মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / হাড়ৰ সুৰক্ষাৰ বাবে কৰিবলগীয়া:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হাড়ৰ সুৰক্ষাৰ বাবে কৰিবলগীয়া:

হাড়ৰ সুৰক্ষাৰ বাবে কৰিবলগীয়া কথা লিখা হৈছে

ব্যায়াম, কচৰৎ ইত্যাদি:

 

নিয়মিত ব্যায়াম-কচৰতৰ অভাৱে অষ্টিঅ’প’ৰ’ছিছ উপসৰ্গবিধ ত্বৰান্বিত কৰে। নিয়মিত শৰীৰ চৰ্চাই শৰীৰৰ মাংসপেশীৰ শক্তি বৃদ্ধি কৰে। লিগামেন্ট আৰু পেশীসমূহ মজবুত কৰে, হাড়ৰ ঘনত্ব(Density) বৃদ্ধি কৰে। আমি জনা দৰকাৰ যে ৩০ বছৰ বয়সলৈকেহে আমাৰ হাড়বোৰত ঘনত্ব বৃদ্ধি হয় আৰু সেই বয়সতে ই চূড়ান্ত ৰূপ পায়। তাৰ পিছৰেপৰা হাড়ৰ ঘনত্ব কমিবলৈ ধৰে।

উত্তম প্ৰকাৰৰ শৰীৰ চৰ্চাবোৰ হ’ল- খোজকঢ়া, জঁপিওৱা, বেগাই খোজকঢ়া, ছিৰি বগোৱা, টিলা বগোৱা, টেনিছ খেলা, নৃত্য কৰা ইত্যাদি। এইসমূহ শৰীৰ চৰ্চাক ইংৰাজীত কোৱা হয় weight bearing exercise আৰু এক প্ৰকাৰ non weight bearing exercise আছে, যিয়ে বা হৃদপিণ্ডৰ জীৱনীশক্তি বৃদ্ধি কৰে। হাড়সমূহ শক্তিশালী কৰাৰ লগে লগে হৃদপিণ্ড সবল কৰাৰো প্ৰয়োজন আছে। এইসমূহ কচৰতৰ ভিতৰত সাঁতোৰা, চাইকেল চলোৱাই প্ৰধান। প্ৰতি সপ্তাহৰ চাৰি বা পাঁচটা দিন নিতৌ ৩০ মিনিটৰপৰা এঘন্টালৈ এইসমূহ কচৰৎ কৰাৰ আৱশ্যক। কিন্তু যদিহে আপুনি ইতিমধ্যে হৃদপিণ্ড, হাঁওফাঁওৰ অসুখ কিম্বা উচ্চ ৰক্তচাপত ভুগি আছে, তেনেহ’লে চিকিৎসকৰ মতামত নোলোৱাকৈ কচৰৎ কৰিবলৈ অগ্ৰসৰ হ’ব নালাগে। আকৌ মেদবহুলতা আৰু মধুমেহত ভুগি থকা লোকে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী কি ধৰণৰ কচৰতৰদ্বাৰা সুফল লাভ কৰিব পৰা যায় তাকেহে কৰা দৰকাৰ। খাদ্য, পানীয় আৰু দৰৱ সম্পৰ্কত চিকিৎসকৰ পৰা উপযুক্ত ব্যৱস্থা-পত্ৰ গ্ৰহণ কৰিহে তাক গ্ৰহণ কৰিব লাগে।

মহিলাসকলে মনত ৰাখিবলগীয়া কথাষাৰ হ’ল যে ৰজোঃনিবৃত্তি হোৱাৰ লগে লগে হাড়ৰপৰা কেলছিয়াম ক্ষৰণ হ’বলৈ ধৰে আৰু লগে লগে তেজত কেলছিয়ামৰ মাত্ৰা কমি আহে। সেয়েহে এই সময়ছোৱাত খোৱা খাদ্যৰ ক্ষেত্ৰত ওপৰঞ্চি মনোযোগ দিয়া দৰকাৰ।

গাখীৰ আৰু গাখীৰজাত সামগ্ৰী- মাছ, ফল-মূলৰ ভিতৰত আতলছ, অমিতা, কাজু, কাঠবাদাম, বীনজাতীয় দাইল, গাজৰ, চালগোমি, পালেং, শাক, নহৰু আদি সৰহকৈ খাব লাগে।

হাড়ৰ সুস্বাস্থ্যৰ বাবে পাঁচটা মানিবলগীয়া ৰীতি আছে-

 

১)দৈনিক কেলচিয়াম, ডি ভিটামিনযুক্ত আহাৰ গ্ৰহণ।

২)দৈনিক ব্যায়াম বা কচৰৎ কৰাৰ অভ্যাস।

৩)ধূমপান আৰু সুৰাজাতীয় পানীয় পৰিত্যাগ কৰা।

৪)বছৰেকত এবাৰ স্বাস্থ্য পৰীক্ষা কৰোৱা।

৫)দুবছৰত এবাৰ হাড়ৰ ঘনত্ব পৰীক্ষা কৰা বা Dexa scan কৰোৱা। ২৫-৩০ বছৰৰ মহিলাক দৈনিক কমেও ১০০০ মিঃগ্ৰাম কেলচিয়ামৰ প্ৰয়োজন। ৩০-৪০ বছৰৰ ভিতৰত ১৫০০ মিঃগ্ৰাম, ৬৫ বছৰৰ ততোধিক বয়সতো কমেও ১৫০০ মিঃগ্ৰাম কেচলিয়ামৰ প্ৰয়োজন হয়। আমাৰ শৰীৰে সূৰ্যৰ ৰশ্মিৰপৰা ছালৰ জৰিয়তে ভিটামিন পায় কমেও আধা ঘন্টা ৰ’দত বহি গাত সূৰ্যৰ ৰশ্মি পৰিব দিব লাগে। আমাক দৈনিক ৪০০ৰ পৰা ৮০০ IU ভিটামিন ডিৰ প্ৰয়োজন। ডি ভিটামিনৰ উৎসবোৰ হ’ল- কণীৰ কুহুম, সাগৰীয়া মাছ, গাখীৰ, গাখীৰৰপৰা উৎপাদিত খাদ্য সামগ্ৰী ইত্যাদি।

বিশেষ মন কৰিবলগীয়া- ৰজোনিবৃত্তিৰ লগে লগে কেলচিয়ামৰ কোনবিধ বড়ি আপোনাৰ বাবে উপযোগী, তাক গ্ৰহণ কৰিবলৈ হ’লে চিকিৎসক, বিশেষকৈ স্ত্ৰীৰোগ বা অস্থিৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা খুবেই বাঞ্ছনীয়। মনত ৰাখিব এষাৰ কথা- গৰ্ভাৱস্থাত খোৱা কেলচিয়ামৰ বড়ি আৰু ৰজোনিবৃত্তিৰ পিছত সেৱন কৰিবলগীয়া কেলচিয়াম বড়িৰ গাঁথনি(Composition) একে নহয়। নিজৰ মনেৰে, লোকৰ কথা শুনি, ফাৰ্মাচী বা দৰৱ বিক্ৰেতাৰ বাছনিৰে কেলচিয়াম বড়িৰ ব্ৰেণ্ড নিৰ্বাচন নকৰিব।

লেখক: ডাঃ দীনেশ শৰ্মা(দৈনিক অসম)

2.91176470588
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top