মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ৰোগ সংক্ৰমণৰ বিষয়ে যৎকিঞ্চিত :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰোগ সংক্ৰমণৰ বিষয়ে যৎকিঞ্চিত :

ৰোগ সংক্ৰমণৰ বিষয়ে লিখা হৈছে ।

 

সংক্ৰামক ৰোগবোৰে সকলো শ্ৰেণীৰ মানুহকেই বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে আক্ৰান্ত কৰে। এনে ৰোগৰ পৰা হাত সাৰি থাকিবৰ বাবে ৰোগ সংক্ৰমণৰ বিষয়ে কিছু কথা আমি সকলোৱে জানি লোৱা দৰকাৰ। ৰোগ সংক্ৰমণৰ কাৰকসমুহ জ্ঞাত হ’লে বহুতো ৰোগৰ পৰা বাচি থাকিব পাৰি। এজন ৰোগীয়া মানুহৰ পৰা অন্য এজন সুস্থ মানুহৰ দেহলৈ ৰোগৰ বীজাণু প্ৰৱেশ ঘটি সুস্থজনকো সেই বীজাণুৱে আক্ৰান্ত কৰা ব্যৱস্থাটোকে ৰোগৰ সংক্ৰমণ বোলে। এনে সংক্ৰমণ কিছুমান ৰোগৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে হোৱা দেখা যায়। অৰ্থাৎ ৰোগীৰ দেহৰ পৰা পোনপতীয়াকৈ নিৰোগী মানুহৰ গাত প্ৰৱেশ কৰে আৰু কিছুমান ৰোগৰ বীজাণু পৰোক্ষভাৱে অৰ্থাৎ ৰোগীৰ দেহৰ পৰা কোনোবা মাধ্যমৰ জৰিয়তে নিৰোগী লোকৰ দেহলৈ বিস্তাৰিত হয়।

সংক্ৰমণ প্ৰক্ৰিয়াক প্ৰধানকৈ দুভাগত ভগাব পাৰি -

ক) প্ৰত্যক্ষ সংক্ৰমণ।

খ) পৰোক্ষ সংক্ৰমণ।

প্ৰত্যক্ষ সংক্ৰমণ কেইবাধৰণে হ’ব পাৰে -

১) প্ৰত্যক্ষ সংযোগ অৰ্থাৎ প্ৰত্যক্ষভাৱে ছালৰ পৰা ছাললৈ বা শ্লেষ্মা বৰনৰ পৰা শ্লেষ্মা বৰণলৈ বা ছালৰ পৰা শ্লেষ্মা বৰণলৈ। এনে সংক্ৰমণ একেজনৰ দেহত বা এজনৰ পৰা আন এজনৰ দেহলৈ হ’ব পাৰে। যেনে-স্পৰ্শ, চুম্বন বা যৌন সংযোগৰ দ্বাৰা সংক্ৰমিত হোৱা ৰোগবোৰ এই শ্ৰেণীত পৰে। যেনে-যৌন ৰোগসমুহ, এইডছ, কুষ্ঠ আৰু কিছুমান চৰ্মৰোগ।

২) ড্ৰপলেট বা চিটিকনিৰ জৰিয়তে- কিছুমান ৰোগৰ ৰোগীয়ে হাচি, কাহ , থুই বমি আৰু কথা কওঁতে ৰোগীৰ লেলাওটি, নাকৰ নিষ্কাষণ, খেকাৰ আদিৰ লগত মিহলৈ হৈ সমুখলৈ স্প্ৰে’ কৰাৰ দৰে নিৰ্গত হয় আৰু ওচৰত থকা অন্য লোকৰ দেহলৈ উশাহৰ বায়ুৰ লগত মিহলি হৈ প্ৰৱেশ কৰে। এনেদৰে বিস্তাৰিত ৰোগৰ উদাহৰণ হ’ল- যক্ষ্মা, বসন্ত, পানী লগা, ফ্লু, ঘোঁৰা শলখা, হুপিং কাহ আদি ।

৩) মাটিৰ সংস্পৰ্শৰ দ্বাৰা-কিছুমান ৰোগৰ বীজাণু মাটিত মিহলি হৈ থাকে আৰু শৰীৰৰ বিশেষ অংশ তেনে মাটিৰ সংস্পৰ্শলৈ আহিলে সেই মাটিত থকা ৰোগৰ বীজাণু শৰীৰত প্ৰৱেশ কৰে। যেনে- ধনুষ্টংকাৰ আৰু হাকোটা পেলু।

৪) ছাল বা শ্লেষ্মা বৰণত পোনপতীয়াকৈ প্ৰৱেশ ঘটিল। কিছুমান বেমাৰৰ বীজাণু মানুহৰ শৰীৰৰ ছাল বা শ্লেষ্মা বৰণত পোনপতীয়াকৈ বিভিন্ন প্ৰকাৰে প্ৰৱেশ কৰে। যেনে- কুকুৰে কামোৰাৰ ফলত হোৱা জলাত্ংক, হেপাটাইটিছ-বি, এইডছ ইত্যাদি। এইবোৰ অপৰিশোধিত বেজী, তেজ বা চুম্বন আৰু যৌন সম্পৰ্কৰ দ্বাৰা পোনপতীয়াকৈ সংক্ৰমিত হয়।

