অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰোগ কিয় হয়?

ৰোগ কিয় হয়?

স্বাস্থ্য মনে কেৱল ৰোগবিহীন শৰীৰটোক নুবুজায়। সম্পূৰ্ণ শাৰীৰিক, মানসিক, আধ্যাত্মিক আৰু সামাজিক সুস্থতাৰ অৱস্থাটোৱেই স্বাস্থ্য। এই অৱস্থা লাভ কৰিবলৈ হ’লে এজন মানুহৰ তেওঁৰ পাৰিপাৰ্শ্বিক পৰিৱেশৰ মাজত এটা গতিশীল ভাৰসাম্য থকা প্ৰয়োজন। ইয়াৰ বাবে আৱশ্যক

সুস্থ মানুহ

  • ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা
  • পুষ্টিকৰ খাদ্য
  • সহজাত প্ৰতিৰোধ ক্ষমতা
  • লাভ কৰাপ্ৰতিৰোধ ক্ষমতা

সুস্থ মানুহৰ পৰিৱেশ

  • সুস্থ পৰিস্কাৰ পৰিৱেশ
  • স্বাস্থ্যসন্মত শৌচাগাৰ
  • আৱৰ্জনা নিস্কাশনৰ ব্যৱস্থা
  • বিশুদ্ধ খোৱা পানীৰ

এই ভাৰসাম্যৰ বিস্ংগতি হ’লেই ৰোগৰ সৃষ্টি হয়। অৱশ্যে দেশভেদে ৰোগৰ কাৰণো ভিন্ন। এই আলোচনাত কেতবোৰ ৰোগৰ বিষয়ে সম্যক ধাৰণা দিয়া হৈছে।

বসন্ত

আধুনিক চিকিৎসা-বিজ্ঞানৰ মহৎ সাফাল্য হ’ল সমাজৰ পৰা বৰ আইৰ নিৰ্মূলকৰণ। বিশ্ব স্বাস্থ্য স্ংস্থাই বৰ আইৰ নিৰ্মূলকৰণৰ কাৰণে সাৰ্বজনীন ছিটা প্ৰয়োগ আঁচনি গ্ৰহণৰ ফলত এইটো সম্ভৱ হ’ল। বিশ্বৰ পৰা বৰ আই নিৰ্মূল হোৱাৰ পিছত ১৯৭০চনত এই ছিটা প্ৰয়োগ আঁচনি বন্ধ কৰি দিয়ে। বৰ আইৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই। ছিটা প্ৰয়োগৰ যোগেদি শৰীৰত এই ৰোগৰ প্ৰতিৰোধী ক্ষমতা গঢ়ি তুলিহে ইয়াৰ্পৰা বাচি থকাৰ একমাত্ৰ উপায়। অৱশ্যে মাজু আই এতিয়াও আমাৰ সমাজত আছে। সম্প্ৰতি মাজু আইৰ ছিটা উপলব্ধ হৈছে। এই ৰোগৰ ভাইৰাছ অতি স্ংক্ৰামক। শৰীৰত উঠা গুটোবোৰ পৰীক্ষা কৰিয়েই এই ৰোগ নিৰ্ণয় কৰিব পৰা যায়। এই ৰোগ হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰত ঔষধ ব্যৱহাৰ কৰিলে যথেষ্ট সুফল পোৱা যায়। কিন্তু বসন্তক আমাৰ সমাজত এতিয়া ‘আই গোঁসানী’ৰ স্থান দিয়া কিছু ভ্ৰান্ত ধাৰণা বৰ্তি আছে। ইয়াৰ বাহিৰেও আমাৰ সমাজত দেখা দিয়া আন এক ভাইৰাছজনিত ৰোগ হৈছে নুটি আই। যাক চিকিৎসা বিজ্ঞানত Measles বুলি কোৱা হয়। প্ৰতিষেধক ছিটা ওলোৱাৰ পূৰ্বে সকলো শিশুৰে এই ৰোগ হৈছিল।এই ৰোগৰ ভাইৰাছ বতাহত উৰি ফুৰে আৰু উশাহৰ লগত শৰীৰত প্ৰৱেশ কৰে, জ্বৰ, মূৰৰ বিষ, গাৰ বিষ আৰু কাহ এই ৰোগৰ লক্ষণ। শিশুক নুটি আইৰ ছিটা দিলেও এই ৰোগ নহয়। নিৰাময়ৰ বাবে ভিটামিন –এ ব্যৱহাৰ কৰিও সুফল পোৱা যায়।

মেলেৰিয়া

আমাৰ সমাজত দেখা দিয়া এটা ভয়াবহ ৰোগ মেলেৰিয়া। সাধাৰণতে মাইকী এন’ফিলিছ মহে এই ৰোগ বিয়পায়। এই ৰোগত পুন: পুন: জ্বৰ হৈ থাকিব পাৰে। মেলেৰীয়া ৰোগত স্ংক্ৰমিত লোহিত ৰক্ত কণিকা ভাগি যায়। ফলত ৰোগীৰ এনিমিয়া হয়। আৰম্ভণিতে ৰোগীৰ গা বেয়া লাগে, মূৰৰ বিষ হয়, বমি হয়, কাহ আৰু পায়খানা হোৱাও দেখা যায়। প্ৰথমেৰোগীৰ নেৰানেপেৰা জ্বৰ হয়। জ্বৰৰ সৈতে কঁপনিও হয়, জ্বৰ ভামে, আকৌ পুনৰ কিছু সময়ৰ পিছত উঠে। সাধাৰণতে তেজৰ পৰীক্ষাৰ দ্বাৰা মেলেৰীয়া ৰোগ নিৰ্ণয় কৰা হয়। মেলেৰীয়া ৰোগত অৱহেলা নকৰি তৎক্ষণাৎ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

কলেৰা

যিকোনো বয়সত এই ৰোগ হ’ব পাৰে। এই ৰোগ মানুহৰ পৰা মানুহলৈ বিয়পে। কলেৰাৰ বীজাণুৰ মূল উৎস মানুহৰ শৌচ। শৌচৰ লগত থকা বীজাণু খোৱাপানী বা বাচন-বৰ্তন, শাক-পাচলি আদি ধোৱা পানীৰ মাধ্যমত খাদ্যৰ লগত মানুহৰ শৰীৰত প্ৰৱেশ কৰে। লেতেৰা হাতখন এই ৰোগৰ বাহক হ’ব পাৰে। কলেৰা ৰোগ এবিধ হঠাতে হোৱা হাগনি ৰোগ। এই ৰোগত পনীয়া পায়খানা হয়। সেয়ে কম সময়ৰ ভিতৰত শৰীৰত পানী আৰু খনিজ পদাৰ্থৰ অভ্বাৱ ঘটে। ফলত মাংসপেশীৰ সংকোচন হয় আৰু প্ৰস্ৰাৱ কমি আহে। তাৎক্ষণিক চিকিৎসা নকৰিলে ৰোগীৰ্মৃত্যু পৰ্যন্ত হ’ব পাৰে।

কলেৰা নহ’বলৈ কি কৰিব—

১) যিমান পাৰি সিমান সোনকালে ৰোগ নিৰ্ণয় কৰি চিকিৎসা গ্ৰহণ কৰা উচিত।

২) কলেৰা ৰোগৰ প্ৰধান বাহক পানী। সেয়ে খোৱা পানী বীজাণুমুক্ত হোৱা উচিত। খাদ্য প্ৰস্তুত কৰোতে ব্যৱহাৰ কৰা পানীও বিশুদ্ধ হোৱা উচিত।

৩) সদায় শৌচ-প্ৰস্ৰাৱ কৰোতে পৰিস্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিব লাগে। পানী সদায় উতলাই ঠাণ্ডা কৰি খোৱা উচিত।

