সুষম আৰু স্বাস্থ্যকৰ খাদ্য, নিয়মিত ব্যায়াম, ধূমপান বর্জন কৰা আদি কার্যসমূহৰ দ্বাৰা জানো হাৰ্ট এটেকৰ সম্ভাৱনীয়তা ৰোধ কৰিব পাৰিব? নিশ্চিতভাৱে নোৱাৰি। চিকিৎসক তথা গৱেষকসকলৰ ভাষ্য অনুসৰি নিদ্রা হৃদয়ৰ বাবে অতি প্রয়োজনীয়। বর্তমান অধিকাংশ ব্যক্তিৰে নিদ্ৰাৰ পৰিমাণ হ্রাস পাইছে। কামৰ চাপ, টেলিভিছন চোৱা,কম্পিউটাৰত কাম কৰা আদি নানান কাৰণৰ বাবেই মানুহৰ নিদ্ৰাৰ হাৰ গড়ে তিনি ঘণ্টাকৈ কমি গৈছে। ইয়াৰ বাবেই শৰীৰে প্ৰয়োজনীয় জিৰণি লাভ নকৰে। তাৰ ফলত বৃদ্ধি পাইছে হার্ট এটেকৰ সম্ভাৱনীয়তা। দৰাচলতে নিদ্ৰাৰত সময়ছোৱাত ব্যক্তিৰ হৃদস্পন্দন, ৰক্তনলীৰ স্থিতিস্থাপকতা, তথা মস্তিষ্কৰ কর্মকাণ্ড নানা ধৰণে পৰিবর্তন ঘটে। সেয়েহে টোপনি যাবলগীয়া সময়ছোৱাত সাৰে থাকিলে তাৰ ছন্দপতন ঘটে। দেহ ঘড়ীৰ কাৰ্য ব্যাহত হয়। তদুপৰি ইয়াৰ বিৰূপ প্রভাৱ ৰক্তসংবহন তন্ত্ৰৰ ওপৰতো পৰে। অতীজৰে পৰা সূৰ্যাস্তৰ পিচত আন্ধাৰ হ’লে মানুহে শোৱাৰ নিয়ম। এয়ে হৈছে শৰীৰৰো স্বাভাৱিক প্রক্রিয়া। সেয়েহে সম্প্রতি আমেৰিকান হাৰ্ট এছ’চিয়েচনে সুস্থ হৃদয়ৰ বাবে খাদ্যাভাসৰ পৰিবৰ্তনৰ লগতে নিদ্ৰাৰ সময় জোখাৰ নানা ধৰণৰ বৈদ্যুতিক যন্ত্র তথা সঁজুলি ব্যৱহাৰৰ কথা চিন্তা কৰিছো তেওঁলোকে কাৰ্যালয় ত্যাগ কৰাৰ লগে লগেই কম্পিউটাৰত কাম কৰাৰ অভ্যাসো ত্যাগ কৰাৰ পৰামর্শ দিছে। সন্ধিয়া সময়ত চাহ,কফি বা সুৰাপান ক্ষতিকাৰক বুলি ঘোষণা কৰিছে। তদুপৰি নৈশ আহাৰ সদায় শোৱাৰ দুঘণ্টাৰ পূর্বে খাব লাগে। তদুপৰি আবেলি ব্যায়াম বা যোগাসন কৰিলে নিদ্ৰা ভাল হয় বুলিও গৱেষকসকলে উল্লেখ কৰিছে। দৈনিক ছয়-সাত ঘন্টাৰ নিদ্রা প্রত্যেক ব্যক্তিৰ বাবে নিতান্তই জৰুৰী।
উৎস: সাদিন ফিচাৰ্ছ।
শেহতীয়া উন্নীতকৰণ: : 1/19/2024