অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হৃদৰোগ প্ৰতিৰোধ কৰিব পাৰে অশ্বগন্ধাই

হৃদৰোগ প্ৰতিৰোধ কৰিব পাৰে অশ্বগন্ধাই

আয়ুৰ্বেদত বিস্তৃতভাৱে বৰ্ণিত অশ্বগন্ধাৰ ঔষধি গুণৰ ওপৰত আজিও গৱেষণা হৈ আছে আৰু এইবিধ বনৌষধিৰ অন্য এটি গুণৰ বিষয়ে অতি সম্প্ৰতি প্ৰকাশ পাইছে। দিল্লীৰ অল ইণ্ডিয়া ইন্সটিটিউট অৱ্‌ মেডিকেল ছায়েন্সৰ(এইমছ) কেইগৰাকীমান বিজ্ঞানীয়ে চলোৱা এক গৱেষণাত প্ৰকাশ পাইছে যে অশ্বগন্ধাই হৃদযন্ত্ৰৰ পেশী সবল কৰি হাৰ্ট এটেকৰ পৰা ৰক্ষা কৰে, লগতে হৃদযন্ত্ৰটোৰ যন্ত্ৰণা সহ্য কৰিব পৰা ক্ষমতা বৃদ্ধি কৰে। হৃদযন্ত্ৰৰ ওপৰত অশ্বগন্ধাৰ ইমানবোৰ অনুকূল প্ৰভাৱ প্ৰমাণিত হৈছে কেৱল এন্দুৰৰ ওপৰত চলোৱা এলানি পৰীক্ষাৰ দ্বাৰাহে। মানুহৰ ওপৰত এনেধৰণৰ পৰীক্ষা অৱশ্যে এতিয়াও চলোৱা হোৱা নাই। অশ্বগন্ধাৰ আৰক প্ৰয়োগ কৰাৰ পিছত হাৰ্ট এটেকৰ ফলত হৃদযন্ত্ৰৰ কোষবোৰ হঠাৎ মৃত্যু হোৱাৰ প্ৰক্ৰিয়াটো ৰোধ কৰিব পৰা গৈছে। এনেদৰে হঠাৎ মৃত্যু হোৱা কোষবোৰে বিষাক্ত ৰাসায়নিক দ্ৰব্য এৰি দিয়া প্ৰক্ৰিয়াটোও বন্ধ হয়। এই ৰাসায়নিকবোৰে কাষৰ সুস্থ কোষবোৰৰ ক্ষতিসাধন কৰে। বিভিন্ন প্ৰকাৰৰ বাত, অনিদ্ৰা, হাঁপানী, কাহ, বিষ আৰু স্নায়ৱিক বিসংগতি আদি বিভিন্ন ৰোগত অশ্বগন্ধা বহু যুগৰ আগৰে পৰা ভাৰতীয় প্ৰাচীন চিকিৎসা পদ্ধতিত ব্যৱহাৰ কৰি অহা হৈছে। এইবিধ উদ্ভিদৰ হৃদৰোগ প্ৰতিৰোধ কৰিব পৰা গুণৰ বিষয়ে এই প্ৰথমবাৰলৈ প্ৰমাণিত হ’ল। গৱেষক শিৰীষ ওজাই প্ৰকাশ কৰি কৈছে যে চাৰি সপ্তাহ ধৰি এন্দুৰবোৰক দিনটোত তিনিবাৰকৈ অশ্বগন্ধাৰ আৰক খুওৱা হৈছিল। গৱেষণাৰ এমাহৰ পিছত হৃদযন্ত্ৰ বিকল কৰিব পৰা আইচ’প্ৰটেৰেনল নামৰ ৰাসায়নিকবিধ এন্দুৰৰ দেহত প্ৰয়োগ কৰি দেখা গ’ল যে অশ্বগন্ধাৰ আৰক খুৱাই থকা এন্দুৰবোৰৰ হৃদযন্ত্ৰ বিকল নহ’ল। পিছত পৰীক্ষা কৰি দেখা গ’ল যে এনেধৰণৰ আৰক খুওৱা এন্দুৰৰ হৃদযন্ত্ৰৰ পেশী অশ্বগন্ধা নুখুওৱা এন্দুৰতকৈ বহুগুণে শক্তিশালী। মানুহৰ ক্ষেত্ৰতো অশ্বগন্ধাই একেধৰণৰ ফলাফল দেখুৱাব পাৰিব বুলি বিজ্ঞানীসকলে আশা কৰিছে।

অশ্বগন্ধা কি?

সংস্কৃতত অশ্বগন্ধাৰ অৰ্থ হৈছে ঘোঁৰাৰ দৰে গোন্ধ। এইবিধ উদ্ভিদৰ শিপাৰ গন্ধ ঘামি থকা ঘোঁৰাৰ দৰে একে। এই উদ্ভিদৰ ফল, ফুল, পাত, গা-গছ, বাকলি আৰু শিপা আদি সকলো অংশই ঔষধৰূপে ব্যৱহাৰ কৰা হয়।

অশ্বগন্ধা ক’ত পোৱা যায়?

ভাৰত, পাকিস্তান, শ্ৰীলংকাত এইবিধ উদ্ভিদ পোৱা যায়। ভাৰতৰ মধ্যপ্ৰদেশ, ৰাজস্থান, পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, গুজৰাট আৰু মহাৰাষ্ট্ৰত এইবিধ উদ্ভিদৰ খেতি হয়। কেৱল মধ্য প্ৰদেশতে প্ৰায় ৫,০০০ হেক্টৰ(৩৭,৫০০ বিঘা) মাটিত এইবিধ বনৌষধিৰ খেতি কৰা হয়। ভাৰতত বছৰি এই উদ্ভিদৰ শিপা ১,৫০০ টনতকৈও অধিক উৎপাদন হয়। অশ্বগন্ধাৰ বৈজ্ঞানিক নাম Withania somnifera।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 12/12/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate