মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / হৃদৰোগ নিৰাময় আৰু প্ৰতিৰোধ ব্যৱস্থা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হৃদৰোগ নিৰাময় আৰু প্ৰতিৰোধ ব্যৱস্থা

হৃদৰোগ নিৰাময় আৰু প্ৰতিৰোধ ব্যৱস্থাৰ বিষয়ে লিখা হৈছে ।

হৃদৰোগৰ লক্ষণ

বুকুৰ ভিতৰত হৃদস্পন্দনৰ শব্দ অৰ্থাৎ বুকুৰ ধপধপনি জোৰে জোৰে হয়। বুকুৰ বিষ হয়। উশাহ-নিশাহ লোৱাত কষ্ট অনুভৱ হয়। হাত আৰু ভৰি কঁপে।

হৃদৰোগৰ কাৰণ

হৃদৰোগ হোৱাৰ ভালেমান কাৰণ আছে। প্ৰথম অৱস্থাত হৃদৰোগৰ বিশেষ কোনো লক্ষণ প্ৰকাশ নেপায় আৰু ৰোগীয়ে নিজেও হৃদৰোগ আৰম্ভ হৈছে বুলি গম নেপাব পাৰে।

হৃদৰোগৰ সাধাৰণ লক্ষণ দুই এটা প্ৰকাশ পালেও ৰোগীয়ে বিশেষ কষ্ট বা যন্ত্ৰণা অনুভৱ কৰে। ফলত চিকিৎসা গ্ৰহণ পলম হয় আৰু পিছলৈ ৰোগে জটিল ৰূপ ল’ব পাৰে।

*বহু লোকে অধিক তেল বা চৰ্বিযুক্ত খাদ্য খাই ভাল পায় কাৰণে তেনে খাদ্যই বেছিকৈ খায়। তাৰোপৰি খাদ্যৰ গুণ আৰু পৰিমাণ অনুযায়ী শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম আদি নকৰে। ফলত তেনে লোকৰ শৰীৰ মেদবহুল হৈ পৰে। এনে মেদবহুল শৰীৰৰ প্ৰতিটো অংগলৈ ৰক্ত সঞ্চালন কৰি ৰক্ত সঞ্চালন কৰি ৰক্তৰ যোগান ধৰি থাকিব লগা হয় হৃদযন্ত্ৰই।

ফলত অতিৰিক্ত পৰিশ্ৰম কৰিব লগা হয় আৰু তাৰ পৰিণতিত হৃদযন্ত্ৰ ক্ৰমে দুৰ্বল হৈ পৰে। তাৰোপৰি ৰক্ত সঞ্চালন তন্ত্ৰৰ ধমনীৰ ভিতৰত চৰ্বি জমা হৈ ৰক্ত সঞ্চালনত বাধাৰ সৃষ্টি কৰে। কিন্তু হৃদযন্ত্ৰই এনে বাধা থকা সত্ত্বেও ৰক্ত সঞ্চালন অব্যাহত ৰাখে।

তাৰ ফলতো অতিৰিক্ত পৰিশ্ৰম কৰিবলগীয়া হৃদযন্ত্ৰই। গতিকে কম সময়ৰ ভিতৰতে ই দুৰ্বল হৈ পৰে আৰু ইয়াৰ কৰ্মক্ষমতাও হ্ৰাস পাই আহে।

*কিছুমান লোকে ভোক লাগকেই বা নেলাগকেই সকলো সময়তে অধিক মাত্ৰাত খাদ্য খাবলৈ বিচাৰে।

এনেধৰণৰ বেছি খাদ্য গ্ৰহণৰ প্ৰৱণতাৰ ফলত লোকজনৰ পাকস্থলীৰ আকাৰ বাঢ়ি গৈ শৰীৰৰ মধ্যভাগ আগলৈ ওলাই যায়। তাৰ ফলতো হৃদযন্ত্ৰৰ ওপৰত চাপ পৰে আৰু এনে ব্যক্তি কম সময়ৰ ভিতৰতে হৃদৰোগৰ কবলত পৰে।

