মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / আপুনি খঙাল স্বভাৱৰ নেকি?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আপুনি খঙাল স্বভাৱৰ নেকি?

আপুনি খঙাল স্বভাৱৰ নেকি?

আপুনি খঙাল স্বভাৱৰ নেকি?

মানুহৰ ভাল লগা, বেয়া লগা, ক্ষুধা, তৃষ্ণাৰ দৰেই খং এটা মানসিক অৱস্থা। কিন্তু এই খং বোলা অৱস্থাটোক সাধাৰণতে কোনেও সুস্থ মানসিকতা বুলি স্বীকাৰ নকৰে। খঙৰ বাবেই মানুহৰ মাজত, পৰিয়ালৰ মাজত ঘটে বহুতো অপ্রীতিকৰ ঘটনা। মহাত্মা গান্ধীয়ে কৈছিল, ‘খং এনে এবিধ এচিড ইয়াক পাত্ৰতে থোৱা যায় সেই পাত্ৰটিকে ধ্বংস কৰি পেলায়।’ খঙে একোজন মানুহৰ চৰিত্ৰক উদঙাই দেখুৱায়। মানুহৰ মাজৰ সম্পর্ক নিঃশেষ কলে, আনকি বহুদিনীয়া পুৰণি বন্ধুত্বও শেষ কৰি পেলায়। পৰিয়ালৰ মধুৰ সম্পৰ্কও নি:শেষ হৈ যাব পাৰে অতিপাত খঙত আগ-পিছ নাভাবি কৈ পেলোৱা এষাৰ অবিবেচক কথাৰ বাবেই। কিয় সৃষ্টি হয় এই খঙৰ? বিভিন্নজনৰ বিভিন্ন কাৰণত খং উঠে। মনে বিচৰা, বিচৰাটো নোপোৱা, আকাংক্ষা অপূৰণ, আনক সহজভাৱে ল’ব নোৱাৰা, সকলোকে নিজৰ মতে চলাব বিচৰা আদি এশ এটা কাৰণতে খঙৰ সৃষ্টি। ইয়াৰ কোনো আদি অন্ত নাই। বয়স্কসকলৰ খঙৰ কাৰণ-সৰুৰ লগত মন নিমিলা, দৰ্প, অহংকাৰ ইত্যাদি। এসময়ত প্ৰতাপী হৈ থাকি পাছৰ জীৱনৰ সেই প্ৰতাপ হ্ৰাস পালেও উগ্ৰ খঙৰ চিকাৰ হয় একোজন ব্যক্তি।

গৃহিণীসকলৰ কিয় খং উঠে

 

গৃহিণীসকলৰ খং উঠাৰ কাৰণৰ কোনো প্রশ্ন নোসোধাই ভাল। গৃহিণীসকলৰ খং উঠাৰ কাৰণ সীমা সংখ্যাহীন। ল’ৰা-ছোৱালীয়ে কথা নুশুনিলে, পঢ়া-শুনা নকৰিলে, ঘৰ-দুৱাৰ লেতেৰা কৰিলে, স্বামীয়ে ঘৰ চলোৱা পইচা ভালদৰে যোগান নিদিলে, বনকৰা ছোৱালীয়ে ভালদৰে কাম নকৰিলে বা সহায়কাৰিণী নথকাৰ বাবে গোটেই ঘৰৰ কাম অকলে অকলে টানি থাকিব লগা হ’লে— মুঠতে খঙৰ কাৰণ অযুত।

খং হ’ল মানুহৰ চৰম প্ৰকাশ। ই দুই ধৰণে প্ৰকাশ পায়। একশ্রেণীৰ খং বুকুতে চেপি-খুন্দি থাকে। যাৰ ফলত এইসকল লোক হৃদৰোগ, আলচাৰ, হাই ব্লাড প্ৰেচাৰ, ডায়েবেটিছ, মূৰৰ বিষ, থাইৰয়েড আদি ৰোগৰ চিকাৰ হয়। বন্ধুত্বও শেষ কৰি পেলায়। আন শ্রেণীয়ে বাহ্যিকভাবে খং প্ৰকাশ কৰি আনৰ ওচৰত বা সামাজিকভাৱে অভবা আচৰণ কৰি পুতৌৰ পাত্ৰ হৈ পৰে। হত্যা, আত্মহত্যা, শাৰীৰিক আৰু মানসিক নিগ্ৰহৰ দৰে ঘটনাও খঙৰ চৰম বহি:প্ৰকাশ। তাতেই বুজিব পাৰি খং কিমান ভয়াৱহ, খং কিমান অনিষ্টকৰ।

দীপমণি হাজৰিকা, অসম বাণী।

2.93103448276
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top