মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ৰোগ প্ৰতিৰোধৰ বাবে খাদ্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰোগ প্ৰতিৰোধৰ বাবে খাদ্য :

ৰোগ প্ৰতিৰোধৰ বাবে খাদ্যৰ বিষয়ে লিখা হৈছে ।

 

আমি খোৱা খাদ্যসমূহ এনেকুৱা হ’ব লাগে- যাতে সেইবোৰৰ দ্বাৰাই কায়িক ৰোগসমূহৰ পৰা দূৰত থাকিব পাৰোঁ। খাদ্য আহাৰতে অন্তৰ্ভুক্ত হ’ব লাগে আমাৰ শৰীৰত উৎপন্ন হোৱা বা হ’ব পৰা ৰোগ আৰু ৰোগৰ উপসৰ্গসমূহ নিৰাময় বা প্ৰতিহত কৰিব পৰা শক্তিসম্বলিত খাদ্য। বাস্তৱত বহুতৰে ক্ষেত্ৰত পৰিলক্ষিত হয়। শৰীৰয় ৰোগে যেতিয়া থিতাপি লয় তেতিয়া ঔষধক আহাৰ হিচাপে খাবলৈ লয়। এয়া মুঠেই শুভ লক্ষণ নহয়।

আমি কেৱল বায়ু সাগৰতে ডুবি থকা নাই, এই সাগৰখনত বিভিন্ন ধৰণৰ ধৰণৰ অণুজীৱ, জীৱাণু, বিজাণু আদিৰে উপচি আছে। এইবোৰে অহৰ্নিশে আমাৰ শৰীৰটোক আক্ৰমণ কৰিবলৈ লাগিছে। কিন্তু আমাৰ শৰীৰত নিজস্ব ৰোগ প্ৰতিৰোধ ক্ষমতা আছে- যাৰ বাবে ইহঁতৰ আক্ৰমণক প্ৰতিহত কৰিব পাৰে। শৰীৰৰ এই ৰোগ প্ৰতিৰোধ ক্ষমতা যেতিয়াই কমি যায় তেতিয়াই আমাৰ শৰীৰটো ৰোগৰ দ্বাৰা আক্ৰান্ত হয়। ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱাৰ ফলত বাহিৰৰ পৰা প্ৰৱেশ কৰা ৰোগ-বীজাণুৰ সৈতে যুদ্ধ কৰিব নোৱাৰা হয়। অৰ্থাৎ তেজত থকা বিভিন্ন ধৰণৰ কণিকা, ৰাসায়নিক পদাৰ্থ আদি দুৰ্বল হৈ পৰে।

ইহঁতক সবল কৰিব পৰা যায় সঠিক খাদ্যগ্ৰহণৰ দ্বাৰা। সঠিক খাদ্য নিৰ্বাচনৰ দ্বাৰাই আমি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰোঁ। এটা সৰু উদাহৰণ দিলেই কথাটো পৰিষ্কাৰ হৈ পৰিব। কাহ, পানীলগা আদি হ’লে খাদ্যপ্ৰাণ ‘গ’ বা ভিটামিন ‘চি’ সেৱন নকৰা পৰ্যন্ত নিৰাময় নহয়। যাৰ বাবে কাহ বা পানীলগা হয়, সেই শক্তিক খাদ্যপ্ৰাণ ‘গ’ ই পৰাভূত কৰি শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে। ফলত শৰীৰৰ পৰা কাহ বা পানীলগা দূৰীভূত হয়। আমি খোৱা খাদ্যসমূহত শৰীৰৰ বাবে প্ৰয়োজনীয় সকলো উপাদান সঠিক মাত্ৰাত থকাটো বাঞ্ছনীয়। আমি খোৱা আহাৰবোৰত থকা খাদ্যপ্ৰাণ, খনিজ লৱণ, শৰ্কৰা আদি সকলো কেতবোৰ জটিল শাৰীৰিক প্ৰক্ৰিয়াৰ দ্বাৰা শৰীৰে গ্ৰহণ কৰে।