*বহুতো লোকে সৰুৰে পৰা আমিষ আহাৰ খাই ভাল পায় আৰু বয়স বাঢ়িলেও এই অভ্যাস এৰিব নোৱাৰে।

এইদৰে একেৰাহে বা ঘনাই আমিষ আহাৰ খাই থকাৰ ফলত শৰীৰত অম্লৰ পৰিমাণ বৃদ্ধি পায়। এনে ব্যক্তিসকল সোনকালে হৃদৰোগৰ কবলত পৰে।

*যিসকল লোক অতিশয় খঙাল আৰু আবেগ প্ৰৱণ, তেনে লোকো হৃদৰোগত আক্ৰান্ত হ’ব পাৰে। কাৰণ সঘনাই যিকোনো কাৰমতে আবেগ বা ৰাগজনিত উত্তেজনাৰ ফলত শৰীৰটোক দ্ৰুত গতিত ৰক্ত সঞ্চালন কৰিব লগা হয় হৃদযন্ত্ৰই। ফলত এনে লোক হৃদৰোগৰ চিকাৰ হয়।

*একেদৰে হঠাতে অতিৰিক্ত ভয় খালেও হৃদযন্ত্ৰৰ ওপৰত চাপ পৰে। এনে চাপ হৃদযন্ত্ৰই সহ্য কৰিব নোৱাৰা হয় আৰু তাৰ পৰিণতিত হৃদযন্ত্ৰ ৰুগ্ন হৈ পৰে।

সঘনাই এনেধৰণৰ ভয় খাই থাকিলে বুকুৰ ধপধপনি বাঢ়ে আৰু এনে উত্তেজিত অৱস্থাত ৰোগী মূৰ্চ্ছা যাব পাৰে।

*অতিমাত্ৰা ৰতি বাসনাৰ ফলতো হৃদযন্ত্ৰ দুৰ্বল হৈ পিছলৈ ৰুগ্ন হ’বলৈ পাৰে। কাম বাসনা চৰিতাৰ্থ কৰিবলৈ হৈ হঠাৎ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ কোনো কোনো লোকৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে।

*মদ, ধপাত, চিগাৰেট, ড্ৰাগছ আদি নিচাযুক্ত দ্ৰব্য অধিক মাত্ৰাত সেৱন কৰিলেও দৈহিক উত্তেজনাৰ সৃষ্টি হয়। সেইবিলাক দ্ৰব্য সেৱনৰ অভ্যাসৰ ফলত কোষ্ঠকাঠিন্যৰ সৃষ্টি হয় আৰু ইয়াৰ পৰিণতিত হৃদৰোগ উদ্ভৱ হয়।

লগতে এনেধৰণৰ নিচাযুক্ত দ্ৰব্য সেৱনৰ ফলত তেজৰ অম্লতা বৃদ্ধি পায়, শৰীৰৰ গ্ৰন্থিবিলাক দুৰ্বল কৰি তোলে। তাৰ ফলতো হৃদযন্ত্ৰ দুৰ্বল হৈ পৰে আৰু ৰোগগ্ৰস্ত হয়গৈ।

*যিকোনো ধৰণৰ দুৰাৰোগ্য ৰোগত দীৰ্ঘদিন ধৰি ভুগি থাকিলে তেওঁৰ ৰক্তপ্ৰবাহৰ গতিও দুৰ্বল হৈ পৰে আৰু শৰীৰৰ সমস্ত ৰক্তই ইয়াৰ সুস্থতা হেৰুৱাই পেলায়।

এনে ৰুগ্ন শৰীৰলৈ ৰক্ত সঞ্চালন কৰোতে হৃদযন্ত্ৰৰ ওপৰত অতিৰিক্ত চাপ পৰে আৰু তাৰ ফলত হৃদযন্ত্ৰ দুৰ্বল হয়। সেয়ে দুৰাৰোগ্য ৰোগবোৰ, যেনে-

