অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সৰ্প-দংশন

সৰ্প-দংশনৰ বিষয়ে লিখা হৈছে

‘সাপ’- শুনা মাত্ৰকেই যেন সকলো উচপ খাই উঠে। সাপ এবিধ শান্তিপ্ৰিয় সৰীসৃপ প্ৰাণী। ই সাধাৰণতে কাকো অনিষ্ট নকৰে। কিন্তু যেতিয়াই নিজৰ বাবে বিপদ অনুভৱ কৰে তেতিয়াই সকীয়নি দি আক্ৰমণ কৰে।

প্ৰত্যেক বছৰে গোটেই পৃথিৱীত প্ৰায় ১,০০,০০০ লোক সৰ্প-দংশনৰ ফলত মৃত্যুমুখত পৰে। ইয়াৰ ভিতৰত বিশেষকৈ দক্ষিণ এছিয়া, দক্ষিণ-পূব এছিয়া আৰু আফ্ৰিকাৰ কিছুমান ঠাইত এনেধৰণৰ ঘটনা বেছিকৈ সংঘটিত হয়। ইয়াৰ বেছিভাগৰেই মৃত্যু হয় প্ৰয়োজনীয় চিকিৎসা, বিশেষজ্ঞ চিকিৎসক আৰু ঔষধৰ অভাৱত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সংস্থাৰ মতে প্ৰত্যেক বছৰে ভাৰতবৰ্ষত প্ৰায় ৪৬,০০০ লোকৰ সৰ্প-দংশনৰ ফলতেই মৃত্যু হয়।

এই পৰিসংখ্যাটোৱে হেনো সকলোকে আচৰিত কৰিছে। কিয়নো, আমাৰ ভাৰতত বা অসমত পোৱা বেছিভাগ সাপেই হ’ল বিষ নথকা প্ৰজাতিৰ আৰু ইয়াত হেনো এন্টি স্নেক ভেনম(Anti snake venom) নামৰ ঔষধবিধৰ নাটনি নাই।

২০১১ চনত চলা এটা অধ্যায়নত Dr. Ulrich Kuch, Frankfurtৰ Biodiversity and Climate Research Centreৰ গৱেষক, তেওঁ কৈছিল যে ভাৰতবৰ্ষত সৰ্প-দংশনৰ ফলত মৃত্যুমুখত পৰা লোকৰ সংখ্যা সকলোতকৈ বেছি হোৱাৰ মুখ্য কাৰণ হ’ল বেছিভাগ ৰোগীয়েই চিকিৎসালয়লৈ নাযায় বা যাবলৈ নোখোজে। তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পৰিৱৰ্তে বেজ, ওজা আদিৰ ওপৰতহে বেছি বিশ্বাস কৰে। যিয়ে ৰোগীৰ হিত কৰাৰ পৰিৱৰ্তে বিপৰীতহে কৰে। ৰোগীক মৃত্যুৰ পথলৈ আৰু অলপ ঠেলি পঠিয়ায়। ইয়াৰ উপৰি গাঁও অঞ্চলত চিকিৎসালয়সমূহ বসতি অঞ্চলৰ পৰা দূৰত হোৱা কাৰণে সময়মতে চিকিৎসা নোপোৱাৰ ফলতো ইয়াত মৃত্যুৰ হাৰ তুলনামূলকভাৱে বেছি বুলি কৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰণে ‘সৰ্প-দংশন’ হ’ল এটা অতিকৈ অৱহেলিত বিষয়। ‘University of Oxford’ৰ গৱেষক Dr. Devid Warrel–এ কৈছে যে “In the 21st century, snakebit is the most neglected tropical disease” এতিয়ালৈ কোনো উপযুক্ত চিকিৎসা পদ্ধতি আৰু কোনো উপযুক্ত ঔষধো আৱিষ্কাৰ হোৱা নাই। একমাত্ৰ উপলব্ধ ‘এন্টিডট’ হৈছে প’লিভেলেন্ট স্নেক এন্টি ভেনম। এই ঔষধবিধ intravenously ৰোগীৰ শৰীৰত দিয়া হয়। কিন্তু এইটোৱেও যে ১০০ শতাংশই ৰোগীৰ জীৱন ৰক্ষা কৰিব পাৰিব তাৰ কোনো নিশ্চয়তা নাই।

প’লিভেলেন্ট এন্টি স্নেক ভেনম(PSA) হৈছে এনে এটা সংমিশ্ৰণ, য’ত আমাৰ ভাৰতবৰ্ষত পোৱা চাৰিবিধ মুখ্য বিষ থকা সাপৰ, বিষ নিষ্ক্ৰিয় কৰিব পৰা এন্টিবডী নামৰ প্ৰ’টিন কিছুমান থাকে।

এই চাৰিবিধ মুখ্য সাপ হৈছে ক্ৰমে-

১)Spectacled Cobra(Naja Naja)

২)Common Krait(Bungarus Caeruleus)

৩)Russell’s Viper(Dobia Russelii)

৪)Saw Scaled Viper(Echis Carinatus)

এই PSA নামৰ দৰববিধ বনোৱাৰ প্ৰক্ৰিয়া জটিল আৰু যথেষ্ট খৰচী হয়। আজিৰ পৰা প্ৰায় ১০০ বছৰ আগতে এলবাৰ্ট কেলমেট নামৰ গৱেষক এজনে এই দৰববিধ আৱিষ্কাৰ কৰি পোন প্ৰথমবাৰৰ বাবে মানুহৰ দেহত প্ৰয়োগ কৰিছিল। এই প্ৰক্ৰিয়াটোত তেওঁ ৰোগ প্ৰতিৰোধী ক্ষমতাৰ দ্বাৰা এবিধ বিশেষ এন্টিবডী নামৰ প্ৰ’টিন উৎপন্ন কৰিবলৈ ডাইলিউটেড সাপৰ বিষ বেজীৰে ঘোঁৰাৰ দেহত সুমুৱাই দিছিল। আৰু উৎপন্ন হোৱা এন্টিবডীসমূহ উলিয়াই মানুহৰ দেহত প্ৰয়োগ কৰি সৰ্প-দংশনৰ চিকিৎসা কৰিছিল। এনেদৰে এন্টিবডী উৎপন্ন কৰিব পৰা প্ৰক্ৰিয়াটোক ‘হাইপাৰ ইমিউনাইজেচন’ বুলি কোৱা হয়। আজিকালি অৱশ্যে এই প্ৰক্ৰিয়াক বহুতো উন্নীতকৰণ কৰা হৈছে যদিও বহুত ক্ষেত্ৰত এই দৰব দিয়া ৰোগীৰ শৰীৰত Sevre Anaphylactic Reaction হোৱাও দেখা গৈছে, গতিকে এই চিকিৎসা পদ্ধতি সম্পূৰ্ণ নিৰাপদ আৰু উপযুক্ত বুলি ক’ব নোৱাৰি। বিশ্ব স্বাস্থ্য সংস্থাই এই বিষয়টো গুৰুত্ব সহকাৰে চাব লাগে। বিভিন্ন ধৰণৰ প্ৰজাতিৰ সাপ আৰু সিহঁতৰ বিষৰ(Venom Composition) ওপৰত গৱেষণা কৰি উন্নত চিকিৎসা পদ্ধতিৰ ব্যৱস্থা কৰিব লাগে। সৰ্প-দংশনৰ দ্বাৰা পীড়িত ৰোগীক কেনেকৈ চিকিৎসা কৰিব লাগে তাৰ ওপৰত চিকিৎসকসকলক বিশেষ প্ৰশিক্ষণ দিব লাগে।

সাপৰ মুখগহ্বৰৰ পিছ অংশত ওপৰ ফালে থকা দুটা গ্ৰন্থিৰ পৰা নিঃসৰিত দ্ৰব্যবিধ হৈছে অতিকৈ বিষাক্ত দ্ৰব্য, যাক আমি ইংৰাজীত ‘Venom’ বুলি কওঁ। এই বিষ সাপৰ মুখত থকা দুটা বিশেষ দাঁতেৰে ওলায়, যাক ইংৰাজীত ‘Fangs’ বুলি কোৱা হয়। বিষগ্ৰন্থিৰ(য’ত বিষ জমা হৈ থাকে) পৰা ‘ভেনমডাক্ট’ৰ(Venomduct) জৰিয়তে এই বিষ বিশেষ দাঁত দুটালৈ প্ৰয়োজন সাপেক্ষে প্ৰবাহিত হয়। এই দাঁত দুটা ভিতৰৰ পৰা ফোঁপোলা হয়। এই বিষ বা ভেনম মানুহৰ দেহত প্ৰৱেশ কৰি চাৰিটা পদ্ধতিত অনিষ্ট সাধন কৰে-

১)নিউৰ’টক্সিক বিষ(Neurotoxins):

 

এই ধৰণৰ বিষে মানুহৰ স্নায়ুতন্ত্ৰ একেবাৰে অকামিলা কৰি পেলায়। ইয়াৰ ফলত মগজুৰ পৰা হাওঁফাওঁৰ তলত থকা এবিধ শকত পেশী, যাক ইংৰাজীত ‘ডাইয়াফ্ৰাম’(Diaphragm) বুলি কোৱা হয়, তালৈ স্নায়ুসংকেত প্ৰেৰণ হ’ব নোৱাৰে। ফলত শ্বাস-প্ৰশ্বাসৰ প্ৰক্ৰিয়া বন্ধ হৈ ৰোগীৰ মৃত্যু হয়, একৰ পৰা ডেৰ ঘন্টাৰ ভিতৰত।

২)মাইঅ’টক্সিক বিষ(Myotoxins):

 

এই ধৰণৰ বিষে মাংসপেশীৰ কোষসমূহ নষ্ট কৰি পেলায়, হৃদযন্ত্ৰ আৰু বৃক্ক বিকল কৰি দিয়ে।

৩)হেম’টক্সিক বিষ(Heamotoxins):

 

এই ধৰণৰ বিষে আকৌ ৰক্ত কণিকাৰ কোসসমূহৰ বিশেষ ক্ষতি কৰে। এই বিষে মানৱ দেহৰ স্বাভাৱিক তেজ গোট মৰা প্ৰক্ৰিয়াক অকামিলা কৰি তেজৰ আঁহৰ(blood clots) সৃষ্টি কৰে। ইয়াৰ ফলত হৃদযন্ত্ৰ বিকল হ’ব পাৰে। তেজ গোট মৰা প্ৰক্ৰিয়া অকামিলা হ’লে কটা-ছিগা ঠাইৰ পৰা তেজ সহজে বন্ধ নহয়।

৪)চাইট’টক্সিক বিষ(Cytotoxins):

 

এই ধৰণৰ বিষত টিছ্যু ডাইজেষ্টিং এনজাইম থাকে। (Tissue digesting) যিয়ে দেহৰ কোষ আৰু কলাসমূহ নষ্ট কৰি দিয়ে আৰু দংশন কৰা ঠাই ফুলি উঠে। ইয়াৰ ফলত কেতিয়াবা সংশন কৰা ঠাইডোখৰ কাটি পেলাই দিবলগীয়া হয়।

সৰ্প-দংশনৰ পিছত কি কৰিব লাগে, কি কৰিব নালাগে:

সাপে দংশন কৰা লোকক অতি সোনকালে চিকিৎসা দিয়াৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ ভিতৰত প্ৰথম কাম হ’ল পলম নকৰাকৈ জৰুৰীকালীন চিকিৎসা সেৱা কেন্দ্ৰলৈ ফোন কৰি এম্বুলেন্স মাতিব লাগে।

ৰোগীক কেতিয়াও লৰচৰ কৰিবলৈ দিব নালাগে। কাৰণ যিমানে বেছি লৰচৰ কৰিব সিমানেই বিষ অতি সোনকালেই গোটেই শৰীৰত বিয়পি পৰিব। আমাৰ সকলোৰে মাজত এটা ভূল ধাৰণা আছে যে সাপে কামোৰা মাত্ৰকেই কামোৰা ঠাইডোখৰৰ ওপৰত ৰছীৰে বা কাপোৰেৰে টানকৈ বান্ধি দিব লাগে। কিন্তু এনে কৰাৰ ফলত হিতে বিপৰীতহে হোৱা দেখা যায়। কাৰণ টানকৈ বান্ধি দিয়াৰ ফলত দংশন কৰা ঠাইডোখৰলৈ তেজ আৰু অক্সিজেন উপযুক্ত পৰিমাণে যাব নোৱাৰে বা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। ইয়াৰ ফলত কোষ আৰু কলাসমূহ নষ্ট হৈ ঠাইডোখৰ কাটি পেলাই দিবলগীয়া হ’ব পাৰে। টানকৈ বন্ধাৰ পৰিৱৰ্তে পাতল কাপোৰ বা বেণ্ডেজেৰে(Bandage) ঢিলাকৈ বান্ধিব লাগে, যাতে বিষো বিয়পিব নোৱাৰে আৰু তেজৰ সোঁতো স্বাভাৱিক হৈ থাকে।

এম্বুলেন্স নহা পৰ্যন্তলৈ দংশন কৰা ঠাইডোখৰ ঠাণ্ডা পানীৰ তলত থৈ ধুই থাকিব লাগে। এনে কৰিলে সোমোৱা বিষসমূহ সোনকালে বিয়পিব নোৱাৰে। কেতিয়াও চিঞৰ-বাখৰ কৰি কোলাহলৰ সৃষ্টি কৰিব নালাগে।

ৰোগীক কেতিয়াও কোনো বস্তু খাবলৈ দিব নালাগে। গাত লাগি থকাকৈ কাপোৰ পিন্ধি থাকিলে সেইসমূহ আঁতৰাই পাতল কাপোৰ পিন্ধাই দিব লাগে। কিন্তু চাব লাগে যাতে ৰোগীৰ শৰীৰটো বেছি লৰচৰ নহয়।

কিছুমানে আকৌ দংশন কৰা ঠাইডোখৰ কাটি দিয়ে আৰু বিষখিনি তেজৰ সৈতে ওলাই যাব বুলি ভাবে। কিন্তু তেনে কৰিলে ৰোগীৰ জীৱনলৈ বেছি বিপদ মাতি অনাৰ নিচিনাহে হয়। কাৰণ হেম’টক্সিনৰ ফলত তেজ গোট মৰা প্ৰক্ৰিয়া অকামিলা হৈ উতেজ গোট নামাৰি বেছিকৈ তেজ ওলাব পাৰে।

দংশন কৰা ঠাইডোখৰৰ পৰা কেতিয়াও মুখেৰে শুহি বিষ উলিওৱাৰ নিচিনা প্ৰচেষ্টা কৰিব নালাগে। ইয়াৰ ফলত এনে কৰাজনৰ পেটত বিষ গৈ মৃত্যু হ’ব পাৰে।

এম্বুলেন্স আহি পোৱাৰ পিছত ৰোগীক ততাতৈয়াকৈ ওচৰতে থকা চিকিৎসালয়লৈ লৈ যাব লাগে।

উৎস: জিএনআৰচি স্বাস্থ্য(ভাৰ্গৱ ডেকা)

 

2.95833333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top