অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হাত ধুৱাৰ উপকাৰিতা :

হাত ধুৱাৰ উপকাৰিতাৰ বিষয়ে লিখা হৈছে ।

হাত দুখনৰ জৰিয়তে আটাইতকৈ বেছি বীজাণু আমাৰ শৰীৰত প্ৰৱেশ কৰে। বিশেষকৈ হাতৰ আঙুলিকেইটাত প্ৰায় সকলো সময়তে ৰোগৰ বীজাণু লাগিয়েই থাকে। সেয়ে বীজাণুজনিত বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিবলৈ হ’লে হাত দুখন পৰিষ্কাৰ কৰি ৰখাটো অত্যন্ত জৰুৰী।

আমাৰ হাত দুখনক বীজাণুৰ বাহক বুলি কোৱা হয়। কিয়নো হাত দুখনে অনাবৰতে বাহিৰৰ জগত খনৰ যিকোনো বস্তু স্পৰ্শ কৰি থাকে।

আমাৰ চৌপাশৰ বায়ুমণ্ডলৰ অসংখ্য বীজাণু সক্ৰিয় হয় থাকে। সঁচা অৰ্থত ক’বলৈ হ’লে আমি এখন বীজাণু সমুদ্ৰৰ মাজত বাস কৰি আছো। গতিকে জ্ঞাতে-অজ্ঞাতে আমি য’তে হাত দিওঁ তাতেও বীজাণু স্পৰ্শ কৰো।

  • কলেৰা,
  • ডায়েৰীয়া,
  • ইনফ্লুয়েঞ্জা,
  • কৃমিৰ আক্ৰমণ শ্বাস-প্ৰশ্বাসজনিত ৰোগ আদি বহুতো বেমাৰৰ মূল কাৰণ হৈছে বীজাণুৰ সংক্ৰমণ।

হাত দুখনৰ জৰিয়তে আতাইতকৈ বেছি বীজাণু আমাৰ শৰীৰত প্ৰৱেশ কৰে। বিশেষকৈ হাতত আঙুলিকেইটাত প্ৰায় সকলো সয়মতে ৰোগৰ বীজাণু লাগিয়েই থাকে। সেয়ে বীজাণুজনিত বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিবলৈ হ’লে হাত দুখন পৰিষ্কাৰ কৰি ৰখাটো অত্যন্ত জৰুৰী।

বিশেষকৈ আহাৰ গ্ৰহণ কৰাৰ আগত আৰু পাছত প্ৰত্যেকেই নিজৰ হাত দুখন চাবোনেৰে ভালদৰে ধুই ল’ব লাগে।

চাবোনেৰে ভালদৰে হাত ধুৱাব ফলতো বহুত বেমাৰ-আজাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰো।

হাত দুখন বীজাণুৰ সংক্ৰমণ বিভিন্ন উৎসৰ পৰা হ’ব পাৰে। ঘৰৰ ৰেলিং, চকী বা গাড়ীৰ হেণ্ডেল, টেবুল, শিশুৰ খেলনা আদি বিভিন্ন আহিলাত লাগি থকা অসংখ্য বীজাণু মানুহে স্পৰ্শ কৰাৰ ফলত হাতলৈ আহে।

বহু সময়ত মানুহে অন্যমনষ্কভাৱে নাক, চকু আৰু মুখত হাত দি থাকে। এইদৰে চকু, নাক আৰু মুখৰ মাধ্যমেৰে বীজাণু শৰীৰত প্ৰৱেশ কৰে।

হাত নোধোৱাকৈ খাদ্য প্ৰস্তুত আৰু পৰিৱেশন কৰিলে এনে হোৱাৰ সম্ভাৱনা থাকে।

হাত ধোৱাৰ উপকাৰিতাৰ প্ৰতি লক্ষ্য ৰাখি জাতিসংঘৰ আহ্বান ক্ৰমে ২০০৮ চনৰ পৰা প্ৰতি বছৰে ১৫ অক্টোবৰৰ দিনটো বিশ্ব হাত ধোৱা দিৱস পালনৰ মূল তাৎপৰ্য হ’ল হাত ধোৱাৰ গুৰুত্ব সম্পৰ্কে জনসাধাৰণক সচেতন কৰা।

বিশ্ব হাত ধোৱা দিৱস যদিও পালন কৰি অহা হৈছে, ইয়াৰ প্ৰচাৰ যিমামখিনি হ’ব লাগিছিল সেয়া এতিয়াও হৈ উঠা নাই। ২০১৭ বৰ্ষৰ এই দিৱসৰ মূল বিষয়বস্তু আছিল হাত দুখনেই আমাৰ ভৱিষ্যৎ।

২০১৮ বৰ্ষত খাদ্য আৰু হাত দুখনৰ মাজত যোগসূত্ৰ স্থাপন কৰাত গুৰুত্ব প্ৰদান কৰা হৈছিল।

  • স্বাস্থ্যকৰ,
  • পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিলেই নহ’ব,
  • এই আহাৰ নিৰাপদ,
  • বীজাণুমুক্ত হ’বলৈ হ’লে হাত দুখন পৰিষ্কাৰ হ’বই লাগিব।

হাত ধোৱাৰ সম্পূৰ্ণ সুফল পাবলৈ হ’লে হাত কেনেকৈ পৰিষ্কাৰ কৰিব লাগে জানো আহক-

  • পৰিষ্কাৰ পানীৰে দুয়োখন হাততে চাবোন লগাওক।
  • হাতে হাতে ভালদৰে ঘঁহি ফেন ওলাই যোৱাকৈ প্ৰায় ২০ ছেকেণ্ড সময় আঙুলিৰ ফাঁক আৰু নখ পৰিষ্কাৰ কৰক।
  • নল খুলিলে অহা পানীৰ দৰে চলন্ত পানীত অলপো চাবোন লাগি নথকাকৈ হাত দুখন ধুই পেলাওক।
  • একোটা পাত্ৰত পানী লৈ কেইবাজনেও সেই পাত্ৰতে ডুবাই হাত ধুব নালাগে।
  • শেষত পৰিষ্কাৰ টাৱেলেৰে হাত দুখন মোহাৰি শুকাই লওক। শিশুসকলৰ মাতৃগৰাকীয়ে হৈছে মূল শিক্ষয়ত্ৰী।

গতিকে হাত ধোৱাৰ লাভালাভৰ বিষয়ে সৰুৰে পৰা শিশুক মাতৃসকলেই জ্ঞান দিব লাগিব। ইয়াৰ উপৰি হাত নোধোৱাৰ ফলত হ’ব পৰা বেমাৰ আজাৰৰ বিষয়েও তেওঁলোকক অৱগত কৰিব লাগে।

যাতে তেওঁলোকে মাৰাত্মক বেমাৰ-আজাৰৰ ভয়তে হাত ধোৱাৰ অভ্যাস গঢ়ি তোলে। হাত কেতিয়া ধুব লাগে এই কথা মাতৃগৰাকীয়ে শিশুসকলক বুজাই দিব লাগে।

  • আহাৰ খোৱাৰ আগত আৰু পাছত টয়লেট ব্যৱহাৰ কৰাৰ পিছত।
  • পোহনীয়া পশু-পক্ষী সংস্পৰ্শলৈ অহাৰ পাছত।
  • বেমাৰীৰ সেৱা-শুশ্ৰূষা কৰাৰ পাছত।
  • চাফাই কৰ্মৰ পাছত।
  • হাঁচি আৰু কাহৰ ফলত নাকত স্পৰ্শ কৰিলে।
  • ল’ৰা-ছোৱালীয়ে খেলা-ধূলা কৰি অহাৰ পাছত।

বৰ্তমান যুগত বীজাণুৰ সংক্ৰমণ হ’ব পৰা এবিধ বিশেষ আহিলা হৈছে মোবাইল ফোন। ইয়াৰ উপৰি কাগজৰ নোট আৰু মুদ্ৰা বিভিন্ন মানুহৰ হাত বাগৰি ফুৰা বাবে ইয়াৰ পৰাও বীজাণু সংক্ৰমণ হ’ব পাৰে।

বীজাণু নিৰ্মূল কৰাৰ উপায় হাতত নাই গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি যন্ত্ৰ কৰিব লাগিব।

আজিকালি বজাৰত বিভিন্ন কোম্পানীৰ ছেনিটাইজাৰ উপলব্ধ হৈছে। গৃহিনীসকলে ল’ৰা-ছোৱালীৰ স্কুল বেগত একোটা এনে ছেনিটাইজাৰ দি থ’ব পাৰে।

যাতে ঘৰৰ বাহিৰত থকা সময়ত ইয়াৰ দ্বাৰাই হাত দুখন বীজাণুমুক্ত কৰিব পাৰে। ল’ৰা-ছোৱালীৰ হাঁচি বা কাহ আহিলে ৰুমাল ব্যৱহাৰ কৰিবলৈ শিকাব লাগে।

হাত ধোৱাৰ ফলত

  • পেটৰ বিষ,
  • ডায়েৰীয়া,
  • কলেৰা,
  • কৃমিৰ আক্ৰমণ প্ৰায় ৩৭ ভাগ কমে।

ইয়াৰ উপৰি শ্বাস-প্ৰশ্বাসজনিত ৰোগ ইনফ্লুয়েঞ্জা, কাহ আদিও ৫০ শতাংশ কমে। হাত ধোৱাৰ অভ্যাসে ছাল আৰু চকুৰ সংক্ৰমণৰ পৰাও আমাক বচাব পাৰে।

হাত ধোৱাৰ ফলত হ’ব পৰা ইমানখিনি উপকাৰিতাৰ বিষয়ে জানিও আমি বহুতে এই কাম কৰিবলৈ টান পাওঁ।

আলস্যই এই কাম কামটো কৰাত বাধা দিয়ে। অৱশ্যে হাত ধোৱাৰ উপকাৰীতাৰ বিষয়ে থকা অজ্ঞতাও আন এক কাৰণ।

আমাৰ সমাজত আৰ্থিকভাৱে অনগ্ৰসৰ এনে এক শ্ৰেণীৰ লোক আছে যিসকলৰ বাবে পিন্ধা কাপোৰ সাজ চাবোনেৰে চাফা কৰি ধোৱাটোও এক বিলাসিতা।

সেই সকলে দিনটোত বহুবাৰ চাবোনেৰে হাত ধুই থকাটো কল্পনাই কৰিব নোৱাৰি। হাত ধোৱাৰ অভ্যাস কৰাৰ ফলত শিশুসকলক বিভিন্ন ৰোগৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ উপৰি শিশুৰ ৰোগ-প্ৰতিৰোধ কৰাৰ ক্ষমতাও বৃদ্ধি কৰে।

এখন ঘৰৰ প্ৰতিজন মানুহৰ সুস্বাস্থ্য নিৰ্ভৰ কৰে ঘৰৰ গৃহিনীগৰাকীৰ ওপৰত। গতিকে ঘৰৰ গৃহিণীসকলে ঘৰখনৰ সকলোকে হাত ধোৱাৰ সু-অভ্যাস গঢ়ি তুলিবলৈ উৎসাহিত কৰোঁ আহক।

লেখিকা: বন্তি বৰঠাকুৰ বৰুৱা(নিয়মীয়া বাৰ্তা)

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top