মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / হাড় ভগাৰ পাছত ল’ব লগা যতন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হাড় ভগাৰ পাছত ল’ব লগা যতন :

হাড় ভগাৰ পাছত ল’ব লগা যতনৰ বিষয়ে লিখা হৈছে ।

 

হাড় ভগাৰ পাছত বেছিভাগ ক্ষেত্ৰত প্লাষ্টাৰ লগোৱা হয়। অস্থি ভংগ (Fracture) বা হাড় ভাগিলে উখহি যোৱাটো স্বাভাৱিক। উখহা কমিবৰ বাবে প্ৰথমে অৰ্ধ-প্লাষ্টাৰ লগোৱা হয়, যাক (Slab) বোলা হয়। শ্লেব লগালে ভগা হাড়ডাল স্থিৰ অৱস্থালৈ আহে, ফলত বিষৰ উপশম হয় আৰু লগতে উখহা ক্ৰমান্বয়ে হ্ৰাস পায়। তদুপৰি সেই সময়ত শৰীৰৰ যি অংশত এনে শ্লেব লগোৱা হয়, সেই অংশৰ হাত বা ভৰিৰ আঙুলিবিলাক অনৱৰতে লৰচৰ কৰি থাকিব লাগে। পুৰ্ণ প্লাষ্টাৰ (Full cast) প্ৰথমতেই নিদিয়াকৈ ৰখাৰ কাৰণ হৈছে-তেনে কৰিলে ৰক্ত সঞ্চালন বন্ধ হৈ পৰিব পাৰে। যাৰ ফলত পুৰ্ণ প্লাষ্টাৰ কৰা হাত বা ভৰি অকামিলা হৈ পৰে। আৰু ৰক্ত সঞ্চালন সম্পুৰ্ণ ৰুপে বন্ধ হৈ পৰে, যাক আমাৰ চিকিৎসা বিগানৰ ভাষাত গেংগ্ৰিন (Gangrene) বোলা হয়। সাধাৰণতে স্ফুলন বা ফুলা কমিবৰ কাৰণে তিনি-চাৰি দিনমান সময় লাগে। কেতিয়াবা অৱশ্যে বেছি সময় লাগিব পাৰে। এই সময়ছোৱাত দুখ পোৱা হাত বা ভৰি গাৰুৰ ওপৰত উঠাই থোৱা হয়, যাতে ফুলাটো ক্ষিপ্ৰতাৰে হ্ৰাস পায়। এই ক্ষেত্ৰত হাতৰ আঙুলি বা ভৰিৰ আঙুলি সঘনাই লৰচৰ কৰি থাকিব লাগে, তেনে কৰিলে ৰক্ত সঞ্চালন অব্যাহত থকাৰ লগতে বিষৰ উপশম ঘটায় আৰু জঠৰতা হ্ৰাস কৰে।

যিবিলাক অস্থিভংগ প্লাষ্টাৰৰ সহায়ত চিকিৎসা প্ৰদান কৰিব পাৰি, তেনে লোকক উখহা হ্ৰাস পোৱাৰ পাছত সম্পুৰ্ণ প্লাষ্টাৰ (Full cast) কৰিব লগা হয় আৰু অস্থি বিশেষ ১ মাহ, ২ মাহ বা কোনো কোনো ক্ষেত্ৰত ৩ মাহ পৰ্যন্ত ৰাখিব লগা হয়।

প্লাষ্টাৰ লগোৱাৰ পাছত ল’বলগীয়া সাৱধানতা -

পুৰ্ণ প্লাষ্টাৰ (Full cast) কৰাৰ পাছত কেতিয়াবা অত্যন্ত বিষ হ’ব পাৰে। আঙুলিবিলাক জঠৰ হৈ পৰে আৰু সংবেদনশীলতা হ্ৰাস পায়। এনে হ’লে লগে লগে প্লাষ্টাৰ খুলি দিব লাগে আৰু ততালিকে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। এনে হোৱাৰ কাৰণ হৈছে ৰক্ত সঞ্চালন বন্ধ হৈ যোৱা। অৱশ্যে এই অৱস্থা প্লাষ্টাৰ কৰাৰ এদিন বা দুদিনৰ ভিতৰত হয়।

প্লাষ্টাৰ লগোৱাৰ পাছত কাম কৰিব পাৰিনে?

