মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / "ৰক্তদান আৰু ব্লাড বেংকৰ বিষয়ে জানিবলগীয়া লাগতিয়াল কথা"
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

"ৰক্তদান আৰু ব্লাড বেংকৰ বিষয়ে জানিবলগীয়া লাগতিয়াল কথা"

ইতিহাসৰ আৰম্ভণীৰ পৰাই মানুহে তেজক শৰীৰৰ প্ৰাণশক্তি বুলি গণ্য কৰি আহিছে৷ প্ৰাচীন কালত গ্ৰীক আৰু ৰোমানসকলে যুদ্ধত মৃত্যুবৰণ কৰা

বিৱৰণ

ইতিহাসৰ আৰম্ভণীৰ পৰাই  মানুহে  তেজক শৰীৰৰ  প্ৰাণশক্তি বুলি গণ্য কৰি আহিছে৷ প্ৰাচীন কালত গ্ৰীক আৰু ৰোমানসকলে যুদ্ধত মৃত্যুবৰণ কৰা সৈনিকৰ ৰক্তপান কৰিছিল৷ আনকি প্ৰাচীন কালত মহিলাসকলে সৌন্দৰ্য বৃদ্ধিৰ বাবে শৰীৰত তেজৰ  প্ৰলেপ ঘঁহিছিল৷ মহাভাৰতত  ভীমেও  দু:শাসনৰ  ৰক্তপান  কৰাৰ কথা আমি জানিবলৈ পাওঁ৷ চিকিৎসা বিজ্ঞানেও মানুহৰ তেজক ঔষধ হিচাপে গণ্য কৰি আহিছে৷ অৱশ্যে ষোল্ল শতিকাৰ শেষলৈকে তেজক  মানৱ দেহত  ইনফিউজন কৰাৰ কথা ভবা হোৱা নাছিল৷   চিকিৎসা বিজ্ঞানৰ অগ্ৰগতি  আৰু সাফল্য অনেক ৰোমাঞ্চকৰ ঘটনাৰে সমৃদ্ধ৷ ১৬৬৭ চনত  প্ৰথমবাৰৰ বাবে মানুহৰ শৰীৰত জন্তুৰ (ভেড়াৰ)তেজ পৰীক্ষামূলকভাবে  সঞ্চৰণ কৰাৰ কথা জনা যায়৷ অৱশ্য নানান প্ৰতিক্ৰিয়াৰ  বাবে এই  প্ৰচেষ্টা সফল নহ'ল৷ ইয়াৰ পিছত  ১৮১৮চনৰ  ২২ ডিচেম্বৰত জেমচ ব্ৰুচেল  নামৰ   চিকিৎসা বিজ্ঞানীয়ে মানুহৰ গাত মানুহৰ তেজ  সফলতাৰে প্ৰদান কৰিবলৈ সক্ষম হ'ল৷ ১৯০১ চনত  কাৰ্ল লেণ্ডষ্টেইনাৰ  আৰু ডা০ উইনাৰে তেজৰ বিভিন্ন  গ্ৰুপ সমূহ (এ,বি,এবি,অ' আৰু আৰ এইচফেক্টৰ) আবিস্কাৰ  কৰাৰে পৰা এজনৰ তেজ আনজনলৈ দিওঁতে হোৱা  প্ৰতিক্ৰিয়াৰ সমস্যা বহু পৰিমানে সমাধান হ'ল৷ এই যুগান্তকাৰী  আবিস্কাৰৰ  ফলত  ৰক্তদান প্ৰায় নিৰাপদ হৈ পৰিল৷চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে ৰক্তৰ ব্যৱহাৰ অপৰিহাৰ্য হৈ পৰিল৷ কিন্তু কৃত্ৰিম  ৰক্ত এতিয়াও  আবিস্কৃত হোৱা নাই, সেয়ে মানুহৰ ৰক্তৰ কোনো  বিকল্প নাই৷

ব্লাডবেংকৰ  নিৰ্ভৰশীল তিনিধৰণৰ দাতা

ৰক্তৰ বাবে ৰক্তদাতাৰ প্ৰয়োজন আৰু প্ৰয়োজন  ব্লাডবেংকৰ৷ সাধাৰণতে তিনিধৰণৰ দাতাৰ ওপৰত ব্লাডবেংক  নিৰ্ভৰশীল৷

১)পৰিপূৰক দাতা - ৰোগীক  প্ৰয়োজন হোৱাৰ লগে লগে ব্লাডবেংক ত সংৰক্ষণ কৰি ৰখা নিৰ্দিষ্ট  গ্ৰুপৰ তেজ  ১৫-৩০ মিনিটৰ ভিতৰত  ৰোগীক দিয়া হয়  আৰু বিনিময়ত  পৰিয়ালৰ লোকৰ পৰা সম পৰিমাণৰ যি কোনো  গ্ৰুপৰ তেজ  সংগ্ৰহ কৰা হয়৷ সংগৃহীত তেজ  সকলো পৰীক্ষা কৰাৰ পিছত  ব্লাডবেংকত  অইন ৰোগীৰ বাবে সাজু কৰি ৰখা হয়৷

২)প্ৰত্যক্ষ দাতা - ৰোগীক প্ৰয়োজন হোৱা নিৰ্দিষ্ট গ্ৰুপৰ তেজ  ব্লাডবেংকত  নাথাকিলে সেই গ্ৰুপৰ ৰক্তদাতাৰ  প্ৰয়োজন  হয়৷ এইজন ৰক্তদাতা পৰিয়ালৰ আত্মীয় বা শুভাকাংক্ষী হোৱাটো বাঞ্চনীয়৷ এই পদ্ধতিত ৰক্ত দিবলৈ ২-৩ঘন্টা সময়ৰ  প্ৰয়োজন হয়৷ পৰিয়ালৰ লোকে বাধ্যতা মূলকভাবে সেইখিনি সময় অপেক্ষা কৰিবলগীয়া হয়৷

৩)স্বেচ্ছা ৰক্তদাতা - এইসকল নিৰোগীদাতাই বিনিময়ত কাৰো পৰা একো নোলোৱাকৈ ৰক্তদান কৰে৷ এওঁলোকৰ তেজত এইচ আই ভি, হেপাটাইটিচ-বি, হেপাটাইটিচ -চি, মেলেৰিয়া,চিফিলিচ  আদিৰ  বীজাণু নাথাকে৷ স্বেচ্ছা ৰক্তদাতাৰ তেজ সেয়ে  ৰোগীৰ বাবে আটাইতকৈ নিৰাপদ৷ ব্যৱসায়িক দাতাৰ তেজৰ পৰা এনে ৰোগৰ বীজাণু বিয়পাৰ সম্ভাৱনা থাকে৷

ভাৰত চৰকাৰে ১৯৯৮ চনৰ জানুৱাৰী মাহৰ পৰা ব্যৱসায়িক দাতাৰ পৰা তেজ সংগ্ৰহ কৰা নিষিদ্ধ কৰিছে ৷"ড্ৰাগছ এণ্ড কচমেটিক এক্ট-১৯৪০" ৰ অধীনত  ভাৰত চৰকাৰে ৰক্তক ঔষধ হিচাবে গণ্য কৰিছে  আৰু সকলো ব্লাড বেংকৰ অনুজ্ঞা পত্ৰ  হোৱতো বাধ্যতামূলক কৰিছে৷

