মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / হাঁহিৰে সুস্বাস্থ্য গঢ়ি তোলক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হাঁহিৰে সুস্বাস্থ্য গঢ়ি তোলক :

হাঁহিৰে সুস্বাস্থ্য গঢ়ি তোলক, সেই বিষয়ে লিখা হৈছে ।

 

প্ৰতি বছৰৰ মে’ মাহৰ প্ৰথমটো দেওবাৰে ‘বিশ্ব হাস্য দিৱস’ পালন কৰা হয়। সেই হিচাপে এইবছৰত এই দিৱস উদযাপিত হ’ব ৩ মে’ তাৰিখে পোনপ্ৰথমবাৰৰ বাবে মুম্বাইত এই দিৱস পালন কৰা হৈছিল। এই দিৱসৰ শুভাৰম্ভ কৰিছিল ‘বিশ্বব্যাপী হাস্য যোগ আন্দোলন’ৰ(World-wide Laughter Yoga Movement) প্ৰতিষ্ঠাতা ডাঃ মদন কাটাৰিয়াই। হাস্য যোগৰ মতে- ‘হাঁহি হৈছে যোগাত্মক আৰু শক্তিশালী আবেগ। ব্যক্তি এজনে নিজকে পৰিৱৰ্তন কৰিবলৈ আৰু পৃথিৱীখনক শান্তিপূৰ্ণ আৰু যোগাত্মক ৰূপত সলনি কৰিবলৈ প্ৰয়োজন হোৱা আটাইবোৰ উপাদানেই হাঁহিৰ ম্মাজতে নিহিত হৈ আছে’। এই দিৱসটো আজিকালি সমগ্ৰ বিশ্বতে অতি উৎসাহেৰে পালন কৰা হয়।

হাঁহিৰ মাধ্যমেৰে শান্তিপূৰ্ণ বিশ্ব এখনৰ অভিব্যক্তি মূৰ্ত্ত হৈ উঠিব পাৰে। হাঁহিৰ যোগেদি বিশ্বভ্ৰাতৃত্ব আৰু বন্ধুত্বৰ বাৰ্তা সমগ্ৰ বিশ্বজুৰি বিয়পাই দিব পাৰি। আজি সমগ্ৰ বিশ্বৰ সকলো জাতি-ধৰ্ম নিৰ্বিশেষে সকলো লোকৰ মাজত হাঁহিৰ অপৰিসীম গুৰুত্ব বিয়পি পৰিছে আৰু ‘হাস্য যোগ আন্দোলন’ সমগ্ৰ বিশ্বতে অতি জনপ্ৰিয় হৈ পৰিছে। বৰ্তমান বিশ্বৰ ১০০ খন দেশত হেজাৰ হেজাৰ ‘লাফটাৰ ক্লাব’ প্ৰতিষ্ঠা হৈছে আৰু এইবিলাকৰ কেবালাখো লোকে স্বেচ্ছাই যোগদান কৰি সমজুৱাকৈ হাঁহি নিজৰ মানসিক বোজা লাঘৱ কৰি আহিছে।

হাস্য যোগ কি আৰু ই কেনেকৈ আপোনাক সহায় কৰে?

আজিৰ পৃথিৱীত সকলো মানুহেই স্বাস্থ্যবান হৈ থাকিব বিচাৰে, সুখী হৈ থাকিব বিচাৰে। কিন্তু সুস্বাস্থ্য আৰু সুখৰ পৰিৱৰ্তে তেওঁলোকে আয় উদ্বেগ, দুশ্চিন্তা, হতাশাগ্ৰস্ততা, নিদ্ৰাহীনতা, অধিক ঋনাত্মক চিন্তা আৰু একাকীত্বৰ দৰে বিসংগতি। এনেবিলাক বিসংগতিত আপুনিও ভুগিছে নেকি বাৰু? এনেবোৰ ঋণাত্মক পৰিৱেশৰ পৰা আপুনি মুক্ত হ’ব বিচাৰে নেকি? আপোনাৰ জীৱনটো হাঁহি আনন্দেৰে উপচাই দিব নিবিচাৰেনে? তেনেদৰে হাঁহিভৰা জীৱন এটা বিচৰাসকলৰ মাজতে আপুনিও হাস্য যোগ অনুশীলনৰ যোগেদি এনেবোৰ বিসংগতিৰ পৰা মুক্ত এজন সুখী ব্যক্তিৰূপে পৰিগণিত হ’ব পাৰে।

