অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আচৰণ সংশোধনৰ মনোবৈজ্ঞানিক দিহা

এজন ব্যক্তিৰ সুস্থিৰ মানসিক, শাৰীৰিক স্বাস্থ্যৰ লগত জীৱন নিৰ্বাহৰ পদ্ধতি, অভ্যাস বা আচৰণসমূহ সাধাৰণতে পাৰিৱেশিক কাৰকৰ দ্বাৰা প্ৰভাৱন্বিত হয়। আমি জ্ঞাতে বা অজ্ঞাতে বহু সময়ত কিছুমান বদঅভ্যাস গঢ়ি তোলোঁ, যিবোৰে আমাৰ ব্যক্তিগত আৰু সামাজিক উত্তৰণত বাধাৰ সৃষ্টি কৰে।

এজন ব্যক্তিৰ সুস্থিৰ মানসিক, শাৰীৰিক স্বাস্থ্যৰ লগত জীৱন নিৰ্বাহৰ পদ্ধতি, অভ্যাস বা আচৰণৰ ওতপ্ৰোত সম্পৰ্ক আছে। আচৰণসমূহ সাধাৰণতে পাৰিৱেশিক কাৰকৰ দ্বাৰা প্ৰভাৱান্বিত হয়। আমি জ্ঞাতে বা অজ্ঞাতে বহু সময়ত কিছুমান বদঅভ্যাস গঢ়ি তোলোঁ, যিবোৰে আমাৰ ব্যক্তিগত আৰু সামাজিক উত্তৰণত বাধাৰ সৃষ্টি কৰে।

  • এলাহ,
  • কৰ্মস্পৃহাৰ অভাৱ,
  • অনিয়মানুৱৰ্তিতা,
  • অহেতুক অত্যধিক খং,
  • নিচাশক্তি,
  • সংগদোষ আদিয়ে সফলতাৰ বাটত অন্তৰায় ৰূপে থিয় দিয়ে।

অসফলতা আৰু বিশৃংখল জীৱনশৈলীয়ে মুড ডিজঅৰ্ডাৰ, ইন’চনেল ডিজঅৰ্ডাৰ, চাইক’ছিছ আদি ৰোগৰ সৃষ্টি কৰে।

এনে ৰোগৰ নহ’বৰ বাবে আচৰণ সংশোধন আৰু সন্তুলিত জীৱনশৈলী অতি গুৰুত্বপূৰ্ণ। আমাৰ দেশৰ বৰ্তমান সময়তো মানসিক স্বাস্থ্য সম্পৰ্কত সচেতনতা বহু কম। কেৱল অতি বেছি মানসিক অসুস্থতাত ভুগিলেহে মনোৰোগ বিশেষজ্ঞৰ কাষ চপা দেখা যায়।

কিন্তু এনে বহু মনোবৈজ্ঞানিক কৌশল আছে, যিবোৰৰ সহায়ত ব্যক্তিয়ে এক সুস্থ আৰু সন্তুলিত মানসিক স্বাস্থ্য লাভ কৰিব পাৰে। ব্যক্তিৰ অসুবিধা আৰু প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি চাইক’লজিষ্টে এই কৌশল আৰু থেৰাপীসমূহৰ প্ৰয়োগ কৰে।

আত্ম পৰিচালনাৰ কৌশল(Self Management Technique) হৈছে এনে এক সহজ মনোবৈজ্ঞানিক কৌশল, যাক ব্যক্তিয়ে সংশোধন আৰু সু-অভ্যাস গঠনৰ বাবে নিজেই ঘৰতে ব্যৱহাৰ কৰিব পাৰে। এই আত্মপৰিচালনাৰ কৌশলসমূহ এনে ধৰণৰ-

লক্ষ্য নিৰূপণ আৰু স্ব-নিৰীক্ষণ(Goal setting, and self monitoring)-

এই পদ্ধতিত সলনি কৰিব বিচৰা অভ্যাস বা আচৰণটো আমি কেনে হোৱাটো বিচাৰিছোঁ তাক লক্ষ্য হিচাপে ধৰি লোৱা হয় আৰু এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি সেই লক্ষ্যত উপনীত হোৱাৰ চেষ্টা কৰা হয়।

এই প্ৰচেষ্টাত সফলতা পালে ব্যক্তিজনে নিজৰ ভাল কাম কৰি নিজকে প্ৰেৰণা দিব পাৰে। ইয়াৰ বাবে সময়, প্ৰচেষ্টাৰ সংখ্যা, সফলতাৰ পৰিমাণ আদি এখন তালিকাত লিপিবদ্ধ কৰিব পাৰে।

