অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

৬০ৰ পাছৰ স্বাস্থ্য :

৬০ৰ পাছৰ স্বাস্থ্যৰ বিষয়ে লিখা হৈছে ।

জন্ম-মৃত্যুৰ দৰেই প্ৰাপ্তবয়স্কতাও এক চিৰন্তন সত্য। বয়স বাঢ়ি যোৱাৰ লগে লগেই এজন মানুহৰ নিজকে বিভিন্ন পৰিৱেশৰ লগত খাপ খুৱাব পৰা ক্ষমতা লাহে লাহে কমি আহিবলৈ ধৰে। ইয়াৰ অস্বীকাৰ নকৰি সহজভাৱে গ্ৰহণ কৰাটোৱেই আমাৰ কৰ্তব্য হোৱা উচিত।

ডেকা বয়সত সম্পূৰ্ণ নিৰোগী জীৱন কটোৱাৰ পিছত বয়সৰ প্ৰভাৱত শৰীৰ পৰিৱৰ্তনসমূহক বাধা দি ৰাখিব নোৱাৰি, কিন্তু সজাগ আৰু সতৰ্ক হৈ থাকিলে এই পৰিৱৰ্তনৰ পৰা হোৱা ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি অথবা সচিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।

আজিকালি উন্নতমানৰ চিকিৎসাৰ যোগেদি আমাৰ দেশত মৃত্যুৰ হাৰ যথেষ্টখিনি কমিছে। সেয়েহে বয়সস্থ লোকৰ সংখ্যা বাঢ়ি যোৱা দেখা গৈছে।

বয়সস্থ মানুহ বুলিলে আমাৰ দেশত ৬০ বছৰ বয়সৰ ওপৰৰ মানুহকে বুজো। আমাৰ দেশত বৰ্তমান মুঠ জনসংখ্যাৰ শতকৰা ৭ জনেই বয়সস্থ লোক।

ইয়াৰ উপৰি ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তৰ বয়সস্থ লোকৰ বাসস্থান। আমি যদি অসমৰ কথা কওঁ, তেতিয়া হ’লে দেখিবলৈ পাম যে অসমত ৬০ বছৰ বা তাৰ ওপৰৰ বয়সৰ মানুহৰ সংখ্যা ১১ লাখ। এই বয়সস্থ কালছোৱা সুখেৰে বা আনন্দপূৰ্ণভাৱে কটাবলৈ হ’লে কিছুমান নিয়ম পালন কৰা নিতান্তই প্ৰয়োজন।

এইবিলাকৰ ভিতৰত-

  • পুষ্টিকৰ আহাৰ,
  • শাৰীৰিক ব্যায়াম, যেনে- খোজকঢ়া, চাইকেল চলোৱা আদি।
  • ইতিবাচক চিন্তা,
  • পৰিস্কাক-পৰিচ্ছন্নতা,
  • বিশুদ্ধ পানী খোৱা,
  • মদ্যপান-ধূমপান আদি বৰ্জন কৰা,
  • স্বামী-স্ত্ৰী তথা ল’ৰা-ছোৱালী বা পৰিয়ালৰ আন সদস্যসকলৰ লগত সৌহাৰ্দ্যপূৰ্ণ সম্পূৰ্ণ,
  • ওচৰ-চুবুৰীয়াৰ লগত মিলা-প্ৰীতি,
  • আৰ্থিক স্বাৱলম্বন,
  • আধ্যাত্মিক চিন্তা-চৰ্চা ইত্যাদি।

বয়স বাঢ়ি যোৱাৰ লগে লগেই কিছুমান দীঘলীয়া আৰু বিপজ্জ্বনক ৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। এনে ৰোগে এজন বয়সস্থ লোকক পংগু কৰাৰ লগতে পৰিয়ালৰ লোকসকলকো যথেষ্টখিনি দুখ দিয়াৰ উপৰি পৰিয়ালটোত এক অনাকাংক্ষিত সমস্যাৰ সৃষ্টি কৰা দেখা যায়।

বয়স বঢ়াৰ লগে লগে বিভিন্ন ধৰণৰ অসুখে মানুহজনক জুমুৰি দি ধৰে যদিও ই সকলো বয়সস্থ মানুহৰ ক্ষেত্ৰতে হয় বুলি ক’লে ভুল কৰা হ’ব। এই অসুখসমূহৰ ভিতৰত-