৪) সাহাৰ্য শিবিৰ, নগৰৰ বস্তি অঞ্চল আৰু বানপানী উঠআঞ্চলৰ মানুহে এই ৰোগৰ বাবে সাৱশান হোৱা উচিত। কাপোৰ-কানি আদি ঘৰুৱা সকলো আচবাব চাফ-চিকুনকৈ ৰাখিব লাগে। হাত ধুই খাদ্য গ্ৰহণ কৰাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব লাগে।

হুপিং কাহ

হুপিং কাহ এবিধ সংক্ৰামক ৰোগ। এই ৰোগত নেৰানেপেৰা কাহ বহুত দিনলৈকে থাকে। এই ৰোগৰ বীজাণু ৰোগীৰ মুখ আৰু নাকৰ ভিতৰত থাকে। সেয়ে ৰোগীয়ে কাহিলে, হাঁচিয়ালে বা ক্লথা ক’লে বীজাণুবোৰ বায়ুৰ লগত মিহলি হৈ চাৰিওফালে সিঁচৰিত হৈ পৰে। ফলত সেই ৰোগীজনৰ ওচৰে-পাঁজৰে থকা বেলেগ মানুহৰ শৰীৰলৈও এই ৰোগ বিয়পে। এই ৰোগৰ প্ৰধান লক্ষণ হ’ল নেৰানেপেৰা কাহ। বৰ্তমান ডি পি টি টিকা দি এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি। প্ৰাথমিক প্ৰতিষেধক হিচাপে এবছৰৰ তলৰ শিশুক তিনিটা টিকা দিয়া হয়। এই টিকা জন্মৰ ৬ সপ্তাহ, ১০ সপ্তাহ আৰু ১৪ সপ্তাহত দিয়া হয়। ইয়াৰ বাহিৰেও ডিপিটিৰ এটা বুষ্টাৰ বেজী ১৬ মাহৰ পৰা ২৪ মাহৰ ভিতৰত দিয়া হয়। অৱশ্যে যদি শিশু মৃগী ৰোগী হয় বা পিতৃ-মাতৃ মৃগী ৰোগী হয়, তেতিয়া এই বেজী দিব নালাগে।

ডেংগু জ্বৰ

ডেংগু ৰোগৰ বাহক হ’ল এডিছ ইজিপ্তি নামৰ এবিধ মহ। এই মহে ডোঙা বান্ধি থকা পানীত কণী পাৰি বংশ বৃদ্ধি কৰে। সেয়ে ঘৰৰ কাষৰ বন্ধ পানী, পেলাই থোৱা টায়াৰ আদিত থকা পানীত এনে মহে কণী পাৰিব পাৰে। এই ৰোগৰ আৰম্ভণিতে গা বেয়া লাগে আৰু মূৰত প্ৰচণ্ড বিষ হয়। সমগ্ৰ শৰীৰৰ বিষ হয়। আনকি চকুৰে ইফালে-সিফালে চাওঁতে পানী ওলায়। ভোক নালাগে আৰু বমি হয়। ইয়াৰ লগতে একেৰাহে জ্বৰ থাকে। ছালৰ কিছুমান ৰঙচুৱা গুটিৰ নিচিনা দাগ দেখা দিয়ে। ডেংগু ৰোগত শ্বেত ৰক্ত কণিকা আৰু অণুচক্ৰিকাৰ স্ংখ্যা হ্ৰাস হয়। সাধাৰণতে তেজত এই ৰোগৰ ভাইৰাছৰ উপস্থিতি নিৰ্ণয় কৰি এই ৰোগ ধৰা পেলাব পাৰি। ডেংগু জ্বৰৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই। সাধাৰণতে পেৰাচিটামল টেবলেট দিয়া হয়। কিন্তু সামান্য সন্দেহ হ’লেই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা বাঞ্চনীয়।

ধনুষ্টংকাৰ

হাত-ভৰিত কটা-ছিঙা হ’লে আমি টিটেনাছ বেজী ল’বলৈ যাওঁ। এই ধনুষ্টংকাৰ ৰোগেই টিটেনাছ ৰোগ। ভাৰততএই ৰোগ যথেষ্ট বেছি। সাধাৰণতে শৰীৰত আঘাত পোৱাৰ পিছত ৬-১২ দিনৰ ভিতৰত এই ৰোগৰ লক্ষণে দেখা দিয়ে। আৰম্ভণিতে মুখমণ্ডলৰ মাংসপেশীৰ স্ংকোচনৰ ফলত ৰোগীয়ে মুখ মেলিব নোৱাৰা হয়। ৰোগীয়ী আহাৰ গিলিবলৈ কষ্ট পায়। ক্ৰমান্বয়ে শৰীৰৰ অন্য অংগৰ মাংসপেশীৰো স্ংকোচন আৰম্ভ্ হয়।শৰীৰৰ আগফাল আৰু পাছফাল এনেদৰে ভাজ হৈ ধনুৰ আকৃতি লয়।এই ৰোগৰ চিকিৎসাতকৈ প্ৰতিৰোধৰ ওপৰতহে সৰ্বাধিক গুৰুত্ব দিয়া হয়। কিয়নো এই ৰোগ অতি সহজে প্ৰতিৰোধ কৰিব পাৰি। এই ব্যৱস্থা দুই ভাগত ভগোৱা হৈছে। প্ৰত্যক্ষ প্ৰতিৰোধ ব্যৱস্থা হিচাপে শিশুৰ জন্মৰ তিনিমাহ বয়সৰ পৰা এমাহৰ মূৰে মূৰে তিনিটা ট্ৰিপল এণ্টিজেন বেজী দিয়া হয়। কিন্তু মাজতে যদি কিবা দুৰ্ঘটনাত আঘাত পায়, তেতিয়া টিটেনাছ টক্সয়ড বেজী দিয়া হয়। এমাহৰ তলৰ শিশুৰ, অৰ্থাৎ কেঁচুৱাৰ ক্ষেত্ৰত প্ৰতিৰোধ ব্যৱস্থা হিচাপে শিশুটিৰ মাকক গৰ্ভৱতী অৱস্থাতেই দুটা টিটেনাছ টক্সয়ড বেজী দিয়া হয়। সৰুতে টিকা গ্ৰহণ নকৰাসকলেও টিটেনাছ টক্সয়ড বেজী ল’ব লাগে।ইয়াৰ বাহিৰেও কটা ঘা-ডোখৰৰ যত্ন লোৱা প্ৰয়োজন। ক্ষতস্থানৰ পৰা যাতে ৰোগ স্ংক্ৰমণ নহয় তাৰ প্ৰতি সাৱধান হ’ব লাগে।

ছোৱাইন-ফ্লু

ছোৱাইন-ফ্লু বৰ্তমান পৰিচিত ৰোগ। ই ভাইৰাছজনিত স্ংক্ৰামক ৰোগ। এইবিধ ভাইৰাছ গাহৰিওৰ দেহৰ পৰা বিয়পে। এই ভাইৰাছৰ বিৰুদ্ধে এতিয়ালৈকে মানুহৰ প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠা নাই। সেয়ে প্ৰথম অৱস্থাতে ৰোগ চিনাক্তকৰণত আৰু স্ংক্ৰমণ ৰোধত সৰ্বাধিক গুৰুত্ব দিয়া হয়। এই ৰোগত পানীলগা জ্বৰৰ দৰে নাক-মুখেৰে পানী ওলায়, গাৰ বিষ আদি হৈ বমি আৰু ডায়েৰিয়া হয়। এই ৰোগ চিনাক্ত হ’লে ভাইৰাছ বিৰোধী চিকিৎসা কৰা হয়।

