মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ৰুক্ষ চুলি লাহী কৰাৰ উপায় :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰুক্ষ চুলি লাহী কৰাৰ উপায় :

ৰুক্ষ চুলি লাহী কৰাৰ উপায়ৰ বিষয়ে লিখা হৈছে ।

 

চুলিৰ ৰুক্ষতাৰ পৰা হাত সাৰিবলৈ দুটা কণীৰ হালধীয়া অংশ (চুলিৰ দৈৰ্ঘ্য অনুযায়ী কণীৰ পৰিমাণ কম-বেছি হ’ব), চাৰি চামুচ ঘৰত পতা দৈ আৰু নাৰিকলৰ ৰস চাৰিন চামুচৰ লগত মিহলাই লেপন বনাই চুলিত লগাওক। আধা ঘণ্টা মূৰত ৰাখি কোমল চাবোনেৰে ধুই পেলাওক। আকৌ ৮-১০ পাহ জবা ফুল, ৬-৭ চামুচ মৌ জোল আৰু ৩-৪ চামুচ মিথিৰ গুড়ি মিহলাই লেপন বনাই আধা ঘণ্টাৰ বাবে মূৰত লগাওক। পিচত শ্বেম্পু কৰি ধুই পেলাওক। চুলিৰ ৰুক্ষতাৰ পৰা হাত সৰাৰ লগতে চুলিটাৰি স্বাস্থ্যৱান আৰু উজ্জ্বল হৈ পৰিব। এনেকুৱা সময়ত বহুতৰে আকৌ চুলিৰ আগ ফটা দেখা যায়। এনে হ’লে চুলিৰ ফাটি যোৱা অংশবোৰ কাটি পেলোৱা উচিত আৰু বিশুদ্ধ নাৰিকলৰ তেল সামান্য  গৰম কৰি মূৰৰ তালুত মালিচ কৰা উচিত। এনেদৰে সামান্য পৰিচৰ্চা কৰিলেই আমি এই শুকান বতৰতো ছাল-চুলিক ৰুক্ষতাৰ পৰা বচাব পাৰিম।

লেখক: প্ৰণামী দাস অধিকাৰী ( দেওবৰীয়া সম্ভাৰ )

3.33333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top