অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আপুনি কিমান খঙাল

মানুহৰ ভাল লগা, বেয়া লগা, ক্ষুধা, তৃষ্ণৰ দৰেই খং এটা সহজাত মানসিক অৱস্থা। কিন্তু এই খঙক কোনেও সুস্থ মানসিকতা বুলি স্বীকাৰ নকৰে

খং-

মানুহৰ ভাল লগা, বেয়া লগা, ক্ষুধা, তৃষ্ণৰ দৰেই খং এটা সহজাত মানসিক অৱস্থা। কিন্তু এই খঙক কোনেও সুস্থ মানসিকতা বুলি স্বীকাৰ নকৰে। খঙৰ বাবেই ঘটে বহুতো অপ্রীতিকৰ ঘটনা। মহাত্মা গান্ধীয়ে কৈছিল, খং এনে এবিধ এচিড ইয়াক যি পাত্ৰতে থোৱা যায়, সেই পাত্রটিকে ধ্বংস কৰি পেলায়। খঙে একোজনৰ চৰিত্ৰ উদঙাই দেখুৱায়। খঙে সম্পর্ক চূৰমাৰ কৰে, খঙে মহাভাৰতৰ সৃষ্টি কৰে। সকলো বেয়া কৰিব পৰা এই খঙৰ কিয় সৃষ্টি হয় ?

বিভিন্নজনৰ বিভিন্ন কাৰণতে উঠে খং। মনে বিচৰাটো নোপোৱা, আকাংক্ষা অপূৰণ, নিজৰ মতে সকলোকে চলাব খুজি বিফল আৰু অতিপাত অসন্তুষ্ট হোৱা আদি এশ এটা কাৰণতে খঙৰ সৃষ্টি হয়। ইয়াৰ কোনো সীমা নাই। আদি অন্ত নাই। সক্ষম মানুহ সময়ত অক্ষম হৈ পৰিলেও হৈ পৰে খঙাল। বয়স্কসকলৰ খঙৰ কাৰণ সৰুৰ লগত মন নিমিলা, দীপ, অহংকাৰ ইত্যাদি। এসময়ত প্ৰতাপী হৈ থাকি আন সময়ত সেই প্রতাপ হ্রাস পালেও উৎকট খঙৰ চিকাৰ হোৱা দেখা যায়। জিনগত কাৰণতো মানুহ খঙাল স্বভাৱৰ হয়।

খং হ’ল মানুহৰ চৰম প্রকাশ। ই দুই ধৰণে প্রকাশ পায়। এক শ্রেণীৰ লোকৰ খং উঠে, কিন্তু সেইসকলে খং বুকুতে চেপি-খুন্দি ৰাখে। যাৰ বাবে এইসকল লোক এসময়ত আলচাৰ, হৃদৰোগ, হাইব্লাড প্রেছাৰ, ডায়েবেটিছ, মূৰৰ বিষ, থাইৰয়েড ৰোগৰ চিকাৰ হয়। আন এচামে বাহ্যিকভাৱে খং প্রকাশ কৰি নিজৰ, আনৰ ওচৰত, সামাজিকভাৱে, অভব্য আচৰণ কৰি পুতৌৰ পাত্ৰ হৈ পৰে। হত্যা, আত্মহত্যা, শাৰীৰিক আৰু মানসিক নিগ্ৰহৰ দৰে ঘটনাও খঙৰ চৰম বহিঃপ্রকাশ। তাতেই বুজিব পাৰি খং কিমান ভয়াৱহ, খং কিমান অনিষ্টকৰ। খং মানুহৰ মাজত সোমাই থকা এনে এবিধ বিষাক্ত আচৰণ যে যিসকলৰ মাজত ই এশ শতাংশই বিৰাজমান, সেইসকলক দুৰ্ভগীয়া লোক বুলিব পাৰি। তেওঁলোক সকলোৰে ওচৰত অতি অপ্রিয় লোক, পুতৌৰ পাত্ৰ, আনকি হাঁহিয়াতৰ পাত্রও। তেওঁলোকক আনে সন্মুখত ভাল পাই দেখুৱালেও পিছফালে কটাক্ষ কৰে, সমালোচনা কৰে। বেচেৰা খং লৈ ফুৰাসকলে সেই কথা গমেই নাপায়।

খং কমোৱাৰ উপায়-

 

খং প্ৰকাশৰ আদব-কায়দা পাৰিবাৰিক শিক্ষাৰ ওপৰত নিৰ্ভৰশীল। বেছি খঙে মানুহক সামাজিকভাৱে ক্ষতিগ্রস্ত কৰে। খঙক প্রশ্রয় দিয়া উচিত নহয় যিটোৱে আনকি বন্ধু-বান্ধৱীৰ মাজতো সম্পর্ক নষ্ট কৰে।ি

খঙত কৰা ব্যৱহাৰৰ দ্বাৰা এজন মানুহৰ শিক্ষা-সংস্কৃতি, মানসিকতাৰ পৰিচয় পাব পাৰি। এজন লোকে নিৰ্মোহভাৱে বিচাৰ কৰি নিজক খঙাল ব্যক্তিৰূপে যদি বিবেচিত কৰে, তেন্তে সেই ব্যক্তিয়ে ক্লিনিকেল ট্রিটমেন্ট, কাউন্সেলিং, এংগাৰ থেৰাপী গ্রহণেৰে খং কমাব পাৰে। প্রার্থনা, মেডিটেচনৰ দ্বাৰা খং কমাব পাৰি। ই মাথোঁ কেইদিনমানতে সম্ভৱ নহয়। প্রথমে ছমাহ অভ্যাস কৰক। সেইবুলি সফল হৈছে বুলি ভাবি এৰি নিদিব। দিনটোৰ দহ মিনিট প্রার্থনাৰ বাবে ৰাখক।ই আত্মশুদ্ধিৰ প্রচেষ্টা।

মস্তিষ্কৰ শিথিলতা, এপিলেন্সি থাকিলে মানুহ খঙাল হয়। খং মানসিক অসুস্থতাৰ এটা অংশ হ’ব পাৰে। এই সকলো কথা জানি-বুজি নিজেই সাৱধান হোৱা উচিত।

লিখক: দীপমণি হাজৰিকা, অসম বাণী।

3.03125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top