মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ৱিপাসনা আৰু ৰোগ নিৰাময় :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৱিপাসনা আৰু ৰোগ নিৰাময় :

ৱিপাসনা আৰু ৰোগ নিৰাময়ৰ বিষয়ে লিখা হৈছে ।

১৯৬৯ চনতেই আচাৰ্য সত্যনাৰায়ণ গোৱেংকাই ভাৰতত বিপাসনাক পুনৰ প্ৰচলন কৰাত পাছত সমগ্ৰ বিশ্বজুৰি ই বিয়পি পৰিছে যদিও আমাৰ অসমত আজি পৰ্যন্ত বেছিভাগ মানুহেই ৱিপাসনৰ নাম পৰ্যন্ত শুনা নাই। ৱিপাসনা ভাৰতৰ এক পুৰাতন পদ্ধতি। গৌতম বুদ্ধই মানুহৰ দুখ-যন্ত্ৰণা নিবাৰণৰ অৰ্থে এই ৱিপাসনা নামৰ ধ্যানৰ পুনৰাৱিষ্কাৰ কৰিছিল আৰু ৱিপাসনাৰ দ্বাৰা তেওঁ সম্যক সমুদ্ধিপ্ৰাপ্ত হৈছিল। ৱিপাসনাৰ দ্বাৰা পৰ্যায়ক্ৰমে আমি কেনেকৈ দুখ-যন্ত্ৰণাৰ পৰা মুক্ত পাব পাৰো আৰু শুদ্ধ ধৰ্মৰ পথত চলিব পাৰো, তাৰ জ্ঞান গৌতম বুদ্ধই অতি শৃংখলাবদ্ধভআৱে আমাক প্ৰদান কৰি থৈ গৈছে।

ৱিপাসনা মানে বিশেষভাৱে দেখা। বাস্তৱক অবিকৃত ৰুপত কোনো ৰং, কল্পনাৰ ৰহণ নসনাকৈ দেখা। অৰ্থাৎ যিকোনো বস্ত অথবা পৰিৱেশ যিদৰে আছে, ঠিক সেইদৰেই দেখা । ৱিপাসনাৰ জৰিয়তে আমাৰ অন্তৰমনে শৰীৰৰ প্ৰতিটো অংগত সৃষ্টি হোৱা সংবেদনক নিৰীক্ষণ কৰা আৰু ভাল অথবা বেয়া দুয়োবিধ সংবেদনকে উপেক্ষা কৰিবলৈ শিকোৱা হয়।

উদাহৰণস্বৰুপে আমাৰ মনত যেতিয়া ক্ৰোধ, ঈৰ্ষা, হিংসা, লোভ আদিৰ দৰে ঋণাত্মক আৱেগ অথবা ঋণাত্মক ভাবনাৰ উদয় হয়, তেতিয়া আমাৰ তেজত একধৰণৰ অপকাৰী ৰসায়নৰ উৎপত্তি হয়, যি ৰসায়নে আমাৰ শৰীৰত কিছুমান বেদনাদায়ক, অসনীয় সংবেদনৰ সৃষ্টি কৰে। এই সংবেদনৰ প্ৰতি আমি স্বভাৱগতভাৱেই ঋণাত্মক প্ৰতিক্ৰিয়া দেখুৱাওঁ, যাৰ ফলস্বৰুপে পুনৰ তেজত অপকাৰী ৰসায়নৰ উৎপত্তি বৃদ্ধি হয় আৰু এই অপকাৰী ৰসায়নে আকৌ অধিক ৰুপত বেদনাদায়ক অথবা অসহনীয় সংবেদনত সৃষ্টিত অৰিহণা যোগায়। এনেদৰেই আমি শৰীৰত উৎপত্তি হোৱা সংবেদনৰ প্ৰতি অসচেতনভাৱে যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ, সেই প্ৰতিক্ৰিয়াই আমাৰ জীৱনত দুখ-যন্ত্ৰণাৰে পৰিমাণ বৃদ্ধি কৰি গৈ থাকে আৰু আমি আকণ্ঠ দুখত নিমজ্জিত হৈ ক্ৰমশ: গৈ থাকো। প্ৰতিটো ঋণাত্মক আৱেগৰ বাবে বেলেগ বেলেগ ৰসায়নৰ সৃষ্টি হয়। চিকিৎসা- বিজ্ঞানীসকলে প্ৰায় ৪০ বিধ ৰসায়নৰ ইতিমধ্যে চিনাক্ত কৰিছে আৰু এনে ৰসায়ন প্ৰায় এশবিধ অছে বুলি ঠাৱৰ কৰিছে। ঠিক তেনেদৰে আমাৰ জীৱনত ঘটা যিকোনো ধৰণৰ ধনাত্মক সৃষ্টি কৰা আৱেগে আমাৰ শৰীৰেত একধৰণৰ সুখদায়ক সংবেদনৰ উৎপত্তি কৰে আৰু এই সুখদায়ক সংবেদনক আমি পুন: পুন: পাবলৈ বিচাৰি আসক্তিৰ জন্ম দিওঁ। আসক্তি আৰু বিদ্বেষ-এই দুয়োবিধেই আমাৰ জীৱনৰ যন্ত্ৰণাৰ কাৰণ। ৱিপাসনাৰ যোগেদি আমি আমাৰ শৰীৰত উৎপত্তি হোৱা সুখদায়ক অথবা দুখদায়ক-এই দুয়োবিধ সংবেদনৰ প্ৰতি আসক্তি আৰু বিদ্বেস প্ৰকাশ নকৰাকৈ গ্ৰহণ কৰিবলৈ শিকো, যাৰ বাবে আমাৰ অন্তৰমন ক্ৰমাৎ নিৰ্মল হ’বলৈ ধৰে। ৱিপাসনা মানে কেৱল মনসংযোগ সাধনা নহয়, প্ৰকৃততে ৱিপাসনাৰ উদ্দেশ্য হ’ল মনক পৱিত্ৰ- নিৰ্মল কৰি এক উন্নত জীৱন ধাৰণাৰ কলা আয়ত্ত কৰা।

এইক্ষেয়ত আমি ক্ৰোধৰ কথা উল্লেখ কৰিব পাৰো। আমাৰ যেতিয়া খংউ উঠে, তেতিয়া আমাৰ শৰীৰত দুই ধৰণৰ প্ৰক্ৰিয়াই দেখা দিয়ে। এবিধ হ’ল বিদ্যুৎ-চুম্বকীয় আৰু আনবিধ হ’ল জৈৱ-ৰাসায়নিক। যাৰ ফলস্বৰুপে আমি শৰীৰত যন্ত্ৰণাদায়ক অথবা অসহ্যকৰ সংবেদন কিছুমান, যেনে-গধুৰ উশাহ-নিশাহ, বুকু ধপধপোৱা, ষ্ট্ৰেছ, টেনছন, কঁপনি উঠা আদি অনুভৱ কৰিবলৈ ধৰো। ঠিক তেনেদৰে যেতিয়া আমাৰ ভয় লাগে, তেতিয়াও আমি কিছুমান বিশেষ ধৰণৰ, যেনে- খৰতকীয়া হাৰ্ট, ঘাম ওলোৱা, শিয়ৰি উঠা আদি সংবেদন অনুভৱ কৰো। গতিকে দেখা যায় যে ঋণাত্মক আৱেগে আমাৰ শৰীৰত যন্ত্ৰণাদায়ক বা অসহনীয় সংবেদনৰ সৃষ্টি কৰে।

আমাৰ আজন্ম স্বভাৱ অনুসৰি আমি এইধৰণৰ সংবেদনসমুহৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আমাৰ শৰীৰ, মগজু আৰু স্নায়ুতন্ত্ৰই কিছুমান অপকাৰী ষ্ট্ৰেছ ৰসায়ন, যেনে- cortisol, norepineprine, epinephrine আদি মুকলি কৰি দিয়ে। আমি ক্ৰমান্বয়ে ঋণাত্মক আৱেগসমুহৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৈ থাকিলে আমৰ ৰোগ হ’বলৈ ধৰে। আমাৰ বহুতো বেমাৰ, প্ৰায় আশী শতাংশ বেমাৰৰ উৎপত্তিস্থল যে মন… মানুহৰ ঋণাত্মক আৱেগ আৰু মানসিক সমস্যা এই কথা বৰ্তমান চিকিৎসা-বিজ্ঞানেও স্বীকাৰ কৰি লৈছে। তদুপৰি আমি যদি আমাৰ শৰীৰত উৎপত্তি হোৱা সংবেদনসমুহৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ নকৰো, তেতিয়া আমাৰ শৰীৰত ষ্ট্ৰেছ ৰসায়নৰ পৰিৱৰ্তে কিছুমান উপকাৰী ৰসায়ন মুকলি হ’বলৈ ধৰে। যেনে- DHEA, GABA, Melatonin, Serotonin, Dopamine, Endorpine আদি। এইবিলাক ৰসায়নে আমাৰ শৰীৰৰ কিছুমান ৰোগৰ উপশম ঘটায়। ৱিপাসনাই মানসিক সমস্যা তথা ঋণাত্মক আৱেগৰ পৰা উৎপত্তি হোৱা ৰোগৰ উৎসত কাম কৰে আৰু আমাৰ মন পৱিত্ৰ আৰু নিৰ্মল কৰি তোলে। আমি, সুখ, শান্তি, দয়া, সহানুভুতি, ক্ষমা, বন্ধুত্ব, প্ৰেম আৰু কৰুণাৰ দৰে অনুভুতিসমুহ অনুভৱ কৰিবলৈ ধৰো। কিন্তু সম্পুৰ্ণ শাৰীৰিক ৰোগ, যেনে- কেন্সাৰ আদি ৰোগৰ নিৰাময় ৱিপাসনাৰ দ্বাৰা হ’ব বুলি ক’ব নোৱাৰি যদিও কিছুমান কেন্সাৰ ৰোগী আৰোগ্য হোৱা দেখা যায়। প্ৰকৃততে ৱিপাসনাই এইধৰণৰ সম্পুৰ্ণ শাৰীৰিক ৰোগৰ সৈতে ব্যক্তিয়ে সহযোগিতাৰে কেনেকৈ জীয়াই থাকিব, যন্ত্ৰণাৰ মুখামুখি হৈ কেনেকৈ মনৰ সমতা ৰক্ষা কৰি চলিব তাৰ শিক্ষা দিয়ে। আনকি এনে ৰোগীক শান্তিপুৰ্ণভাৱে , সচেতনভাৱে মৃত্যুৰ মুখামুখি হ’ব পৰাকৈ সামৰ্থ্য কৰি তোলে।

