অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰাতি শাক খোৱা উচিত নহয় নেকি:

ৰাতি শাক খোৱা উচিত নহয় নেকি:

 

এইটো অনুমেয় যে শাক সকলো লোকৰে প্ৰিয় খাদ্য। শাকপ্ৰিয় লোকৰ ভিতৰতো আকৌ অসমীয়াৰ সংখ্যাই হয়তো সৰ্বাধিক হ’ব। কিয়নো জোল বা ভাজি একোখন নহ’লে অসমীয়া লোকৰ পেটলৈ ভাত নোযোৱাৰ অৱস্থা হোৱা কথাটো সৰ্বজনবিদিত আৰু এনে কামত প্ৰধান ভূমিকা লয় শাকেই। তাতেই অসমৰ প্ৰকৃতি জগতখনেও উদাৰচিত্তে প্ৰদান কৰি আহিছে অসমবাসীক বিধে বিধে শাক। কি আচৰিত- গৃহস্থৰ ঘৰৰ বাৰীখনতো আপোনা-আপুনি গজি উঠে খুতুৰা, জিলমিল, মৰলীয়া, দোৰোণ আদি অনেক শাক। ইফালে গাঁৱৰ কৃষকে বাৰীত কৰে লাই, লফা, চুকা, পালেং, বাবৰি আদিৰ খেতি। বহু সময়ত অৱশ্যে বজাৰত ঘটা পাচলিৰ অভাৱৰ পৰিপূৰক হিচাপেও শাকৰ ওচৰ চপাটো বাধ্যতামূলকৰ দৰে হৈ পৰে। সেই অৱস্থাতো অসমত ঘটে প্ৰতি বছৰে ছেপ্টেম্বৰ-অক্টোবৰ মাহত। বাস্তৱত দেখা যায় যে এই সময়ছোৱাত অসমত থলুৱা পাচলিৰ নাটনি তীব্ৰতৰ হয় আৰু সেই অসুবিধা এৰাই চলাৰ বাবে ৰাজ্যবাসী মুখ্যতঃ নিৰ্ভৰশীল হ’বলগা হয় মেঘালয়ৰ পৰা আমদানিকৃত পাচলিৰ ওচৰত। তেতিয়া চাহিদাৰ বিপৰীতে পাচলিৰ অভাৱ ঘটাত মূল্যও বহুগুণে বাঢ়িব ধৰে। এতেকে বহু লোক এই সময়ত বজাৰত উপলব্ধ ঢেঁকীয়া, কলমৌ, লাই, চুকা, পালেং, মৰিচা, পূৰৈ শাক আদিৰ ওপৰতে বিশেষভাৱে নিৰ্ভৰশীল হ’ব লগা হয়।

সেয়া বাৰু যিয়েই নহওক কিয়, অসমীয়া লোকৰ শাক প্ৰিয় খাদ্য হোৱাৰ কাৰণ থাকে। কাৰণ এনে হ’ব পাৰে- স্বকীয় স্বাদ, প্ৰস্তুতিৰ সহজসাধ্যতা আৰু ইয়াৰ উপকাৰিতা সম্পৰ্কে জ্ঞান বৃদ্ধি আদিয়েই হ’ব। শাকৰ প্ৰস্তুতি যে অতি সহজ, সেই কথা সকলোৰে জ্ঞাত। শাকক ভাজি অথবা জোল, যি ৰূপতেই খোৱা নহওক কিয়, ইয়াৰ প্ৰস্তুতিত বিশেষ যতন বা মছলা আদিৰ তেনে প্ৰয়োজন নহয়। কেৱল জোখমতে নিমখকণ দিয়াৰ লগতে ভালকৈ সিজিলেই হয়। অৱশ্যে তেলৰ পৰিমাণ অকণমান বেছি হ’লে আৰু গৰমে গৰমে খালে স্বাদ বেছিকৈ পোৱা যায়। তেনেকৈ ইয়াৰ উপকাৰিতা সম্পৰ্কেও পুৰণি কালৰ পৰা যে উপভোক্তাসকল জ্ঞাত হৈ আহিছে তাক সহজেই ধৰিব পাৰি। কিয়নো শাক সন্দৰ্ভত প্ৰকাশ্য হোৱা দুটা উদাহৰণ হোৱা হওক। প্ৰথমতে ‘শাকে শোকোতাই কৰে ভক্ষণ; সেই পুৰুষৰ ভাল লক্ষণ’। ইয়াৰ দ্বাৰাই শাকৰ ইতিবাচক দিশকে স্পষ্টভাৱে প্ৰকাশ কৰা হৈছে। দ্বিতীয়তে, ‘কলে বঢ়ায় বল, শাকে বঢ়ায় মল’ বোলা ডাকৰ বচনফাকিৰ জৰিয়তে স্পষ্টকৈ দেখুওৱা হৈছে যে শাক খালে মলৰ পৰিমাণ বৃদ্ধি পায়। প্ৰকৃততে শাকত থকা আঁহে আমাৰ অন্ত্ৰত খাদ্য হজম হৈ পৰিণত হোৱা মলক ‘পেৰিষ্টলিক মুভমেন্ট’ৰ জৰিয়তে পায়ুৰ ফালে গতি কৰাৰ হেতুকে মলাশয় খোলোচা হয়। ফলত কোষ্ঠকাঠিন্য নিৰ্বাণ হয় আৰু মন প্ৰফুল্ল হয়। এনে কাৰ্যৰ উপৰি শাক যে অতি উপাদেয় খাদ্য তাক আজিকালি সকলোৱে জনা হৈছে। প্ৰণিধানযোগ্য যে পুষ্টিৰ বেছিভাগ উপাদান প্ৰায় সকলো শাকতে কম-বেছি পৰিমাণে পোৱা যায়। বিশেষকৈ সকলো শাকেই ভিটামিন আৰু খনিজ লৱণৰ উৎকৃষ্ট উৎস। তদুপৰি শাকৰ বেছিভাগেই ঔষধি গুণসম্পন্নও। সামূহিকভাৱে সকলো শাকেই কলেষ্টেৰলমুক্ত, কম কেলৰিসমৃদ্ধ আৰু আঁহসমৃদ্ধ। কেৱল সেয়ে নহয়, কোনো শাক আকৌ এন্টি-অক্সিডেন্টসমৃদ্ধও।