উদাহৰণস্বৰূপে এজন ব্যক্তিয়ে ধূম্ৰপানৰ অভ্যাসটো এৰিব বিচাৰিছে। ইয়াৰ বাবে তেওঁ এনেকৈ স্ব-নিৰীক্ষণৰ তালিকা প্ৰস্তুত কৰিব পাৰে।

বাৰ

তাৰিখ

সেৱনৰ সংখ্যা

সেৱনৰ সংখ্যাৰ লক্ষ্য

সোমবাৰ

১/১/১৮

মঙলবাৰ

২/১/১৮

বুধবাৰ

৩/১/১৮

বৃহস্পতি

৪/১/১৮

শুকুৰবাৰ

৫/১/১৮

এনেদৰে প্ৰচেষ্টাৰ সংখ্যা বঢ়াই গৈ গৈ অৱশেষত লক্ষ্যত উপনীত হ’ব পৰা যায়। অৱশ্যে লক্ষ্য নিৰ্ধাৰণ কৰোঁতে ব্যক্তিজনৰ সক্ষমতাৰ ভিত্তিত বাস্তৱিকতা থকাটো বাঞ্ছনীয়।

পূৰ্বনিয়ন্ত্ৰণ(Antecedent Manipulation)-

এই কৌশল ব্যক্তিজনে আহৰণ কৰিব বিচৰা আচৰণত সহায় কৰিব পৰা ধৰণেৰে আগতীয়াকৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰাকে বুজায়। ই কেইবাধৰণৰ হ’ব পাৰে। যেনে-

  • বিচৰা ধৰণৰ আচৰণত সহায়ক পৰিৱেশ সৃষ্টি কৰা বা সলনি কৰিব বিচৰা অভ্যাসটোত সাৰ-পানী যোগোৱা পৰিৱেশৰ পৰা নিজে আগতীয়াকৈ আঁতৰি থকা। উদাহৰণস্বৰূপে স্বাস্থ্যকৰ খাদ্যাভ্যাস কৰিব বিচৰা ব্যক্তিয়ে স্বাস্থ্যকৰ খাদ্যৰ বজাৰ কৰা জাংক ফুডৰ একেবাৰে বজাৰ নকৰা।
  • বাঞ্ছিত আচৰণক প্ৰভাৱিত কৰা কাৰকৰ সহায় লোৱা আৰু অবাঞ্ছিত আচৰণত সহায় কৰা কাৰকক আঁতৰত ৰখা। উদাহৰণস্বৰূপে এটি শিশুৰ কুআচৰণ বা অভিভাৱকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ কৰা বেয়া অভ্যাস আঁতৰ কৰিবলৈ তেনে আচৰণ কৰোঁতে শিশুটিক ধ্যান নিদিয়াকৈ(Ignore) থকা।
  • বাঞ্ছিত আচৰণ সহজসাধ্য কৰিব পৰা ব্যৱস্থা আৰু অবাঞ্ছিত আচৰণ কষ্টসাধ্য কৰাৰ ব্যৱস্থা কৰা। উদাহৰণস্বৰূপে এজন ব্যক্তিয়ে ধূম্ৰপানৰ অভ্যাস আঁতৰাবলৈ ঘৰত এটাও চিগাৰেট নাৰাখিলে তেওঁৰ খাবলৈ মন গ’লেও বহুত সময়ত দোকানৰ পৰা চিগাৰেট কিনিবলৈ যোৱাৰ অসুবিধাটোৱে তেওঁক কিছু পৰিমাণে বাধা দিব। ঠিক তেনেদৰে তেওঁ যদি ঘৰত নিক’টিন গাম ৰাখে, তেন্তে ই ব্যক্তিজনৰ চিগাৰেট খোৱাৰ ইচ্ছাৰ তীব্ৰতা কম কৰাত সহায় কৰিব পাৰে।

উদগনিমূলকভাৱে নিজকে পুৰষ্কৃত কৰা বা শান্তি প্ৰদানৰ কৌশল -

ব্যক্তিজনে বাঞ্ছিত আচৰণৰ বাবে নিজকে পুৰষ্কৃত কৰিব বা অবাঞ্ছিত আচৰণৰ বাবে নিজকে শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব পাৰে। উদাহৰণস্বৰূপে চিগাৰেট এৰিবলৈ চেষ্টা কৰা ব্যক্তিজনে দুটাতকৈ বেছি চিগাৰেট খালে শাস্তিমূলকভাৱে তেওঁ বেয়া পোৱা কাম কৰা। যেনে- গোটেইবোৰ বাচন ধোৱা।

