মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / অত্যধিক আৱেগে আনে মনোবিকাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অত্যধিক আৱেগে আনে মনোবিকাৰ

চৰিত্ৰগতভাৱে মানুহ সংগপ্রিয়। বাহিৰৰ বিভিন্ন মানুহৰ সৈতে মিলামিছা কৰি থাকি আমি ভাল পাওঁ।

 

চৰিত্ৰগতভাৱে মানুহ সংগপ্রিয়। বাহিৰৰ বিভিন্ন মানুহৰ সৈতে মিলামিছা কৰি থাকি আমি ভাল পাওঁ। চৌপাশৰ পৰিৱেশ আৰু বাতাৱৰণে সকলো মানুহৰ অন্তৰত নানাধৰণৰ অনুভূতিৰ সৃষ্টি কৰে। স্বাভাবিকভাৱে মানুহৰ অন্তৰত যি সুন্দৰ অনুভূতিৰ সৃষ্টি কৰে, সেই অনুভূতি সদায় বাঞ্ছনীয়।

কিন্তু কেতিয়াবা আকৌ পৰিৱেশৰ জটিলতা বাঢ়ি যায়। তেতিয়াই বাঢ়ি যায় অনুভূতিৰ মাত্ৰাও। আৰু এই অনুভূতিৰ মাত্ৰ যিমানেই বাঢ়ি যায়, সিমানেই মানুহ হৈ উঠে অতি বেছি ভাবপ্ৰৱণ। ইয়াকেই আমি আবেগ বুলি কওঁ। উদাহৰণস্বৰূপে ভয়, খং, প্রেম ইত্যাদি। হার্ভার্ড বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানীৰ এটা দলে আৱেগ সম্পর্কে কিছু ব্যাখ্যা কৰিছে। তেওঁলোকৰ একাংশৰ মতে, কোনো বিশেষ পদ্ধতি অনুযায়ী আচৰণ কৰাৰ প্ৰৱণতাই হ’ল আৱেগ। আৱেগিক হ’লে মানুহৰ কিছুমান বাহ্যিক পৰিৱর্তনে দেখা দিয়ে। এনেবোৰ সময়ত অযথা খঙত চিঞৰ-বাখৰ কৰে, কিছুমানৰ আকৌ চকু ৰঙা আৰু ডাঙৰ হয়, কঁপনি উঠে ইত্যাদি। মানুহ যদি খুব বেছি আৱেগিক হয়, তেনেহ’লে তাৰ প্ৰভাৱ বহু সময়লৈ থাকে।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল অতিৰিক্ত আৱেগৰ পৰাই সৃষ্টি হয়। মনোবিকাৰৰ আৱেগৰ মাত্র বাঢ়ি গ’লে মানুহে ভাল-বেয়া, সঁচা-মিছা, পৰিচিত-অপৰিচিত ইত্যাদিৰ বিচাৰ কৰিবলৈ অক্ষম হৈ পৰে। এই সময়খিনিয়েই হ’ল মানুহৰ জীৱনৰ অতি জটিল সময়। লগতে এই কথাও ঠিক যে আৱেগৰ তীব্রতা, গভীৰতা ব্যক্তিৰ ব্যক্তিগত চাৰিত্ৰিক দিশৰ ওপৰত নিৰ্ভৰ কৰে। যিসকল ব্যক্তি অতি বেছি কৰ্মমুখী আৰু পৰিশ্ৰমী, তেওঁলোকৰ আবেগৰ তীব্ৰতাও বেছি। আনহাতে যিসকল ব্যক্তি জটিলতামুক্ত আৰু অলপতে সন্তুঠ তেওঁলোকৰ আৱেগৰ তীব্ৰতাও কমে। জীৱনৰ সকলো স্তৰতে আৱেগ জড়িত হৈ থাকে যদিও বয়স বঢ়াৰ লগে লগে আৱেগৰ মাত্ৰাও ক্ৰমে হ্ৰাস পাই আহে।

