অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰক্তচাপ কেনেকৈ নিয়ন্ত্ৰণ কৰিবঃ

ৰক্তচাপ কেনেকৈ নিয়ন্ত্ৰণ কৰিবঃ

বৰ্তমান ভাৰতবৰ্ষত ৰক্তচাপ ৰোগ দিনে বাঢ়ি গৈ আছে। আগতে বয়স্ক লোক ৰক্তচাপত ভুগিছিল যদিও বৰ্তমান কম বয়সতে বহুতে এই ৰোগত ভোগাৰ সংখ্যা বাঢ়িছে। আমি যানো যে হৃদপিণ্ডৰ প্ৰধান কামেই হ’ল তেজক পাম্প কৰি শৰীৰৰ বিভিন্ন ঠাইলৈ তেজ পঠোৱা। তেজে নিজে খোজকাঢ়ি বিভিন্ন ঠাইলৈ যাব নোৱাৰে- এই কাম কৰে আৰ্টাৰিয়ে। এই তেজ শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগলৈ যোৱাৰ সময়ত আৰ্টাৰিৰ দেৱালত যি চাপৰ সৃষ্টি হয় তাকেই কোৱা হয় তেজৰ চাপ (ব্লাড প্ৰেছাৰ)। আমাৰ সকলোৰে তেজৰ এটি নিৰ্দিষ্ট চাপ থাকে। কিন্তু যেতিয়াই এই চাপ স্বভাৱিক চাপতকৈ বেছি হয়- তেতিয়া তাক কোৱা হয় হাইপাৰ-টেনচন বা উচ্চ ৰক্তচাপ (হাই ব্লাড প্ৰেছাৰ)। আনহাতে স্বাভাৱিকতকৈ চাপ কম হ’লে তাক কোৱা হয় নিম্ন ৰক্তচাপ (ল’ ব্লাড প্ৰেছাৰ)।

ব্লাড প্ৰেছাৰ যদিও ১২০-৮০ হোৱা বাঞ্চনীয়- ৬০ বছৰৰ ওপৰৰ বয়সৰ ক্ষেত্ৰত ১৫০-৯০ থাকিলেও তাক স্বাভাৱিক বুলি ধৰা হয়।

লক্ষণঃ

সাধাৰণতে মূৰৰ পিছৰ ফালে বিষোৱা, মূৰ ঘূৰোৱা, খোজ কাঢ়িলে সমস্যা হোৱা, ক্লান্ত হৈ পৰা, বুকু ধৰফৰ কৰা ইত্যাদি কিছু লক্ষণে দেখা দিব পাৰে। সকলোৰে একেলগে সকলো ধৰণৰ লক্ষণে দেখা নিদিবও পাৰে। বহুতে আকৌ উচ্চ ৰক্তচাপ লৈ ঘূৰি ফুৰে, তেওঁৰ যে উচ্চ ৰক্তচাপ অনুভৱ নকৰে। আন ৰোগৰ বাবে চিকিৎসাৰ ওচৰলৈ যাওঁতে প্ৰেছাৰ চেক কৰাৰ পাছতহে ধৰা পৰে যে তেওঁ উচ্চ ৰক্তচাপত ভুগি আছে।

কাৰণঃ

ৰক্তচাপ বঢ়াৰ কাৰণ ৯০ শতাংশৰ ক্ষেত্ৰত জনা নাযায়। কিডনীৰ সমস্যা হৰম’নেল ভাৰসাম্য নষ্ট হ’লে অথবা জিনগত কাৰণত অৰ্থাৎ বংশত উচ্চ ৰক্তচাপ থকাৰ ইতিহাস থাকিলে ৰক্তচাপ হ’ব পাৰে। কাৰণ জনা নাথাকিলে তাক প্ৰাইমাৰী হাইপাৰ টেনচন আৰু কাৰণ জনা গ’লে তাক কোৱা হয় ছেকেণ্ডাৰী হাইপাৰ টেনচন।

বৰ্তমান ৰক্তচাপ ৰোগ বঢ়াৰ কাৰণ একাধিক গৱেষণাৰ পৰা প্ৰমাণ পোৱা গৈছে যে বৰ্তমান আমাৰ জীৱন যাত্ৰাৰ আমূল পৰিৱৰ্তনো যথেষ্ট পৰিমাণে দায়ী। ফাষ্টফুড-জাংকফুড, শীতল পানীয়ৰ অত্যধিক ব্যৱহাৰ, ফলৰ ৰস নোখোৱা বা একেবাৰে কম খোৱা, শৰীৰ চৰ্চাৰ অভ্যাস নথকা, মানসিক চাপ, উদ্বেগ-উত্তেজনাত থকা স্বভাৱ ইত্যাদি।

