মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / আবেশিক-বাধ্যবাধকতা ব্যাধি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আবেশিক-বাধ্যবাধকতা ব্যাধি :

আবেশিক-বাধ্যবাধকতা ব্যাধিৰ বিষয়ে লিখা হৈছে ।

 

মানসিক ৰোগ নিৰূপন কৰাটো সহজ কাম নহয়। অধিক লক্ষ্য কৰিলে এনেকুৱা লাগে যেন বেছিভাগ লোকেই মানসিকভাৱে ৰুগীয়া। ঠিক তেনেদৰে আবেশিক-বাধ্যবাধকতা ব্যাধি সহজে চকুত ধৰা পৰা বিধৰ ৰোগ নহয় যদিও অধিক সময়ৰ বাবে ভূগি থাকিলে আন মানসিক ৰোগবোৰ লক্ষণীয় হৈ পৰে। ইংৰাজীত ইয়াক অবচেছিভ-কমপালচিভ ডিছৰ্ডাৰ বুলি কোৱা হয়। অবচেছন মানে যিকোনো কথা বা আবিশৰ বশবৰ্তী হোৱা। এই ধৰণৰ ৰোগৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ আবেশ আৰু নিজে সৃষ্টি কৰা নিয়মৰ বাবে দৈনন্দিন জীৱনশৈলীত যথেষ্ট বাধাৰ সৃষ্টি হয়। আনকি বুজা বুজিৰ অভাৱত বহুতৰে সম্পৰ্কতো ব্যাঘাত জন্মিব পাৰে। এই ৰোগৰ বিষয়ে আগতীয়াকৈ জানি সোনকালে ইয়াৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি নিৰাময় কৰোৱা উচিত।

আবেশৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ লক্ষণবোৰ হ’ল -

*নিজে নিবিচাৰিলেও অবাঞ্চিত চিন্তা কিছুমান মনলৈ আহি থকা।

*নিজৰ ব্যক্তিত্বৰ দ্বাৰা নিজেই উদ্বিগ্নতাত ভোগা।

*বিভিন্ন ধৰণৰ অন্ধবিশ্বাসৰ দ্বাৰা এই চিন্তাবোৰ আঁতৰ কৰাৰ চেষ্টা কৰা।

*নিজে ভবা মতে নিজেই কাম কৰিব নোৱাৰা।

*তাৰোপৰি ধূলি বা লেতেৰা মলিৰ সংস্পৰ্শত ৰোগ হ’ব বুলি অত্যধিক আশংকা।

*বয়বস্তুবোৰ অধিক হানি কৰাৰ আশংকা বা দুশ্চিন্তা।

*ধৰ্মীয় বা যৌনতাৰ অৰ্থহীন চিন্তাবোৰে আগুৰি ধৰি আক্ৰমণাত্মক কৰি তোলা ইত্যাদি।

আনহাতে কম্পালচিভ অথবা বাধ্যতামূলক ৰোগৰ দ্বাৰা আক্ৰান্ত ব্যক্তিয়ে দেখুওৱা লক্ষণবোৰ হ’ল-

*বেলেগৰ পৰা বেমাৰৰ সংক্ৰমণৰ প্ৰতি অধিক সজাগ অথবা বেলেগ বেলেগ ব্যৱহাৰ কৰা বস্তু নিজে চুবলৈ প্ৰস্তুত নোহোৱা।
*যিকোনো কাম কৰি অহাৰ পিছত নিৰাপদে কৰিলেনে নাই চাই থকা অৰ্থাৎ ৰন্ধন গেছটো বা লাইটৰ চুইচ বা দুৱাৰখন বন্ধ কৰিলেনে নাই বাৰে বাৰে পৰীক্ষা কৰি থকা।

*বয়বস্তুবোৰ সুব্যৱস্থিতভাৱে নথ’লে অধিক উদ্বিগ্নতাত ভোগা, নিজৰ অথবা আনৰ ভাৱমূৰ্তি বা প্ৰতিচ্ছবি বেয়া হোৱাৰ প্ৰতি অধিক সচেতন হোৱা।

*চিঞৰি গালি পৰা অথবা কোনোবাই মিছা ক’লে বা এনেয়ে অভিনয় কৰিলে ব্যতিব্যস্ত হৈ সচেতন হোৱা।

*হাত মিলোৱা বা নমস্কাৰ দিয়াৰ নিচিনা বাধ্যতামূলক কামবোৰৰ পৰা আঁতৰি থকা ইত্যাদি।

বাধ্যবাধকতা ব্যধি আৰু আবেশিক ব্যধি সাধাৰণতে একেলগে হোৱা দেখা যায়। আক্ৰান্ত ব্যক্তিয়ে আবেশ আৰু উদ্বিগ্নতাৰ দ্বাৰা সৃষ্টি হোৱা লক্ষণবোৰৰ পৰা নিজক বচাবলৈ নিজৰ বাবেই কিছুমান বাধ্যবাধকতাৰ সৃষ্টি কৰে। কিছুমান অপ্ৰয়োজনীয় নিয়ম-নীতি পালন কৰিও নিজৰ উদ্বিগ্নতা হ্ৰাস কৰিবলৈ চেষ্টা কৰে। আক্ৰান্ত লোকে কাপোৰ বা নিজৰ হাত সঘনাই ধুই থকা দেখা যায়। যিকোনো বস্তু বাৰে বাৰে নীৰিক্ষণ কৰি থকা, গণনা কৰি থকা, বয়বস্তুবোৰ অধিক সুব্যৱস্থিত হিচাপে ৰখা, কটকটীয়া নিয়মৰ মাজত নিজেও থকা, আনকো ৰাখিবলৈ চেষ্টা কৰা, বাৰে বাৰে আনৰ পৰা নিশ্চয়তা বিচৰা ইত্যাদি।

অবচেছিভ কমপালছিভ ডিছৰ্ডাৰ এবিধ আমৃত্যু আক্ৰান্ত কৰি ৰখা ৰোগ। এই ধৰণৰ ৰোগ বাল্যকালতে আৰম্ভণি হয়। কালক্ৰমে ই অধিক গুৰুতৰ হৈ পৰে। সাধাৰণতে অধিক উদ্বিগ্নতা(Anxiety) অথবা মানসিক চাপৰ() ফলত এই ধৰণৰ ৰোগৰ লক্ষণ অধিক দেখা যায়। দীৰ্ঘদিন ধৰি মানসিক চাপত ভুগি থকা লোকৰ শাৰীৰিক পৰিবৰ্তনো লক্ষণীয় হৈ ধ্বংস হোৱাৰ উপৰিও চেৰিটোনিন নামৰ নিউৰোট্ৰান্সমিটাৰ অৰ্থাৎ ৰাসায়নিক পদাৰ্থবিধ কমি যায়। এই নিউৰোট্ৰান্সমিটাৰ বিধৰ উৎপত্তি স্থল মগজু যদিও ৯০ শতাংশ পোৱা যায় শৰীৰৰ গেষ্ট্ৰো ইন্টেষ্টিনেল ট্ৰেকত। এইবিধ ৰাসায়নিক পদাৰ্থই মানসিক অৱস্থা বা মুড, ভোক লগা আৰু টোপনি আদি নিয়ন্ত্ৰণ কৰে। ইয়াৰ উপৰিও ক্ষুদ্ৰান্ত্ৰ বা বৃহদান্ত্ৰৰ ভিতৰত খাদ্যবস্তুৰ গতি নিয়ন্ত্ৰণ কৰে এই চেৰিটোনিন নামৰ পদাৰ্থবিধে। যাৰ দ্বাৰা হজম শক্তি নিৰূপন হয়। বিভিন্ন কাৰণবশতঃ চেৰিটোনিনৰ মাত্ৰা কমি যোৱাৰ ফলত মানুহ ডিপ্ৰেচনত ভোগে আৰু দীৰ্ঘদিনীয়া ডিপ্ৰেচনৰ ফলত অবচেছিভ কম্পালছিভ ডিছৰ্ডাৰ হোৱাৰ সম্ভাৱনা অধিক। তাৰোপৰি অবচেছিভ কম্পালছিভ ডিছৰ্ডাৰ ৰোগবিধ 45 শতাংশৰ পৰা 65 শতাংশলৈ আনুবংশিক বুলি ক’ব পাৰি। বহুতৰে ক্ষেত্ৰত সৰুকালতেও এই ব্যধি আৰম্ভ হোৱাটো সাধাৰণ কথা যদিও প্ৰাপ্ত-বয়স্ক কালত এই ব্যধি আৰম্ভ হোৱাটো অলপ ব্যতিক্ৰম। চাইকোল’জিষ্ট, চাইকিয়াট্ৰিষ্ট, ক্লিনিকেল ছোচিয়েল ৱৰ্কাৰ, পঞ্জীকৃত মানসিক স্বাস্থ্য বৃত্তিধাৰী লোকে এই ধৰণৰ ৰোগৰ দ্বাৰা আক্ৰান্ত লোকৰ ৰোগ নিৰূপন কৰিব পাৰে। এই ৰোগৰ চিকিৎসা দুই ধৰণে কৰা হয়, ‘কগনিটিভ বিহেভিয়াৰেল থেৰাপি’ আৰু ‘ফাৰ্মাকোলোজিকেল থেৰাপি’। শিশু আৰু কিশোৰ-কিশোৰীক সাধাৰণতে কগবিটিভ বিহেভিয়েৰেল থেৰাপি অৰ্থাৎ কাউন্সেলিং তথা বুজনিৰ দ্বাৰা আৰোগ্য কৰাৰ চেষ্টা কৰা হয়। যদি সফল নহয় অথবা ৰোগৰ লক্ষণবোৰ গুৰুতৰ হয়, তেতিয়া ইয়াক ফাৰ্মাকোল’জিকেল থেৰাপি অৰ্থাৎ দৰবেৰে আৰোগ্য কৰিবলৈ চেষ্টা কৰিবলৈ কৰা হয়।

