মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ৰোগ স্বাস্থ্য আহাৰ আৰু আয়ুৰ্বেদ(পথ্য-অপথ্য, আহাৰ-বিহাৰ আদি):
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰোগ স্বাস্থ্য আহাৰ আৰু আয়ুৰ্বেদ(পথ্য-অপথ্য, আহাৰ-বিহাৰ আদি):

ৰোগ স্বাস্থ্য আহাৰ আৰু আয়ুৰ্বেদ(পথ্য-অপথ্য, আহাৰ-বিহাৰ আদি)ৰ বিষয়ে লিখা হৈছে ।

 

আজি এই লিখনিটো স্বাস্থ্য সচেতন, প্ৰকৃতি আৰু আয়ুৰ্বেদ ভাল পোৱা প্ৰতি জন ব্যক্তিৰ বাবে আগবঢ়ালো। গ্ৰুপত বহুতেই সোধা দেখা পাওঁ কোনবিধ খাদ্য কোন ৰোগত বেয়া বা ভাল। আচলতে সেয়া জানিবলৈ ৰোগৰ পথ্য অপথ্যৰ বিষয়ে জানিব লাগিব।তাৰ বাবে জানিব লাগিব আয়ুৰ্বেদ। স্বাস্থ্য সম্বন্ধে আয়ুৰ্বেদৰ বিশ্লেষণ সম্পূৰ্ণ বিজ্ঞান সন্মত। সমদোষ (ত্ৰিদোষ বাত, পিত্ত, কফৰ সাম্য অৱস্থা), সমাগ্নি(Balanced digestive enzymes and other enzymatic actions), সমধাতু(ৰস, ৰক্ত, মাংস, মেদ, অস্থি, মজ্জা, শুক্ৰ আদি সপ্ত ধাতুৰ সাম্য অৱস্থা), সম মলক্ৰিয়া(proper functioning of body waste products) আৰু প্ৰসন্ন আত্মা, ইন্দ্ৰিয় আৰু মনৰ সমূহীয়া সাম্য অৱস্থাই হৈছে ‘স্বাস্থ্য’। আৰু ইয়াৰ বিপৰীত অৱস্থাই হৈছে ‘ৰোগ’। ছাত্ৰাৱস্থাত আয়ুৰ্বেদ শাস্ত্ৰ সমূহ পঢ়োঁতে কিছুমান বিষয়ে মোৰ মনত বাৰুকৈয়ে ৰেখাপাত কৰিছিল আৰু তেতিয়াই মই আয়ুৰ্বেদ আৰু প্ৰকৃতিৰ প্ৰেমত পৰিছিলো। ‘গুৰু বিহীন শিক্ষা বিফল'- অৰ্থাৎ কিবা এটা বিষয় শিকিবলৈ হলে সেই ক্ষেত্ৰত এজন গুৰু আৱশ্যক, লাগিলে সেয়া গুৰু প্ৰকৃতিয়েই হওক। আজিকালিৰ যুগটো ইন্টাৰনেটৰ যুগ।

প্ৰত্যেকেই কিবা নজনা বিষয় জানিবলৈ ইন্টাৰনেটৰ সহায় লয়। কিন্তু এটা কথা সকলোৱে মনত ৰখা উচিত যে' Half knowledge is always dangerous।' ইণ্টাৰনেটৰ তথ্য সমূহ আহৰণ কৰোঁতে একেবাৰে অন্ধভাৱে অনুকৰণ কৰা উচিত নহয়। 'You should be just like a honey bee while gathering your knowledge' - মৌ মাখিয়ে যিদৰে ফুলৰ ৰেণু আহৰণ কৰি মৌ তৈয়াৰ কৰে ঠিক সেইদৰে বাচি বাচি জ্ঞান আহৰণ কৰিব লাগিব প্ৰত্যেকেই। অসমীয়াত এষাৰ কথা আছে- 'বাচি খাবা জাগি শুবা।'অকণমান কষ্ট কৰি আমি প্ৰত্যেকেই নিৰোগী হৈ থাকিব পাৰো। 'Diet is itself a medicine'- অৰ্থাৎ সঠিক জ্ঞানেৰে সঠিক আহাৰ গ্ৰহণ কৰিলে আধা বেমাৰ নিজেই ভাল হয়(অৱশ্যে genetic diseases, hereditary diseases, environmental disease এইবোৰ বাদ দি)। সঠিক আহাৰ গ্ৰহণ কৰিলে বাত, পিত্ত, কফ- শৰীৰৰ এই ত্ৰিদোষ ভাৰসাম্য অৱস্থাত থাকে যিটো সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। সুষম আহাৰ(balanced diet) বুলি যিটো কোৱা হয় সেইটো যদি আয়ুৰ্বেদৰ দৃষ্টিৰে চোৱা হয় তেন্তে আহাৰত থকা ছটা ৰসৰ কথা কব লাগিব। মধুৰ( sweet), অ্ম্ল (sour), লৱন (salty), কটু (pungent), তিক্ত( bitter), কষায়(astringent) এই ছটা ৰসৰ ভাৰসাম্য ৰাখিব লাগিব আমি দৈনিক খাদ্যাভাসত। এবিধ বা ততোধিক ৰস বেছিকৈ গ্ৰহণ কৰিলে ত্ৰিদোষৰ ভাৰসাম্য হেৰাই যায় যাৰ বাবে বিভিন্ন ৰোগ হব পাৰে। যেনে মধুৰ, অম্ল, লৱন ৰসে কফ দোষ বঢ়াই দি কফ জনিত ৰোগৰ সৃষ্টি কৰিব পাৰে। সেইবাবে আমাৰ খাদ্য সমূহত এই ছটা ৰসৰ balance ৰাখিব লাগিব।