১)যক্ষ্মা,

২)ডায়েবেটিছ।

৩)বিবিধ যৌন ৰোগ।

৪)মহিলাৰ প্ৰজনন তন্ত্ৰৰ ৰোগ আদিত দীৰ্ঘদিন ধৰি ভুগি থকা ৰোগীৰ হৃদযন্ত্ৰ বেছি দুৰ্বল হৈ পৰে আৰু হৃদযন্ত্ৰটো অতিশয় দুৰ্বল হৈ পৰিলে ই আৰু তেজ চলাচল কৰিব নোৱাৰা হৈ পৰে আৰু তেতিয়াই ৰোগীৰ মৃত্যু হয়।

হৃদযন্ত্ৰৰ চিকিৎসা

যোগাসনৰ অনুশীলন:

হৃদযন্ত্ৰ দুৰ্বল হৈ ক্ৰমে ৰুগ্ন হৈ আহিলে কেইটিমান আসন অনুশীলন কৰিব লাগে। আসন অনুশীলন নিয়মীয়াকৈ কৰিলে হৃদযন্ত্ৰ পুনৰ সুস্থ আৰু সবল হৈ উঠাৰ সম্ভাৱনা থাকে। অভ্যাস কৰিব লগীয়া আসনবিলাক হৈছে- যোগমুদ্ৰা, উৎক্ষেপ মুদ্ৰা, ভুজংগনাসন, পদহস্তাসন, বায়বী প্ৰাণায়াম।

সন্ধিয়া কৰিবলীয়া যোগাসন-মুদ্ৰাবিলাক হ’ল-

  • যোগমুদ্ৰা,
  • ভুজংগাসন,
  • পদহস্তাসন,
  • বায়বী প্ৰাণায়াম।

এই আসন মুদ্ৰা আৰু প্ৰাণায়ামৰ দিহা দিয়া হৈছে যদিও হৃদৰোগৰ প্ৰকোপ বৃদ্ধি হৈ থকাৰ সময়ত কিন্তু একমাত্ৰ উৎক্ষেপণ মুদ্ৰাৰ বাহিৰে আন কোনো আসন-মুদ্ৰাৰ অনুশীলন কৰিব নেলাগে।

ৰোগৰ প্ৰকোপ কম হৈ অহাৰ পিছতহে অন্য আসন-মুদ্ৰাবিলাক অনুশীলন কৰিবলৈ ল’ব পাৰিব। ৰোগী ক্ৰমে সুস্থ হৈ উঠাৰ পিছত পদহস্তাসনৰ সলনি কৰ্মাসন অভ্যাস কৰিব পাৰিব।

পথ্য

হৃদৰোগীৰ বাবে কেৱল ফল আৰু গাখীৰেই একমাত্ৰ খাদ্য আৰু পানীয় হোৱা উচিত। আনকি পূৱা-গধূলিৰ খাদ্যও এই দুবিধেই হ’ব লাগে।

দুপৰীয়া আৰু গধূলিৰ আহাৰো কোষ্ঠপৰিষ্কাৰক আৰু বাহিৰৰ পৰা অনা সহজপাচ্য খাদ্য কম পৰিমাণে গ্ৰহণ কৰিব পাৰে।

ৰুটি আৰু ভাত বাদ দিলেও কেৱল সিদ্ধ ভাতে কম পৰিমাণে খাব পাৰে। ফল আৰু গাখীৰ ৰাতিৰ আহাৰো হ’ব লাগে। ৰাতি ফল-মূল আহাৰৰূপে খালেও কিন্তু কল খাব নালাগে।

ৰোগীয়ে নিমখ একেবাৰে ন্যূনতম মাত্ৰাতহে খাব। পৰাপক্ষত নিমখ বৰ্জন কৰা ভাল।

কৰিবলগীয়া আৰু নলগীয়া

হৃদযন্ত্ৰৰ ৰোগ হ’লে পাকস্থলী পৰিষ্কাৰ কৰি ৰখা প্ৰয়োজন। লগতে শৰীৰৰ তেজৰ অম্লতা হ্ৰাস কৰাৰ ব্যৱস্থাও ল’ব লাগে।