  • উচ্চ ৰক্তচাপ,
  • মধুমেহ,
  • গাঁঠিৰ বিষ,
  • কঁকালৰ বিষ,
  • কফজনিত বা শ্বাস-প্ৰশ্বাসজনিত সমস্যা,
  • হৃদৰোগ,
  • একাংগী,
  • প্ৰস্ৰাৱৰ সমস্যা(প্ৰষ্টেট গ্ৰন্থিৰ ৰোগ),
  • স্নায়ুজনিত ৰোগ,
  • শ্ৰৱণ শক্তি কমা,
  • চকুৰ বিভিন্ন ৰোগ,
  • দাঁতৰ সমস্যা,
  • কথা পাহৰা আৰু বিভিন্ন আঘাতজনিত সমস্যা আদিয়েই প্ৰধান।

আমি দেখিবলৈ পাওঁ যে একোজন বয়সস্থ মানুহে কেইবাবিধো ঔষধ সেৱন কৰিবলগীয়া হয়। যাৰ বাবে ঔষধৰ পাশ্বক্ৰিয়া হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

গতিকে ঔষধৰ মাত্ৰা নিৰূপণত সাৱধান হোৱা ভাল আৰু এটা কথা মনত কথা উচিত যে বয়সস্থ মানুহৰ লগত নিমিলে।

যেনে- এই বয়সত যদি কাহ-কফ হয়, তেতিয়া ইয়াৰ পৰা সংক্ৰমণ হৈ আন আন অংগ প্ৰত্যংগতো ইয়াৰ প্ৰভাৱ অকামিলা হ’ব পাৰে আৰু নানান উপসৰ্গই দেখা দিয়াৰ লগতে কেইবাটাও অসুখ একেলগে হ’ব পাৰে।

গতিকে এজন বয়সস্থ লোকৰ প্ৰতি চিকিৎসকৰো মনোভাৱ অলপ সুকীয়া হোৱা প্ৰয়োজন। তেওঁলোকক সদায়েই এজন সন্মানীয়, জ্ঞানী তথা নানা অভিজ্ঞতাৰে পৰিপূৰ্ণ ব্যক্তি বুলি ভাবি তেওঁলোকৰ কথা ধৈৰ্য্যৰে শুনাৰ লগতে মানুহজনৰ শ্ৰৱণ শক্তি ঠিকেই আছেনে নাই সেইটোও জানিব লাগে।

প্ৰকৃততে মানুহ এজন কিমান দিন জীয়াই থাকিব, সেই কথা নিৰ্ভৰ কৰে প্ৰধানকৈ তিনিটা কথাৰ ওপৰত।

  • প্ৰথম, মানুহজনৰ শৰীৰত জিনৰ প্ৰভাৱ।
  • দ্বিতীয়তে, তেওঁৰ জীৱন শৈলী অৰ্থাৎ কেনে খাদ্য গ্ৰহণ কৰে আৰু কেনেদৰে জীৱন-যাপন কৰে তাৰ ওপৰত।
  • তৃতীয়তে, জীৱনত কেনে ধৰণৰ মানসিক চাপ বা উদ্বিগ্নতাৰ সন্মুখীন হৈছে, তাৰ ওপৰত।

লিড ব’ৰড নামৰ এজনে ‘ৰিটায়াৰমেন্ট’ নামৰ এখন আলোচনীত লিখিছে- The satisfaction derived from work contributes to longevity. People who are satisfied with their work normally have much better. অৰ্থাৎ কৰ্মৰ সন্তোষে দীৰ্ঘায়ু কৰে। যি নিজৰ কৰ্মত আত্মতুষ্টি লাভ কৰে তেঁৱেই সুন্দৰ স্বাস্থ্য পাব পাৰে।

অৱশ্যে এজন মানুহে সুন্দৰ জীৱ-যাপন কৰিলেও জিনৰ প্ৰভাৱত ৰোগাক্ৰান্ত হৈ সোনকালে মৃত্যু মুখত পৰিব পাৰে।

আনহাতে, চিকিৎসা বিজ্ঞানৰ পিতৃ হিপ’ক্ৰেটিছে কৈ থৈ গৈছে যে আমাৰ নখাদ্যই আমাৰ জীৱনৰ মহৌষধ আৰু সুদীৰ্ঘ জীৱনৰ মূলমন্ত্ৰ হ’ল দেহৰ প্ৰয়োজন মতে খাদ্য গ্ৰহণ কৰা।

বয়সস্থ মানুহৰ ক্ষেত্ৰত দেখা দিয়া এটা অন্যতম সমস্যা হ’ল পৰি যোৱা আৰু পৰি বিভিন্ন ধৰণৰ দুখ পোৱাৰ সমস্যা। শতকৰা ৩০ জনেই বছৰেকত এবাৰ নহয় এবাৰ পৰে।