সামাজিক সমৰ্থন(Social Support):

আচৰণ সংশোধক সামাজিক সমৰ্থনে বিশেষ সামাজিক পৰিৱেশক বুজায়, য’ত ব্যক্তিজনে আকাংক্ষিত আচৰণৰ অভ্যাস কৰাৰ বাবে প্ৰেৰণা পায়। উদাহৰণস্বৰূপে মদ্যপানৰ অভ্যাস এৰিব বিচৰা ব্যক্তিয়ে অধিকাংশ সময় মদ্যপান নকৰা ব্যক্তি বা পৰিৱেশত পাৰ কৰি যিমান পাৰে মদ্যপান নকৰাৰ চেষ্টা কৰিব পাৰে।

আত্ম নিৰ্দেশনা আৰু আত্ম প্ৰশংসা(Self instruction and self praise):

আত্ম সচেতন ব্যক্তিয়ে নিজেই নিজৰ আকাংক্ষিত আচৰণ প্ৰদৰ্শন কৰিবৰ বাবে নিৰ্দেশ দিব পাৰে আৰু সফলতা লাভৰ লগে লগে নিজে নিজক প্ৰশংসা কৰিব পাৰে। ধৰি ল’লোঁ এজন লাজকুৰীয়া স্বভাৱৰ ছাত্ৰই নিজকে এনেকৈ নিৰ্দেশ দিব পাৰে যে ‘মই শ্ৰেণীকোঠাৰ আলোচনাত অংশগ্ৰহণ কৰিবলৈ চেষতা কৰিম আৰু সকলোৰে চকুলৈ চাই কথা কম’, আৰু যেতিয়াই তেওঁ এই ক্ষেত্ৰত সফল হ’ব, তেতিয়া নিজকে ‘বাঃ মই এই ক্ষেত্ৰত সফল হ’লোঁ’ এনেদৰে নিজক প্ৰশংসা কৰিব পাৰে। এই পদ্ধতি মূলতঃ ব্যক্তিৰ নিজস্ব দোষ গুণ, প্ৰচেষ্টা, বিফলতা, সফলতা আদি বিষয়ত নিজৰ সচেতনতাৰ ওপৰত নিৰ্ভৰশীল।

আচৰণ লিখিত চুক্তি(Behavioural Contract):

এনে চুক্তি বয়স্ক ব্যক্তিয়ে নিজেই নিজৰ লগত কৰিব পাৰি আৰু শিশুৰ ক্ষেত্ৰত অভিভাৱক আৰু শিশুৰ মাজত কৰিব পাৰে। এই কৌশলত আকাংক্ষিত আচৰণৰ প্ৰদৰ্শনৰ সফলতা আৰু বিফলতাৰ ভিত্তিত ব্যৱস্থা গ্ৰহণৰ এখন লিখিত চুক্তি প্ৰস্তুত কৰা হয়।

উদাহৰণস্বৰূপে পঢ়া-শুনাত একেবাৰে ইচ্ছা নথকা এজন ছাত্ৰৰ এমাহৰ গৰমৰ বন্ধত চাৰিটা বিষয়ৰ হোমৱৰ্ক দিছে। তেনে ক্ষেত্ৰত পিতৃ-মাতৃয়ে এনেদৰে এখন চুক্তিপত্ৰ বনাব পাৰে যে ছাত্ৰজনে এসপ্তাহত এটাকৈ চাৰি সপ্তাহত চাৰিটা বিষয়ৰ হোমৱৰ্ক কৰিব আৰু সফল হ’লে প্ৰতি দেওবাৰে ফুৰিবলৈ যাব পাৰিব আৰু বিফল হ’লে টিভি প্ৰগ্ৰেম চাব নোৱাৰিব ইত্যাদি।

এনেদৰে আত্ম পৰিচালনৰ কৈশলসমূহ অৱলম্বন কৰি ব্যক্তিয়ে আচৰণ পৰিৱৰ্তন বা সংশোধন কৰিব পাৰে।

এইক্ষেত্ৰত ব্যক্তিৰ নিজৰ দোষ-গুণ, সক্ষমতা, দুৰ্বলতা আদি সম্পৰ্কে জ্ঞান, আচৰণ সংশোধনৰ আন্তৰিক ইচ্ছা আৰু পৰিশ্ৰম নিতান্তই প্ৰয়োজনীয়।

লেখিকা: আৰাধনা বৰুৱা(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 4/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate