স্বাস্থ্য বিজ্ঞানীসকলে দীৰ্ঘদিনীয়া অধ্যয়ন আৰু গৱেষণাৰ অন্তত ৰক্তাল্পতাৰ বিভিন্ন স্তৰ আৰু এইবিলাক নিৰাময়ৰ কেইটিমান সহজ উপায় উদ্ভাৱন কৰিছে। আজিকালি অতি ব্যস্ততাপূৰ্ণ আধুনিক জীৱন যাত্ৰাত নিজে ইচ্ছা অনুসৰি ৰন্ধা-বঢ়া কৰি ভাতমুঠি খাই থকাৰ উপাই নোহোৱা হৈছে। আৰু সেয়েহে ফাষ্টফুডৰ প্ৰচলন আগতকৈ বহুগুণে বাঢ়িছে। এনেধৰণৰ ফাষ্টফুডত আহাৰত থাকিবলগীয়া পৌষ্টিক গুণ কম থাকে বাবে এনে আহাৰ নিয়মীয়াকৈ গ্ৰহণ কৰা লোকৰ ৰক্তৰ পৰিমাণ স্বাভাৱিকতকৈ কম থাকে। সাধাৰণতে এনে অৱস্থা যুৱক-যুৱতীসকলৰ মাজত বেছিকৈ দেখা যায়। শৰীৰত ৰক্তৰ পৰিমাণ কম থকাৰ বাবে এওঁলোক দুৰ্বল হয় আৰু চকু মুখ শেঁতা পৰে। এই অৱস্থাটোকে ‘ৰক্তাল্পতা’ বা ‘এনিমিয়া’ বুলি কোৱা হয়।
এনিমিয়া হোৱাৰ প্ৰধান কাৰণ হ’ল উপযুক্ত পৰিমাণৰ পুষ্টিকৰ আহাৰ গ্ৰহণ নকৰা। পুৰুষৰ শৰীৰত ৰক্তৰ পৰিমাণ ১৪ ৰ পৰা ১৮ গ্ৰাম প্ৰতি ডেচিলিটাৰত থাকিব লাগে। আৰু মহিলাৰ শৰীৰত প্ৰতি ডেচিলিটাৰ তেজত ১২ ৰ পৰা ১৬ গ্ৰাম তেজ থাকিব লাগে। এই পৰিমাণতকৈ কম থাকিলে ব্যক্তিজনৰ ৰক্তাল্পতা বা এনিমিয়া হোৱা বুলি কোৱা হয়। স্বাভাৱিকভাৱে ১০ গ্ৰামতকৈ বেছি তেজ থকা ব্যক্তি স্বাস্থ্যৱান হৈ যিকোনো ধৰণৰ কাম-কাজ কৰি থাকিব পাৰে। কিন্তু ইয়াতকৈ কম তেজ থকা ব্যক্তিয়ে অধিক পৰিমাণে পুষ্টিকৰ আহাৰ খাব লাগে।
এনিমিয়া বা ৰক্তাল্পতাৰ তিনিটা স্তৰ থাকে। ইয়াৰ প্ৰথম স্তৰটো ‘মাইল্ড’ বুলি কোৱা হয় আৰু এনে ব্যক্তিৰ গাত ১০ ৰ পৰা ১২ গ্ৰাম (প্ৰতি ডেচিলিটাৰত) তেজ থাকে। এনেদৰে ৬ ৰ পৰা ১০ গ্ৰাম (প্ৰতি ডেচিলিটাৰত) পৰ্যন্ত তেজ থকা ব্যক্তিক ‘মডাৰেক্ট’ স্তৰটোৰ অন্তৰ্গত বুলি কোৱা হয়। এনেধৰণৰ কম তেজ থকা ব্যক্তিৰ স্বাস্থ্য বিপজ্জনক বুলি কোৱা হয়। এই অৱস্থাটোক চিকিৎসা বিজ্ঞানৰ ভাষাত ‘চিভিয়েৰ এনিমিয়া’ বুলি কোৱা হয়।
অতি নিম্ন স্তৰত তেজ থকা ব্যক্তিয়ে অতি বিপজ্জনক ৰোগ হেপাইটিটিছ বি’, ‘চি’ তথা এইচ আই ভি আদি ৰোগত সহজে আক্ৰান্ত হ’ব পাৰে। চিকিৎসকে সাধাৰণতে দিয়া পৰামৰ্শ হ’ল তেজ কম থকা ব্যক্তিয়ে অধিক মাত্ৰাত আয়ৰণজাতীয় ছাপ্লিমেণ্ট ল’ব নালাগে। কাৰণ এনে পৰামৰ্শ মানি চলিলে হৃদ ৰোগ জাতীয় সমস্যাৰ উতপত্তি হ’ব পাৰে।
এনিমিয়া প্ৰতিৰোধ কৰাৰ উপায়-
(ক) চিভিয়েৰ এনিমিয়া ৰোগীয়ে বেলেন্স ডায়েট নিয়মীয়াকৈ খাব লাগে। প্ৰোটিন, আয়ৰণ, ফলিক এচিড, ভিটামিন, মাংস আৰু মাছ এনে ৰোগীয়ে নিয়মীয়াকৈ খোৱাৰ উপৰিও গাখীৰ, সেউজীয়া পাচলি, মটৰ, চিৰা, গুড়, কিচমিচ, খেজুৰ, আপেল আদি ফল খাব পাৰে। এনেবিলাক খাদ্যত থকা উপাদানে তেজ সৃষ্টি কৰাত সহায় কৰে।
(খ) দিনটোৰ নিয়মীয়া আহাৰ গ্ৰহণ কৰাৰ আধা ঘণ্টা আগত বা পিছত চাহ, কফি আদি সেৱন নকৰিব। এনেধৰণৰ দ্ৰব্যই আহাৰৰ পৰা পাবলগা পৌষ্টিক উপাদানসমূহ হজম কৰাত বাধা দিয়ে।
(গ) আয়ৰণযুক্ত খাদ্য এইক্ষেত্ৰত উপকাৰী বুলি কোৱা হয়। কিন্তু এনে খাদ্যৰ লগত ভিটামিন’চি; যুক্ত খাদ্যো খাব লাগে। ভিটামিন ‘চি’ৰ কাৰণে মধুৰিয়াম, আমলখি আৰু সুমথিৰা টেঙাৰ ৰস খাব লাগে এনেধৰণৰ খাদ্য খাই থাকিলে কোনো কাৰণতে লোক এজনৰ ৰক্তাল্পতা বা এনিমিয়া হ’ব নোৱাৰে।
স্বাস্থ্য আৰু দীৰ্ঘজীৱন
শেহতীয়া উন্নীতকৰণ: : 9/13/2018
আয়ুৰ্বেদ আৰু ঘৰুৱা যতনত পিঁয়াজ
কেইটামান ৰোগৰ সাধাৰণ ঘৰুৱা চিকিৎসা
এচিডিটি দূৰ কৰাৰ ঘৰুৱা উপায়
কেইটামান ঘৰুৱা টিপচ্