মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে সহজ প্ৰাণায়াম পদ্ধতি - পঞ্চম খণ্ড
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে সহজ প্ৰাণায়াম পদ্ধতি - পঞ্চম খণ্ড

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে সহজ প্ৰাণায়াম পদ্ধতি - পঞ্চম খণ্ডৰ বিষয়ে লিখা হৈছে ।

পুনৰ কওঁ:- এজন সুস্থ লোকৰ শ্বাস প্ৰশ্বাসৰ স্বাভাৱিক হাৰ ১মিনিটত ১৫ বাৰ হিচাবে দিনটোত ২১৬০০ বাৰ বা ইয়াতকৈ কিছু কম /বেচি হব পাৰে । প্ৰানায়ামৰ মূল তত্বটো হ'ল ধীৰ গম্ভীৰ ভাৱে শ্বাস প্ৰশ্বাস লোৱা আৰু শ্বাস মাত্ৰাৰ হাৰ কমাই অনা, শুদ্ধ বায়ু আহৰন তথা শৰীৰৰ দুষিত বায়ু নিষ্কাসন কৰা । সেয়া সম্ভৱ হয় কেৱল নিয়মিত প্ৰাণায়াম অভ্যাসৰ দ্বাৰা ।

সেয়ে ইতিমধ্যে আগৰ খন্ডসমুহত দিয়া পদ্ধতি সমুহ বৰ্ণিত নিয়ম অনুসাৰে একাদিক্ৰমে ধৈৰ্য আৰু নিয়মিত ৰুপত অভ্যাস কৰিলে নিশ্চয় ফল পাব ।
মনত ৰাখিব :- সঠিক পদ্ধতিত কৰা যোগ আৰু প্ৰাণায়ামৰ ফল কেতিয়াও নেহেৰায়
যি পৰজনমলৈকো সঞ্চিত হৈ থাকে ।

সহজ প্ৰাণায়াম পদ্ধতি নং ১০-
সুখাসন ,পদ্মাসন ,বজ্ৰাসন বা সুবিধা মতে যিকোনো আসনত পোনকৈ বহি লওক । দুহাত আঠুৰ ওপৰত ৰাখক ।
চকু মুদিব আৰু লাহে লাহে বুকু ফুলাই শ্বাস গ্ৰহন কৰাৰ লগে লগে মুৰটো পিছফালে যথাসম্ভৱ পিচলৈ নিব । ২বা৩ চেকেন্ড ৰওক আৰু খুব ধীৰে ধীৰে শ্বাস এৰাৰ লগে লগে মুৰটো আগলৈ কিছু হলাই দিয়ক । স্বাভাৱিক হওক আৰু একেদৰে ৩-৫ বাৰ কৰক ।
ভাৱনা:- প্ৰস্তুতিৰ সময়ত ইষ্টদেৱক স্মৰন কৰিব । শ্বাস গ্ৰহন কৰোতে ভাৱনা কৰিব-" প্ৰকৃতিৰ বায়ুমণ্ডলৰ পৰা মই শুদ্ধ প্ৰাণবায়ু লৈ আছো । " শ্বাস এৰাৰ সময়ত -- " মোৰ দেহৰ অভ্যন্তৰৰ অলাগতিয়াল সমষ্ট দুষিত বায়ু ওলাই যাব ধৰিছে- ।

পদ্ধতি নং ১১ক:-
যিকোনো আসনত বহক নাইবা পোন হৈ থিয় হৈ লওক । এইবাৰ চকু মুদি গভীৰ ভাৱে উশাহ লোৱাৰ লগে লগে মুৰটো সোঁপিনৰ পৰা বাওঁপিনলৈ কান্ধৰ ওপৰেৰে বৃত্তাকাৰে এপাক ঘুৰাওক । ১চেকেন্ড ৰওক আৰু নিশ্বাস এৰাৰ সময়ত লাহে লাহে মুৰটো বুকুৰ পিনে হলাই আনিব । পুনৰ ওলোটা ফালে অৰ্থাত উশাহৰ লগে লগে বাওঁফালৰ পৰা সোঁফালে বৃত্তাকাৰে ঘুৰাই প্ৰক্ৰিয়াটো একেদৰে কৰক । এনেদৰে ৩-৪বাৰকৈ দুয়োদিশে কৰক । খুব ধীৰে ধীৰে কৰিব যাতে কতো বিষ অনুভৱ নকৰে ।

পদ্ধতি নং ১১ খ:-
আগৰ দৰে বহি বা থিয় হৈ লওক । মুৰ আৰু মেৰুদন্ড পোনকৈ ৰাখি গভীৰভাৱে স্বাস লওক শ্বাস গ্ৰহন শেষ হলে মুৰটো লাহে লাহে এবাৰ বাওঁ কান্ধৰ ফালে আৰু এবাৰ সোঁ কান্ধৰ ফালে লৰাই পুনৰ মুৰ পোন হলে লাহে লাহে শ্বাস এৰক । শ্বাস এৰোতে মুৰটো বুকুৰ ফাল কিছু হলাই দিব । প্ৰক্ৰিয়াটো লাহে লাহে ৩-৪ বাৰ কৰক ।

পদ্ধতি নং ১২:-
পোণ হৈ থিয় হওক ,দুভৰিৰ মাজত কিছু ব্যৱধান ৰাখিব ।
ক)এইবাৰ দীঘলকৈ উশাহ লৈ লৈ দুইহাত যোৰ কৰি পোনকৈ মুৰৰ ওপৰলৈ নিয়ক (নাইবা যথাসম্ভৱ পিচলৈ অকমান হালি যাব ।) । শ্বাস গ্ৰহন শেষ হলে লাহে লাহে স্বাস এৰি হাত দুখন নমাই আগৰ অৱস্থালৈ আহক ।
খ) দ্বিতীয বাৰত একেদৰে উশাহ লৈ দুইহাত যোৰকৈ মুৰৰ ওপৰলৈ উঠাওক আৰু সোঁ কান্ধৰ ফালে হাউলি যাওক । শ্বাস গ্ৰহনৰ শেষত স্বাস এৰি এৰি স্বাভাৱিক অৱস্থালৈ আহক
গ) তৃতীয় বাৰত হাত যোৰ কৰি বাওঁ ফালে হাউলি একে প্ৰক্ৰিয়াৰে কৰক ।
প্ৰতিতো প্ৰক্ৰিয়া অভ্যাসৰ পিচত স্বাভাৱিক শ্বাস প্ৰস্বাস লৈ জিৰনি লব আৰু প্ৰানায়ামৰ যিকোনো পদ্ধতিত স্বাস প্ৰস্বাস লাহে লাহে লব।
ওপৰোক্ত প্ৰাণায়াম সমুহৰ উপকাৰিতা-  বুকু ,পিঠি , কান্ধ আৰু গলৰ ৰোগ আৰু পেশী সৱল হয় আৰু , ,ফুচফুচ ,হাঁওফাওৰ অক্সিজেন বায়ু ধাৰন ক্ষমতা বাঢ়ে , দুষিত কুপিত বায়ু, বাহিৰ হয় । ৰক্ত সঞ্চালন ,মস্তিষ্কৰ কোষ আৰু স্নায়ু সক্ৰিয় হয় । দেহৰ অৱসাদ আতৰ হয়। । দেহ মন প্ৰানৱন্ত হৈ উঠে ।

লেখক – যতীন দাস

3.125
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top