পৃথিৱীত মানৱ ইতিহাসৰ পাতনি আজিৰ নহয়। শ শ সহস্ৰাব্দ পুৰণি। মানুহে আজিৰ অৱস্থা পাওঁতে অলেখ অভিজ্ঞতাই আৰ্জিবলগীয়া হৈছে। তাৰ ভিতৰত খাদ্য সম্পৰ্কীয় অভিজ্ঞতা অন্যতম। কোনো এক বিশেষ ভৌগোলিক পৰিৱেশত কেতবোৰ বিশেষ ধৰণৰ খাদ্যই সেই অঞ্চলৰ মানুহৰ শৰীৰটোক সুস্থ কৰি ৰাখে। এয়া মানুহৰ অভিজ্ঞতাৰ দ্বাৰা লব্ধ জ্ঞান। উদাহৰণস্বৰূপে ইউৰোপৰ দৰে শীতপ্ৰধান দেশসমূহত আমিষ আহাৰে শৰীৰটোক গৰম কৰি ৰাখে। আনহাতে গ্ৰীষ্মপ্ৰধান দেশত আমিষ আহাৰে শৰীৰক ৰুগ্ন কৰি তোলে। অভিজ্ঞতাৰ দ্বাৰা আহৰণ কৰা জ্ঞানসমূহ মানুহে দৈনন্দিন জীৱনত সুন্দৰভাৱে প্ৰয়োগ কৰাও পৰিলক্ষিত হৈছে। সামাজিক ৰীতি-নীতি, আচাৰ-ব্যৱহাৰত সেইবোৰ আজিও বিদ্যমান। যথা, ঘৰত কোনো কাজ-কৰ্ম কৰিলে বা আলহী-অতিথিক নিমন্ত্ৰণ কৰিলে আমিষ-গুৰু আহাৰৰ পাছত দৈ খাবলৈ দিয়া হয়। ইয়াৰ এটা বিশেষ যুক্তি আছে। মাংস বা ডাঙৰ মাছ খালে আমাৰ পাকস্থলীত ই-কলাই বা বেক্টেৰিয়াজাতীয় অণুজীৱৰ উপদ্ৰৱ বৃদ্ধি পায়। ফলত পেট চলাকে ধৰি আমাশয়পৰ্যন্ত হ’ব পাৰে।

আনহাতে, দৈয়ে বিশেষকৈ টেঙা দৈয়ে ই-কলাইজাতীয় বেক্টেৰিয়াসমূহক প্ৰতিহত কৰিব পাৰে। কাৰণ এই দৈত লেক্ট’বেছিলাছ নামৰ এবিধ বেক্টেৰিয়া থাকে যি ই-কলাইজাতীয় বেক্টেৰিয়াতকৈ যথেষ্ট শক্তিশালী। কিন্তু অতি পৰিতাপৰ কথা, পশ্চিমীয়া সংস্কৃতিক আদৰিবলৈ আৰু অনুকৰণ কৰিবলৈ গৈ নিমন্ত্ৰিত আলহীক টেঙা দৈ দিয়াৰ পৰিৱৰ্তে সু-শীতল(আইচ) ক্ৰীম দিওঁ- যি আমাৰ পাকস্থলীৰ বাবে অতি ক্ষতিকাৰক। এই সু-শীতল ক্ৰীম গাখীৰেৰে প্ৰস্তুত কৰা হয়। বেছিভাগ এছীয় আৰু নিগ্ৰোসকলে সহজে গাখীৰ হজম কৰিব নোৱাৰে। এনে পশ্চিমীয়া ৰীতি-নীতি আমাৰ সমাজত দীৰ্ঘদিন ধৰি চলি থাকিলে পাকস্থলীৰ বিপৰ্যয় ঘটাটো অনিবাৰ্য।

আধুনিকতাৰ সোঁতত উটি-ভাহি গৈ বহুতো পাচলি কেঁচাই খাবলৈ পাহৰি গ’লো। আলুৰ বাকলিও গুচাই খোৱা হ’লো। আলু আৰু লাউৰ বাকলিৰ তৰকাৰী আজিৰ প্ৰজন্মৰ বহুতেই দেখা নাই। অথচ পাচলিৰ এই বাকলিত প্ৰচুৰ পৰিমাণে জিংক, দস্তা, এলুমিনিয়াম, কেলচিয়াম আদিকে ধৰি অলেখ খনিজ লৱণ থাকে। সেইবোৰ আমি আজি নাখাওঁ, পেলাই দিওঁ। তদুপৰি পাচলিৰ বাকলিত যথেষ্ট পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। এই এন্টিঅক্সিজেন্টে আমাৰ শৰীৰটোক ৰোগমুক্ত কৰি ৰখাৰ সহায় কৰিব পাৰে। কেৱল পাচলিয়েই নে? ফলমূলৰ বাকলিতো থাকে খাদ্যপ্ৰাণ আৰু খনিজ লৱণ। প্ৰয়োজন হ’লে খাদ্যপ্ৰাণ বা খনিজ লৱণ ঔষধৰ ৰূপত কিনিয়েই খাম।

