অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰোগ নিৰাময়ত তিল :

ৰোগ নিৰাময়ত তিল ব্যৱহাৰ কৰাৰ বিষয়ে লিখা হৈছে ।

 

তিল এবিধ শস্য। তিল তিনিবিধ- ক’লা, বগা আৰু ৰঙা। তিনিওবিধ তিলৰে ঔষধি গুণ আছে যদিও ক’লা তিলৰ ঔষধি গুণ আন দুবিধতকৈ বেছি। তিলত ভিটামিন ‘বি’, কেলচিয়াম, ফছফৰাছ, লৌহ পদাৰ্থ আদি।

তিলৰ কিছুমান ঔষধ গুণৰ বিষয়ে আলোচনা কৰা হ’ল -

*জুয়ে পুৰিলে সেই স্থানত তিল পিহিশীতল পানীৰে লেপ লগালে আৰাম পোৱা যায়।

*তিল তেলৰ লগত শুকান আদা আৰু হিং মিহলাই মালিচ কৰিলে গাঁথিৰ বিষ ভাল হয়।

*মধুমেহ ৰোগীয়ে নিয়মিতভাৱে তিলৰ তেল ব্যৱহাৰ কৰিলে উপকাৰ পোৱা যায়।

*ক’লা তিল এগিলাছ কুহুমীয়া গৰম পানীৰে খালে পেটৰ বিষত আৰাম পোৱা যায়।

*প্ৰসৱৰ পাছত তিলৰ তেলেৰে ৰন্ধা পাচলি খালে মাতৃৰ বুকুৰ গাখীৰ বৃদ্ধি হয়।

*গুড়েৰে ক’লা তিল পগাই লাডু বনাই নিয়মিত খালে যেতিয়াই-তেতিয়াই প্ৰস্ৰাৱ লগা ৰোগ নোহোৱা হয়।

*ক’লা তিল গৰুৰ মূত্ৰৰ লগত মিহলাই ঘা বা ফোঁহাত সেই পিহা তিল লগালে ঘা সোনকালে পকে।

*চুলিত তিলৰ তেল লগালে অকালপক্কতা আৰু চুলি সৰা বন্ধ হয়।

*শিশুৰ বিছনাত প্ৰস্ৰাৱ কৰা ৰোগত ক’লা তিল পিহি খুৱালে(নিয়মিতভাৱে) প্ৰস্ৰাৱৰ দোষ নোহোৱা হয়।

*এচামুচ তিল ৰাতিৰ আহাৰ খোৱাৰ পাছত সদায় খালে দাঁত ভালে থাকে।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top