‘হাস্য যোগ’ এক প্ৰকাৰৰ বৈপ্লৱিক ধাৰণা। এই যোগ তেনেই সহজ আৰু তীব্ৰ ক্ৰীয়াশীল। ই এক প্ৰকাৰৰ নিয়মীয়াকৈ কৰিবলগা ব্যায়াম। এই যোগৰ অনুশীলনে পৃথিৱীখনকে সাৰি-পুচি পৰিষ্কাৰ কৰে আৰু ই সকলোৰে বাবে মংগলজনক। এই যোগৰ ধাৰণাটো উদ্ভাৱন কৰিছে ভাৰতৰে এজন মেডিকেল চিকিৎসকে, নাম তেওঁৰ ডাঃ মদন কাটাৰিয়া। এতিয়া এই যোগৰ প্ৰণালী পৃথিৱীৰ প্ৰায় এশখন ৰাষ্ট্ৰলৈ বিয়পি পৰিছে।

‘হাস্য যোগ’ৰ বিষয়ে চমুকৈ আঠোটা পৰামৰ্শ আগবঢ়োৱা হ’ল:

হাঁহিৰ বাবে নিৰ্দিষ্ট কৌশল -

বিশেষভাৱে নিৰ্দিষ্ট কৰি দিয়া কৌশলেৰে আপুনি হাঁহিব লাগিব। এই কৌশলবিলাক অতি সহজ। একো কাৰণ নোহোৱাকৈও আপুনি হাঁহিব পাৰে। হাঁহিবৰ বাবে কোনো কৌতুক, হাস্যৰসৰ গল্প আদিৰ ওপৰত নিৰ্ভৰ নকৰাকৈয়ে আপুনি হাঁহিব পাৰিব আৰু এই যোগ অনুশীলনৰ প্ৰথম পাঠতে আপুনি ইয়াৰ উপকাৰিতা অনুভৱ কৰিব পাৰিব।

প্ৰকৃত আৰু সংক্ৰামক হাঁহি -

আমি শাৰীৰিক ব্যায়ামৰ ৰূপত একোটা দলৰ মাজত হাঁহিৰ আৰম্ভণি কৰো। ইজনে সিজনৰ চকুলৈ চাই, শিশুৰ দৰে অংগী-ভংগীৰ সৈতে ইয়াৰ আৰম্ভণি হয়। এই প্ৰক্ৰিয়াবোৰৰ ফলতে সকলোৰে মুখত প্ৰকৃত আৰু সংক্ৰামক হাঁহিৰ সৃষ্টি হয়গৈ।

হাস্য যোগৰ সুফল:

আপোনাৰ শৰীৰ আৰু মস্তিষ্কলৈ অক্সিজেনৰ সৰবৰাহ হয়। যোগ আৰু হাস্য ব্যায়ামৰ সংমিশ্ৰণত সৃষ্টি হোৱা ‘হাস্য যোগ’ হৈছে এক প্ৰকাৰৰ গভীৰ শ্বাস-প্ৰশ্বাসৰ ব্যায়াম। এই যোগ অনুশীলনৰ ফলত আপোনাৰ দেহ আৰু মস্তিষ্কই যথেষ্ট পৰিমাণে অক্সিজেনৰ যোগান পায়। সেয়ে এই যোগ অনুশীলন কৰোতাজনে নিজকে অধিক স্বাস্থ্যবান আৰু শক্তিশালী যেন অনুভৱ কৰে।