 

গ্ৰহণী

গ্ৰহণী ৰোগৰ কাৰক সাধাৰণতে বেক্টেৰিয়া। এই ৰোগত ৰোগীৰ হাগনি হৈও তলপেটত বিষ হয়। ৰোগীৰ শৌচত তেজ আৰু বিজলুৱা বস্তু নিৰ্গত হয়। অৱশ্যে এমিবিক গ্ৰহণীৰ কাৰক এবিধ পৰজীৱী। শৌচ পৰীক্ষাৰ দ্বাৰা গ্ৰহণী ৰোগ নিৰ্ণয় কৰিব পাৰি। চালাড, ঢাকি নোথোৱা খাদ্য, দূষিত পানী আদিয়েই এই ৰোগৰ কাৰক। ব্যক্তিগত পৰিচ্ছন্নতা, বিশুদ্ধ পানী খোৱা, খোৱা বস্তু ভালদৰে সিজাই খোৱা আদি ব্যৱস্থা গ্ৰহণ কৰিলে গ্ৰহণীৰ পৰা হাত সাৰিব পাৰি।

সন্নিপাত জ্বৰ

এই ৰোগৰ আৰম্ভণিতে লাহে লাহে জ্বৰ উঠি পিছলৈ শৰীৰৰ উত্তপ বৃদ্ধি হয়। এই ৰোগ নিৰ্ণয় কৰিবলৈ তেজৰ কালচাৰ কৰা হয়। সন্নিপাত জ্বৰত এণ্টিবায়’টিকৰ চিকিৎসা যথেষ্ট ফলপ্ৰসূ হোৱা দেখা যায়।

পেলু

পেলুৰ সমস্যা নোহোৱা মানুহ খুব কমেই ওলাব। ই বিভিন্ন ধৰণৰ আছে। জিয়াৰ্ডিছিছৰ কাৰক এবিধ এককোষী পৰজীৱী। সাধাৰণতে দূষিত পানী খালে এই ৰোগ হয়। এই ৰোগত হাগনি, পেটৰ বিষ, দুৰ্বলতা, আভোক, ওকালি আৰু বমি হয়। শৌচ পৰীক্ষা কৰিলে এই ৰোগ ধৰা পৰে। অৱশ্যে ঘনাই শৌচ পৰীক্ষা কৰিব লাগে। কিয়নো, এবাৰত ধৰা নপৰিবও পাৰে। ৰোগ ধৰা পৰিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।পেলুৰ প্ৰভাৱ শিশুৰ ক্ষেত্ৰত সাধাৰণতে বেছি দেখা যায়। সূতা পেলুক বহুতে কৃমি বুলিও কয়। ইহঁত নিশাৰ ভাগত শৌচদ্বাৰলৈ ওলাই আহি কণী পাৰে। ফলত শৌচদ্বাৰত খজুৱতি হয়। এই পেলুৰ ঔষধ খাওঁতে ঘৰৰ সকলো সদস্যই একেলগে খাব লাগে। পৰাপক্ষত হাতৰ নখ চুটিকৈ ৰাখিব লাগে আৰু খাদ্য গ্ৰহণৰ সময়ত হাত ভালদৰে ধুৱ লাগে। হাঁকোটা পেলু আৰু ঘুৰণীয়া পেলুও হোৱা দেখা যায়। শৌচ পৰীক্ষাত এইবোৰ নিৰ্ণয় কৰা হয়। পেলুৱে কেতিয়াবা ভয়ংকৰ বিপদ ঘটাব পাৰে। সেয়ে পেলু হোৱাৰ উমান পালেই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। গাহৰিৰ মাংস আধা সিজাকৈ খালে কেতিয়াবা গাহৰি ফিতা পেলু হয়। যিটো গো-মাংসৰ ক্ষেত্ৰতো হোৱা দেখা যায়। পৈণত ফিটা পেলু কেইবা মিটাৰো দীঘল হয়। সদায় গো-মাংস বা গাহৰিৰ মাংস ভালদৰে সিজাই খাব লাগে।

