অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

DIET ডাইট :

DIET ডাইটৰ বিষয়ে লিখা হৈছে ।

সকলোৰে বাবে যেন এক জটিল বিষয় ডাইট নিয়ন্ত্ৰণ কৰাটো বিশেষকৈ শকত মানুহৰ গতিকে আজি শকত মানুহৰ বাবে লিখিছো।বহুত সমস্যাত পৰে কি খাম কি নাখাম,কিমান খাম।বহুতেই লঘোণেও থাকে ডায়েটৰ নামত। ব্যক্তি বিশেষে ডায়েট তালিক ভিন ভিন হয়। উমৈহতিয়াকৈ ডায়েট তালিক দিব নোৱাৰি কাৰন এজন ক্ষীন আৰু শকত মানুহৰ বেলেগ বেলেগ হয় আকৌ নিৰামিষ আৰু আমিষ আহাৰ গ্ৰহন কৰা লোকৰ বাবে বেলেগ আৰু ব্যক্তি এজনৰ যদি বিভিন্ন ৰোগ থাকে তেতিয়াও বেলেগ হব ইত্যাদি।
আমি যদি চাও মই মোৰ শৰীৰটোৰ বিষয়ে বেছি কথা জানিম।মই কি খাই ভাল পাও বা কিমান খাব পাৰিম বা কি কি খালে মোৰ হজম হয় ।মোৰ দেহত কি কি ৰোগ আছে বা নাই আদি।
এতিয়া যদি অলপ ধ্যান দিও আমি আমাৰ ডাইট লিষ্ট নিজে বনাব পাৰিম। আমি সকলোৱে জানো কি কি খালে চৰ্বি জমা হয়। গোটত এই বিষয়ে লিখনি আছে।আপোনালোকৰ সুবিধাৰ্থে কেইটামান Tips দিছো।
(১) আপুনি যিহেতু চৰ্বি কমাব তেনে ক্ষেত্ৰত কেতিয়াও আপোনি ফাষ্ট ফুড,জাঙ্ক ফুড Cold drinks নাখাব।
(২)সদায় সুষম আহাৰ গ্ৰহন কৰিব।
(৩) যিমান পাৰে দিনটোত কুহুমিয়া গৰম পানী খাব।
(৪)ৰাতি শৰ্কৰা বা carbohydret থকা আহাৰ নাখাব।
(৫)গুৰুত্বপূৰ্ণ কথা যে যদি আপোনাৰ কিবা ৰোগ আছে তেন্তে সেই ৰোগত কি কি খাদ্য খাব নালেগে তেনে খাদ্য পৰিহাৰ কৰিব।
(৬)বেছি ভোকত নাথাকিব আৰু পেট ভৰাই খাদ্য নাখাব।

লেখক :-তপন হাজৰিকা

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ব্যায়াম কৰাৰ সময়ত পানী খোৱাৰ নিয়ম


পানী আমাৰ দেহৰ বাবে অতি আৱশ্যক এই কথা বহলাই নকলেও হব। ব্যায়াম কৰাৰ সময়ত পানী খোৱা উচিত নে?হয় ব্যায়াম কৰাৰ সময়ত পানী খাব লাগে নহলে ডিহাইড্ৰেট হৈ মূৰ ঘূৰনি আদি হব। ব্যায়াম কৰাৰ সময়ত পানীয়ে আমাৰ দেহৰ মাংস পেশীলৈ এমিন এচিডৰ কঢ়িয়াই আনে বাবে মাংসপেশী সবল হৈ থাকে। বহুতৰে ভুল ধাৰণা যে ব্যায়াম কৰাৰ সময়ত ঘাম ওলালে সোনকালে চৰ্বি কমিব গতিকে পানী খাব নালাগে কিন্ত এইটো অতি বিপদজনক কাৰন ঘাম উলালে আমাৰ দেহত পানীৰ পৰিমান কমি যাব আৰু তাৰ ফলত ডিহাইড্ৰেচনত ভূগিব।
ব্যায়াম কৰাৰ এঘণ্টা বা আধাঘণ্টাৰ আগত কমেও আধা লিটাৰ পানী খাব লাগে। ব্যায়াম কৰাৰ সময়ত আধা লিটাৰ বা এক লিটাৰ পানী খাব লাগে চিপ চিপ বা এঘোট এঘোট কৈ কেতিয়াও একেবাৰে বেছিকৈ নাখাব ব্যায়াম কৰাৰ সময়ত মুঠতে আপোনাৰ ব্যায়াম শেষ হোৱালৈ পানীৰ পৰিমান খিনি শেষ কৰিব চিপ চিপ কৈ বা ঘোট ঘোট কৈ। যদি আপোনাৰ ব্যায়াম কৰাৰ সময় দীঘলীয়া হয় তেন্তে পানীৰ পৰিমানো বেছিকৈ লব।

লেখক :-তপন হাজৰিকা

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top