অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হাইপাৰটেনছন আৰু গ্ৰীণ টি

শাৰীৰিক শ্ৰমৰে সম্পৰ্ক আছে হাইপাৰটেনছনৰ

২০ শতাংশতকৈও অধিক ভাৰতীয় যুৱক হাইপাৰটেনছনৰ স্বীকাৰ হয়। হাইপাৰটেনছন ছ’চাইটী অৱ ইণ্ডিয়াৰ অধ্যক্ষ এ মুৰুংগানাথনৰ মতে অধিকাংশ কৰ্মৰত যুৱকে উদ্বেগ, চাপ আৰু ব্যস্ত জীৱনশৈলীৰ বাবে স্বাস্থ্যৰ সমস্যাত ভোগে। ধূমপান, সুৰাপান, উত্তেজক দ্ৰব্য সেৱন আৰু প্ৰদূষণৰ ফলত হাইপাৰটেনছনৰ নিচিনা ৰোগত আক্ৰান্ত হয় যুৱচাম। মুৰুংগানাথনৰ মতে হাইপাৰটেনছন আৰু আন আন সমস্যাবোৰৰ ফলত মগজুৰ ৰক্তক্ষৰণ হ’ব পাৰে। তেওঁৰ মতে তলপেটৰ স্থূলতাও হাইপাৰটেনছনৰ মূল কাৰণ। যিসকল পুৰুষৰ কঁকাল ৯০ চেণ্টিমিটাৰতকৈ অধিক আৰু যিসকল মহিলাৰ কঁকাল ৮০ চেণ্টিমিটাৰতকৈ অধিক আকাৰৰ তেওঁলোকৰ হাইপাৰটেনছনত ভোগাৰ শংকা অধিক। উল্লেখ্য যে ভাৰতত হৃদৰোগ সম্পৰ্কীয় সমস্যাৰ মূল কাৰণ হৈছে হাইপাৰটেনছন। বছৰত ১.১ নিযুত লোকে এই ৰোগত মৃত্যুবৰণ কৰে।

মাত্ৰাধিক গ্ৰীন টী বিপজ্জনক

গ্ৰীন টীৰ উপকাৰিতাৰ তালিকাখন দীঘলীয়া। শৰীৰত গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ উপৰি কোষৰ পুনৰুজ্জীৱিনৰ ক্ষেত্ৰত গ্ৰীন টীৰ ভূমিকা উল্লেখযোগ্য। একেদৰে শৰীৰত কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাৰ লগতে আলজেইমাৰ আৰু পাৰ্কিনচন্স ৰোগৰ শংকা কমায় গ্ৰীণ টীয়ে। এক সমীক্ষাত পোৱা তথ্যমতে, নিতৌ একাপ গ্ৰীন পান কৰাৰ ফলত হৃদৰোগত আক্ৰান্ত হোৱাৰ শংকা ৫ শতাংশ কমি যায়। কিন্তু চিকিৎসকসকলৰ মতে উপকাৰিতাৰ বিপৰীতে গ্ৰীন টীৰ আছে অনেক অপকাৰিতা। অতিৰিক্ত পৰিমাণৰ গ্ৰীন টী খালে যকৃত্ ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ উপৰি তেজত আইৰন আৰু কেলচিয়ামৰ পৰিমাণ হ্ৰাস পায়। যাৰ ফলত এনিমিয়াত আক্ৰান্ত হোৱাৰ শংকা বৃদ্ধি পায়। চিকিৎসকসকলৰ মতে, গৰ্ভাৱস্থাত গ্ৰীন টী একেবাৰে পান কৰিব নালাগে। অন্যথা গৰ্ভস্থ শিশু মস্তিষ্ক আৰু মেৰুদণ্ডৰ সমস্যাত ভুগিব পাৰে। একেবাৰে খালী পেটত গ্ৰীন টী খোৱা একেবাৰে উচিত নহয়। খালী পেটত গ্ৰীন টী পান কৰিলে আলচাৰৰ সম্ভাৱনা বাঢ়ে।

উৎস: নিয়মীয়া বাৰ্তা।

শেহতীয়া উন্নীতকৰণ: : 7/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate