মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / হাত ধোঁৱক সুস্থ থাকক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হাত ধোঁৱক সুস্থ থাকক :

হাত ধোঁৱক সুস্থ থাকক, সেই বিষয়ে লিখা হৈছে ।

 

স্বাস্থ্যজনিত এক ভুল কাৰণৰ বশবৰ্ত্তী হৈ আমাৰ দেশ ভাৰতবৰ্ষই কিছুবছৰ পূৰ্ব্বে কাকতৰ শিৰোনামা দখল কৰিছিল।

২০১০ চনত সমগ্ৰ বিশ্বতে ৫ বছৰ তলৰ যিমান সংখ্যক শিশুৰ মূল আঠোটা ৰোগজনিত কাৰকৰ বাবে মৃত্যু হৈছিল তাৰ আধাসংখ্যক শিশু কেৱল ভাৰতবৰ্ষৰ লগতে আন চাৰিখন দেশৰেই আছিল বুলি প্ৰকাশিত হৈছিল।

ইয়াৰোপৰি ‘দ্য লেনচেট’ নামৰ পত্ৰিকাখনে শেহতীয়া ভাৱে কৰা সমীক্ষাতো একেই তথ্য পোহৰলৈ আহে।

সেই বছৰটোতেভাৰতত সৰ্বমুঠ ১৭ লাখ শিশুৱে অকাল মৃত্যুক সাৱটি লয়। নিউমোনিয়া আছিল সবাতোকৈ মাৰাত্মক ৰোগ যি একে সময়তে প্ৰায় ৪ লাখ শিশুৰ প্ৰাণ লয়।

মাৰাত্মক ৰোগ -

নিউমোনিয়াৰ পিছতে দ্বিতীয়বিধ মাৰাত্মক ৰোগ আছিল ডায়েৰীয়া যাৰ বাবে প্ৰায় ২ লাখ দহ হাজাৰ শিশু মৃত্যুমুখত পৰে। আচলতে পাঁচোখন ৰাষ্ট্ৰৰ ভিতৰত ভাৰতবৰ্ষই একমাত্ৰ দেশ আছিল য’ত নিউমোনিয়া আৰু ডায়েৰীয়াতেই সৰ্বাধিকৰ মৃত্যু হৈছিল।

নিউমোনিয়াৰ বাবে ভাৰতত ২৮ দিনতকৈ কম বয়সৰ ১ লাখ ৪৩ হাজাৰ আৰু একৰ পৰা ৫৯ মাহ বয়সৰ ২ লাখ ৫৪ হাজাৰ শিশুৰ কৰুণ মৃত্যু হয়। ডায়েৰীয়াৰ ক্ষেত্ৰত এই সংখ্যা আছিল ক্ৰমে ১৯ হাজাৰ আৰু ১ লাখ ৯৩ হাজাৰ।

‘দ্য লেনচেট’ৰ সমীক্ষাই ইয়াকে প্ৰমাণিত কৰিলে যে ২০০৫ চনৰ পৰা ২০১০ চনৰ ভিতৰত আমাৰ দেশত এই ৰোগ দুবিধ নিৰ্মূলকৰণৰ একো ব্যৱস্থা হাতত লোৱা হোৱা নাছিল কাৰণ ২০০৫ চনত একে কাৰণতে প্ৰায় ১৫ লাখ শিশুৱে অকাল মৃত্যুক সাৱটি লৈছিল।

বিভিন্ন সমীক্ষাৰপৰা লাভ কৰা এনে তথ্য বহু বেছি আশ্চৰ্যকৰ নহয় কিয়নো এই ৰোগবিলাকৰ সংক্ৰমণৰ আচল কাৰণৰ ব্যাখ্যা বিস্তৃত ভাৱে আজিও জনা হোৱা নাই বুলি ক’লেও ভুল নহয়।

আমাৰ দেশৰ চৰ অঞ্চলত বাস কৰা বেছিভাগ লোকেই বিশুদ্ধ খোৱাপানীৰ অভাৱ, পৰিস্কাৰ-পৰিচ্চন্নতাহীনতা আদি কাৰণবিলাকৰ সৈতেই সহবাস কৰি জীয়াই থাকিব লগাত পৰে।

ইউনিচেফৰ শেহতীয়া সমীক্ষাই দাঙি ধৰিছে যে ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ৫৪ শতাংশ (৬৩৮ মিলিয়ন) লোকেই মুকলিকৈ শৌচক্ৰিয়া কৰে। ভাৰতৰ তুলনাত বাংলাদেশ আৰু ব্ৰাজিলত এই পৰিমাণ ৭ শতাংশহে মাত্ৰ।

ইউনিচেফৰ সমীক্ষাই ইয়াকো দেখুৱাইছে যে চৰ অঞ্চলৰ ৫ বছৰৰ তলৰ মাত্ৰ ৬ শতাংশ শিশুৱেহে শৌচাগাৰ ব্যৱহাৰ কৰে।

খোৱাপানী -

যিসময়ত খোৱাপানী আৰু চফাই বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জয়ৰাম ৰমেশদেৱ ২০১৭ চনৰ ভিতৰত ভাৰতবৰ্ষৰ পৰা মুক্তভাৱে শৌচক্ৰিয়া কৰাৰ সমস্যাক সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে বদ্ধপৰিকৰ, সেই সময়তেই মানুহৰ মাজত শৌচক্ৰিয়া কৰাৰ পিছত চাবোনেৰে হাত ধোৱাৰ বাবে এটা জাগৰণ সৃষ্টি কৰাৰো সময় আহি পৰিছে যি একেবাৰে সহজ আৰু আটাইতকৈ কম খৰছী।

কিন্তু দূৰ্ভাগ্যবশতঃ আমাৰ ভাৰতত মুঠ জনসংখ্যাৰ মাত্ৰ আধাসংখ্যক লোকেহে নিয়মিতভাৱে শৌচক্ৰিয়াৰ পাছত চাবোনেৰে হাত ধোৱে বুলি সমীক্ষাত প্ৰকাশ।

এই সহজ অথচ কম খৰছী ব্যৱস্থাই ডায়েৰীয়া আৰু নিউমোনিয়াৰ সংক্ৰমণ ক্ৰমে প্ৰায় ৪০ আৰু ৩০ শতাংশলৈকে কমাই দিয়ে।

ই আৰু বেছি ফলপ্ৰসু হয় যদিহে খাদ্য গ্ৰহণ কৰাৰ আগতেও চাবোনেৰে হাত ধুই লোৱা যায়।

বিশ্বৰ মানুহৰ মাজত খাদ্য গ্ৰহণৰ আগত আৰু শৌচক্ৰিয়াৰ পাছত চাবোনেৰে হাত ধোৱাৰ বাবে জাগৰণ সৃষ্টি কৰিবৰ কাৰণে ২০০৮ চনত এক অভিযান আৰম্ভ কৰা হৈছিল যিটো প্ৰতি বছৰে ১৫ অক্টোবৰ তাৰিখে বিভিন্ন দেশৰ লগতে ভাৰততো ‘বিশ্ব হস্ত পখালন দিৱস’ হিচাপে পালন কৰা হয়।

কিন্তু জাগৰণ সৃষ্টিকৰণ এটা নিয়মিত প্ৰক্ৰিয়া আৰু ইয়াক কেৱল এটা দিনতে সীমাবদ্ধ কৰি ৰাখিলে ইয়াৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হ’ব বুলি আশা কৰিব পৰা নাযায়।

সেয়েহে আহক আমিও আমাৰ হাত উজান দিও আৰু এই জাগৰণৰ এক সক্ৰিয় অংশীদাৰ হওঁ।

লেখক: জিন্তু দত্ত

উৎস: সাহিত্য.অৰ্গ

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top