মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / আপোনাৰ সন্তান মানসিক ৰোগত ভুগিছে নেকি?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আপোনাৰ সন্তান মানসিক ৰোগত ভুগিছে নেকি?

মানসিক ৰোগৰ বিষয়ে লিখা হৈছে ।

আপোনাৰ সন্তানটো মানসিক ৰোগত আক্ৰান্ত হৈছে নেকি? পঢ়াৰ বোজা তথা প্ৰবল প্ৰতিযোগিতাত টিকি থাকিবলৈ যাওঁতে কেতিয়াবা এনে সমস্যাত ভুগিবও পাৰে। কিন্তু আপুনি কেনেকৈ তাৰ এই সমস্যাৰ কথা জানিব। আপুনি শিশুটোক লক্ষ্য কৰি যদি নিম্নলিখিত লক্ষণসমুহ দেখে তেন্তে বুজিব যে আপোনাৰ শিশু মানসিক ৰোগত ভুগিছে।

লক্ষণসমুহ হ’ল -

*বিদ্যালয়ত পাৰদৰ্শিতা দেখুৱাবলৈ অসমৰ্থ।

*অহৰহ বিৰক্ত হৈ থকা।

*সঘনাই মুৰৰ বিষ, পেটৰ বিষ আদিৰ বিষয়ে অভিযোগ অনা।

*দীৰ্ঘ সময়ৰ বাবে শুই থকা অথবা একেবাৰে শুবলৈ ইচ্ছা নকৰা বা নিশা টোপনিত খোজ কঢ়া।

*খিংখিঙীয়া হোৱা তথা বিছনাত প্ৰস্ৰাৱ কৰাৰ দৰে ঘটনা।

*বেছি খঙাল আৰু নিজৰ সুৰক্ষাৰ প্ৰতি উদাসীন হোৱা।

কেনেকৈ চিকিৎসা কৰিব?

শিশুৰ মানসিক ৰোগ চিনাক্ত কৰিব পাৰে মানসিক ৰোগ বিশেষজ্ঞই। তদুপৰি অনুজ্ঞা-পত্ৰপ্ৰাপক মানসিক স্বাস্থ্য থেৰাপিষ্ট বা শিশু ৰোগ বিশেষজ্ঞ তথা মনোৰোগ বিশেষজ্ঞই চিনাক্ত কৰিব পাৰে। এওঁলোকৰ যিকোনো এজনে শিশুৰ লগত কথা পাতি আৰু শাৰীৰিক পৰীক্ষা কৰি তেওঁলোকৰ ৰোগ চিনাক্ত কৰিব পাৰে। শিশুসকলৰ মানসিক ৰোগ অন্যান্য চিকিৎসাৰ ঔষধৰ পাৰ্শ্বক্ৰিয়াও হ’ব পাৰে। এক্সৰে, চিটিস্কেনৰ দ্বাৰা নিয়মীয়াকৈ পৰীক্ষা কৰা প্ৰয়োজন। এই পৰীক্ষাৰ সময়ত শিশুটোৰ লগতে মাক-দেউতাকক এলানি প্ৰশ্ন বিশেষজ্ঞই কৰিব পাৰে ৰোগটো বিশ্লেষণৰ বাবে। সেয়েহে শিশুৰ দৈনন্দিন ব্যৱহাৰৰ কোনো পৰিৱৰ্তন দেখিলে সাৱধান হৈ চিকিৎসকৰ কাষ চাপিব।

উৎস: দেওবৰীয়া সুকন্যা

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top