয়া,
  • জালুক,
  • নহৰু আদিয়ে স্মৃতিশক্তি বঢ়ায়।

ইয়াৰ উপৰি ফছফৰাছ জাতীয় শাক-পাচলিয়ে স্মৃতিশক্তি বৃদ্ধি কৰে। এই শাক-পাচলিবোৰ হৈছে-

  • ব্ৰাহ্মী শাক,
  • মৰিচা শাক,
  • মানিমুনি,
  • টেঙেচী শাক,
  • নহৰু,
  • নাৰিকল,
  • কোমোৰা,
  • পালেং শাক,
  • বিন,
  • ৰঙালাউৰ আগ,
  • মহানিম পাত,
  • চজিনা,
  • মেথি শাক,
  • আমলখি,
  • শিলিখা,
  • তুলসী,
  • আপেল,
  • মৌচুমী আদিয়ে স্মৃতিশক্তি বৃদ্ধি কৰে।
  • ব্ৰাহ্মী শাক ঘিউত ভাজি সপ্তাহত তিনি দিন খাব লাগে। শিশু বা ডাঙৰ পুৰুষ-মহিলাৰ স্মৃতিশক্তি বৃদ্ধি হ’ব।
  • অশ্বগন্ধাৰ গুড়া গাখীৰৰ লগত মিহলাই খালে স্মৃতিশক্তি অটুট থাকিব।
  • ব্ৰাহ্মী শাক আৰু এমুঠি সৰু মানিমুনি শাক ভালদৰে ধুই বটি তাত নহৰু দি খাব লাগে। ই স্মৃতিশক্তি বঢ়ায়।
  • ব্ৰাহ্মী শাকৰ ৰসৰ লগত গাখীৰ মিহলাই খালে স্মৃতিশক্তি অটুট থাকে।
  • প্ৰতিদিনে গাজৰ চোবাই বা তাক পিহি গাখীৰৰ লগত খালে স্মৃতিশক্তি বাঢ়ে বুলি কোৱা হয়।
  • মানিমুনিৰ পাত আৰু টেঙেচী শাক পাতত দি খালে স্মৃতিশক্তি অটুট থাকিব।
  • কোমোৰাৰ আঞ্জা বা কোমোৰাৰ গুটিৰ আঞ্জা পুঠি মাছৰ লগত ৰান্ধি খালে স্মৃতিশক্তি বৃদ্ধি হয়।
  • বাদাম গুড়া কৰি গাখীৰৰ লগত খালে স্মৃতিশক্তি বৃদ্ধি হয়।
  • খাদ্য প্ৰাণ ‘খ’ থকা আহাৰ খাব লাগে। এই খাদ্যপ্ৰাণ ‘খ’ যুক্ত খাদ্য হৈছে- ফুলকবি, উখুৱা চাউল, মাছ, মাংস আৰু কণী আদিত খাদ্যপ্ৰাণ ‘খ’ থাকে। সেইবাবে এইবোৰ নিয়মিত খোৱা উচিত।
  • পুষ্টি গুণসম্পন্ন আহাৰ নিয়মিত খাব লাগে। বিশেষকৈ প্ৰ’টিনযুক্ত আহাৰে স্মৰণ শক্তি বৃদ্ধি কৰিব পাৰে।
  • খাদ্য দ্ৰব্যত ৰাসায়নিক সাৰ আৰু ৰাসায়নিক কীটনাশক ঔষধ প্ৰয়োগ কৰা শাক-পাচলি খাব নালাগে। ই স্মৃতিশক্তি হ্ৰাস কৰে। সেইবাবে জৈৱিক সাৰ দিয়া শাক-পাচলি খাব লাগে। ই স্মৃতিশক্তি বৃদ্ধি কৰে।
  • সাতটা বাদাম পানীত তিয়াই থৈ বাকলি এৰুৱাই গুড়া কৰি গাখীৰৰ সৈতে খাব লাগে। এনেদৰে খোৱা মানুহৰ শক্তি বৃদ্ধি হয়। আৰু স্মৃতিশক্তি সবল হ’ব।
  • তিনি গ্ৰাম সংখ পুষ্পিৰ গুড়ি গাখীৰৰ লগত খালে স্মৰণ শক্তি বৃদ্ধি পাব।
  • আমলখি দহ গ্ৰাম খালী পেটত ৰাতিপুৱা চোবাই খালে স্মৃতিশক্তি প্ৰখৰ হয় আৰু স্নায়ুতন্ত্ৰ শক্তিশালী হ’ব।
  • ঠাণ্ডাৰ দিনত ৮-১০ টা খেজুৰ প্ৰতিদিনে গাখীৰৰ লগত উতলাই খালে স্মৃতি বৃদ্ধি হ’ব।
  • চয়াবিন গাখীৰৰ লগত খালে স্মৃতিশক্তি সবল হ’ব।
  • পাঁচ গ্ৰাম ডালচেনি গুড়ি কৰি পানীৰ লগত মিশ্ৰণ কৰি খালে মেধাশক্তি বৃদ্ধি হয়।

স্মৃতিশক্তি বৃদ্ধিৰ বাবে খাদ্যৰ যিদৰে ভূমিকা আছে, সেইদৰে জীৱনশৈলী ভাল হোৱা বাঞ্ছনীয়।

প্ৰ’টিনযুক্ত আহাৰ খোৱাৰ উপৰি দেহ-মন সদায় সক্ৰিয় কৰি ৰাখিব লাগে।

  • কথা-বতৰা সঠিক হ’ব লাগে।
  • ৰাগ, খং কৰিব নালাগে।
  • মনৰ অৱসাদ দূৰ কৰিব লাগে।
  • সদায় ইতিবাচক চিন্তাৰে মনৰ মণিকোঠা ভৰাই ৰাখিব লাগে।
  • কাম-কাজ নিজে হাতে-কামে কৰা উচিত।
  • কেতিয়াও টোপনি ক্ষতি কৰিব নালাগে।
  • বেছি আৱেগিক নহ’ব। কথাবোৰ সহজভাৱে ল’ব লাগে।
  • অহংকাৰী বা পৰশ্ৰীকাতৰ স্বভাৱ পৰিহাৰ কৰা উচিত।
  • মন প্ৰফুল্লিত কৰি ৰখা উচিত।
  • অধিক ভোজন কৰিব নালাগে। সদায় মনটো আশাবাদী হৈ থাকিব লাগে।
  • কেতিয়াও শৰীৰ আৰু মন দুৰ্বল আৰু অসুখীয়া হ’ব নিদিব। মন দৃঢ় কৰিব লাগে।
  • সদায় দেহ-মন সক্ৰিয় কৰি ৰাখিব লাগে। লিখা-পঢ়া সঠিকভাৱে নিয়মিত কৰি থাকিব পাৰিলে ভাল।
  • পুৰণি স্মৃতিবোৰ ৰোমন্থন কৰি থাকিব লাগে।
  • হাঁহি-ধেমালিৰে জীৱনটো উদযাপন কৰাৰ চেষ্টা অব্যাহত ৰখা উচিত।

লেখক: ধনেশ্বৰ হুজুৰী(নিয়মীয়া বাৰ্তা)

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top