মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / হাৰ্ট এটেকৰ আশংকা হ্ৰাস কৰে বেঙেনাই :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হাৰ্ট এটেকৰ আশংকা হ্ৰাস কৰে বেঙেনাই :

হাৰ্ট এটেকৰ আশংকা হ্ৰাস কৰে বেঙেনাই, সেই বিষয়ে লিখা হৈছে ।

 

ৰন্ধন কাৰ্যত সঘনাই ব্যৱহৃত পাচলি বেঙেনাৰ আছে অনেক স্বাস্থ্য উপকাৰী গুণ। বেঙেনাত কাৰ্বহাইড্ৰেট কম পৰিমাণে থকা আৰু আঁহ অধিক পৰিমাণে থকাৰ বাবে ডায়েবেটিছ ৰোগীসকলে শংকাহীনভাৱে খাব পাৰে এই পাচলিবিধ। নিতৌ বেঙেনা খালে এনে লোকৰ তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰিত হৈ থাকে। একেদৰে এই আঁহে গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। সেইবাবে যিসকল লোক টাইপ-টু ডায়েবেটিছত আক্ৰান্ত তেওঁলোকৰ বাবে বেঙেনা অতি উপকাৰী। বেঙেনাত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু আঁহ থাকে, যিয়ে শৰীৰৰ পৰা টক্সিন বাহিৰ উলিয়াই দিয়ে। ফলত এই পাচলিবিধে সহজে কৰ্কটৰ শংকা দূৰ কৰে। ইয়াৰ উপৰি প্ৰচুৰ পৰিমাণে আঁহ থকা বাবে ভোক নিয়ন্ত্ৰণ হয় আৰু নিয়মিত বেঙেনা খোৱাৰ ফলত শৰীৰৰ ওজন হ্ৰাস পায়। একেদৰে পটাছিয়াম, এন্থচায়েনিন থকাৰ ফলত এই পাচলিবিধে ৰক্তচাপ নিয়ন্ত্ৰিত কৰে। ইয়াৰ উপৰি শৰীৰৰ বেয়া কলেষ্টেৰেলৰ মাত্ৰা হ্ৰাস কৰাটো বেঙেনাৰ আছে বিশেষ ভূমিকা। ভিটামিন-বি৬, ফ্লেভোনয়েডছ আৰু এন্টিঅক্সিডেন্ট সমৃদ্ধ বেঙেনা খোৱাৰ ফলত হৃদযন্ত্ৰৰ ধমনী ভালে থাকে আৰু হাৰ্টএটেকৰ আশংকা হ্ৰাস পায়। এইবোৰৰ উপৰি বেঙেনাত থকা ফাইটোনিউট্ৰিয়েন্টাছ-এ মস্তিষ্কৰ কোষ সুস্থ ৰাখে।

উৎস: নিয়মীয়া বাৰ্তা

3.07692307692
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top