মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ৱেট ট্ৰেইনিং আৰু ইয়াৰ উপকাৰিতা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৱেট ট্ৰেইনিং আৰু ইয়াৰ উপকাৰিতা :

ৱেট ট্ৰেইনিং আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে লিখা হৈছে ।

 

আজিকালি প্ৰায় মানুহেই স্বাস্থ্য সচেতন হৈ পৰাটো অত্যন্ত সুখৰ বিষয় হিচাপে গণ্য হৈছে। নিজৰ স্বাস্থ্য ভালে ৰাখি ৰোগৰ পৰা হাত সাৰি থাকিবলৈ চেষ্টা কৰি প্ৰাতঃভ্ৰমণ, খোজ কঢ়া, জগিং, যোগ, প্ৰাণায়াম আদিৰ সহায় লৈ বহুতে এনে প্ৰচেষ্টা অব্যাহত ৰাখে। কিন্তু ব্যায়ামাগাৰ(Gym)লৈ গৈ যিসকলে ৱেট ট্ৰেইনিং কৰে, সেইসকলে নিজৰ শৰীৰ চকুত লগা কৰাৰ লগতে নিৰোগী হিচাপে গঢ়ি তুলিবলৈ সক্ষম হয়।

অধিক চৰ্বী মানুহৰ দেহৰ কাৰণে অত্যন্ত হানিকাৰক। চৰ্বী বা মেদবহুলতাই মানুহৰ দেহলৈ মধুমেহ, উচ্চ ৰক্তচাপ, হৃদৰোগ আদি বিভিন্ন ৰোগৰ সঞ্চাৰ কৰে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। ৱেট ট্ৰেইনিঙে দেহৰ কেল’ৰি ক্ষয় কৰি চৰ্বী কমোৱাত সহায় কৰে। লগতে ৱেট ট্ৰেফিনিঙে মানুহৰ দেহৰ মাংসপেশী বৃদ্ধি কৰি চৰ্বী কমোৱাত যথেষ্ট সহায় কৰে।

দেখা গৈছে, মধুমেহ ৰোগ এতিয়া ভাৰতৰ ৰাজধানী হিচাপে জনাজাত হৈ পৰিছে। এই ৰোগক নীৰৱ ঘাতক বুলিও কোৱা হয়। নেচনেল ইনষ্টিটিউট অৱ হেলথ এণ্ড ইন্টাৰনেল মেডিচিনে(National Institute of Health and Internal Medicine) কৰা এটা সমীক্ষাত প্ৰকাশ কৰিছে যে যিসকলে সপ্তাহত ১৫০ মিনিটকৈ ব্যায়ামত অংশগ্ৰহণ কৰে, তেওঁলোকৰ বহুমূত্ৰ বা মধুমেহ ৰোগৰ সম্ভাৱনা শতকৰা ৩৪ ভাগ কমে। যিসকলে জীমৰ ব্যায়ামৰ লগতে কাৰ্ডিঅ’ ৱৰ্কছ আউট কৰে, তেন্তে সেই সম্ভাৱনা শতকৰা ৫৯ শতাংশলৈ হ্ৰাস কৰে।

মানুহৰ বয়স যিমানেই বাঢ়ি যায়, মানুহৰ মাংসপেশী আৰু হাড় ক্ষয় হ’বলৈ ধৰে। ৱেট ট্ৰেইনিঙে মাংসপেশী শক্তিশালী আৰু বৃদ্ধি হোৱাত সহায় কৰে। ইয়াৰ ফলত হাড় মজবুত হয় আৰু ইয়াৰ ক্ষয় যথেষ্ট পৰিমাণে ৰোধ কৰিব পাৰি।

যিসকল ব্যক্তিয়ে নিয়মিতভাৱে এৰবিক, জগিং, ৱেট ট্ৰেইনিং কৰে, তেওঁলোকৰ বাবে এটা সুখবৰ আছে। অধ্যয়ন আৰু গৱেষণাৰ পৰা দেখা গৈছে যে উপৰিউক্ত ব্যায়ামসমূহ যদি একেলেথাৰিয়ে আঠ সপ্তাহলৈকে কৰা হয়, তেতিয়া আধুনিক সভ্যতাৰ ভয়াৱহ মানসিক অৱসাদ ৰোগৰ প্ৰৱণতা বা লক্ষণ যথেষ্ট পৰিমাণে হ্ৰাস কৰে।

Appalachian State Universityৰ অধীনত College of Health and Science Department-এ অধ্যয়ন কৰি পাইছে যে যিসকলে ২৫ মিনিট ৱেট ট্ৰেইনিং কৰে(তেওঁলোকে ৰক্ত প্ৰবাহৰ গতিৰ ওপৰত অধ্যয়ন কৰিছিল), তেওঁলোকৰ ২০ শতাংশ উচ্চ ৰক্তচাপ কমে আৰু ইয়াৰ উপকাৰ হৈছে উচ্চ ৰক্তচাপৰ ঔষধৰ সমান।

যিসকলে অফিচৰ একে ঠাইতে বহি কম্পিউটাৰত কাম কৰি থাকে, তেওঁলোকৰ পিঠিৰ নিম্নাংশৰ বিষ(Lower back pain) হোৱা দেখা যায়। কিন্তু ৱেট ট্ৰেইনিং কৰা লোকসকলৰ এই ক্ষেত্ৰত ৰোগবিধ হোৱাৰ সম্ভাৱনা অতি কম। ৱেট ট্ৰেইনিঙৰ ব্যায়াম স্কোৱাট(squat), ষ্টেপ-আপ(step-up) আৰু হিপ-এক্সটেনছন(Hip-Extension) আদি কেইটিমান উদাহৰণ।

যিসকলে বাস্কেটবল, ক্ৰিকেট, ফুটবল আদি খেলে, তেনে খেলুৱৈক ৱেট ট্ৰেইনিং ব্যায়ামে যথেষ্ট সহায় কৰিব পাৰে। ৱেট ট্ৰেইনিং কৰা এনে ধৰণৰ খেলুৱৈসকলৰ প্ৰদৰ্শন উন্নত ধৰণৰ হ’বই বুলি ক’ব পাৰি। গতিকে খেলুৱৈসকলৰ কাৰণে ৱেট ট্ৰেইনিং ব্যায়াম এক অপৰিহাৰ্য বিষয় হৈ পৰিছে।

মুঠতে ৱেট ট্ৰেইনিং ব্যায়ামে মানুহৰ মানসিক, শাৰীৰিক উৎকৰ্ষ সাধন কৰি জীৱনটো উপভোগ্য কৰি তুলিব পাৰে আৰু বহুবিধ মাৰাত্মক ৰোগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে।

লেখক: ৰিয়ান গায়ন(অসম বাণী)

3.2
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top