ৰোগীক যি কোনো সময়তে,যি কোনো গ্ৰুপৰ, যি কোনো পৰিমাণৰ  ৰক্তৰ প্ৰয়োজন হ’ব পাৰে৷কেতিয়াবা ব্লাডবেংকত প্ৰয়োজন হোৱা গ্ৰুপৰ তেজ  নাথাকিবও পাৰে - তেনে অৱস্থাত   প্ৰত্যক্ষ  দাতাৰ ওপৰত নিৰ্ভৰ কৰিব লগীয়া হয়৷ আগতে উল্লেখ কৰা হৈছে - এনেদৰে ৰক্তৰ যোগান ধৰোতে ২-৩ ঘন্টা সময় লাগে৷ সংকটাপন্ন  ৰোগীৰ বাবে এই বিলম্ব নিৰাশাজনক৷  সেয়ে  স্বেচ্ছা ৰক্তদাতাৰ  নিয়মীয়া  ৰক্তদানৰ গুৰুত্ব অপৰিসীম৷ ব্লাডবেংকত  ২৪ ঘন্টাই তেজ  মজুত  থকাটো অতীব প্ৰয়োজনীয়৷ স্বেচ্ছা ৰক্তদাতাৰ অবিহনে  ইয়াৰ সমাধান অসম্ভৱ৷ ১৯৭১ চনত  চণ্ডীগড়ত   আই.এছছ্নি.টি (I.S.B.T) নামেৰে  স্থাপিত এটি  সংস্থাই  এই ক্ষেত্ৰত  জন জাগৰণৰ আৰম্ভণী ঘটায়৷   ইয়াৰ পিছৰ পৰাই প্ৰতি বছৰে  পহিলা অক্টোবৰৰ দিনটোক "স্বেচ্ছা ৰক্তদান দিৱস" হিচাপে পালন কৰি অহা হৈছে৷

নিৰাপদ  ৰক্তৰ যোগান নিৰ্ভৰ  কৰে মূলত:

স্বেচ্ছা ৰক্তদাতা  আৰু  বিজ্ঞান সন্মত  ৰক্তভঁৰালৰ (ব্লাডবেংক) ওপৰত৷ অৱশ্যে আমাৰ দেশৰ বেচি ভাগ ব্লাডবেংক  প্ৰত্যক্ষ দাতা আৰু  পৰিপূৰক  দাতাৰ ওপৰতহে নিৰ্ভৰশীল৷পৃথিবীৰ  প্ৰথমটো ৰক্তভঁৰাল ১৯৩৬ চনত  ডা০ নৰ্মান বেথুনে  স্পেইনৰ গৃহযুদ্ধৰ সময়ত মাদ্ৰিদ  চহৰত  স্থাপন কৰে৷আনহাতে  ১৯৩৭ চনত চিকাগোৰ  ক'ক  কাউন্টি চিকিৎসালয়ত  ডা০ বাৰ্নাৰ্ড  ফেন্টাচে প্ৰথমটো  বিজ্ঞানসন্মত ৰক্তভঁৰাল  স্থাপন কৰে - য'ত তেজ  জমা আৰু দিব পৰা ব্যৱস্থাৰ প্ৰচলন হৈছিল৷  দৰাচলতে  ৰক্তভঁৰাল হ'ল এক পৰীক্ষাগাৰ - য'ত তেজৰ সকলো  লাগতিয়াল পৰীক্ষা সম্পন্ন কৰি  ট্ৰান্সফিউজনৰ বাবে সাজু কৰি দিয়া হয়৷ ৰক্তভঁৰালৰ  উদ্ভাৱনে চিকিৎসা জগত  এক  আমূল পৰিবৰ্তনৰ সূচনা কৰিলে৷ ভাৰতবৰ্ষত ১৯৪২চনত কলিকতাৰ  অলইণ্ডিয়া  ইন্সিটিউট অৱ পাব্লিক  হেল্থ  এণ্ড হাইজিনত প্ৰথমটো ৰক্তভঁৰাল স্থাপিত হয়৷ আজিকালি  ভাৰতবৰ্ষৰ  প্ৰায় সকলো  চিকিৎসা প্ৰতিস্থানতে ৰক্তভঁৰাল  আছে - য'ত  ২ৰ পৰা ৪ ডিগ্ৰী চেলচিয়াচত  ৪০দিন পৰ্যন্ত ৰক্ত  সংৰক্ষণ কৰি  ৰাখিব পাৰি৷

