অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰ’দৰ ক্ষতিকাৰক দিশ:

ৰ’দৰ ক্ষতিকাৰক দিশসমূহ লিখা হৈছে

পুৱাৰ কোমল ৰ’দে আমাৰ দেহৰ ছালত অত্যাৱশ্যকীয় খাদ্যপ্ৰাণ ‘ঘ’ৰ সৃষ্টিকে ধৰি নানা ধৰণৰ সংক্ৰমণ ৰোধেৰে অশেষ উপকাৰ সাধন কৰে-

 

পুৱাৰ কোমল ৰ’দে আমাৰ দেহৰ ছালত অত্যাৱশ্যকীয় খাদ্যপ্ৰাণ ‘ঘ’ৰ সৃষ্টিকে ধৰি নানা ধৰণৰ সংক্ৰমণ ৰোধেৰে অশেষ উপকাৰ সাধন কৰিলেও আনপিনে কিন্তু ইয়াৰ ক্ষয়ংকৰী শক্তিয়ে কেতিয়াবা কেতিয়াবা আমাৰ জীৱনৰ বাবে ভয়ংকৰ ভাবুকিৰো সৃষ্টি কৰে। ৰ’দৰ ক্ষতিকাৰক দিশৰপৰা হাত সাৰি থাকিবলৈ আমাৰ ছালখনে ক’লাবৰণৰ এটা বৰ্ণক বা পিগমেন্টৰ সৃষ্টি কৰে। যাক ‘মেলানিন’(Melanin) বুলি কোৱা হয়। ৰ’দৰ তাপ, জুইৰ তাপ, গৰম বাতাৱৰণ আদি বিভিন্ন উত্তপ্ত পৰিৱেশত এই পিগমেন্ট মেলানিনসমূহ ছালৰ ওপৰলৈ উঠি আহি আমাৰ ছালখনক তাপৰ কু-প্ৰভাৱৰপৰা ৰক্ষা কৰে। সেয়ে ৰ’দ বা জুইৰ তাপত মানুহ ক’লা পৰে। তাপ কমি পৰিৱেশ স্বাভাৱিক হ’লে এই পিগমেন্ট মেলানিনসমূহো ছালৰ তললৈ গুচি যায়। ফলত ছালৰ ৰং পুনৰ আগৰ দৰে স্বাভাৱিক হৈ পৰে। ৰ’দত থকা অতিবেঙুনীয়া ৰশ্মিবোৰ শোষণ কৰি ছালখনক সুৰক্ষা প্ৰদান কৰা এই ‘মেলানিন’ মেলান’ছাইট নামৰ এবিধ কোষে প্ৰস্তুত কৰে। ক’লা ছালৰ লোকতকৈ বগা ছালৰ লোকৰ এই মেলানিনৰ মাত্ৰা তুলনামুলকভাৱে কম। সেয়ে বগা বা শ্বেতচৰ্মী লোকসকল ৰ’দৰপৰা বেছি সাৱধান হোৱা উচিত।

ৰ’দৰ এই অতিবেঙুনীয়া ৰশ্মিবোৰক ইয়াৰ তৰং দৈৰ্ঘ্যৰ ওপৰত ভিত্তি কৰি তিনি ভাগত ভাগ কৰা হৈছে-

 

১)UVA

২)UVB

৩)UVC

ইয়াৰ UVB আমাৰ ছালৰ বাবে অত্যন্ত ক্ষতিকাৰক বুলি প্ৰমাণিত হৈছে। এই দ্বিতীয়বিধ ৰশ্মিয়ে ছালৰ কোষত থকা ডি এন এ একেবাৰে বিনষ্ট কৰি চৰ্ম কেন্সাৰৰ সৃষ্টি কৰিব পাৰে বুলি চিকিৎসা বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে।

দেহৰ প্ৰতিৰক্ষা ব্যৱস্থাত ছালখনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। কিন্তু ৰ’দৰ এই মাৰাত্মক অতিবেঙুনীয়া ৰশ্মিৰ দুষ্প্ৰভাৱত ছালৰ কোষবোৰ ক্ষতিগ্ৰস্ত হয়। ফলত শৰীৰৰ প্ৰতিৰক্ষা ব্যৱস্থা বিপৰ্যস্ত হৈ পৰে। বায়ুমণ্ডলৰ সমতাপ মণ্ডলত থকা(সকলো জীৱৰ বাবে প্ৰাকৃতিক সুৰক্ষা কবচ স্বৰূপ) অ’জন স্তৰটোৱে সাধাৰণতে অতিবেঙুনীয়া ৰশ্মিক বৃহৎ ছাতি এটাৰ দৰে বাধা দি ৰাখিছিল। কিন্তু দুখ আৰু পৰিতাপৰ কথা যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ লগে লগে ভোগবাদী সমাজৰ অপৰিহাৰ্য অংগ হৈ পৰা শীতাতপ নিয়ন্ত্ৰক, ফ্ৰীজ আদিত ব্যৱহাৰ হোৱা CFC নামৰ ৰাসায়নিক যৌগই অ’জন স্তৰৰ ক্ষতিসাধন কৰি ঠায়ে ঠায়ে প্ৰকাণ্ড সুৰুঙা বা ছিদ্ৰৰ সৃষ্টি কৰাৰ ফলত মাৰাত্মক প্ৰকৃতিৰ অতিবেঙুনীয়া ৰশ্মিসমূহ পৃথিৱীৰ জীৱ মণ্ডলত প্ৰৱেশ কৰিব পৰা হৈছে, যিবোৰ দুৰাৰোগ্য ৰোগৰ উৎস। সেয়ে মানুহে অতি ৰ’দৰপৰা সাৱধান হোৱাৰ সময় আহি পৰিছে। সেইবাবে প্ৰখৰ ৰ’দৰ সময়ছোৱাত(পুৱা ৯-১০ বজাৰপৰা বিয়লি ২-৩ বজামানলৈ) যথেষ্ট সাৱধান হৈ চলা-ফিৰা কৰাটো বিধেয়। প্ৰখৰ ৰ’দৰ সময়ত ছাতি, যথোপযুক্ত পোছাক আৰু চকুত উপযুক্ত ‘ছানগ্লাছ’ আৰু দেহৰ ছালত ‘ছানস্ক্ৰীন মলম’ সানি অতি সাৱধানে চলা-ফিৰা কৰিব পাৰিলেহে ৰ’দৰ ভয়াৱহ পৰিণতিৰপৰা নিজকে নিলগাই ৰাখিব পৰাটো সম্ভৱ হ’ব, অন্যথা চৰ্ম কেন্সাৰ, চকুত ছানি পৰা, অন্ধত্ব আদি নানা ব্যাধিৰ চিকাৰ হৈ বহু নিকাৰ ভুঞ্জিব লাগিব।

লেখক: ভুবনেশ্বৰ ডেকা(দৈনিক অসম)

3.08333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top