মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / স্মৃতিশক্তি হ্ৰাস হোৱা অনুভৱ কৰিলে কি কৰিব
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্মৃতিশক্তি হ্ৰাস হোৱা অনুভৱ কৰিলে কি কৰিব

স্মৃতিশক্তি হ্ৰাস হোৱা অনুভৱ কৰিলে কি কৰিব, সেই বিষয়ে লিখা হৈছে ।

 

আপুনি বাৰু কথাবোৰ খূৱ সোনকালে পাহৰে নেকি? বা চিনাকি মানুহৰ নামবোৰ মনত পেলাব নোৱাৰে! কেতিয়াবা কোনো বস্তু কৰ'বাত এৰি থৈ মনত পেলাব দিকদাৰ লাগে। এইটো সচৰচৰ হোৱা এটি খূৱেই সাধাৰণ সমস্যা। সেই সময় খিনিত হয়তো আপুনি স্মৃতি শক্তিৰ তাৰতম্য হোৱা বুলি ভাবি দূৰ্ভাৱনাত ভোগে। কিন্তু মনোযোগ আৰু একাগ্ৰতা অক'মান বৃদ্ধি কৰিব পাৰিলেই এই সৰুসুৰা সমস্যা সমূহৰ পৰা আমি হাত সাৰি থাকিব পাৰো। তৎস্বতেও সমস্যাবিধক একেবাৰে হেয় গণ্য কৰা অনুচিত। কাৰণ কেতিয়াবা সি অন্য কোনো মাৰাত্মক ৰোগৰো লক্ষণ হিচাপে দেখা দিব পাৰে। মানসিক উদ্বেগ আৰু বিমৰ্শতাৰ লগতে অন্য মানসিক ব্যাধি কলিতে নিৰ্মূল কৰা উচিত। কেতিয়া কিছুমান শৰীৰৰ অতীব প্ৰয়োজনীয় উপাদানৰ অভাৱৰ বাবেও স্মৃতি শক্তি হ্ৰাস হ'ব পাৰে। যেনে থায়ৰয়দ হৰ'মন আৰু ভিটামিন B 12 ৰ অভাৱৰ বাবে স্মৃতি হ্ৰাস পাবলৈ আৰম্ভ হয়। অতি সাধাৰণ আৰু সুক্ষ্মতিসূক্ষ্ম এনেবোৰ উপাদানৰ অভাৱত যে অতি ভয়ঙ্কৰ ৰোগৰ আৰম্ভ হ'ব পাৰে ভাবিলেই আচৰিত লাগে। এই ক্ষেত্ৰত দুই এটা সৰু সুৰা পৰীক্ষা কৰিয়েই ইয়াক ধৰা পেলাব পাৰি। কেতিয়াবা চিকিৎসা আৰম্ভ কৰাৰ প্ৰাৰম্ভিক অৱস্থাতেই অতি উৎসাহ জনক ফলাফল লক্ষ্য কৰা দেখা যায়। সেই বাবে স্মৃতি হ্ৰাস যেন অনুভূত হ'লে কোনোপধ্যে উপেক্ষা কৰা উচিত নহয়।
কিন্তু সবাতোকৈ প্ৰয়োজনীয় কথাতো হ'ল প্ৰতিজন ব্যক্তিয়ে এটি প্ৰাণোৎচ্ছল তথা কৰ্মব্যস্ত জীৱন কটাবলৈ চেষ্টা কৰা উচিত। সামাজিক ভাৱে সক্ৰিয় হব'লৈ সৰ্বাধিক চেষ্টা কৰিব লাগে। সকলোৰে লগত মিলামিছা কৰি থাকিলে আৰু সহায় কৰিলে যিটো আনন্দ পোৱা যায় তুলনাবিহীন আৰু অন্যান্য। মনতৃপ্তি আৰু সন্তোষ এক ডাঙৰ মানসিক গুণ। সেই বাবেই সুখী মানুহৰ স্মৃতি শক্তি আটাইতকৈ বেছি। স্মৃতি শক্তি বৃদ্ধিৰ আগ্ৰহী ব্যক্তি বিশেষে প্ৰতিদিনে নতুন কিবা এটা শিকিবলৈ তৎপৰ হোৱা উচিত। এই ক্ষেত্ৰত মাতৃভাষাৰ কঠিন বৰ্ণ বিন্যাস আৰু শব্দ চয়ন নতুবা নতুন ভাষা শিকিবলৈ চেষ্টা কৰাৰ তুলনা নাই। সৃজনী-শক্তিয়ে মনলৈ প্ৰফূল্লতা আৰু একাগ্ৰতা বৃদ্ধি কৰে। জীৱনলৈ সজীৱতাৰ এক নতুন জোৱাৰ আনে। মানুহ প্ৰাণময় সপ্ৰতিভ এক ব্যক্তিসত্তাত পৰিণত হয়। আনহাতে সুঅভ্যাসে এক সাৱলীল ব্যক্তিসত্তা গঢ় দিয়ে বুলি কলে অত্যুক্তি কৰা নহব। এইখিনিতে সুষম খাদ্যভাস আৰু সঠিক যোগ-ব্যায়ামৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। প্ৰাণায়ম এই ক্ষেত্ৰত আটাইতকৈ কাৰ্যক্ষম কাৰণ প্ৰাণায়মে মগজুলৈ তেজৰ চলাচল বৃদ্ধি কৰাৰ লগতে স্পৰ্শকাৰত অংশসূহ প্ৰবুদ্ধ কৰে। ফলত মন শান্ত হয় আৰু লগতে মনৰ সুকুমাৰ অনুভূতি সমূহ জাগ্ৰত হয়। আহকচোন আমি অফূৰন্ত স্মৃতি শক্তিৰ অধিকাৰী হৈ জীৱনটো অধিক গতিময় আৰু প্ৰাণৱন্ত কৰিবলৈ চেষ্টা কৰো।

লেখক :- ডা: কমল কৃষ্ণ নাথ

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

 

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top