সাধাৰণতে এনেকুৱা অৱস্থাত ওপৰত উল্লিখিত নিৰ্দিষ্ট চেৰিটোনিন ৰিআপটেক ইনহিবিটৰ দৰব অৰ্থাৎ চেৰিটোনিন নামৰ ৰাসায়নিক পদাৰ্থবিধ অৱক্ষয় প্ৰতিৰোধক অথবা পদাৰ্থবিধ বৃদ্ধিকাৰী দৰব ব্যৱহাৰ কৰা হয়। চেৰিটোনিন হ’ল ট্ৰিপ্টোফেন নামৰ এবিধ এমিনো এচিডৰ ডিৰাইভেটিভ, সেইবাবে এইবিধ নিউৰোট্ৰান্সমিটাৰৰ উৎপত্তিৰ বাবে বিভিন্ন ধৰণৰ প্ৰোটিনৰ প্ৰয়োজন।

লগতে ইয়াৰ উৎপত্তিৰ বাবে বিভিন্ন ধৰণৰ প্ৰোটিনৰ প্ৰয়োজন। গতিকে যদি কোনো লোক প্ৰকৃততে ‘বি’ ভিটামিন অথবা প্ৰোটিনৰ অভাৱত ভোগে, তেনেলোকে এই ৰোগৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে। প্ৰাকৃতিক ভাৱে শৰীৰত চেৰিটোনিনৰ মাত্ৰা ঠিকে ৰাখিবলৈ অথবা মনটো ভাল লাগি থাকিবলৈ খোৱা খাদ্যসমূহ হ’ল- গাখীৰ বা গাখীৰৰ আন উৎপাদনবোৰ মাছ, মুৰ্গীৰ মাংস, বিন, আলু, জন্তু লিভাৰ, গম, কল, বাদাম কণী, মাশ্বৰুম, তৰমুজ, আঙুৰ আৰু শামুক আদি ভিটামিন ‘বি’ৰ উত্তম উৎস। ইয়াৰ উপৰি প্লাম, কিৱি, বিলাহী, এভোকাডো, মাটিকঠাল আদি ফলত চেৰিটোনিন উৎপাদনকাৰী উপাদান পোৱা যায়।

অবচেছিভ কমপালছিভ ডিছৰ্ডাৰৰ দ্বাৰা প্ৰায় 2.3 শতাংশ লোকে জীৱনৰ যিকোনো সময়ত আক্ৰান্ত হ’ব পাৰে। বেছিভাগ লোকৰে 20 বছৰ বয়সৰ আগতে হোৱাৰ সম্ভাৱনা কম হয়।

তথাপি এই ৰোগলক্ষনবোৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাৰম্ভিক অৱস্থাতে ইয়াক নিয়ন্ত্ৰণ কৰিব লাগে। পিছলৈ এইৰোগৰ অনিয়ন্ত্ৰিত লক্ষণে আলজেইমাৰ, ডিমেনচিয়া আদিৰ দৰে অনেক মানসিক ৰোগৰ সৃষ্টি কৰিব পাৰে।

লেখক: মুনিন হুজুৰী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.13333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top