পিছে ডাঙৰ কথা হ’ল, শাক-পাচলি বা ফলমূলত খাদ্যপ্ৰাণ আৰু খনিজ লৱণবোৰ অন্তৰ্জাত(Endogenous অৰ্থাৎ অন্তৰ্ভাগতে উৎপাদনশীল) ৰূপত থাকে। সেইবাবে ইহঁতক শৰীৰে সহজে গ্ৰহণ কৰিব পাৰে। আনহাতে ঔষধত থকা খাদ্যপ্ৰাণ বা খনিজ লৱণবোৰ বহিৰ্জাত ৰূপত থকা হেতুকে শৰীৰে সহজে গ্ৰহণ কৰিব নোৱাৰে। আজিকালি আমি ফাষ্ট ফুড, কিন্বিত খাদ্য বা টেমা আদিত সংৰক্ষিত খাদ্যৰ প্ৰতি অত্যধিক লালায়িত হৈছোঁ। এই খাদ্য-সম্ভাৱসমূহৰ ক্ষতিকাৰক দিশগটো হৈছে স্ংৰক্ষণ কৰিবলৈ বা সহজে নপচিবলৈ, ৰং আৰু গোন্ধৰে মানুহক সততে আকৰ্ষিত কৰিবলৈ যিবোৰ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা হয়, সেয়া মানুহৰ শৰীৰৰ বাবে অতিশয় ক্ষতিকাৰক।

পঢ়ি থকা ল’ৰা বা ছোৱালীজনীক নিতৌ এগিলাচ গাখীৰ খাবলৈ বৰকৈ জোৰ কৰা হয়। ৰুগ্ন বা বৃদ্ধ ব্যক্তিকো নিয়মীয়াকৈ গাখীৰ খোৱাত আমি বাৰুকৈয়ে যত্নপৰ হওঁ। গাখীৰ খোৱা বা খুওৱাত অপত্তি নাই। কিন্তু অকল গাখীৰ পাকস্থলীৰ বাবে ক্ষতিকাৰক। গাখীৰৰ সৈতে চিৰা বা বিস্কুট খালে সহজে হজম হয়। কিছু দশক পূৰ্বে মানুহে গাখীৰ, কল আৰু ভাত একেলগে সানি খাইছিল।

এনেকৈ খোৱাৰ ফলত গাখীৰ, কল আৰু ভাত প্ৰত্যেকৰে পুষ্টিগুণ সম্পূৰ্ণকৈ পোৱা গৈছিল। আজিকালি তিতা খাবলৈ আমি পাহৰিয়ে গ’লো। তিতা খালে শৰীৰত এলকালয়েড প্ৰৱেশ কৰি বিষজাতীয় পদাৰ্থক প্ৰতিহত কৰে। চাপজনিত কাৰণত শৰীৰত বিষাক্ত পদাৰ্থ নিতৌ শৰীৰত গোট খাবই লাগিছে। সামান্য তিতাজাতীয় খাদ্য নাখাই আমি বিষবোৰ কঢ়িয়াই লৈ ফুৰিছোঁ। সাম্প্ৰতিক সময়ৰ ৰং-ঢং তথা শৈলীৰ সোঁতত পৰি নিতৌ যথেষ্ট কেলৰি উপভোগ কৰোঁ।

কিন্তু সেই অনুযায়ে আমি কায়িক পৰিশ্ৰম নকৰোঁ। ফলত শৰীৰত প্ৰচুৰ পৰিমাণে কেলৰি শক্তি জমা হৈ হৈ মেদবহুলতাৰ সমস্যাই গা কৰি উঠিছে। এই মেদ বা চৰ্বিৰ সৈতে অক্সিজেনৰ বিক্ৰিয়া ঘটি মুক্ত মূলক বা ফ্ৰী ৰেডিকেলৰ সৃষ্টি হয়। এই মুক্ত মূলকে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে। গতিকে অতিৰিক্ত মেদবহুল লোকে এগৰাকী স্বাভাৱিক নিৰ্মেদ লোকতকৈ অধিক সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা সদায় বেছি।

প্ৰদূষিত পৰিৱেশ আৰু পানীয়ে আমাৰ বিঘ্নিত স্বাস্থ্যৰ বাবে ৮০ শতাংশই দায়ী। আমাৰ দেশত প্ৰত্যেক গাঁও তথা সিংহভাগ ঘৰত বিশুদ্ধ খোৱাপানীৰ এতিয়াও অভাৱ। উতলাই বীজাণুমুক্ত কৰি পানী খোৱাৰ অভ্যাসটো আমাৰ এই পৰ্যন্ত হোৱাই নাই। সু-স্বাস্থ্যৰ বাবে ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু প্ৰদূষণমুক্ত পৰিৱেশ এটা গঢ়িবলৈ প্ৰয়োজন হোৱা কৌশলসমূহ ছাত্ৰাৱস্থাৰ পৰাই আহৰণ কৰিবলৈ শিকিব লাগে। পাঠ্যপুথি বা বিদ্যালয়ৰ পাঠ্যক্ৰমসমূহ সেই লক্ষ্যৰে প্ৰস্তুত হ’লে স্বাস্থ্য সচেতনতাৰ সপক্ষে সমাজত এক জাগৰণ জাগিব বুলি ভবাৰ থল আছে।

লেখক: ডাঃ ৰফিক আলী(নিয়মীয়া বাৰ্তা)

3.14285714286
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top