চিকিৎসা বিজ্ঞানত আজিকালি  'সম্পূৰ্ণ ৰক্ত' (whole blood )ৰ সলনি  তেজৰ বিভিন্ন  কম্পনেন্ট (যেনে পেকড আৰ বি চি, প্লাজমা, ফ্ৰেচ ফ্ৰজন  প্লাজমা, প্লেটলেট, গ্ৰেনুলচাইট)দিয়াটোহে বেচি বিজ্ঞানসন্মত বুলি বিবেচিত হৈছে৷ প্ৰায়বোৰ  ৰক্তভঁৰালতে এনে  কম্পনেন্ট থেৰাপিৰ সুবিধা উপলব্দ্ধ হ’ব ধৰিছে৷ ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগেও  ৰক্তভঁৰালসমূহক  সমুদায়তেজৰ ৮০%ক  কম্পনেন্টলৈ ৰূপান্তৰ কৰি ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছে৷ আমাৰ দেশত  প্ৰতি বছৰে যথেষ্ট পৰিমাণৰ তেজৰ   প্ৰয়োজন  হয় ৷ ২০০৭ চনৰ সমীক্ষামতে  দেশত বছৰি প্ৰয়োজন  হোৱা ১০মিলিয়ন ইউনিটৰ (এক   ইউনিট = ৩৫০ মিলিলিটাৰ)অৰ্ধেকৰো কম  তেজহে সংগ্ৰহ হয়৷ আন এক তথ্য মতে   দেশখনৰ  প্ৰাপ্তবয়স্কসকলৰ ৫০% জনেই  ৰক্তদানৰ যোগ্য৷  কিন্তু অতি হতাশাৰ কথা  আমাৰ দেশৰ  প্ৰতি এহেজাৰজনৰ ভিতৰত  মাত্ৰ ৪জনেহে  ৰক্তদান কৰে৷ এহেজাৰজনৰ ভিতৰত যদি ২০জনে  ৰক্তদান কৰিলেহেতেন  তেতিয়া   প্ৰয়োজন তকৈ বেচি তেজ সংগ্ৰহ হ'লহেতেন৷ অৰ্থাৎ  ২ %  ৰক্তদাতাই দেশখনৰ তেজৰ চাহিদা পূৰণ কৰিব পাৰে৷

ৰক্তদান কৰিবলৈ শৰীৰৰ ওজন ন্যুনতম ৪৫ কিলোগ্ৰাম হ’ব লাগে৷ তেজত হিমগ্লবিন ১২গ্ৰাম  শতাংশৰ কম হ’ব নালাগিব৷ ৰক্তদাতাজন আগতে উল্লেখ কৰা ৰোগ সমূহৰ পৰা মুক্ত হ’ব লাগিব৷ এবাৰত এজন ৰক্তদাতাই শৰীৰৰ প্ৰতি কিলোগ্ৰাম ওজনৰ বিপৰীতে ৮মিলিলিটাৰ তেজ দিব পাৰে৷ অৰ্থাৎ ৪৫ কিলোগ্ৰাম ওজনৰ  এজন লোকে এবাৰত ৩৬০ মিলিলিটাৰ তেজ দিব পাৰে৷ অৱশ্যে ৰক্তভঁৰালে ৩৫০ মিলিলিটাৰ তেজহে সংগ্ৰহ কৰে৷৷ ১৮ বছৰৰ পৰা ৬৫বছৰ  বয়সলৈকে  যি কোনো সুস্থ পুৰুষ বা মহিলাই নিসংকোচে ৰক্তদান কৰিব পাৰে৷ আকৌ লক্ষ্য কৰক  এজন  প্ৰাপ্তবয়স্ক  পুৰুষৰ শৰীৰত  প্ৰতিকিলো ওজনৰ বিপৰীতে ৭৬ মিলিলিটাৰ, মহিলাৰ প্ৰতিকিলো ওজনৰ বিপৰীতে ৬৬ মিলিলিটাৰ তেজ  থাকে৷ কিন্তু শৰীৰক প্ৰয়োজন প্ৰতিকিলো ওজনত ৫০মিলিলিটাৰ তেজ৷ গতিকে আমাৰ  ব্যৱহাৰৰ ওপৰঞ্চি (Extra Pool of Blood) পৰিমাণৰ পৰাহে তেজ সংগ্ৰহ কৰা হয়৷ সেয়ে  ৰক্তদানৰ পৰা  শৰীৰৰ সমূলিও   ক্ষতি নহয়৷ ৰক্তদান কৰাৰ  ৪৮ ঘন্টাৰ ভিতৰত  প্লাজমা অৰ্থাৎ  তেজৰ  জুলীয়া অংশটোৰ  সম্পূৰ্ণ ক্ষতি পূৰণ হয়৷ বাকী কণিকাসমূহৰ (চেলুলাৰ  উপাদানসমূহৰ)ক্ষতি পূৰণ হয় ২১ দিনত৷  যিদৰে নাদৰ পৰা পানী তুলি থাকিলেও নাদৰ পানী কমি নগৈ  আকৌ আগৰ সমান হয়, সেইদৰে মাত্ৰ ৩সপ্তাহত  ৰক্তদাতাৰ তেজৰ পৰিমাণ পূৰ্বৰ দৰে হৈ পৰে৷ প্ৰত্যেক পুৰুষক ৩মাহত আৰু মহিলাক  ৪মাহত  পুনৰ ৰক্তদান  কৰিবলৈ স্বাস্থ্য বিভাগে অনুমতি দিছে৷ শৰীৰৰ ওজন ৫৫কিলোগ্ৰামৰ অধিক হলে ৪৫০মিলিলিটাৰ তেজ অনায়াসে দান কৰিব পাৰে৷

ব্লাড ট্ৰানসফিউজন চাৰ্ভিচ অবিহনে চিকিৎসা বিজ্ঞান অচল৷ উন্নত দেশসমূহ এশ শতাংশই স্বেচ্ছা ৰক্তদাতাৰ ওপৰত নিৰ্ভৰশীল৷ আমাৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ ৰক্তভঁৰাল ৮২% স্বেচ্ছা  ৰক্তদাতাৰ ওপৰত নিৰ্ভৰশীল৷পশ্চিমবংগ, আহমেদাবাদ  আদিৰ  ৰক্তভঁৰালো স্বেচ্ছা ৰক্তদাতাৰ  সহায়ত সুচাৰৰূপে চলি আছে৷ অসমত স্বেচ্ছা ৰক্তদাতাৰ সহযোগ ১০%ৰো কম৷

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজৰ ৰক্তভঁৰালক   দেশৰ মডেল ব্লাড বেংকসমূহৰ এটা হিচাপে স্থাপন কৰা হৈছে৷ প্ৰতিদিনে ৬০ইউনিট ৰক্ত আৰু ৫ইউনিট  কম্পোনেন্ট  এই ৰক্তভঁৰালৰ পৰা দিয়া হয়৷ জনসাধাৰণৰ সহযোগ আৰু সজাগতাৰ  ৰক্তভঁৰালক সদায়েই  প্ৰয়োজন৷ মুমূৰ্ষু ৰোগীৰ  জীৱন ৰক্ষাৰ বাবে প্ৰয়োজনীয় ৰক্ত যথা সময়ত যোগান ধৰাই হৈছে ৰক্তভঁৰালৰ প্ৰধান লক্ষ্য৷ আমাৰ দেশৰ মাত্ৰ দুই শতাংশ লোকে স্বেচ্ছা ৰক্তদাতা হিচাপে আগবাঢ়ি আহিলেই ৰক্তভঁৰালসমূহ  সকলো সময়তে  ততালিকে   সহায় কৰিব পৰাকৈ টনকিয়াল হব৷ ৰক্তদান মহান দান, ই অতুলনীয়৷ জীৱন কালত  প্ৰত্যেকেই এবাৰলৈ হলেও  এই ৰক্তদানৰ সুখানুভূতি লভিবলৈ আগবাঢ়ি আহিব লাগে৷ এয়া হ'ল সময়ৰ  আহ্বান৷

লেখক:- ডা০ ৰামকান্ত হাজৰিকা

উৎস:- মূৰ্চ্ছনা

3.33333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top