ৱিপাসনাৰ উদ্দেশ্যে কেতিয়াও ৰোগ নিৰাময় নহয়। ৱিপাসনাৰ উদ্দেশ্যে কেৱল আমাৰ মনক বিকাৰমুক্ত কৰি পৱিত্ৰ আৰু মিৰ্মল কৰি তোলা। ৱিপাসনাৰ আচাৰ্য সত্যনাৰায়ণ গোৱেংকায়ো প্ৰথমে ৰোগ নিৰাময়ৰ উদ্দেশ্য লৈয়ে ৱিপাসনা শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। কিন্তু তেখেতৰ গুৰু সায়েগী ইউ বা খিনে গোৱেংকাক ওভতাই পঠিয়াইছিল। সত্যনাৰায়ণ গোৱেংকা বাৰ্মাৰ এজন প্ৰখ্যাত উদ্যোগী আছিল। তেওঁ মাইগ্ৰেনত ভুগিছিল। দেশ-বিদেশৰ চিকিৎসকে তেওঁৰ এই ৰোগৰ নিৰাময় কৰিব পৰা নাছিল। প্ৰচণ্ড বিষৰ পৰা ৰক্ষা পাবলৈ তেখেতক চিকিৎসকে মৰফিনৰ ব্যৱহাৰ কৰিবলৈ দিছিল। গোৱেংকা গোড়া-ৰক্ষণশীল হিন্দু পৰিয়ালৰ ব্যক্তি অছিল। ৱিপাসনা কৰিবলৈ যোৱাটো তেখেতৰ বাবে সহজ কথা নাছিল। পিছত তেখেতে মন স্থিৰ কৰি মনক কেৱল বিকাৰমুক্ত কৰিবলৈকে ৱিপাসনাৰ শিবিৰত অংশগ্ৰহণ কৰিছিল। ৱিপাসনাৰ নিয়মিত অভ্যাসৰ জৰিয়তে তেখেতে মাইগ্ৰেনৰ পৰা সম্পুৰ্ণ মুক্তি পাইছিল। এইদৰে আমি হতাশা, উৎকণ্ঠা, নিদ্ৰাহীনতা , স্মৃতিশক্তিহীনতা, আলস্য, উচ্চ ৰক্তচাপ, হৃদৰোগজনিত সমস্যা আদি অনেক ৰোগৰ উপশম ৱিপাসনাৰ নিয়মিত অভ্যাসৰ দ্বাৰা পাব পাৰো। তদুপৰি অতিভোজন, বিকাল ভোজন, মুখৰোচক খাদ্যৰ প্ৰতি লোভ, মাদক দ্ৰব্যৰ প্ৰতি আসক্তি ক্ৰমান্বয়ে নাইকিয়া হৈ আহে।

শেষত পুনৰ কোৱাটো প্ৰয়োজনীয় বুলি ভাবো যে ৰোগ নিৰাময়ৰ উদ্দেশ্য লৈ কেতিয়াও ৱিপাসনা কৰিবলৈ যোৱা উচিত নহয়। দৰাচলতে এনেধৰণৰ উদ্দেশ্যই ৱিপাসনাৰ বিপৰীত দিশত কাম কৰে। আমি ৱিপাসনাৰ অভ্যাস কৰিবলৈ গৈ যদি আমাৰ শৰীৰত কেৱল ৰোগ কিমান পৰ্যায়লৈ নিৰাময় হৈছে, তাক নিৰীক্ষণ কৰিবলৈ লওঁ… ই আমাক উপকাৰ কৰাৰ সলনি অপকাৰহে কৰে। উদ্দেশ্যপ্ৰণোদিতভাৱে নহয়… আমাৰ শৰীৰত যিধৰণৰ সংবেদন স্বাভাৱিকভাৱে উৎপত্তি হৈছে, আমি তাকহে নিৰীক্ষণ কৰিব লাগে আৰু সকলো সংবেদনক উপেক্ষা কৰিবলৈ শিকিব লাগে। আৰু তেতিয়াহে আমি আমাৰ জীৱনৰ সকলো ধৰণৰ সুখদায়ক অথবা দুখদায়ক অভিজ্ঞতা, ধনাত্মক অথবা ঋণাত্মক আৱেগৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ সমতাৰ ভাব পোষণ কৰিবলৈ শিকো-যিয়ে আমাৰ শৰীৰত উপকাৰী ৰসায়নৰ সৃষ্টিত সহায় কৰে।

প্ৰকৃততে ৰোগ নিৰাময় ৱিপাসনাৰ অতিৰিক্ত ফল আৰু ৱিপাসনাই আমাৰ মন বিকাৰমুক্ত , অৰ্থাৎ ক্ৰোধ, হিংসা, ঈৰ্ষা, ভয়, উদ্বেগ, প্ৰতিশোধপৰায়ণতা আদিৰ দৰে ঋণাত্মক আৱেগৰ পৰা মুক্তি কৰি মন পৱিত্ৰ আৰু নিৰ্মল কৰি প্ৰেম আৰু কৰুণাৰে ভৰাই তোলে।

লেখিকা: তুলুমণি বৰগোহাঁই (জি এনআৰচি স্বাস্থ্য)

2.73684210526
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top