অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সৰিয়হৰ উপকাৰিতা :

সৰিয়হৰ উপকাৰিতাৰ বিষয়ে লিখা হৈছে ।

 

কি কি লাগতিয়াল তত্ত্ব সৰিয়হত থাকে -

সৰিয়হ হ'ল গুণৰ ভাণ্ডাৰ৷ ১১গ্ৰাম ওজনৰ সৰিয়হৰ গুটিত থাকে : কেলৰি ৫২, প্ৰটিন (৩.২গ্ৰাম=৪৬%) ,কাৰ্বহাইড্ৰেট (২.৯গ্ৰাম=২১%), ফেট (০.৩গ্ৰাম), এন্টিঅক্সিডেন্ট, ডায়েটেৰী ফাইবাৰ, বহু কেইবিধ ভিটামিন ইয়াত থাকে৷ কলেষ্টৰেলৰ পৰিমান হ'ল শূণ্য৷

সৰিয়হৰ বহুমুখী উপকাৰিতা -

১)কৰ্কট_ৰোগ_প্ৰতিৰোধক – ২০১০ চনৰ 'কাৰচিনোজনেচিচ' আলচনীত প্ৰকাশিত তথ্য মতে সৰিয়হৰ বীজত থকা Allyil Isothiocyanate (AITC) নামৰ তত্বই কেন্সাৰ কোষৰ বৃদ্ধিত বাধা দিয়ে৷ ফাইটো-নিউট্ৰিয়েন্ট (Glucosinolates আৰু Microsinase) সমূহে কৰ্কটৰোগ প্ৰতিৰোধ কৰাত অনবদ্য ভূমিকা লয়৷ সেয়ে পাকস্থলীৰ, মূত্ৰাশয়ৰ আৰু জৰায়ুৰ কৰ্কট ৰোগীৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ আৰম্ভ কৰা হৈছে৷

২)হাপানি ৰোগ আৰু আন শ্বাস ৰোগৰ উপশম ঘটোৱাত সহায়ক -সৰিয়হত থকা চেলেনিয়াম আৰু মেগনেচিয়ামৰ এন্টিইনফ্লেমেটৰী গুণৰ বাবে এয়া সম্ভৱপৰ৷

৩)হৃদৰোগৰ_পৰা_সুৰক্ষা - সৰিয়হত থকা অমেগা-৩ ফেটি এচিডৰ বাবে এয়া সম্ভৱপৰ বুলি Cardiovascular Drugs and Therapy আলোচনীত প্ৰকাশ পাইছে৷ Myocardial Infarct আৰু Cardiac Arrtythmiaৰ সম্ভাৱনা কমায়৷

৪) সৰিয়হে তেজৰ কলেষ্টৰেল আৰু ট্ৰাইগ্লিচাৰাইড কমায়৷

৫)মেদবহুলতা_হ্ৰাস_কৰাত_ভূমিকা- নিয়াচিন আৰু বি-ভিটামিন গোটৰ বাবে শৰীৰৰ সক্ৰিয়তা (মেটাবলিজম) বঢ়াৰ ফলত (Oxford Polytechnic Institute, Englandৰ প্ৰকাশিত তথ্য৷

৬)মাইগ্ৰেইনৰ_চিকিৎসা- অমেগা-৩ ফেটি এচিড আৰু মেগনেচিয়ামৰ বাবে এয়া সম্ভৱ৷

৭)চৰ্মৰোগৰ_চিকিৎসাত_উপযোগী- চ'ৰিয়াচিচৰ দৰে অটো-ইমিউন ৰোগত সৰিয়হে সংক্ৰমণ হ্ৰাস কৰে (Journel of Dermatology)৷

৮)চুলিৰ_যতন_লবলৈ_ব্যৱহৃত- চুলি সৰা, অকালতে পকা,উফি হোৱা, চুলি ছুটি আদিৰ চিকিৎসাত সৰিয়হৰ তেল উপযোগী।

৯)স্নায়বিক_দূৰ্বলতাৰ_চিকিৎসা- ভিটামিন আৰু ট্ৰেচ এলিমেন্টৰ বাবে সেয়া সম্ভৱ ৷

১০)ডায়েবেটিজৰ_চিকিৎসাত_ভূমিকা- ইয়াৰ বাবে সৰিয়হৰ শাক অতিকৈ উপকাৰী৷ সৰিয়হৰ এন্টিঅক্সিডেন্টসমূহে চুগাৰ মেটাবলিজমত সহায় কৰে৷

১১)ৰজোনিবৃতিত প্ৰয়োগ – মেগনেচিয়াম আৰু কেলচিয়ামৰ উপস্থিতিয়ে মহিলাৰ ৰজোনিবৃতিৰ সময়ত হব পৰা হাঁড়ৰ দূৰ্বলতা প্ৰতিৰোধ কৰে৷ বিশেষকৈ সৰিয়হৰ সেউজীয়া শাক সেই সময়ত খোৱা ভাল৷

১২)তেজ বিশুদ্ধকৰণ৷

১৩)ড্ৰাগছৰ বিষক্ৰিয়া কমাবলৈ প্ৰয়োগ৷

১৪)মদৰ অপকাৰিতা / নিচা কমাবলৈ ৷

১৫)দূষ্টিশক্তিৰ_উন্নতি_সাধন - ভিটামিন-এৰ দ্বাৰা ৷

১৬)উচ্চ_ৰক্তচাপত - সৰিয়হত থকা তত্বসমূহে তেজৰ প্ৰবাহ সুচল ৰাখে ৷ ৰক্তনলীত চৰ্বি জমা হব নিদিয়ে ৷ ভিটমিন-ই আৰু আন এ্ৰন্টিঅক্সিডেন্টে অপকাৰী ফ্ৰি-ৰেডিকেলচৰ পৰা শৰীৰৰ মুক্ত কৰি ৰাখে ৷ সৰিয়হত থকা প'টেচিয়ামে হৃদগতি স্থিৰ ৰাখে ৷ এইদৰে বহুমুখী ক্ৰিয়াৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত সৰিয়হ সহায়ক সিদ্ধ হৈছে ৷

১৭)গা ধুবৰ সময়ত ছালত ঘঁহিবলৈ, দূৰ্গন্ধ বিনাশক হিচাবেও ব্যৱহৃত হয় ৷

১৮)সুনিদ্ৰাত সহায়ক - মেগনেচিয়ামৰ উপস্থিতিত নিদ্ৰাহীনতা আতৰ হয় ৷

১৯)ৰক্তকণিকা নিৰ্মাণত সহায়ক -আইৰণ,কপাৰ আদিয়ে এনিমিয়া আতৰ কৰে ৷

২০)হাঁড় শক্তিশালী কৰে – কেলচিয়াম আৰু আন খনিজৰ উপস্থিতিৰ বাবে ৷

সতৰ্কবাণী –

সৰিয়হৰ_তেল_বা_গুটিৰ সেৱন নিয়মীয়া মাত্ৰাতহে কৰা উচিত ৷ ইয়াৰ অধিক প্ৰয়োগে কৰিব পৰা পাৰ্শ্বক্ৰিয়াসমূহ হ'ল - পাকস্থলীত গৰম অনুভৱ কৰা, গেষ্ট্ৰাইটিচ , বমি, ওকালি আদি হোৱা ৷ সংবেদনশীল ছালত মিঠাতেল সানিলে জ্বলা-পূৰা অনুভৱ আৰু পানীজ্বলা উঠিব পাৰে৷
কিডনিৰ পাথৰৰ অসুখত ভোগালোকে মিঠাতেল কমকৈ সেৱন কৰিব৷ 
মিঠাতেলত থকা অক্সলেটে কেলচিয়ামৰ মেটাবলিজমত অহিতকাৰী প্ৰভাৱ পেলাব পাৰে৷
থাইৰইড হৰমোনৰ অসুখত ভোগা ব্যক্তিসকলে কেঁচা মিঠাতেল নাখাব৷ 
কেঁচা মিঠাতেলত গৰল কৰিব পৰা তত্ব (Goitrogen ) থাকিব পাৰে ৷ মিঠাতেল তপতালে সেই অৱগুণ যায় ৷

কম বা উচিত পৰিমানত মিঠাতেল গৰ্ভৱতী মহিলাৰ স্বাস্থ্যৰ বাবে হিতকাৰী ৷ কিন্তু অত্যধিক মাত্ৰাৰ সেৱনে গৰ্ভপাত পৰ্য্যন্ত কৰিব পাৰে ৷

লেখক: ডা: ভূপেন শইকীয়া

ফোন নং: ০০৯৭৪৩৩৭৩৮৭২২

 

3.22222222222
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top