পৰাৰ কাৰণসমূহ হ’ল-

  • দুৰ্ঘটনা,
  • মূৰ ঘূৰাই পৰা,
  • স্নায়ুৰ ৰোগৰ বাবে,
  • চকুৰ দৃষ্টিশক্তি কমাৰ বাবে,
  • খাই থকা কিছুমান ঔষধৰ বাবে ইত্যাদি।

এই বয়সত মানুহৰ হাড়বোৰো ঠুনুকা হয়। বিশেষকৈ মহিলাৰ ক্ষেত্ৰত অধিক ঠুনুকা হোৱা দেখা যায় আৰু সেই কাৰণেই পৰিলেই তপিনাৰ হাড় ভগা, ভৰিৰ হাড় ভগা আদি সঘনাই দেখিবলৈ পোৱা যায়। গতিকে সাৱধান হোৱাৰ বাহিৰে ইয়াক প্ৰতিৰোধ কৰাৰ অন্য উপায় নাই।

বহুতো বয়সস্থ মানুহৰ ক্ষেত্ৰত বিছনাত অনবৰতে পৰি থকা বা চকীত অনবৰত বহি থাকিব লগীয়া অৱস্থা প্ৰায়েই দেখা যায়। কিছুমানৰ ক্ষেত্ৰত শাৰীৰিক চাল-চলনৰ ক্ষমতা একেবাৰে কমি যোৱা দেখা যায়।

ইয়াৰ কাৰণ হ’ল-

  • শৰীৰৰ ওজন বেছি হোৱা,
  • শাৰীৰিক দুৰ্বলতা,
  • ৰক্তহীনতা,
  • পুষ্টিহীনতা,
  • কঁকালৰ বিষ,
  • গাঁঠিৰ বিষ,
  • শৰীৰৰ এটা ফাল অকামিলা হোৱা বা মনৰ ভয় আদি প্ৰধান।

বিছনাত পৰি থকাৰ ফলত শৰীৰৰ তেজ চলাচল বাধাগ্ৰস্থ হয়। যাৰ কাৰণে হাওঁফাওঁ বা ভৰিৰ সিৰাত তেজ গোট মাৰিব পাৰে। শৰীৰৰ মঙহবোৰৰ আয়তনো কমি যাব পাৰে।

ইয়াৰ প্ৰতিকাৰ হিচাপে দৈনিক অলপ হ’লেও শৰীৰৰ বিভিন্ন অংগসমূহ লৰচৰ কৰি থাকিব লাগে। লাহে লাহে খোজ কাঢ়িবলৈ যত্ন কৰিব লাগে আৰু প্ৰয়োজন সাপেক্ষে আনৰ সহায় ল’ব লাগে।

ব্যৱহাৰৰ অভাৱত মানুহৰ যিটো বস্তু আটাইতকৈ দ্ৰুতগতিত অকামিলা হয়, সেইটো হ’ল মানুহৰ মন। কিন্তু মানসিকভাৱে সদায় সক্ৰিয় জীৱন-যাপন কৰা বহুতো মানুহৰ জীৱন ধাৰা বিশ্লেষণ কৰি দেখা গৈছে যে মানুহৰ নতুন নতুন কথা শিকাৰ ক্ষমতা অতি বৃদ্ধ বয়সলৈকে অক্ষুণ্ণ থাকে।

শিকাৰ ক্ষমতা হ্ৰাস পালেও নিজৰ বিচাৰ তথা চিন্তা কৰাৰ ক্ষমতা বৃদ্ধি কৰিবলৈ যত্ন কৰি থাকে, তেন্তে মনৰ সেই শক্তিয়ে বহু পৰিমাণে শাৰীৰিক অক্ষমতাৰ ক্ষতিপূৰণ কৰিব পাৰে।

আমি প্ৰায়েই দেখিবলৈ পাওঁ যে বয়সস্থ মানুহে কথা পাহৰিবলৈ লয়। বয়সৰ প্ৰভাৱত আমাৰ মগজুত কিছুমান পৰিৱৰ্তন হয়। যাৰ ফলত স্মৃতিশক্তি হ্ৰাস পায়। বহুতৰে ক্ষেত্ৰত পুৰণি কথাবোৰ মনত নাথাকে।

ফলত সময়ৰ খাদ্য সময়ত খালেনে নাই মনত নাথাকিলেও সৰু কালৰ কথাবোৰ কিন্তু মনত থাকে। মানুহৰ নামবোৰো সঘনাই পাহৰা দেখিবলৈ পোৱা যায়। ৮৫ বছৰ বয়সৰ লোকৰ ৩০ৰ পৰা ৫০ শতাংশৰ ক্ষেত্ৰত এনে হোৱা দেখা যায়।

এই অৱস্থাৰ বাবে ২/৩ ভাগৰ ক্ষেত্ৰত এলজেইমাৰ্ছ ৰোগ হোৱাৰ এক কাৰণ হ’ব পাৰে। বাকী তিনি ভাগৰ এভাগৰ কাৰণ তেজৰ বা সিৰাৰ অসুখ হ’ব পাৰে। এনে অৱস্থাত চিকিৎসকৰ পৰামৰ্শ ফল পাব পাৰি। এলজেইমাৰ্ছ ৰোগ পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায় আৰু পঢ়া-শুনা কমকৈ কৰা লোকৰ এই ৰোগ হোৱাৰ সম্ভাৱনা অধিক।

খাদ্য সংৰক্ষণ আৰু কৃষিৰ ক্ষেত্ৰত সাৰ হিচাপে ব্যৱহাৰ হোৱা নাইট্ৰেট, নাইট্ৰাইট আৰু নাইট্ৰ’চেমাইন আদিৰ লগতো এই ৰোগৰ সম্বন্ধ আছে বুলি কোৱা হৈছে। এলজেইমাৰ্ছ প্ৰতিৰোধৰ কাৰণে মনটো সকলো সময়তে সক্ৰিয় কৰি ৰাখিব লাগে। আলস্যপূৰ্ণ জীৱন-যাপন এৰাই চলিব লাগে আৰু নিজকে সদায় সৃষ্টিশীল কাম-কাজত, যেনে-

  • সংগীত চৰ্চা,
  • ফুলনি বা শাক-পাচলিৰ বাৰীত ব্যস্ত থকা,
  • গ্ৰন্থ অধ্যয়ন,
  • শব্দ-শৃংখল,
  • দবা খেল আদিত নিয়োজিত কৰিব পাৰিলে সুফল লাভ কৰিব পাৰি।

প্ৰস্ৰাৱৰ নিয়ন্ত্ৰণহীনতা বয়সস্থ লোকে সঘনাই সন্মুখীন হোৱা আন এক অতি অস্বস্তিকৰ স্বাস্থ্যজনিত সমস্যা। ব্যক্তিগত স্তৰত অসুবিধা হোৱা উপৰি পৰিয়ালত তথা সামাজিকভাৱেও ই আহুকালৰ সৃষ্টি কৰে।

  • মাংসপেশী আৰু স্নায়বিক দুৰ্বলতা,
  • মূত্ৰ তন্ত্ৰৰ সংক্ৰমণ,
  • চাপ বা বাধাজনিত নিয়ন্ত্ৰণহীনতা,
  • প্ৰষ্টেট নামৰ এক পুৰুষ গ্ৰন্থৰ আকাৰ বৃদ্ধি আদি বিভিন্ন কাৰণৰ বাবে এই প্ৰস্ৰাৱৰ নিয়ন্ত্ৰণহীনতা সঘনাই দেখা দিব পাৰে।

বয়সস্থ লোকৰ আন এটা প্ৰধান সমস্যা হ’ল চকুৰ বিভিন্ন অসুখ-

  • এই অসুখৰ ভিতৰত চকুৰ দৃষ্টি শক্তি হ্ৰাস পোৱা,
  • চকুৰ ছানি পৰা,
  • চকুৰ পৰা পানী ওলোৱা,
  • গ্লক’মা আদিয়েই প্ৰধান।

অৱশ্যে মধুমেহ আৰু উচ্চ ৰক্তচাপত ভোগাসকলৰ ‘ৰেটিনা’ৰ অসুখ হৈ চকুৰ দৃষ্টিশক্তি যথেষ্টখিনি হ্ৰাস পোৱাৰ লগতে অন্ধ হোৱাও দেখা যায়। গতিকে সময়ে সয়মে চকুৰোগ বিশেষজ্ঞৰ হতুৱাই চকু পৰীক্ষা কৰাটো অত্যন্ত জৰুৰী।

বয়সৰ লগে লগে শ্ৰৱণ শক্তিও হ্ৰাস পাব। কোনো ৰোগৰ দ্বাৰা আক্ৰান্ত নোহোৱাকৈও শ্ৰৱণ শক্তি হ্ৰাস পাব পাৰে। কিছুমান ঔষধ সেৱনৰ ফলতো শ্ৰৱণ শক্তি কমিব পাৰে। বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শমৰ্মে শ্ৰৱণ যন্ত্ৰ ব্যৱহাৰ কৰিও সুফল পাব পাৰি।

আঁঠুৰ বিষ আৰু শৰীৰৰ আন আন জোৰাবোৰৰ বিষ বা জঠৰ হোৱাটোও বয়সস্থ লোকৰ ক্ষেত্ৰত সঘনাই দেখা আন এটা সমস্যা।

ইয়াৰ ফলত চলা-ফুৰা কৰাত অসুবিধা হোৱাৰ লগতে এলাহ ভাবটোও বাঢ়ি যোৱা দেখিবলৈ পোৱা যায়। উপৰুক্ত খাদ্য, ঔষধ, ব্যায়াম আৰু ফিজিঅ’থেৰাপী আদিৰ সহায়ত ইয়াৰ পৰা উপশম পাব পাৰি।

বয়সস্থ মানুহৰ আন এবিধ স্বাস্থ্যজনিত সমস্যা হ’ল- মানসিক অৱসাদ(Mental Depression)। শতকৰা ৫-১০ ভাগৰ ক্ষেত্ৰত এই সমস্যা হোৱা দেখা যায়।

ইয়াৰ লক্ষণসমূহ হ’ল-

  • অকলে মন মাৰি বহি থকা,
  • টোপনি কম হোৱা,
  • শৰীৰ দুৰ্বল লগা,
  • কৰ্মস্পৃহা কমি যোৱা,
  • খাবলৈ মন নোযোৱা আদি।

কোনো কোনোৰ ক্ষেত্ৰত আত্মহত্যাৰ কথাও মনলৈ অহা দেখা যায়। এনে লক্ষণে দেখা দিলে সোনকালে মানসিক ৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো অত্যন্ত জৰুৰী।

বয়সস্থ লোকত আৰু কেইটামান সমস্যা হ’ল-

  • সঘনাই কাহ-কফ বা ব্ৰংকাইটিছত ভোগা,
  • উচ্চ ৰক্তচাপ,
  • ষ্ট্ৰোক,
  • একাংগী,
  • হৃদৰোগ,
  • মধুমেহ,
  • হাড়ৰ ঘনত্ব কমাৰ ফলত গাঁঠি,
  • কঁকাল আদিৰ বিষ,
  • ৰক্তহীনতা আদিয়েই প্ৰধান।

কৰ্কট ৰোগৰ সম্পৰ্কে দুআষাৰ নিলিখিলে আলোচনাটো আধৰুৱা হ’ব, কিয়নো দেখা গৈছে যে প্ৰায় দুই-তৃতীয়াংশ কৰ্কট ৰোগেই ৬৫ বছৰ বয়সৰ ওপৰত হয়।

ইয়াৰ ভিতৰত-

  • খাদ্যনলী,
  • পেট,
  • হাওঁফাওঁ,
  • ডিঙি,
  • প্ৰ’ষ্টেট গ্ৰন্থি,
  • স্তন আৰু জৰায়ুৰ কৰ্কট ৰোগেই বেছিকৈ হোৱা দেখিবলৈ পোৱা যায়।

গতিকে-

  • শৰীৰৰ কোনো অংশত টেমুনা হ’লে,
  • দীঘলীয়া কাহ-কফ আৰু বুকুৰ বিষ হৈ কফৰ লগত তেজ ওলালে,
  • খাওঁতে ডিঙিত অসুবিধা হ’লে,
  • পেটৰ বিষৰ লগতে ভোক কমা আৰু ৰক্তহীনতাই দেখা দিলে,
  • হঠাতে ওজন কমিলে,
  • প্ৰস্ৰাৱ কৰোঁতে কষ্ট পালে আৰু লগত তেজ গ’লে,
  • মেনপ’জ হোৱা মহিলাৰ ৰক্তস্ৰাৱ হ’লে পলম নকৰি লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অত্যন্ত জৰুৰী।

বয়সস্থ মহিলাৰ ক্ষেত্ৰত সঘনাই হোৱা সমস্যা হ’ল মেন’পজৰ সমস্যা। মাহেকীয়া বন্ধ হোৱাৰ আগে-পিছে মহিলাৰ শাৰীৰিক আৰু মানসিক কিছুমান পৰিৱৰ্তন দেখা পোৱা যায়।

সেইবিলাকৰ ভিতৰত-

  • শৰীৰৰ ওজন বৃদ্ধি পোৱা,
  • খিংখিঙীয়া হোৱা,
  • কাণ-মূৰ হঠাতে গৰম উঠা,
  • টোপনি কম বা বেছি হোৱা,
  • ভৰি-হাতৰ পোৰণি,
  • মানসিক অৱসাদ আদিয়েই প্ৰধান।