আয়ুৰ্বেদত স্বাস্থ্য ৰক্ষা আৰু ৰোগ প্ৰতিৰোধৰ বাবে কিছুমান উপায় দিছে। দিবা নিদ্ৰা(day sleeping), ৰাত্রি জাগৰণ বহু ৰোগৰ কাৰণ বুলি উল্লেখ আছে। পথ্য অপথ্য, আহাৰ বিহাৰৰ নিয়ম, দিনচৰ্যা(day regimen), ৰাত্রিচৰ্যা(night regimen), ঋতু চৰ্যা(ঋতু অনুযায়ী আহাৰ বিহাৰ), স্নান বিধি, মন আৰু আত্মাৰ বাবে যোগ আৰু বহুতো মূল্যবান বিধি আছে যিবোৰ এটা লেখাত শেষ কৰিব নোৱাৰি। পাঠকৰ সুবিধাৰ বাবে তলত একেবাৰে চমুকৈ দুটামান বিষয় লিখিছো, আশাকৰোঁ আপোনালোক উপকৃত হব।

(১)পথ্য-অপথ্য:

পথ্য হৈছে ৰোগৰ বাবে উপকাৰী খাদ্য আৰু অপথ্য হৈছে ৰোগৰ বাবে অপকাৰী খাদ্য। আয়ুৰ্বেদত খুব সুন্দৰকৈ প্ৰতিটো ৰোগৰ পথ্য অপথ্য বৰ্ণনা কৰা আছে। প্ৰত্যেক ৰোগৰ পথ্য অপথ্য কিন্তু বেলেগ বেলেগ। এবিধ খাদ্য যদি এটা ৰোগত উপকাৰী, আন এটা ৰোগত অপকাৰী হব পাৰে। গতিকে বেমাৰ চাই ৰোগৰ পথ্য অপথ্য গ্ৰহণ কৰক।

এই ধৰক এজন সুস্থ মানুহৰ বাবে কচু, বিলাহী, পালেং শাক উপকাৰী, কিন্তু কিডনী ষ্টন থকা লোকে খোৱাটো অপকাৰী অৰ্থাৎ অপথ্য। তেনেকৈ thyroid সমস্যা থকাসকলৰ বাবে বন্ধা কবি, ব্রকলি, চয়বিন আদি অপথ্য। কফজনীত ৰোগত বেঙেনা, ওৰহি, মাটিদাইল আদি বহুতো বস্তু অপথ্য। ঠিক তেনেকৈ আদা, তুলসী, মৌ,জালুক আদি উত্তম পথ্য অৰ্থাৎ উপকাৰী। ৰোগ নিৰাময়ত ঔষধৰ যিমান কাম, পথ্য অপথ্যৰ সমানেই কাম। পথ্যই বৃদ্ধি হোৱা দোষ সাম্য অৱস্থা লৈ আনিবলৈ চেষ্টা কৰে আৰু অপথ্যই ত্ৰিদোষৰ ভাৰসাম্য নষ্ট কৰে।গতিকে সকলো সজাগ হওক পথ্য অপথ্যৰ প্ৰতি।

(2)বিৰুদ্ধ আহাৰ(incompatible food):

