মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ৰাতি পেচাব লাগিলে হঠাতে মৃত্যু হয় কিয় ?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰাতি পেচাব লাগিলে হঠাতে মৃত্যু হয় কিয় ?

ৰাতি পেচাব লাগিলে হঠাতে মৃত্যু হয় কিয় ?সেই বিষয়ে লিখা হৈছে ।


ৰাতি পেচাব কৰিবলৈ যোৱা ব্যক্তিজন মৃত্যু হোৱাৰ পাছত সৰব আলোচনা হয়। ৰাতি ভূতে পালে , ভাল জীৱ কাৰণে বিনাকষ্টে মৰিল , ভিতৰুৱা গভীৰ ৰোগাক্ৰান্ত আছিল, ঘোচখোৰ সকল এনেকৈ মৰে, হাইপ্ৰেচাৰ আছিল , মানসিক অশান্তিৰ কাৰণে ষ্ট্ৰোক হল , ঘৈণীয়েক বা পুতেক-বোৱাৰীয়েৰ অত্যাচাৰৰ কাৰণে মৰিল ইত্যাদি অনেক মন্তব্য।
প্ৰকৃততে সুস্থ ব্যক্তিজনৰ হল কি ? ৰাতি পেচাব জোৰেৰে লগাত নিদ্ৰাৰত ব্যক্তিজন হঠাতে উঠি পেচাব কৰিবলৈ যোৱাৰ সযয়ত পজিচন পৰিৱৰ্তন হয়। সেয়েহে মস্তিষ্কলৈ ৰক্তসঞ্চালন কমি যায় আৰু অক্সিজেনৰ অভাৱৰ কাৰণে হঠাতে ব্যক্তিজনৰ মৃত্যু হয়।
অঘটন নহবলৈ কি কৰিব ?
(১) হঠাতে সাৰ পালে আধামিনিট সময় শুই লব।
(২) তাৰ পাছত আধামিনিট বিচনাৰ ওপৰত বহিব।
(৩) তৃতীয় পৰ্যায়ত ভৰি দুটা বিচনাৰ পৰা নমাই মজিয়াৰ ওপৰত আধামিনিট ৰাখিব। তাৰ পাছত লাহেকৈ বিচনাৰ পৰা নামি সৰুপানী চুবলৈ গ'লে যমদূত আহিও উভতি যাবলৈ বাধ্য হ'ব। এইদৰে লাহে লাহেকৈ উঠিলে মস্তিষ্কলৈ ৰক্তসঞ্চালন স্বাভাৱিক ভাৱে হৈ থকাৰ কাৰণে অক্সিজেনৰ অভাৱ নহয় ।


লেখক - ডা:মনোজ কুমাৰ শইকীয়া

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top