এনে অৱস্থাত চিকিৎসকৰ পৰামৰ্শই কামত দিয়ে। মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হোৱা মহিলাৰ যদি বয়সত ৰক্তস্ৰাৱ আৰম্ভ হয়, তেন্তে ই কৰ্কট ৰোগৰ আগজাননীও হ’ব পাৰে। গতিকে এনে হ’লে শীঘ্ৰে চিকিৎসকৰ কাষ চাপিব লাগে। বয়সৰ লগে লগে মহিলাৰ স্তনৰ বিভিন্ন ৰোগ হ’ব পাৰে।

ইয়াৰ ভিতৰত স্তনৰ কৰ্কট ৰোগেই প্ৰধান। এই ৰোগ সোনকালে ধৰা পেলাবলৈ প্ৰত্যেক মহিলাই নিজ হাতেৰে স্তন পৰীক্ষা কৰিবলৈ শিকিব লাগে আৰু পাৰিলে মাজে মাজে মেম’গ্ৰাফী নামৰ পৰীক্ষা কৰাব লাগে(বিশেষকৈ যিসকলৰ বংশত আগতে এই ৰোগ হৈছে)।

মহিলাৰ ক্ষেত্ৰত সন্তান জন্ম দিয়াৰ সময়ত প্ৰস্ৰাৱবাহী নলীৰ ক্ষতি হোৱা, গৰ্ভাশয় তললৈ নামি অহা আদি কাৰণত প্ৰস্ৰাৱ কৰিব লাগিলে ধৰি ৰাখিব নোৱাৰা অৱস্থা বা নিজে নিজে প্ৰস্ৰাৱ গৈ থকা ধৰণৰ সাংঘাটিক অসুবিধাজনক সমস্যা এটাৰ সৃষ্টি হোৱা দেখা যায়। অৱশ্যে ইয়াক উপযুক্ত চিকিৎসাৰ দ্বাৰা নিৰাময় কৰিব পাৰি।

মুঠৰ ওপৰত বয়স বঢ়াৰ লগে লগে যিহেতু বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক, সেয়হে সময়ে সময়ে চিকিৎসকৰ পৰামৰ্শ লৈ থকা উচিত। বছৰেকত কমেও এবাৰ চিকিৎসালয়লৈ গৈ স্বাস্থ্য পৰীক্ষা কৰাব লাগে।

বেমাৰত ভুগিলেহে যে চিকিৎসালয়লৈ যাব লাগে এনে ধাৰণা বাদ দিব লাগে আৰু নিৰোগী লোকেও বছৰত এবাৰ স্বাস্থ্য পৰীক্ষা কৰাব পাৰিলে ভাল। আজিকালি অত্যাধুনিক চিকিৎসালয়সমূহত ‘মাষ্টাৰ হেলথ চেক আপ’ নামৰ ৰোগ নিৰূপণৰ সুবিধা পাব পৰা যায় যদিও এই পৰীক্ষাৰ দ্বাৰা সকলো লোকৰ সকলো প্ৰয়োজন পূৰণ হোৱা দেখা নাযায়।

সেয়েহে চিকিৎসকৰ পৰামৰ্শ অনুসৰি স্বাস্থ্য পৰীক্ষা কৰিলেহে বেছি ফলদায়ক হয়। স্বাস্থ্য পৰীক্ষাত সাধাৰণতে কৰিব লগা পৰীক্ষাসমূহ হ’ল-

  • শৰীৰৰ ওজন নিৰূপণ,
  • ৰক্তচাপ,
  • তেজৰ ৰুটিন বা নিয়মীয়া পৰীক্ষা(হিম’গ্লবিন, ই এছ আৰ, প্লেটলেট ইত্যাদি) তেজত শৰ্কৰা বা ছুগাৰৰ পৰিমাণ,
  • কিডনী প্ৰফাইল,
  • লিভাৰৰ বাবে পৰীক্ষা,
  • থাইৰয়ড প্ৰফাইল,
  • লিপিড প্ৰফাইল,
  • প্ৰ’ষ্টেটৰ বাবে পি এছ এ,
  • প্ৰস্ৰাৱ পৰীক্ষা,
  • শৌচ পৰীক্ষাৰ লগতে ‘অকাল্ট ব্লাড’,
  • চেৰাম ইলেক্ট্ৰ’লাইট,
  • হাড়ৰ ঘনত্ব পৰীক্ষা,
  • ই চি জি, বুকুৰ এক্সৰে,
  • পেটৰ আল্ট্ৰাছন’গ্ৰাফী,
  • মহিলাৰ বাবে মেম’গ্ৰাফী,
  • চকুৰ পৰীক্ষা(লগতে ৰেটিনা),
  • কাণ,
  • নাক,
  • ডিঙিৰ পৰীক্ষা,
  • দাঁত আৰু আলুৰ পৰীক্ষা আৰু প্ৰয়োজন সাপেক্ষে পেটৰ এণ্ড’স্কপী,
  • কলন’স্কপী,
  • চিটি স্কেন,
  • ইক’লাৰ্ডিঅ’গ্ৰাফী আৰু ক’ৰ’নেৰী এঞ্জিঅ’গ্ৰাফী আদি।

আৰু এটা কথা ইয়াৰ লগতে কৈ থোৱা ভাল হ’ব যে বয়সস্থ মানুহৰ ইনফ্লুয়েঞ্জা আৰু নিউমোনিয়া ৰোগে কেতিয়াবা মাৰাত্মক ৰূপ ধাৰণ কৰে। সেয়েহে এই ৰোগ নহ’বৰ বাবে পৰতিষেধক টীকা অতি প্ৰয়োজনীয় আৰু প্ৰতিজন বয়সস্থ টীকা অতি প্ৰয়োজনীয় আৰু প্ৰতিজন বয়সস্থ লোকেই চিকিৎসকৰ পৰামৰ্শ অনুযায়ী এই টীকা ল’ব পাৰিলে ভাল।

আজিকালিৰ ব্যস্ততাপূৰ্ণ জীৱনত আমি দেখিবলৈ পাওঁ যে অধিকাংশ বয়সস্থ লোকেই বাৰ্ধক্য উপভোগ কৰাৰ মানসিকতা হেৰুৱাই পেলায়। বহুতৰ বাবে ই এক আতংকৰ কাৰণ হৈ পৰে। ইয়াৰ মূল কাৰণ হ’ল নিঃসংগতা আৰু পৰিয়ালৰ লোকৰ সৈতে বিচ্ছিন্নতা।

তেওঁলোকে নিজকে পৰিয়ালৰ বাবে এক বোজা বুলি ভাবে আৰু মানসিক অন্তৰ্দ্বন্দ্বত ভোগে। এনে সময়ত পৰিয়ালৰ লোকৰ দায়িত্ব অপৰিসীম। বয়সস্থ লোকসকল যে পৰিয়ালৰ বোজা নহয় আৰু তেওঁলোকে যেন কোনো কাৰণতে অকলশৰীয়া অনুভৱ নকৰে, সেই বিষয়ত চকু দিয়া প্ৰয়োজন।

ডেভিড বাকাৰক আলমন নামৰ এজন বিশিষ্ট লেখকৰ ভাষাত- ‘Life is precious to the old person. He is not interested merely in thought of Yesterday’s good life and tomorrow’s path to grave. He does not want his later years to be a sentence of solitacy confinement in Society. Nor does he want to be a death Watch’.  অৰ্থাৎ বৃদ্ধৰ বাবেও জীৱন এক অমূল্য সম্পদ। তেওঁ কেৱল বিগত সুন্দৰ জীৱনৰ কৃতিত্ব সুঁৱৰিয়েই নাইবা অনাগত দিনত শ্মশানৰ পথৰ চিন্তাতে নিজকে আৱব্ধ কৰি ৰাখিব নোখোজে।

তেওঁৰ বাকী থকা দিনকেইটাও সমাজে দিয়া নিঃসংগতাৰ কাৰাগাৰত থাকিব নোখোজে আৰু তেওঁৰ দেহকো এক মৃত্যুক্ষণ নিৰ্দেশক ঘড়ী কৰিব নোখোজে।

আমি এটা কথা অৱশ্যেই স্বীকাৰ কৰিব লাগিব যে গাইগুটীয়া পৰিয়ালতকৈ জাকৰুৱা পৰিয়ালত থাকিলে এজন বয়সস্থ মানুহে অধিক ফলপ্ৰসূ জীৱন কটাব পাৰে।

কিয়নো তেনে অৱস্থাত বয়সস্থ লোকজনে নাতি-নাতিনীৰ লগত খেলা-ধূলা, নিজৰ ভাই-ককাই, পো-বোৱাৰীৰ লগত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ উপৰি উৎসৱ-পাৰ্বণত সফূৰ্তি, তামাচা, বিভিন্ন বিষয়ৰ সন্দৰ্ভত আলোচনা-বিলোচনা কৰিবলৈ সুবিধা পায়। ফলত সুস্বাস্থ্য ৰক্ষা কৰাত ই প্ৰভূত সহায়ক হয়। মুঠতে বয়সস্থ মানুহৰ স্বাস্থ্য ৰক্ষাৰ মূল মন্ত্ৰে হ’ল ‘শুই বহি নকটাই চলি-ফুৰি থকা’।