আয়ুৰ্বেদত বিৰুদ্ধ আহাৰৰ ওপৰত সুন্দৰ বৰ্ণনা দিছে। কিছুমান আহাৰ ৰস বিৰুদ্ধ(taste), কিছুমান বীৰ্য্য(potency) বিৰুদ্ধ, কিছুমান বিপাক বিৰুদ্ধ(metabolism)। ঠিক তেনেকৈ দেশ, কাল বিৰুদ্ধ আহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগে। বিৰুদ্ধ আহাৰৰ এটা উদাহৰণ যেনে ধৰক- মাছ মাংস, টেঙা ফল আৰু দুগ্ধ জাত সামগ্ৰী একেলগে খোৱা অনুচিত। বিজ্ঞানৰ দৃষ্টিৰে চালে বুজিব লাগিব যে এনে খাদ্য খালে ব্যক্তিভেদে বিপাকীয় কাৰ্য্যত বিজুটি হব(হজম নহব পাৰে) পাৰে বা বিষক্ৰিয়া হব পাৰে। এনেকুৱা আৰু বহুত উদাহৰণ আছে। খাদ্য গ্ৰহণ কৰোঁতে বিৰুদ্ধ আহাৰ বিহাৰৰ কথাও সকলোৱে চকু দিয়ে যেন। আমাৰ পৰম্পৰাগত ভাবে চলি অহা এনে কিছুমান কথাৰ বৈজ্ঞানিক যুক্তি যুক্ততা নথকা নহয়।

(3)আহাৰ গ্ৰহণ কৰাৰ নীতি নিয়ম:

আয়ুৰ্বেদ শাস্ত্ৰত আহাৰ গ্ৰহণ কৰাৰ নীতি নিয়মৰো উল্লেখ আছে। যেনে: অত্যাধিক খৰকৈ বা লাহে লাহে আহাৰ খাব নালাগে, ভালকৈ চোবাই খাব লাগে, প্ৰসন্ন চিত্তে খাব লাগে, খাওঁতে কথা কব নালাগে আদি। পূৰ্বৰ আহাৰ সম্পূৰ্ণ হজম হোৱাৰ পিছতহে আহাৰ গ্ৰহণ কৰিব লাগে। ভোক বঢ়াবলৈ দীপনীয় দ্ৰব্য, পাচন কাৰ্য সুকলমে হবলৈ পাচনীয় দ্ৰব্য, ভোজনৰ পিছত মুখ শুদ্ধিৰ বাবে বিভিন্ন দ্ৰব্যৰ উল্লেখ আছে। এইবোৰ কথাৰ সম্পূৰ্ণ বৈজ্ঞানিক ভিত্তি আছে।

(4)দিন চৰ্যা, ৰাত্রি চৰ্যা, ঋতু চৰ্যা:

আয়ুৰ্বেদত এইবোৰ বিষয়ত বৃষ্টিত বিৱৰণ আছে। প্ৰাতঃ কাল ব্ৰাহ্ম মূহুৰ্তত(early morning when the environment is pure) উঠি ঔষধি গুণযুক্ত দাঁতোনেৰে দন্ত প্ৰক্ষলন, প্ৰাতঃস্নান কৰাৰ সুন্দৰ বিধি, স্নানৰ পিছত সুগন্ধি দ্ৰব্যৰ অনুলেপন বিধি আৰু তেনেকৈ ৰাত্রি যাপনৰ বিধি উল্লেখ আছে। ঠিক সেইদৰে ঋতু অনুযায়ী খাদ্য গ্ৰহণৰ বহুত সুন্দৰ বৰ্ণনা আছে।

(5)ৰসায়ন ঔষধি সেৱন:

ৰসায়ন ঔষধি হৈছে ধাতু পুষ্টি কৰা ঔষধি(rejuvinating drugs) যিয়ে ধাতুৰ পৰিপুষ্টি কৰি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে। ত্ৰিফলা, শ্ৰৱণপ্ৰাশ তেনেধৰণৰ ৰসায়ন ঔষধি। সেয়েহে আমি মাজে মাজে শিলিখা, আমলখি খাব লাগে। ডাকৰ বচন আছে- 'তিনি শিলিখা যম তিলিকা।'

(6)মন, ইন্দ্ৰিয় আৰু আত্মাৰ বাবে আসন, প্ৰানায়ম আৰু যোগৰ সুন্দৰ বৰ্ণনা আছে। মন, ইন্দ্ৰিয় আৰু আত্মাৰ আহাৰ হৈছে প্ৰানায়াম আৰু যোগ। বিভিন্ন প্ৰকাৰৰ প্ৰণায়ম বিধি আৰু বিভিন্ন ৰোগত বিভিন্ন আসন বিধি, ধ্যানৰ সুন্দৰকৈ বৰ্ণনাৰে আয়ুৰ্বেদ জীৱনৰ এক সম্পূৰ্ন বিজ্ঞান। এনেধৰণৰ আৰু বহুত তত্ত্ব গধুৰ তথ্য আয়ুৰ্বেদত উল্লেখ আছে। পিছলৈ কেতিয়াবা আলোচনা কৰিম বাৰু।

লেখক: ডাঃ ৰেইনী দেৱী(আয়ুৰ্বেদিক চিকিৎসক)

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: 7399114617

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top