মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ৪০ বছৰ পাছত কেনেকৈ ফিট হৈ থাকিব
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

৪০ বছৰ পাছত কেনেকৈ ফিট হৈ থাকিব

 

দেখা যায় যে ৪০ বছৰ বয়সৰ পিছত নাৰীৰ দেহত বেমাৰৰ আক্ৰমণ বৃদ্ধি পায়।আপুনি শাৰীৰিকভাৱে নিজকে সম্পুৰ্ণ ফিট বুলি ভাবিলেও নিজৰ শৰীৰটো পৰীক্ষা কৰোৱাটো অতিকৈ গুৰুত্বপুৰ্ণ ।চিকিৎসকৰ পৰামৰ্শ লৈ নিজৰ থকা খোৱাতো কিছু পৰিৱৰ্তন অনাটো জৰুৰী।এই বয়সত হ’ব পৰা সমস্যা:

ওজন বঢ়া:

৪০ ৰ ডেওনাত ভৰি থোৱাৰ লগে লগে মহিলা এগৰাকীৰ শৰীৰত যথেষ্ট পৰিৱৰ্তন আহে।মেনোপ’জৰ পিছত কিছুমান সমস্যা যেনে সহজে বিৰক্ত হোৱা,খিংখিঙীয়া স্বভাৱ,ওজন বঢ়া তথা ঘনকৈ আহাৰ গ্ৰহণৰ ইচ্ছা হ’ব পাৰে।অৱশ্যে সকলো মহিলাৰ এই সমস্যা নহয়।

ডায়েট:

এনেক্ষেত্ৰত আহাৰত প্ৰ’টিন,ফাইবাৰ,এণ্টি অক্সিডেণ্টযুক্ত কৰিব লাগে।স্বাভাৱিক তেলযুক্ত মগু,অখৰোট আদি খাব লাগে আৰু ডায়বেটিছ নিয়ন্ত্ৰণত ৰাখক।

ফিটনেছ:

এক গৱেষণা অনুযায়ী,যোগাসনে ৰক্তচাপৰ সমস্যা হ্ৰাস কৰে।যোগাসন কৰিব নোৱাৰিলে ৪৫ মিনিট পুৱা খোজ কাঢ়ক।খোজ কাঢ়োঁতে প্ৰথম দহ মিনিট স্বাভাৱিক গতিত খোজ কাঢ়িব আৰু পিছত ২০ মিনিট খৰকৈ খোজ কাঢ়িব আৰু পিছৰ ১০ মিনিট মধ্যমীয়া গতিত খোজ কাঢ়িব।প্ৰত্যেক দিনাই পুৱা খোজ কাঢ়িব অন্যথা নিশাৰ আহাৰৰ ১ ঘণ্টাৰ পাছত খোজ কাঢ়িব।

কলেষ্টেৰল:

 

এই বয়সত ৰক্তচাপৰ লগতে কলেষ্টেৰলৰ সমস্যাই নাৰীসকলক আমনি কৰে।৪০ তকৈ অধিক বয়সৰ নাৰীয়ে প্ৰত্যেক ৫ বছৰৰ মুৰে মুৰে কলেষ্টেৰল পৰীক্ষা কৰাব লাগে।গৱেষণাত প্ৰকাশ যে কেতিয়াবা টাইপ-১ ডায়বেটিছত ভোগা মহিলাৰ হৃদৰোগৰ কাৰণ হ’ব পাৰে।

ডায়েট:

 

উচ্চ ফাইবাৰযুক্ত খাদ্য যেনে-ডালিয়া,ঘেঁহু,ফল আৰু শাক পাচলি আদি খাব লাগে।

ফিটনেছ:

 

সপ্তাহত পাঁচ দিন ৩০ ৰ পৰা ৪০ মিনিট এৰ’বিক ব্যায়াম কৰাৰ লগতে লিপিড প্ৰফাইলত গুৰুত্ব দিব লাগে।

ডায়েবেটিছ:

 

ডায়বেটিছ এক গভীৰ শাৰীৰিক সমস্যা।প্ৰাৰম্ভিক অৱস্থাতে ইয়াক ধৰা পেলাব পাৰিলে ইয়াক নিয়ন্ত্ৰণ কৰাটোও সহজ হৈ পৰে।সঠিক সময়ত ধৰা পেলাব নোৱাৰিলে মহিলাৰ হৃদৰোগ কিডনী বা চকু সম্বন্ধীয় সমস্যাৰ আশংকা বৃদ্ধি পায়।সেয়েহে মহিলাসকলে বছৰত অন্তত এবাৰ স্বাস্থ্য পৰীক্ষা কৰাব লাগে।

ডায়েট:

 

ডায়েবেটিছত ফাইবাৰ বা আঁহযুক্ত খাদ্যই যথেষ্ট সুফল দিয়ে।সেয়ে ঘেঁহু,ব্ৰাউন ৰাইচ,ঘেঁহুৰ ব্ৰেড আদি খাব লাগে।লগতে সজীৱ ফল আৰু পাচলি খাব।লগতে যথেষ্ট পৰিমাণৰ পানী খাব।

ফিটনেছ:

ব্যায়ামৰ ফলত শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি হয়।ডায়বেটিছ ৰোগীৰ কাৰণে ভিন্ন ভিন্ন ব্যায়াম থাকে।প্ৰত্যেকদিনাই একেধৰণে ব্যায়াম নকৰিব।সপ্তাহত অন্তত:১৬০ মিনিট ব্যায়াম কৰিব।মেনোপ’জৰ পিছত ডিপ্ৰেছন,ওজন বঢ়া আদি সাধাৰণ কথা হৈ পৰিছে।এই সমস্যাৰ পৰা হাত সাৰিবলৈ খাদ্যৰ প্ৰতি মনোযোগ দিব।

লেখিকা:ডা: মেঘা জৈন (দেওবৰীয়া সুকন্যা)

 

2.91176470588
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top