শেষত বয়সস্থ মানুহৰ কাৰণে স্বাস্থ্য ভালে ৰখাৰ কেইটামান টিপছ বা উপদেশেৰে আলোচনা মোখনি মাৰিছো-

  • চলি-ফুৰি থাকিব, শুই-বহি দিনটো নকটাব। যিমান পাৰে সিমান কিতাপ, আলোচনী আদি পাঢ়িব।
  • বন্ধু-বান্ধৱ, ওচৰ-চুবুৰীয়াৰ লগত খেলা-ধূলা, ধৰ্ম-ৰাজনীতি আদি বিভিন্ন বিষয়ৰ আলোচনা বা কথা পতাৰ চেষ্টা কৰক। দা-কটাৰী ধৰোৱাৰ নিচিনাকৈ মনটোকো ধৰাই থাকক।
  • শৰীৰৰ উচ্চতা, গঠন আৰু বয়স অনুযায়ী আপোনাৰ ওজন হিচাপত ৰাখিবতলৈ চেষ্টা কৰক, অতিৰিক্ত স্নেহ জাতীয় খাদ্য মিঠাই, চেনি আৰু কেঁচা নিমখ সম্পূৰ্ণ বৰ্জন কৰক।
  • অতি ভোজন নকৰিব, চৰ্বিযুক্ত আহাৰ বেছিকৈ নাখাব আৰু নিয়মিত ব্যায়াম আৰু শৰীৰে টনাকৈ শাৰীৰিক পৰিশ্ৰম কৰিব, লগতে উচিত পৰিমাণৰ বিশুদ্ধ পানী খাব।
  • সদায় মনটো প্ৰফুল্লিত কৰি ৰাখিবলৈ চেষ্টা কৰাৰ লগতে ধনাত্মক চিন্তা কৰিব।
  • সদায় ৰাতি ৭-৮ ঘন্টাকৈ শুবলৈ চেষ্টা কৰিব।
  • সময়ে সময়ে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অভ্যাস কৰক।
  • চিকিৎসকৰ পৰামৰ্শ অবিহনে কেতিয়াও কোনো ঔষধ সেৱন বা নিয়মীয়াকৈ খাই থকা ঔষধ বন্ধ নকৰিব।
  • চিকিৎসকৰ পৰামৰ্শ অনুযায়ী মাজে মাজে ভিটামিন, কেলচিয়াম আদি খাওক।
  • বেমাৰ হ’লে কেতিয়াও লুকুৱাই নথ’ব।
  • অকলশৰীয়াকৈ নেথাকিব। ওচৰ-চুবুৰীয়াৰ লগত মিলা-প্ৰীতিৰে থকাৰ লগতে তেওঁলোকৰ সুখ-দুখৰ সমভাগী হ’বলৈ চেষ্টা কৰক।
  • স্বামী-স্ত্ৰীৰ মাজত খং-ৰাগ, অভিমান আদি এৰি ইজনে সিজনৰ সুখ-দুখৰ সমভাগী হ’বলৈ হ’বলৈ চেষ্টা কৰক আৰু লগতে বছৰত এবাৰ ওচৰে-পাজৰে হ’লেও ভ্ৰমণ কৰক।
  • ধূমপান, মদ্যপান, চাধা সেৱন আদি অভ্যাসসমূহ পৰিত্যাগ কৰক।
  • দূৰ্ঘটনাৰ প্ৰতি সদায় সচেতন হওক খপজপকৈ কাম কৰিবলৈ চেষ্টা নকৰিব আৰু প্ৰয়োজন হ’লে আনৰ সহায় লওক।
  • ঘৰৰ বাহিৰলৈ অলপ সময়ৰ কাৰণে হ’লেও ওলাবলৈ চেষ্টা কৰাৰ লগতে মুকলি বায়ু সেৱন কৰিবলৈ চেষ্টা কৰক।
  • অকলে ঘৰৰ বাহিৰলৈ ওলালে পেকেটত নিজৰ নাম, ঠিকনা, ফোন নং আৰু কিবা বেমাৰ-আজাৰ, বিশেষকৈ মধুমেহ, উচ্চ ৰক্তচাপ, হৃদৰোগ আদি থাকিলে সেই সম্পৰ্কে উল্লেখ থকাৰ লগতে চিকিৎসাসেৱা আগবঢ়োৱা চিকিৎসকৰ নাম সম্বলিত কাৰ্ড লগত ৰখাৰ অভ্যাস কৰক।

লেখক: ডাঃ জ্যোতিৰঞ্জন ঠাকুৰ(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top