অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হৃদৰোগৰ ৰাজনীতি

হৃদৰোগৰ ৰাজনীতি

হৃদৰোগ বৰ্তমান মৃত্যুৰ এটা ডাঙৰ কাৰক৷ প্ৰতিবছৰে পৃথিৱীত ২৯ শতাংশ মৃত্যুৰ কাৰক হিচাপে ঠাৱৰ কৰা হৈছে হৃদৰোগক৷ সেয়েহে হৃদৰোগ প্ৰতিৰোধ কৰিবলৈ প্ৰত্যেকেই চেষ্টা কৰা উচিত৷ ধঁপাত সেৱন আৰু ধূমপানৰ পৰা বিৰত থকা, খাদ্য তালিকাৰ পৰা অতিৰিক্ত চৰ্বিজাতীয় খাদ্য, বিশেষকৈ প্ৰাণীজ চৰ্বি আৰু অতিৰিক্ত লৱণ বহিৰ্ভূত কৰা, প্ৰচুৰ শাক-পাচলি আৰু ফল-মূল অন্তৰ্ভুক্ত কৰা, শাৰীৰিক পৰিশ্ৰম কৰা, সময়ে সময়ে ৰক্তচাপ, তেজত থকা গ্লুকজ,  কলেষ্টেৰল আদি পৰীক্ষা কৰোৱা আদিৰ দ্বাৰা হৃদৰোগক নিয়ন্ত্ৰণত ৰাখিব পাৰি৷

কিন্তু হৃদৰোগ বাঢ়ি যোৱাৰ সামাজিক তথা আৰ্থ-সামাজিক কাৰণবোৰলৈয়ো আমি এবাৰ চকু দিয়া উচিত৷ এই কাৰণবোৰৰ ভিতৰত সামগ্ৰিকভাৱে জীৱন শৈলীৰ পৰিবৰ্তনৰ কথা আছে৷ তাৰ ভিতৰত আমি ঘাইকৈ খাদ্যৰ বিষয়েই আলোচনা কৰিম৷ বৰ খৰতকীয়াভাবে পৃথিৱীৰ মানুহৰ আহাৰৰ তালিকাখন সলনি হ’বলৈ লৈছে নেকি বাৰু?  কথাটোৰ উহ বিচাৰি আমি ১০০ বছৰমান পাচলৈ ঘূৰি যাওঁ আহক৷

উত্তমাশা অন্তৰীপ ইংৰাজসকলে অধিকাৰ কৰি লোৱাৰ পাছত তাত থকা ওলন্দাজ বা বোৱাৰসকলে নিজৰ ভেটি-মাটি এৰি এটা সময়ত অ’ৰেঞ্জ আৰু ভাল নদীৰ পাৰত দুখন ৰাজ্য স্থাপন কৰি স্বাধীনভাবে থাকিবলৈ লয়৷ পিছলৈ ভাল নদীৰ পাৰৰ ট্ৰান্সভালত সোণ আৰু হীৰাৰ খনি আবিষ্কাৰ হ’ল৷ সাম্ৰাজ্যবাদী ইংৰাজসকলে সেই ঠাইও অধিকাৰ কৰাৰ চেষ্টা কৰিলে৷ কিন্তু ১৮৮৪ৰ পৰা ১৯০১ চনৰ ভিতৰত ইংৰাজসকল কেইবালানিও যুদ্ধত বোৱাৰসকলৰ লগত বৰ বেয়াকৈ পৰাস্ত হয়৷ এই শোচনীয় পৰাজয়ে ইংৰাজসকলক চিন্তিত কৰি তুলিলে৷ তেওঁলোকৰ শক্তিশালী সাম্ৰাজ্যখন তিষ্টি থাকিবগৈ নে?  তেওঁলোকে অনুভৱ কৰিলে তেওঁলোকৰ সৈন্যদলৰ আগৰ শৌৰ্য-বীৰ্য যেন নোহোৱা হৈ আহিছে৷ ১৮৫০ৰ সেই ১.৮ মিটাৰ উচ্চতাৰ হৃষ্ট-পুষ্ট সৈনিকবোৰৰ তুলনাত মাত্ৰ ১.৫ মিটাৰ ওখ, শেঁতা পৰা মুখেৰে এইসকল যেন একো একোজন নিস্তেজ কিশোৰহে ! নব্য স্কটলেণ্ডৰ মহানগৰীৰ শ্ৰমিক শ্ৰেণীৰ দ্ৰুত বংশবৃদ্ধিৰে সৃষ্ট সৈন্য দল যেন পূৰ্বৰ অভিজাত ইংৰাজ সৈন্যতকৈ বংশগতভাবেই দুৰ্বল এই ধাৰণা শিপাবলৈ ধৰিলে৷

তেনেতে ফ্ৰেডাৰিক গৌলেণ্ড হপকিন্সে (Fredarik Gowland Hopkins, ১৮৬১-১৯৪৭) ট্ৰিপট’ফেন নামৰ এমিন’ এচিড আৰু ভিটামিনৰ আবিষ্কাৰ কৰে৷ বৈজ্ঞানিক পৰীক্ষাৰ দ্বাৰা তেওঁলোকে দেখুৱালে যে অতিৰিক্ত গাখীৰ,মাখন আৰু চেনি খোৱা শিশুসকলৰ ওজন আৰু উচ্চতা দুয়োটাই বৃদ্ধি পায়৷ আন এজন বিখ্যাত পুষ্টি বিজ্ঞানী বইড অৰেও(Boyd Orr, ১৮৮০- ১৯৭১) কাৰ্নেজীৰ জৰীপ ভিত্তিক পৰীক্ষাৰ( Carnegie Survey) দ্বাৰা দেখুৱালে যে উপযুক্ত খাদ্যৰ অভাৱত ভোগা দুখীয়া শ্ৰেণীৰ শিশুসকল ক্ষীণ, চাপৰ আৰু ৰক্তহীন হয়৷ বৃটিছ প্ৰশাসনৰ দৃষ্টি ঘূৰিল৷ বংশগতিৰ অমোঘ নিয়ম নহয় ! সৈন্যদলৰ শক্তি ঘূৰাই আনিব পৰা যাব ! ই যে হাতৰ মুঠিত !

সেয়া দ্বিতীয় মহাসমৰৰ আৰম্ভণি সময়ৰ কথা৷ ইংৰাজৰ খাদ্য ভৰ্তি বহুকেইখন জাহাজ জাৰ্মানসকলে ধ্বংস কৰিছিল৷ অনিয়মীয়া খাদ্যৰ যোগানৰ বাবেই ইংৰাজসকল যদি পৰাস্ত হয়? এই আশংকাৰ বাবেই খাদ্যৰ যোগানৰ ওপৰত বিশেষভাবে চকু দিয়া হ’ল৷ বৃটিছ প্ৰধান মন্ত্ৰী উইনষ্টন চাৰ্চিলে বইড অ’ৰৰ কাৰ্নেজী জৰীপ পৰীক্ষাৰ কথা মনত ৰাখি গৰ্ভৱতী আৰু প্ৰসূতি তথা শিশুসকলক অতিৰিক্ত গাখীৰ, কমলাৰ ৰস, কডলিভাৰ তেল আদিৰ যোগান সুনিশ্চিত কৰিলে৷ এনেদৰে জাতিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ স্বাৰ্থতে পুষ্টি সম্পৰ্কীয় পৰীক্ষা-নিৰীক্ষা তথা গৱেষণাবোৰে আগস্থান পাবলৈ ধৰিলে৷

যি কাৰণতেই নহওক,অৱশেষত ইংৰাজ সাম্ৰাজ্যৰ অস্তিত্ব ৰক্ষা পৰিল৷ ভিটামিনৰ আবিষ্কাৰক হপকিন্সলৈ ১৯২৯ চনত আৰু পৰিপুষ্টি সম্পৰ্কীয় গৱেষণাৰ বাবে বইড অ’ৰলৈ ১৯৪৯ চনত আগবঢ়োৱা হ’ল সন্মানিত ন’বেল পুৰস্কাৰ৷ গাখীৰ, মাখন, মাংস আৰু কণীয়ে যে মানৱ শৰীৰক সমৃদ্ধিশালী কৰে, সেই কথাত বিশ্ববাসী পতিয়ন গ’ল৷ প্ৰয়োজনীয় প্ৰ’টিন, শক্তি, ভিটামিন আৰু খনিজ লৱণৰ উৎস হিচাবে এইবোৰৰ উৎপাদন বৃদ্ধিত প্ৰচুৰ গুৰুত্ব দিয়া হ’ল৷ জাতীয় নিৰাপত্তাৰ স্বাৰ্থতে এইবোৰৰ উৎপাদন বৃদ্ধিৰ বাবে বিভিন্ন প্ৰকল্প হাতত লোৱা হ’ল৷ ইউৰোপীয় সাধাৰণ কৃষি নীতিয়ে এইটো নিশ্চিত কৰিলে যাতে কৃষকসকলে প্ৰচুৰ পৰিমাণে এইবোৰৰ উৎপাদনত গুৰুত্ব দিয়ে৷ ফলস্বৰূপে গাখীৰ, মাংস, মাখন আৰু পৰিশোধিত চেনি(Purified sugar) – যিবোৰ এটা সময়ত অধিকাংশ লোকৰ বাবেই বিলাসী খাদ্যৰূপে পৰিগণিত হৈছিল, সেইবোৰ সৰ্বসাধাৰণৰ বাবেও সহজলভ্য হৈ পৰিল৷ আগেয়ে বিভিন্ন প্ৰকাৰৰ প্ৰাচুৰ্যময় কে’ক,বিস্কুট, মিঠাই, ট্ৰিফ’লছ আদি বছেৰেকৰ মূৰত হয়তো এদিন পাইছিল – জন্মদিনৰ দিনা৷ সেইবোৰ এতিয়া সাপ্তাহিক বা দৈনিক তালিকাত অন্তৰ্ভুক্ত হ’ল৷ ইতিমধ্যে প্ৰচুৰ পৰিমানে উৎপাদিত প্ৰাণীজ খাদ্যৰ ভিত্তিত বহু উদ্যোগো গঢ় লৈ উঠিছিল৷ এই উদ্যোগবোৰ আৰু লগতে পৰিপুষ্টি বিজ্ঞানীৰ যৌথ আহ্বানক সঁহাৰি জনাই সকলো লোকেই নতুনকৈ উৎপাদিত শক্তিঘন,  মুখৰোচক খাদ্যবোৰ অতি আগ্ৰহেৰে আদৰি লৈছিল৷ খাদ্য তালিকালৈ অহা এনে আকস্মিক পৰিবৰ্তনে লাহে লাহে হৃদৰোগক আমন্ত্ৰণ জনালে৷ আৰু দেখা গ’ল ১৯৫০ৰ দশকৰ পৰা পশ্চিমীয়া দেশবোৰত মহাঘাতকৰ ৰূপত অৱতীৰ্ণ হ’ল হৃদৰোগ৷ ইতিমধ্যেই খাদ্য উদ্যোগবোৰৰ শক্তিও প্ৰচুৰ পৰিমানে বাঢ়ি গৈছিল৷ ইউৰোপীয় বাণিজ্যৰ এক শকত অংশৰ ৰাজহ দেশে লাভ কৰিছিল কেৱল খাদ্য উদ্যোগবোৰৰ পৰাই৷

তাৰ পিছৰ কাহিনী আমাৰ অতিকে চিনাকি৷ আমি জানো কেনেকৈ ঔপনিবেশিক শাসনৰ হাত ধৰি আমাৰ দেশতো এই খাদ্যাভ্যাসবোৰ এখোজ-দুখোজকৈ সাধাৰণ মানুহৰ মাজলৈও সোমাই আহিছিল৷ কেনেকৈ এইবোৰৰ গতিবেগ অধিক তৰান্বিত হৈছিল পাছৰ কাল চোৱাত৷ মুক্ত বাণিজ্যৰ ৰঙা দলিচাৰে এই পশ্চিমীয়া দেশৰ খাদ্য উদ্যোগবোৰ সোমাই পৰিছিলহি আমাৰ দৰে দুখীয়া দেশবোৰতো৷

খাদ্যাভ্যাসৰ পৰিবৰ্তন হ’ল, জীৱনশৈলীৰ পৰিৱৰ্তন হ’ল৷ লগে লগে হৃদৰোগ, উচ্চ-ৰক্তচাপ, মেদবহুলতা,  মধুমেহ আদি জীৱনশৈলীজাত ৰোগেও জুমুৰি দি ধৰিলেহি দুখীয়া দেশৰ নাগৰিকসকলক৷ অপুষ্টিৰ পূৰ্বৰ সমস্যাবোৰ যেনে প্ৰ’টিন-কেল’ৰীৰ অভাৱ, ৰক্তহীনতা,  ভিটামিন এ’ৰ অভাৱত হোৱা দৃষ্টিহীনতা সেইবোৰৰ লগত নতুনকৈ যোগ হ’ল এই অতিপুষ্টিৰ সমস্যাবোৰ৷ এইদৰে একেখন দেশতে একে সময়তে দুয়োটা সমস্যা বৰ্তি থকা পৰিৱেশটোক পৰিপুষ্টি বিজ্ঞানৰ ভাষাত কোৱা হয় অপুষ্টিৰ দ্বিগুণ বোজা (Double burden of mal-nutrition)৷

বজাৰ অৰ্থনীতিত মানুহৰ স্বাস্থ্যতকৈ ডাঙৰ কথা মুনাফা৷ গতিকে মুনাফাৰ বাবে খাদ্য উদ্যোগবোৰে এনে কিছুমান কাৰ্য-কৌশলৰ আশ্ৰয় ললে যাতে তেওঁলোকেই গ্ৰাহকৰ খাদ্যাভ্যাস সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে৷ খাদ্য উদ্যোগবোৰে গ্ৰহণ কৰা তেনে পোন্ধৰতা কাৰ্য-কৌশলৰ ভিতৰত মাত্ৰ দুটামান উদাহৰণ দিলেই কথাটো ঠাৱৰ কৰিব পৰা যায় (উৎস: Fifteen strategies to improve profitability in the food industry, Essentials of human nutrition, OXFORD, p-257)৷ তেনেকুৱা দুটামান কাৰ্য-কৌশল এনেকুৱা -

  • খাদ্য-সামগ্ৰী এবিধ প্ৰস্তুত কৰোঁতে এই কথা নিশ্চিত কৰা যাতে সি জিভাৰ প্ৰাথমিক স্বাদ-কণিকাবোৰৰ ওপৰত সৰ্বাধিক প্ৰভাৱ পেলায়৷ তাৰ বাবে খাদ্যবিধৰ পৰা আন উপাদান কমাই যথেষ্ট পৰিমানে চৰ্বি, চেনি আৰু নিমখযুক্ত কৰি তোলা৷
  • খাদ্য বা পানীয় এবিধত থকা হাজাৰবিধ সোৱাদকণাক চিনাক্ত কৰিবলৈ নতুন সোৱাদ বিশেষজ্ঞক নিয়োগ কৰা আৰু আণৱিক পৰ্যায়ৰ পৰীক্ষাৰ দ্বাৰা ঠিক কোনটো সোৱাদে মগজুৰ স্বাদানুভূতিৰ অংশটোক সক্ৰিয় কৰি তোলে তাক নিৰ্ণয় কৰা৷ লগতে এই বিশেষ সোৱাদবোৰৰ সতে জীনীয় বৈচিত্ৰতা বা লিংগজনীত প্ৰভেদ আছে নেকি সেইবোৰৰ পৰীক্ষা-নিৰীক্ষা চলাই তাক খাদ্য প্ৰস্তুতকৰণৰ ক্ষেত্ৰত প্ৰয়োগ কৰা৷
  • কৃষকক দিব লগা মূল্য হ্ৰাস কৰা৷
  • প্ৰচাৰ মাধ্যমৰ সতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিব পৰা পুষ্টি বিশেষজ্ঞৰ দ্বাৰা অহৰহ ব্যক্তিগত ৰুচিৰ খাদ্যৰ আনন্দ আদিৰ বিষয়ে প্ৰচাৰ কৰা৷
  • নতুন ধাৰাৰ বিৰোধিতা কৰা বা সমালোচনা কৰা ব্যক্তি বা বিষয়ক লক্ষ্য ৰখা৷

নকলেও হ’ব যে এই সকলো কাৰ্যপন্থা খাদ্য উদ্যোগবোৰে অতি নিষ্ঠাৰে পালন কৰি আহিছে আৰু সেইবাবে আশাতীতভাৱে মুনাফা লাভো কৰিছে৷ আন নালাগে কেৱল খাদ্যৰ বিজ্ঞাপনৰ বাবতেই পৃথিৱী ব্যাপি খৰচ হোৱা ধনৰ পৰিমাণ ৪০বিলিয়ন ডলাৰ৷ এই ধন পৃথিৱীৰ ৭০ শতাংশ দেশৰেই মুঠ আয়তকৈ অধিক৷ চৰকাৰসমূহে জনসাধাৰণৰ পৰিপুষ্টিৰ উন্নয়নৰ বাবে যিমান ধন ধাৰ্য কৰে, তাতকৈ ৫০০ গুণে বেছি ধন খাদ্য উদ্যোগবোৰে ব্যয় কৰে গ্ৰাহকৰ বাবে শক্তিঘন পশ্চিমীয়া খাদ্য উৎপাদনত৷

এতেকে এই কথা খুব স্পষ্টকৈ ক’ব পাৰি যে পুঁজিবাদী উন্নয়নৰ অৱধাৰিত অভিশাপৰূপেই হৃদৰোগৰ প্ৰাদুৰ্ভাৱ ইমান বাঢ়ি গৈছে৷ কেৱল হৃদৰোগেই নহয় জীৱনশৈলীজাত আন কিছুমান ৰোগেও একেদৰেই নাগৰিকক জুৰুলা কৰিছেহি৷ উদাহৰণস্বৰূপে ১৯৪৮ চনত ভাৰতৰ মধুমেহ ৰোগীৰ সংখ্যা আছিল ৩০ নিযুত৷ সেই সংখ্যা বাঢ়ি ২০১০ চনত হ’লগৈ ৫০.৮ নিযুত৷

বিজ্ঞানৰ অন্বেষণ কেতিয়াও স্থবিৰ নহয়৷ এটা সময়ত পৰিপুষ্টি বিজ্ঞানে এই কথাও প্ৰমাণ কৰিলে যে সংপৃক্ত চৰ্বিযুক্ত খাদ্যৰ পৰিমাণৰ সতে হৃদৰোগৰ এটা প্ৰত্যক্ষ সম্পৰ্ক আছে৷ ১৯৫৮ চনৰ পৰা ৫০ বছৰৰো ওপৰ কাল কেইজ (Ancel Keys)  নামৰ বিজ্ঞানীজন আৰু তেওঁৰ সহ বিজ্ঞানীসকলে চলোৱা পৰীক্ষাৰ দ্বাৰা এই কথাটো দৃঢ়ভাৱে প্ৰমাণিত হ’ল৷

এইবাৰ খাদ্য উদ্যোগবোৰে এই নতুন তথ্যও কামত লগোৱাৰ চেষ্টা কৰিলে৷ ব্যক্তিগত কোম্পানীৰ অধীনৰ খাদ্য উদ্যোগবোৰ গ্ৰাহকৰ হৃৎপিণ্ডৰ সুস্থতাকলৈ বৰ চিন্তিত হৈ পৰিল ! দেখা গ’ল ২০০৬ চনৰ পৰা ২০১০ চনৰ ভিতৰত বজাৰত কম চৰ্বি, কম চেনিযুক্ত (low fat, low calorie ) সামগ্ৰীৰ ঔদ্যোগিক উৎপাদন প্ৰচুৰ পৰিমানে বাঢ়ি গ’ল৷ ২০০৬ত এই উৎপাদন আছিল ৩.৮৪ বিলিয়ন পাউণ্ড, ২০১০ত হ’লগৈ৫.৩৩ বিলিয়ন পাউণ্ড৷

এনেকুৱা অৱস্থাত সহজেই অনুমান কৰিব পাৰি যে হৃদৰোগৰ প্ৰাদুৰ্ভাৱৰ সতে ওতপ্ৰোতভাৱে ৰাজনীতি জড়িত হৈ আছে৷ সেয়েহে ইয়াক নিৰ্মূলকৰণৰ প্ৰশ্নটোতো ৰাজনীতিক এৰাই চলিব পৰা নাযায়৷ গ্ৰাহকৰ হৃৎপিণ্ডৰ চাবি-কাঠী যেতিয়ালৈকে ব্যক্তিগত কোম্পানীৰ হাতত থাকিব তেতিয়ালৈকে সুস্থ হৃৎপিণ্ডৰ স্পন্দন প্ৰকৃতাৰ্থত দুৰুহ হৈয়েই থাকিব৷

প্ৰসঙ্গ পুথি :

  • Phil James and Neville Rigby “The challenge of the chronic disease epidemic for science and society” in ‘Essentials of human nutrition’. Oxford. Third Edition.
  • WHO (2003) Diet, nutrition and the prevention of chronic disease. Report of a Joint WHO/ FAO Expert Consultation. WHO Technical Report Series No. 916.

লিখক: বৰ্ণালী বৰুৱা

2.82352941176
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top