জলাত্ংক

এই ৰোগ ৰেবিজ নামৰ ভাইৰাছৰ পৰা হয়। এই ৰেবিজ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত জীৱ-জন্তুৱে কামোৰা মানুহৰ এই ৰোগ্ হয়। শৰীৰত এই ভাইৰাছৰ প্ৰৱেশ ঘটিলে স্নায়ুৰ লগে লগে গতি কৰি মস্তিস্কত প্ৰৱেশ কৰি শৰীৰৰ অন্যান্য অংশলৈ বিয়পি পৰে। প্ৰথম অৱস্থাত জলাত্ংক হোৱা ৰোগীৰ জ্বৰ হয়, জাৰ লাগে, গা বিষায়, বমি হয়। ইয়াৰ লগতে হাত-ভৰি জিনজিনায় আৰু মাংসপেশীবোৰ কঁপিবলৈ আৰম্ভ কৰে। লাহে লাহে ৰোগী অস্থিৰ হয়, অস্ংলগ্ন কথা কয় আৰু পানী দেখিলেই ভয় খায়। এই উপসৰ্গবোৰ দেখা দিয়াৰ পিছত ৰোগী ক্ৰমাৎ অচেতন হয়। জলাত্ংক ৰোগৰ দ্বাৰা আক্ৰান্ত জীৱ-জন্তুৱে কামোৰা বা আচোঁৰাৰ প্ৰমাণ থাকিলে ৰোগ নিৰ্ণয় কৰাত সহজ হয়। এই ভাইৰাছৰ নিৰ্দিষ্ট দৰ্ৱ নাই, সেয়ে ৰোগ হ’লে মৃত্যুহ প্ৰায় অনিবাৰ্য। কিন্তু ৰোগ প্ৰতিৰোধ কৰিব পাৰি। জন্তুৱে কামোৰাৰ লগে লগে ঠাইটুকুৰা ভালদৰে চাবোনেৰে ধুব লাগে। কেৱল কামোৰাই নহয়, আঁচুৰিলেও সতৰ্ক হ’ব লাগে আৰু জলাত্ংক ৰোগৰ টিকা গ্ৰহণ কৰিব লাগে।

ৰক্তাল্পতা

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কম হ’লেই ৰক্তাল্পতাত ভোগা ৰোগী হিচাপে চিনাক্ত কৰা হয়। তেজ পৰীক্ষাৰ দ্বাৰা এই ৰোগ নিৰ্ণয় কৰা হয়। হিম’গ্লবিনে আমাৰ শৰীৰত অক্সিজেন সৰবৰাহ কৰে। অৱশ্যে এই ৰোগ হৃদপিণ্ড-শ্বাসতন্ত্ৰৰ ৰোগৰ উপস্থিতিৰ ওপৰতো নিৰ্ভৰশীল। এই ৰোগত আক্ৰান্ত হ’লে ৰোগীৰ সহজতে ভাগৰ লাগে, মূৰ পাতল লাগে, উশাহ-নিশাহত কষ্ট হয়, সৰু গাঁঠি ফুলি উঠা, আন ৰোগ ঠাকিলে সি বৃদ্ধি পোৱা আদি সমস্যাই দেখা দিয়ে। কেতিয়াবা খাদ্যত পৰ্যাপ্ত পৰিমাণৰ লৌহ পদাৰ্থ নাথাকিলেও তেজত হিম’গ্লবিনৰ মাত্ৰা হ্ৰাস পায়। ইয়াৰ বাহিৰেও শিশুৰ বিকাশৰ সময়ত, ছোৱালী পুস্পিতা হোৱাৰ সময়ত, গৰ্ভাৱস্থাত, স্তনপান কৰোৱা মাতৃৰ শৰীৰত লৌহ পদাৰ্থৰ চাহিদা বৃদ্ধি পায়। এনে অৱস্থাত নিয়মীয়াকৈ গ্ৰহণ কৰা খাদ্যই সেই অভাৱ পূৰণ কৰিব নোৱাৰিবও পাৰে। তেতিয়া লৌহ পদাৰ্থযুক্ত দৰৱ গ্ৰহণ কৰিব লগা হয়।

জাপানীজ এনকেফেলাইটিছ

এই ৰোগৰ ভাইৰাছবিধ প্ৰথমে ১৯৩৫ চনত জাপানত চিনাক্ত হৈছিল। চৰাই, পোহনীয়া গাহৰি আৰু কিউলেক্স মহ এই ভাইৰাছৰ বাহক। এই ভাইৰাছ স্ংক্ৰমিত কিউলেক্স মহে মানুহক কামুৰিলে ি মানুহৰ দেহলৈ স্ংক্ৰমিত হয়। এই ৰোগৰ লক্ষণবোৰ হ’ল—জ্বৰ, মূৰৰ বিষ, বমি, প্ৰলাপ বকা, ফিট্‌ হোৱা আৰু ক্ৰমান্বয়ে স্ংজ্ঞাহীন হোৱা। এই ৰোগত ডিঙিৰ মাংসপেশীবোৰ দুৰ্বল হয় বাবে উশাহত বাধা আহে। হাত-ভৰিবোৰ অচল হৈ পৰে। জাপানীজ এনকেফেলাইটিছ ৰোগ চিনাক্ত হয় ইয়াৰ লক্ষণ সমূহৰ পৰা। এই ৰোগৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই। ৰোগীৰ সমস্যাৰ ওপৰত নিৰ্ভৰ কৰি নিৰাময়ৰ বিভিন্ন চিকিৎসা কৰা হয়। অৱশ্যে এই ৰোগৰ ছিটা সম্প্ৰতি উপলব্ধ হৈছে।

মৃগী ৰোগ

মৃগী ৰোগ মগজুৰ পৰা হোৱা এবিধ ৰোগ। এই ৰোগত মগজুৰ পৰা বৈদ্যুতিক আধানবোৰ অতিমাত্ৰাত আৰু অনিয়ন্ত্ৰিতভাৱে নিৰ্গত হয়। অৱশ্যে প্ৰক্ৰিয়াটো খুব কম সময়ৰ বাবে থাকে। কেতিয়াবাহে দীঘলীয়াকৈ হোৱা দেখা যায়। মৃগী ৰোগ বিভিন্ন প্ৰকাৰৰ আছে। কেতিয়াবা ৰোগীজন হঠাতে অজ্ঞান হৈ পৰি হাত-ভৰি জোকাৰিবলৈ ধৰে। মুখেদি ফেন ওলায়, জিভা পৰ্যন্ত কেতিয়াবা কাটি যায়। কেতিয়াবা হাত-ভৰি কোঁচ খাই যায়। হঠাতে বাগৰি পৰি লেতু-সেতু হৈ যোৱাও বহুতৰ ক্ষেত্ৰত দেখা যায়। কিন্তু দুখৰ কথা যে এই ৰোগৰ চিকিৎসা উপলব্ধ যদিও বহু ভিতৰুৱা অঞ্চলত গাঁৱলীয়া চিকিৎসাৰ ওপৰত নিৰ্ভৰ কৰি থাকে। কেৱল ডাক্তৰী চিকিৎসাৰ জৰিয়তেহে এই ৰোগৰ ৰোগী সম্পূৰ্ণ সুস্থ হৈ উঠিব। কেতিয়াবা অৱশ্যে ৰোগ নিয়ন্ত্ৰণৰ বাবে আজীৱন ঔষধ গ্ৰহণ কৰিবলগীয়া হয়।

গীতিমালিকা নেওগ, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

3.06896551724
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top