মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / হাতৰ পৰিচৰ্য্যা কেনেকৈ কৰিব?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হাতৰ পৰিচৰ্য্যা কেনেকৈ কৰিব?

হাতৰ পৰিচৰ্য্যা কেনেকৈ কৰিব?

প্ৰত্যেক মানুহে হাত দুখন খুব সুন্দৰকৈ ৰাখিব বিচাৰে। নিজৰ হাত দুখনি কোমল, মসৃণ কৰি ৰাখিব বিচাৰে। হাত দুখন কেনেকৈ নো ধুনীয়া কৰি ৰাখিব পাৰি সেই বিষয়ে তলত কিছুমান কিটিপ দিয়া হ’ল:

  • কিলাকুটিটো ধুনীয়াকৈ ৰাখিবলৈ নেমুটেঙা নিমখৰ সৈতে ঘঁহিব লাগে। তেতিয়া কিলাকুটিটোৰ স্বাভাৱিক ৰঙলৈ পৰিৱৰ্তন হ’ব।
  • গা ধোৱাৰ আগতে গোটেই শৰীৰত বিশেষকৈ হাত দুখনত অলিভ অইলেৰে নিতৌ মালিচ কৰিব লাগে।
  • হাত দুখন মসৃণ আৰু কোমল কৰিবলৈ কণীৰ বগা অংশ, মৌ জোল আৰু নেমুৰ ৰস মিহলাই লগাব লাগে।
  • নেমুৰ ৰস, গ্লিছাৰিণ, গোলাপ জল সমপৰিমাণত মিহলাই বটলত ভৰাই থ’ব লাগে। আৰু পুৱা গধূলি এবাৰ এবাৰ লগাব লাগে।
  • হাত দুখন মসৃণ কৰি ৰাখিবলৈ কিবা কাম কৰি উঠাৰ পিছত ময়শ্বাৰাইজাৰ লগাব লাগে।
  • হাত খন কুহুমীয়া পানীৰে ধুই লৈ এক চামুচ গাখীৰৰ সৰ আৰু নেমুটেঙাৰ ৰসৰ লগত মিহলাই হাত দুখন ভালদৰে মালিচ কৰিব লাগে।
  • চেনি আৰু নিমখৰ মিশ্ৰণ নেমুৰ বাকলিৰে সদায় কিলাকুটিত ঘঁহিব লাগে। এনে কৰিলে কিলাকুটি কোমল আৰু পৰিষ্কাৰ দেখিবলৈ ধুনীয়া হয়।
  • মচুৰ দাইলৰ গুড়ি কৰি গাখীৰৰ সৰৰ লগত মিহলাই লগালে কিলাকুটিৰ স্বাভাৱিক ৰং ঘূৰি আহে।

লেখিকা: মঞ্জু বৰা।

3.02222222222
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top