শাকৰ অন্য এটা উল্লেখনীয় দিশ হৈছে- স্বাস্থ্য বিশেষজ্ঞৰ মতে শাক মধুমেহ আৰু হৃদৰোগীৰ বাবে উত্তম খাদ্য। কাৰণ শাকত কাৰ্ব’হাইড্ৰেটৰ পৰিমাণ অতি সামান্য। কলেষ্টেৰল প্ৰায় শূন্য আৰু চৰ্বিৰ পৰিমাণো যৎসামান্যহে। আনহাতে শাকত থকা ফাইবাৰে কোষ্ঠকাঠিন্য উপশম ঘটোৱাৰ লগতে শ্বেতসাৰজাতীয় দ্ৰব্যৰ ভাঙোন লেহেমীয়া কৰি তোলা হেতুকে ৰক্তলৈ শৰ্কৰাৰ প্ৰবাহো মন্থৰ কৰি তোলাৰ ফলত মধুমেহৰ মাত্ৰা কমাৰ উপায় ওলায়। সমান্তৰালভাৱে হৃদৰোগৰ নিয়ন্ত্ৰণতো ইতিবাচক পৰিৱেশ ৰচিত হয়। অৰ্থাৎ উল্লিখিত তথ্যসমূহে প্ৰতিপন্ন কৰে যে শাক আমাৰ সকলোৰে বাবে অতি উপকাৰী সমল।

তৎসত্ত্বেও কিন্তু এচাম লোকৰ মুখত শাকৰ বিষয়ত এক বিৰূপ মন্তব্য শুনা যায়। সেই মন্তব্য মতে, ৰাতি শাক খোৱা উচিত নহয়, কিয়নো অপকাৰ হয়। অভিযোগটো চিন্তনীয়- ইমানল উপকাৰী শাক ৰাতি খালেই আমাৰ বাবে অপকাৰী হয় কেনেকৈ? নে ৰাতি শাকৰ দেহত কিবা ক্ষতিকাৰক উপাদানে থিতাপি লয়, যাৰবাবে হৈ পৰে শাক ক্ষতিকাৰক। লক্ষণীয় যে অপকাৰ হিচাপে কোৱা হয় যে ৰাতি শাক খালে পেটত গেছ হয়। কথাষাৰ কিন্তু একেবাৰে অসত্য বুলি উৰাই দিব নোৱাৰী। কিয়নো সাধাৰণতেই তেনে ঘটাৰ প্ৰমাণ পোৱা যায়। কিন্তু কিয় তেনে হয় তাৰ প্ৰকৃত প্ৰমাণ বিচাৰ আমি নকৰো। প্ৰকৃততে আমি ৰাতি যি প্ৰকাৰে শাক গ্ৰহণ কৰিব লাগে, সেয়া নকৰাৰ বাবে তেনে ঘটে। আমি সকলোৱে জানো যে খাদ্যৰ বদহজম হ’লেই পেটত গেছ উৎপত্তি ঘটে। মন কৰিবলগা যে ৰাতিৰ ভাগত শয়নৰ আশ্ৰয় লোৱাৰ সময়ত আমাৰ অংগ-প্ৰত্যংগৰ সঞ্চালন বন্ধ হৈ পৰাৰ হেতুকে শাকৰ হজমত কিছু ব্যাঘাত জন্মে, যিটো দিনৰ ভাগত নঘটে। ফলত ৰাতি উদৰত গেছৰ উদ্ভৱ ঘটাটো অসম্ভৱ নহয়। কিন্তু তাৰ পৰিবৰ্তে যদি শাকখিনি ভালকৈ সিজোৱা হয়(ভজাৰ পৰিবৰ্তে) আৰু ভালকৈ চোবাই খোৱা হয়, তেতিয়া হজম ব্যাঘাতপূৰ্ণ নহয় আৰু তেনে পৰিস্থিতিত গেছ সৃষ্টিৰ অৱকাশ নাথাকে। ব্যক্তিগতভাৱে মই ৰাতি শাক খোৱাত কোনোদিনেই থমকি ৰোৱা নাই, অৰ্থাৎ পালেই খোৱাত থাকো আৰু কোনোদিনেই গেছৰ সমস্যাৰ সন্মুখীন হ’বলগাও হোৱা নাই। কিন্তু শাকৰ শুকনি ভাজিৰ পৰিবৰ্তে সিদ্ধ ৰূপত আৰু ৰাতি ভালকৈ চোবাই খোৱাত সদায় গুৰুত্ব দি আহিছো। ফলত শাকৰ পৰা কুফল ভুগিবলগা হোৱা নাই। পাঠকবৃন্দই তেনে কৰি চাব পাৰে।

উৎস:সম্ভাৰ(অৰ্পণ দত্ত)

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate