মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ৰুপচৰ্চাত তৰমুজৰ ব্যৱহাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰুপচৰ্চাত তৰমুজৰ ব্যৱহাৰ

ৰুপচৰ্চাত তৰমুজৰ ব্যৱহাৰ লিখা হৈছে

 

গৰমত তৰমুজ যতেষ্ট উপকাৰীৰুপে পৰিগণিত হৈছে। কিন্ত কেৱল ফল হিচেপই নহয়, চুলিৰ যত্নতো তৰমুজ ব্যৱহাৰ কৰিব পাৰি। তৰমুজৰ এই গুণ সমূহৰ বিষয়ে জানোচোন আহক –

ট’নাৰ : ৰুপচৰ্চাত তৰমুজ ট’নাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। প্ৰাকৃতিক ট’নাৰ হিচাপে তৰমুজ যথেষ্ট কাৰ্যকৰী বুলি প্ৰমাণ হৈছে। তৈলাক্ত ছালৰ বাবে তৰমুজ বৰ উপকাৰী। পৰিষ্কাৰ মুখত তৰমুজৰ ৰস লগাই ১৫ মিনিট ৰাখি ঠাণ্ডা পানীৰে ধুই দিব।

মসৃণ আৰু আৰ্দ্ৰ ছালৰ বাবে : ছালৰ আৰ্দ্ৰ হেৰাই গ’লে ছাল দেখাত নিষ্প্ৰাণ হৈ পৰে। তৰমুজে এই ক্ষেত্ৰত যথেষ্ট ভাল কাম কৰে। প্ৰতিদিনে মুখত তৰমুজৰ ৰস ব্যৱহাৰ কৰিব পাৰিলে ছাল মসৃণ আৰু কোমল হৈ থাকিব। শুকান ছালত মৌ আৰু তৰমুজ ব্যৱহাৰ কৰিব পাৰে। ১৫ মিনিটৰ পাছত ধুই পেলাব ছাল উজ্জ্বল হ’ব।

মুখৰ ক্ৰীম : তৰমুজৰ ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন ‘এ’ থাকে। ছালৰ ডাঙৰ ৰন্ধ্ৰ সমূহ সৰু কৰাত ই সহায় কৰে। তৈলাক্ত ছালৰ অধিকাৰী সকলে গৰমত তৰমুজক অংগী কৰি তোলক। মৌৰ সৈতে তৰমুজ ফেচ ক্ৰীম ৰুপে ব্যৱহাৰ কৰি ঠাণ্ডা পানীৰে ধুই পেলাব।

ছালৰ বলি ৰেখা নিৰাময়ত তৰমুজ : তৰমুজ প্ৰচুৰ কেৰ’টিন, লাইকোপেন, ভিটামিন ‘এ’ থাকে। এই উপাদানবোৰে শৰীৰত বাৰ্ধক্যৰ চাপ হ্ৰাস কৰে। মাখন আৰু তৰমুজৰ ৰস লগালে যথেষ্ট সুফল পোৱা যায়। ২০ মিনিট সময় লগাই কুহুমীয়া পানীৰে ধুই দিয়ক।

স্ক্ৰাব হিচাপে : তৰমুজত থকা এচিডে ছালৰ মৃত কোষ দূৰ কৰে, ছাল মসৃণ, প্ৰাণৱন্ত আৰু উজ্জ্বল কৰি ৰখাত সহায় কৰে। সামান্য তৰমুজৰ ৰসৰ লগত বেচন মিহলাই ১৫ মিনিটৰ বাবে মুখত লগাই তিতা হাতেৰে লাহে লাহে ঘঁহি ঘঁহি ধুই দিব।

উৎস : দেওবৰীয়া বাঁহী।

 

 

 

 

 

3.29166666667
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top