৫) মাতৃ গৰ্ভৰ পৰা সন্তানলৈ-কিছুমান ৰোগ গৰ্ভস্থ সন্তানৰ দেহলৈ মাতৃৰ পৰা পোনপতীয়াকৈ সংক্ৰমিত হয়। এনেবোৰ ৰোগ নৱজাত সন্তানে গৰ্ভাৱস্থাতেই মাকৰ পৰা আহৰণ কৰে। এনে কিছুমান ৰোগ হ’ল- চিফি লিছ, এইডছ, হাৰপিছ, হেপাটাইটিছ-বি ইত্যাদি। তদুপৰি গৰ্ভাৱস্থাত ব্যৱহাৰ কৰা কিছুমান ক্ষতিকাৰক ঔষধৰ বাবেও নৱজাতকৰ গাত প্ৰভাৱ পৰি জন্মতে বিসংগতিয়ে দেখা দিয়ে।

খ)পৰোক্ষ সংক্ৰমণ: পৰোক্ষ সংক্ৰমণ বিভিন্ন ধৰণে আৰু বিভিন্ন মাধ্যমেৰে হ’ব পাৰে। পৰোক্ষভাৱে সংক্ৰমিত হোৱা ৰোগৰ বীজাণুবোৰে মানুহৰ শৰীৰৰ বাহিৰতো নিৰ্দিষ্ট সময়লৈকে জীয়াই থাকিব পাৰে। তেনেবোৰ বীজাণুৱে কোনো মাধ্যমৰ জৰিয়তে সুবিধা পালে অন্য মানুহৰ দেহত প্ৰৱেশ কৰি ৰোগ সৃষ্টি কৰিব পাৰে। ইংৰাজীত পাঁচটা-‘F’ যেনে  Finger, Food, Fomite, Flies and Fluid ৰ জৰিয়তে সাধাৰণতে মুলত: সংক্ৰমণ ঘটে। পৰোক্ষ সংক্ৰমণৰ প্ৰক্ৰিয়াটো কিছুমান ভাগত বিশ্লেষণ কৰিব পাৰি।

১) পৰিবহণ পদ্ধতিৰে: এই ব্যৱস্থাত ৰোগৰ বীজাণুবোৰ এজনৰ পৰা আনজনলৈ খাদ্য, পানী, শাক-পাচলি, ফল-মুল, তেজ বা অন্য শৰীৰৰ অংগৰ জৰিয়তে সংক্ৰমণ হ’ব পাৰে। ইয়াৰ ভিতৰত খাদ্য আৰু পানীৰ জৰিয়তে সৰ্বাধিক সংক্ৰমণ হোৱা দেখা যায়। এই ব্যৱস্থাৰে সংক্ৰমিত ৰোগৰ ভিতৰত পৰিপাক প্ৰণালীৰ বিভিন্ন অসুখ যেনে- ডায়েৰিয়া, খাদ্যৰ বিষক্ৰিয়া, টাইফয়েড, হেপাটাইটিছ-এ, মেলেৰিয়া ইত্যাদিয়ে প্ৰধান।

২)  জীৱ বা জীৱিত বস্তুৰ দ্বাৰা: কিছুমান জীৱ-জন্তুৰ দ্বাৰা মানুহৰ গালৈ ৰোগৰ বীজাণু বিস্তাৰিত হয়। যেনে-মহ, মাখি, পঁইতাচোৰা, জোক, চৰাই, মাছ আদিৰ দ্বাৰা মানুহৰ গালৈ ৰোগৰ সংক্ৰমণ হ’ব পাৰে। এইবোৰৰ দ্বাৰা হোৱা কিছুমান ৰোগ যেনে- মেলেৰিয়া, এনকেফেলাইটিছ, প্লেগ, ফিটা পেলু ইত্যাদি।

জীৱিত বস্তুৰ দ্বাৰা আকৌ দুই ধৰণে সংক্ৰমিত হ’ব পাৰে -

*জীৱিত বস্তুবোৰে ৰোগৰ বীজাণুবোৰ ইহঁতৰ ঠেং, দেহ বা মুখৰ জৰিয়তে মানুহৰ খাদ্য, পানী বা অন্য ব্যৱহৃত বস্তুত আনি মিহলি কৰে বা তেনে বেমাৰৰ বীজাণুযুক্ত বস্তু খাই সেই বীজাণুবোৰ মানুহৰ খাদ্য বা ব্যৱহৃত বস্তুত বমি বা বিষ্ঠাৰ দ্বাৰা বিয়পাই দিয়ে। মহ, মাখি, পইতাচোৰা বা তেনে কিছুমান সৰু পোক-পত্ংগই এই পদ্ধতিৰে সংক্ৰমণ ঘটায়।

*কিছুমান ৰোগৰ বীজাণু অন্য জীৱৰ যেনে- মহ, মাখি আদিৰ গাত সোমাই সিহঁতৰ দেহৰ ভিতৰতে বৃদ্ধি হয় বা পুৰ্ণাংগ অৱস্থাৰ একোটা খাপৰ পৰিবৰ্তন হৈ আকৌ মানুহৰ দেহত প্ৰৱেশ কৰে। যেনে- মেলেৰিয়া, মাইক’ফাইলেৰিয়া ইত্যাদি।

৩) বায়ুৰ দ্বাৰা: কিছুমান ৰোগৰ বীজাণু ৰোগীৰ শৰীৰৰ পৰা কাহ, হাঁচি, নিশ্বাস বা কথা কওঁতে নিৰ্গত হৈ বায়ুমণ্ডলত মিহলি হৈ পৰে। বায়ুৰ লগত মিহলি হোৱাৰ পিচত ইহঁত বতাহৰ সোঁতত এঠাইৰ পৰা আন ঠাইলৈ প্ৰবাহিত হৈ বিয়পি পৰে। এনে বায়ু সেৱন কৰাৰ ফলত সুস্থ লোকৰ দেহতো এই বীজাণুসমুহ প্ৰৱেশ কৰে। এনে বীজাণুবোৰৰ আকাৰ সাধাৰণতে অতি সৰু (১ ৰ পৰা ৫ মাইক্ৰন) আৰু ইহঁতে সহজেই হাওঁফাওঁৰ ক্লোমকোষবোৰত প্ৰৱেশ কৰিব পাৰে। এনেদৰে বিস্তাৰিত হোৱা ৰোগৰ ভিতৰত যক্ষ্মা, সৰু আই, মাজু মাই, ইনফ্লুয়েঞ্জা আদি প্ৰধান।

ইয়াৰ উপৰি কিছুমান বেমাৰৰ বীজাণু ৰোগীৰ গাৰ পৰা হাঁচি, কাহ, নিশ্বাস আদিৰ দ্বাৰা নিৰ্গত হৈ মাটি, টেবুল-চকী, বিছনাৰ কাপোৰ, কাৰ্পেট আদিত লাগি ৰয়। এনেবোৰ বস্তু চাফা কৰোতে এই বীজাণুবোৰে ধুলিৰ লগত মিহলি হৈ বায়ুমণ্ডলত বিয়পি পৰে। তদুপৰি মাটিত থকা বীজাণুবোৰ ধুলিৰ লগত বতাহেও উৰুৱাই লৈ যায়। এনে বীজাণুযুক্ত ধুলি মিহলি বায়ুত উশাহ-নিশাহ লোৱাৰ সময়ত মানুহৰ দেহত সহজেই প্ৰৱেশ কৰে।

৪) ব্যৱহৃত বস্তুৰ দ্বাৰা: ৰোগীয়ে ব্যৱহাৰ কৰা ৰুমাল, গামোচা, চামোচ, বাচন-বৰ্তন, চকী-টেবুল, দুৱাৰৰ হেণ্ডেল, কাপ-গ্লাচ, পুতলা বা খেলা বস্তু, ফণী, টৰ্ছ, ম’বাইল ফোন ইত্যাদিবোৰত ৰোগীৰ নাক-মুখ, আদিৰ পৰা নিৰ্গত বীজাণুসমুহ লাগি থাকে। এনে বস্তু অন্য লোকে ব্যৱহাৰ কৰিলে-তেওঁলোকলৈও এই বীজাণুবোৰ বিস্তাৰিত হয়। চকু আৰু ছালৰ ৰোগ, ইনফ্লুয়েঞ্জা, কৃমি আদি এনেদৰে বিস্তাৰিত হয়।

৫) অপৰিষ্কাৰ হাতৰ দ্বাৰা: ৰোগীৰ নাক-কাণ, চকু-মুখ, প্ৰস্ৰাৱ দ্বাৰ আৰু গুহ্য দ্বাৰৰ পৰা নিৰ্গত ৰোগৰ বীজাণুসমুহ সহজেই অপৰিষ্কাৰ হাতৰ দ্বাৰা বিস্তাৰিত হ’ব পাৰে। এনে ধৰণে বিস্তাৰিত ৰোগৰ বীজাণু হাতৰ পৰা প্ৰত্যক্ষভাৱে মুখ, ছাল বা চকুলৈ যাব পাৰে বা পৰোক্ষভাৱে খাদ্য বা অন্য মাধ্যমৰ জৰিয়তে বিস্তাৰিত হ’ব পাৰে। এনে ধৰণে হোৱা ৰোগৰ ভিতৰত ডায়েৰিয়া জাতীয় ৰোগ, কলেৰা, টাইফয়েড, ডিচেণ্ট্ৰি, পলু জাতীয় সংক্ৰমণৰ লগতে চকুৰ কনজাংটিভাইটিচ আদি প্ৰধান।

লেখক: ডা: অতুল চন্দ্ৰ খাউণ্ড (সাদিন)

 

2.84210526316
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top