এই দুটা কথাৰ প্ৰতি মনোযোগ দিলে হৃদযন্ত্ৰৰ অতিৰিক্ত পৰিশ্ৰম লাঘৱ হয় আৰু হৃদযন্ত্ৰটো সুস্থ হৈ থাকিব পাৰে।

তাৰোপৰি হৃদৰোগ হোৱাটো নিশ্চিত হ’লে ৰোগীয়ে সম্পূৰ্ণ বিশ্ৰাম ল’ব লাগে। সামান্যভাৱে খোজকাঢ়ি বাহিৰ-ভিতৰ কৰা, ঘৰৰ সৰু-সুৰা কাম-বন কৰা আদিও বন্ধ ৰাখিব লাগে।

ৰোগীয়ে সকলো ধৰণৰ শাৰীৰিক পৰিশ্ৰমৰ লগতে মানসিক উদ্বেগ, দুশ্চিন্তা আদিৰ পৰাও আঁতৰত থাকিব লাগে।

যিকোনো ধৰণৰ আবেগ, খং-ৰাগ বা দুখ, অসন্তুষ্টি আদিও মনলৈ আহিবলৈ নিদিব। এনে ধৰণৰ কথাবোৰ হৃদযন্ত্ৰৰ ওপৰত চাপ পেলায়।

তাৰোপৰি হৃদৰোগীয়ে কোনো কাৰণতে অধিক পৰিমাণে খাদ্য খোৱাৰ পৰা বিৰত থাকক। দিনটোত কম কমকৈ কেবাবাৰো খাওক।

ৰোগ নিয়ন্ত্ৰণ নোহোৱালৈকে কেৱল গাখীৰ আৰু সুমথিৰা, বিলাহীৰ ৰস খাওক। গাখীৰৰ লগত মৌ মিহলাই খাব পাৰে।

  • পালেং শাক,
  • কলমৌ শাক,
  • পুৰ্ণনৱা,
  • খুতুৰা শাক সিদ্ধ কৰি জোল খোৱাৰ বাহিৰে আন একো খাদ্যই ৰোগীয়ে খোৱা উচিত নহয়। পিয়াহ লাগিলে সামান্য নেমুৰ ৰস মিহলাই পানী খোৱা উচিত।
  • দিনত শোৱা,
  • ৰাতি টোপনি ক্ষতি কৰা,
  • অধিক মাত্ৰাত খাদ্য খোৱা আদি বৰ্জন কৰা উচিত।

ৰোগীয়ে ৰাতিৰ আহাৰ ৮ বজাৰ আগতে খাই শুই যাব লাগে। ৰোগীয়ে প্ৰতিদিনে আঠ-ন ঘন্তা ভালদৰে টোপনি যাবলৈ চেষ্টা কৰা উচিত। ৰোগীয়ে সদায় কোষ্ঠ পৰিষ্কাৰ কৰাৰ প্ৰতি মনোযোগ দিব লাগে।

ৰোগীয়ে খং-ৰাগ আৰু শাৰীৰিক সহবাসৰ চিন্তা মনৰ পৰা একেবাৰে আঁতৰাই ৰখা উচিত। শাৰীৰিক-মানসিক পৰিশ্ৰম, বেছিকৈ কথা পতা আদিও বাদ দিব লাগে।

ঘৰুৱা দিহা

  • প্ৰতিদিনে পুৱা আৰু ৰাতি শোৱাৰ আগতে এচামুচ ডাঙৰ এলাচিৰ গুড়ি মৌৰ লগত মিহলাই খাব লাগে।
  • দালচেনিৰ গুড়ি আৰু ভুঁই কোমোৰাৰ গুড়ি সামান্য মৌ মিহলাই দুয়োবেলা খাওক।

লেখক: ডাঃ জীৱনজ্যোতি সন্দিকৈ(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top