প্লাষ্টাৰ লগোৱাৰ পাছত হাতৰ ক্ষেত্ৰত বহু সময়ত সৰু-সুৰা কাম কৰিবলৈ দিয়া হয়। হাতৰ আঙুলি লৰচৰ কৰাৰ উপৰি চামুচেৰে ভাত খোৱা, গিলাচ ধৰা, পঢ়া-শুনা কৰা ইত্যাদি কৰিব পাৰে। তেনে কাম কৰিলে তেজৰ চলাচল ভাল হয় আৰু জঠৰ হোৱাৰ সমস্যা কমি যায়। প্লাষ্টাৰ কেতিয়াও তিয়াব নালাগে। সেমেকা প্লাষ্টাৰ ভাগি যোৱাৰ প্ৰৱণতা থাকে।

স্নান কৰিব পাৰিনে?

প্লাষ্টাৰ লগোৱাৰ পাছত স্নান কৰিব পাৰি, কিন্তু যাতে প্লাষ্টাৰৰ ভিতৰত পানী সোমাব নোৱাৰে সেই ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰা উচিত। গা ধোৱাৰ সময়ত প্লাষ্টিকৰ পলিথিনেৰে প্লাষ্টাৰ আৱৰি ৰাখিব লাগে, যাতে পানী প্লাষ্টাৰৰ ভিতৰত সোমাব নোৱাৰে। যদি কিবা কাৰণত পানী সোমাই যায় তেনে ক্ষেত্ৰত চিকিৎসকক জনোৱাটো প্ৰয়োজন। নহ’লে ভিতৰত ডাঙৰ ঘা লাগিব পাৰে।

প্লাষ্টাৰত ওজন দি খোজ কাঢ়িব পাৰিনে?

সাধাৰণতে প্লাষ্টাৰ এনে ধৰণে লগোৱা হয়, তাত ওজন নিদিয়াটো ভাল। কিন্তু ওজন নিদিয়াকৈ পেঙৰ (crutch)  সহায়ত খোজ কাঢ়িবলৈ দিয়া হয়। কিন্তু এনে কিছুমান প্লাষ্টাৰ কেতিয়াবা লগোৱা হয়, যাক Functional Brace  বোলা হয়। তেতিয়া ওজন দি খোজ কাঢ়িবলৈ দিয়া হয়। তেতিয়া ওজন দি খোজ কাঢ়িবলৈ দিয়া হয়। তদুপৰি ওজন দিব পৰা প্লাষ্টাৰ লগালেও খোজকঢ়াৰ আগত প্লাষ্টাৰ কঠিন হৈছে নে নাই চাই ল’ব লাগে। সাধাৰণতে প্লাষ্টাৰ লগোৱাৰ কিছু পলমকৈহে প্লাষ্টাৰ কঠিন হয়।‘Plaster of paris  বা Hemihydrated calcium sulfate  প্লাষ্টাৰ বহুত আগৰ পৰাই ব্যৱহৃত হৈ আহিছে। অৱশ্যে আজিকালি আৰু এবিধ প্লাষ্টাৰ ব্যৱহৃত হ’ব ধৰিছে, যাক আমি সংশ্লেষিত কাষ্ট বা    synthetic cast বোলা হয়। ফাইবাৰ গ্লাছৰ পৰা তৈয়াৰ কৰা এইবিধ প্লাষ্টাৰ লঘু, পাতল আৰু জল প্ৰতিৰোধ ক্ষমতা সম্পন্ন (waterproof) হয়। লঘু আৰু পাতল হোৱাৰ বাবে চলাচল কৰাত সুবিধা হয় আৰু ওজন দিব পৰা যায়। অৱশ্যে এইবিধ প্লাষ্টাৰ ব্যয়বহুল।

প্লাষ্টাৰ লগোৱাৰ পাছত খজুৱালে কি কৰিব?