কৃত্ৰিম আৰু প্ৰকৃত হাঁহিৰ পাৰ্থক্য -

এটা বৈজ্ঞানিকভাৱে প্ৰমাণসিদ্ধ তত্ত্বৰ ওপৰত ভিত্তি কৰি হাস্য যোগৰ ধাৰণাটো উদ্ভৱ হৈছে। এই তত্ত্বটো হ’ল- আমাৰ শৰীৰে কৃত্ৰিম আৰু প্ৰকৃত হাঁহিৰ পাৰ্থক্য ধৰিব নোৱাৰে। সেয়ে হাঁহি কৃত্ৰিমেই হওক বা প্ৰকৃতেই হওক ব্যক্তিজনে শাৰীৰিক আৰু মানসিকভাৱে সমান উপকাৰেই পায়। বাংগালুৰুত কৰা চিকিৎসা সম্পৰ্কীয় গৱেষণাত প্ৰমাণ পোৱা গ’ল যে হাঁহিয়ে মানুহৰ ৰক্তত উদ্বেগ হৰমোন(Stress Hormone Epinephrine, Cortisol আদি) মাত্ৰা হ্ৰাস কৰিব পাৰে।

হাস্য যোগৰ পাঁচটা উপকাৰিতা:

গুডমুড আৰু অধিক হাঁহি -

হাস্য যোগে আপোনাৰ মগজুৰ কোষৰ পৰা ‘এণ্ডৰফিন’ নামৰ এবিধ বিশেষ ৰাসায়নিক(হৰমোন) নিঃসৰন কৰি মাত্ৰা কেইমিনিটমানৰ ভিতৰতে আপোনাৰ ‘মুড’ সলনি কৰাত সহায় কৰিব পাৰে। গোটেই দিনটোৰ কাৰণে ই আপোনাক আনন্দিত কৰি ৰাখিব আৰু আপোনাৰ ‘মুড’ মুকলি কৰি ৰাখিব। লগতে আপুনি আনদিনে যিমান হাঁহে, তাতকৈ বহুগুণে বেছি হাঁহিব পাৰিব।

উদ্বেগ নাশৰ বাবে স্বাস্থ্যসন্মত ব্যায়াম:

‘হাস্য যোগ’ একপ্ৰকাৰৰ ‘এৰোবিক ব্যায়াম’ৰ লেখিয়া। ই আপোনাৰ শৰীৰ আৰু মগজুলৈ অধিক পৰিমাণে অক্সিজেনৰ যোগান ধৰে, ফলত আপুনি নিজকে অধিক শক্তিশালী, কাৰ্যক্ষম আৰু উদ্বেগবিহীন যেন অনুভৱ কৰিব।

স্বাস্থ্যৰ উপকাৰবোৰ -

হাস্য় যোগে শৰীৰ আৰু মনৰ পৰা চাপ আৰু উদ্বেগ আদি আঁতৰাই পেলাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে। আপুনি সহজতে বেমাৰ নপৰে আৰু আপুনি যদি কিবা ক্ৰণিক ৰোগত ভুগিও আছে- সেইবিলাক সোনকালে উপশম হয়।

জীৱনৰ মানদণ্ড:

হাঁহি একপ্ৰকাৰৰ যোগাত্মক শক্তি। এই শক্তিয়ে মানুহক আন মানুহৰ লগত কম সময়তে সম্পৰ্ক গঢ়ি তোলাত সহায় কৰে আৰু এনে সম্পৰ্ক অটুট ৰখাতো সহায় কৰে। আপুনি যদি বেছিকৈ হাঁহিব পাৰে, আপুনি অধিকসংখ্যক লোকক বন্ধুত্বৰ বাবে আকৰ্ষিত কৰিব পাৰে।

প্ৰত্যাহ্বানৰ সময়ত যোগাত্মক আচৰণ -

যদি জীৱনটো নিজে ভবাৰ দৰে সুন্দৰ হয়, তেনেহ’লে সকলোৱে হাঁহিব পাৰিব। কিন্তু প্ৰত্যাহ্বানৰ মুখামুখি হ’লে তেওঁ কিমান হাঁহিব পাৰিব? হাঁহিয়ে মানুহৰ মনত যোগাত্মক পৰিৱেশ এটা সৃষ্টি কৰাত সহায় কৰে আৰু এনে অৱস্থাত মানুহে ঋণাত্মক পৰিস্থিতি আৰু ঋণাত্মক ব্যক্তিৰ সৈতে মোকাবিলা কৰিবলৈ সমৰ্থ হয়। হাঁহিয়ে মানুহৰ মনত আশাৰ সঞ্চাৰ কৰে আৰু কঠিন সময়ৰ সৈতে মুখামুখি হ’বলৈ সাহস যোগায়।

লেখক: নীলিম ফুকন(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.05555555556
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top