গৱেষণা কৰি দেখা গৈছে শিক্ষাৰ ক্ষেত্ৰত আৱেগৰ স্থান শীর্ষত। বর্তমান সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ স্কুলৰ যি বোজা, সেই বোজা যথেষ্ট গধুৰ। আৰু এই গধুৰ বোজা বহুতো ছাত্ৰ-ছাত্ৰীয়ে বহন কৰিব নোৱাৰে। ফলত ধীৰে ধীৰে তেওঁলোক মানসিকভাৱে ভাগি পৰে। কিছুমান ক্ষেত্ৰত স্কুলীয়া ল’ৰা-ছোৱালীয়ে পৰীক্ষাৰ ফলাফল আশানুৰূপ নোহোৱা বাবে অতিমাত্র আৱেগিক হৈ পৰে। তেওঁলোকৰ মানসিক চাপ ইমানেই বেছি হয় যে ধীৰে ধীৰে ই গৈ আত্মহননলৈ গতি কৰে। স্কুল-কলেজৰ ল’ৰা-ছোৱালীয়ে অত্যন্ত আৱেগিক আৰু হতাশাগ্ৰস্ত হৈ আত্মহত্যা কৰে যদিও এয়া তেওঁলোকৰ অপৈণত বয়সৰ সিদ্ধান্ত বুলিয়েই ক’ব পাৰি। কাৰণ এইখিনি বয়সত তেওঁলোকৰ সুস্থ চিন্তা-ভাবনাৰ অভাৱ হয়। প্রকৃতাৰ্থত শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্র-ছাত্রী পৰস্পৰৰ মাজত আৱেগৰ বিনিময় আৰু নিয়ন্ত্ৰণৰ ওপৰতে শিক্ষা ব্যৱস্থাৰ সাফল্য নিৰ্ভৰ কৰে। শিক্ষকসকলে ছাত্র-ছাত্রীৰ আৱেগৰ গঠনাত্মক দিশটোৰ প্ৰতি বিশেষ নজৰ দিব লাগে। অসুস্থ আৰু অবাঞ্ছিত আৱেগে যাতে তেওঁলোকক বিপথগামী নকৰে তাৰ প্ৰতিও শিক্ষক-শিক্ষয়িত্ৰীসকলে দৃষ্টি ৰখাটো কাম্য।

যিহেতু কম বয়সত ল’ৰা-ছোৱালী অতি বেছি আৱেগিক হয় (সাময়িকভাৱে), সেই আৱেগ নিয়ন্ত্রণ কৰিবলৈ যত্ন কৰাতোও শিক্ষকসকলৰ উপৰি অভিভাৱকসকলৰ গুৰুত্বপূর্ণ ভূমিকাৰ প্ৰয়োজন। ছাত্র-ছাত্ৰীসকলক ভালদৰে বুজাব লাগে যে পৰীক্ষাৰ ফলাফলেই জীৱনৰ সকলো নহয়। দুই-এটা পৰীক্ষাত ভবা মতে সুফল নাপালেও, সিয়ে জীৱনৰ সাফল্যত হেঙাৰ হ’ব নোৱাৰে। লাগে মাথোঁ ধৈর্য আৰ একাগ্রতা। ইয়াৰ উপৰি ঘৰত আৰু শিক্ষা প্ৰতিষ্ঠানত শিক্ষক আৰু অভিভাৱকসকলে এটা সুন্দৰ, নির্মল পৰিৱেশৰ সৃষ্টি কৰিব লাগে। ল’ৰা-ছোৱালীৰ মনত সৃষ্টি হোৱা ভয়, ঘূণা আদি কঠোৰভাৱে দমন কৰিবলৈ চেষ্টা নকৰি গভীৰ আন্তৰিকতাসহ ইয়াক নিয়ন্ত্ৰণ কৰা উচিত।

নাৰী-পুৰুষ উভয়েই আবেগপ্রবণ। উভয়ৰে অন্তৰত আৱেগে বসবাস কৰে। কিন্তু পুৰুষৰ তুলনাত নাৰীসকল সদায় অত্যাধিক আবেগপ্রকণ। আৱেগৰ বশৱৰ্তী হৈ তেওঁলোকে সহজতে ভাঙি পৰে। এই আৱেগপ্ৰৱণতাই নাৰীৰ জীৱনত নানাধৰণৰ প্রতিফলন ঘটায়।

সদৌ শেষত এটা কথাকে ক’ব বিচাৰো যে আবেগৰ বশৱৰ্তী হৈ মানুহে বিশেষকৈ ছাত্র-ছাত্ৰীসকলে বিপথে চালিত হোৱাটো অতি দুৰ্ভাগ্যৰ কথা। আমাৰ ৰাজ্যতো ছাত্র-ছাত্ৰীসকলৰ বাঢ়ি গৈছে আত্মহননৰ প্রচেষ্টা। ইয়াক নিৰ্মূল কৰিবলৈ চেষ্টা কৰাতো, শিক্ষক-শিক্ষয়িত্রী, অভিভাৱক তথা সমাজৰো নৈতিক কর্তব্য। ধর্ম, সংস্কৃতি, শ্রেণী, সম্প্রদায় আদি সকলোতে যাতে ঐক্য আৰু সংহতি বজাই ৰাখিব পাৰি তাৰ প্ৰতিও আমি যত্নপৰ হোৱা বাঞ্ছনীয়।

লেখিকা: অনিতা গোস্বামী, অসম বাণী।

3.04166666667
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top