প্লাষ্টাৰ লগোৱাৰ পাছত খজুৱতি হোৱাটো স্বাভাৱিক। গৰম দিনত এই সমস্যা বেছি হয়।কেতিয়াবা ৰোগীয়ে খজুৱতি কমিবৰ কাৰণে কাঠ পেঞ্চিল বা তেনেধৰণৰ আন বস্তু প্লাষ্টাৰৰ ভিতৰত ভৰাই দিয়া দেখা যায়, এনে কৰা অনুচিত, অন্যথা ভিতৰত ডাঙৰ ঘা লাগিব পাৰে। খজুৱালে ঠাণ্ডা বতাহ সোমাব পাৰিলে সকাহ পোৱা যায় বা কেতিয়াবা ঔষধ খাবলগীয়া হয়। প্লাষ্টাৰ লগোৱাৰ সময়ত পাউদাৰ লগালে খজুৱতি কম হয়।

প্লাষ্টাৰ কৰা ভৰি বা হাতত বিষ হ’লে -

*তেনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। প্লাষ্টাৰৰ কোনো এটা ঠাইত চাপ পৰিলে এনে হ’ব পাৰে।

*প্লাষ্টাৰ লেতেৰা নকৰিব। লেতেৰা ঠাইলৈ গ’লে কেতিয়াবা ভিতৰলৈ লেতেৰা বস্তু সোমাব পাৰে, সেয়েহে লেতেৰা ঠাইত নোযোৱাকৈ থকা ভাল।

*ভিতৰত থকা কপাহ বা পেডিং টানি উলিয়াব নালাগে, কিয়নো ই কুচ’নৰ কাম কৰে।

*প্লাষ্টাৰ সদায় নিৰীক্ষণ কৰিব লাগে। অত্যন্ত শিথিল প্লাষ্টাৰে কাম নকৰে, সেয়েহে প্লাষ্টাৰ ঢিলা হৈ গ’লে পুনৰ লগাবলগীয়া হয়। কেতিয়াবা প্লাষ্টাৰ ভাঙিব পাৰে তেনে ক্ষেত্ৰত সেই প্লাষ্টাৰ অকামিলা হয়, গতিকে পুনৰ লগোৱাটো প্ৰয়োজনীয় হৈ পৰে।

*হাড়ডাল জোৰা লাগিছে নে নাই বা কেনে অৱস্থাত আছে সেয়া চাবৰ কাৰণে ৰঞ্জন ৰশ্মি (X-ray) ব্যৱহাৰ কৰা হয়।

*বহুত দিন ধৰি প্লাষ্টাৰ লগাই থ’লে মাংসপেশীবিলাক খীণাই যায় আৰু লগতে নিষ্ক্ৰিয় হৈ পৰে। কোনো  কোনো ক্ষেত্ৰত দেখা যায় যে হাড় জোৰা লাগিল, কিন্তু প্লাষ্টাৰ খুলি দিয়াৰ পাছত দেখা যায় ৰোগীজনে খোজ কাঢ়িব পৰা নাই, ইয়াৰ মুখ্য কাৰণ হৈছে মাংসপেশী খীণাই যোৱা আৰু নিষ্ক্ৰিয় হৈ পৰা । এই সমস্যাৰ প্ৰতিকাৰৰ কাৰণে প্ৰত্যেক দিনাই ব্যায়াম কৰাটো আৱশ্যক।

লেখক: ডা: বিপুল বৰঠাকুৰ (দৈনিক জনমভুমি)

2.89473684211
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top