চিকিৎসাঃ

লাইফ ষ্টাইল মডিফিকেচনৰ ওপৰত জোৰ দিয়া হয়। সুষম আহাৰ গ্ৰহণ, নিয়মিত যোগ-ব্যায়ামৰ অতি প্ৰয়োজন। চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ নিয়মীয়াকৈ খোৱা প্ৰয়োজন। প্ৰেছাৰ ধৰা পৰা মাত্ৰকে বহুতে ফাৰ্মাচীলৈ গৈ প্ৰেছাৰৰ দৰব কিনি আনি খাবলৈ ধৰে। এনে কৰিলে ৰোগীৰ যথেষ্ট ক্ষতি হ’ব পাৰে। কাৰণ এজনৰ বাবে যিটো ঔষধ দৰকাৰী আনৰ বাবে সেয়া অপকাৰী হ’ব পাৰে। উদাহৰণ হিচাপে প্ৰেছাৰৰ লগতে যাৰ ডায়েবেটিছ আছে তাৰ বাবে বেলেগ ঔষধ, আনফালে কোনো ৰোগৰ বাবে ৰক্তচাপ বাঢ়িলে অন্য গ্ৰুপৰ ঔষধ দিয়া হয়। যিকোনো প্ৰেছাৰৰ ঔষধৰ ছাইড এফেক্ট থাকে, সেয়েহে ৩ মাহ বা ৬ মাহৰ অন্তত চিকিৎসকৰ পৰামৰ্শমতে তেজৰ পৰীক্ষা কৰি চিকিৎসকে দিয়া ঔষধ ব্যৱহাৰ কৰিব লাগে।

ছেকেণ্ডাৰী হাইপাৰ টেনচন যি ৰোগৰ কাৰণে ব্লাড প্ৰেছাৰ বাঢ়িছে সেই ৰোগৰ চিকিৎসা কৰিলে ৰক্তচাপ নিজে নিজে স্বাভাৱিক হ’ব। আনফালে প্ৰাইমাৰী হাইপাৰ টেনচনত যদি এবাৰ আক্ৰান্ত হয় তেনেহলে গোটেই জীৱন ঔষধ খাব লাগিব। বহুতে কিছুদিন বা এমাহমান ঔষধ খোৱাৰ পিছত ৰক্তচাপ স্বাভাৱিক হ’লে নিজে নিজে ঔষধ খোৱা বন্ধ কৰে। এনে কৰা উচিত নহয়। কাৰণ উচ্চ ৰক্তচাপৰ কাৰণে প্ৰেছাৰ উঠা-নমা কৰাটো বেছি ক্ষতিকাৰক।

অনিয়ন্ত্ৰিত উচ্চ ৰক্তচাপৰ পৰা চকুৰ সমস্যা, হৃদপিণ্ডৰ সমস্যা আনকি কিডনী পৰ্যন্ত ডেমেজ হ’ব পাৰে।

খাদ্যৰ ভূমিকাঃ

সাধাৰণতে চিকিৎসকে চিকিৎসাৰ লগে লগে এখন ডায়েট চাৰ্ট দিয়ে। সেই ডায়েট চাৰ্ট মতে খাদ্যগ্ৰহণ কৰা উচিত। নিমখ কমকৈ খোৱা উচিত, কেঁচা নিমখ একেবাৰে বৰ্জন কৰা দৰকাৰ। ফল বেছি পৰিমাণে খালে শৰীৰৰ পটাচিয়াম লেভেল ঠিকে থাকিব। চৰ্বিজাতীয় খাদ্য বৰ্জন- তেল, ঘি, মাখন, ডায়েৰী জাতীয় খাদ্য ব্যৱহাৰ সীমিত কৰা প্ৰয়োজন।

চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ, যোগ-ব্যায়াম বা নিয়মিত খোজ কাঢ়ক, ডায়েট চাৰ্ট মতে খাদ্য গ্ৰহণ কৰক আৰু যিমান বছৰ জীয়াই থাকে সুস্থভাৱে জীৱন ধাৰণ কৰিব পাৰিব।

(উৎসঃ অসমীয়া খবৰ, ডাঃ সনাতন ডেকা)।

শেহতীয়া উন্নীতকৰণ: : 2/15/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate