অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আলস্য আৰু মানসিক স্বাস্থ্য

আলস্য আৰু মানসিক স্বাস্থ্য

 

বিখ্যাত মনস্তত্ত্ব বিজ্ঞানী ক্ৰে’ৱ ৰবিনছন মতে, “আলস্যতা বা ধোদামি হৈছে এক শ্রমবিমুখ মানসিকতা। নিজৰ দৈহিক বা মানসিক সামর্থ্য সম্বন্ধে সঠিক ধাৰণা বা উপলব্ধিৰ অনুপস্থিতিত ই হৈছে। অৱচেতন মনত উদ্ভূত সচেতনতা।’ পিছে এই মানসিক অৱস্থাটোৰ সম্পর্কে আন কেইবাটাও সংজ্ঞা আছে। জোৰষ্টাৰৰ সংজ্ঞা এই ক্ষেত্ৰত উল্লেখনীয়। তেওঁ এই বিষয়ে কৈছে— ‘ই হৈছে এক শ্রমবিমুখ জীৱন। ই এনে এক ভয়ংকৰ ব্যাধি, যিয়ে নেকি এক সুন্দৰ তথা প্রাঞ্জল জীৱনক অর্থহীন কৰি ধ্বংস কৰিব পাৰে। দৈহিক তথা মানসিকভাৱে কোনো এজন ব্যক্তি দুর্বল হৈ পৰিলে বাধ্যত পৰি তেওঁ আলস্য জীৱন যাপন কৰিব লগীয়া হয়। এনেধৰণৰ আলস্যতাৰ প্রকৃতি আকৌ দুর্বলতাৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰি সাময়িক বা দীর্ঘদিনীয়া বা চিৰস্থায়ী হ’ব পাৰে। হয়তো চিকিৎসকে বিধানপত্ৰত বৰ বৰ হৰফেৰে লিখি দিয়া ABSOLUTE BED REST নামৰ উপদেশফেৰাৰ পৰিপ্ৰেক্ষিতত সংশ্লিষ্ট ব্যক্তিজনে শুই-বহি জীৱন কটাব লগীয়া হয়, তেহেলৈ এয়া সাময়িকভাৱে হ’লেও হ’ব লগীয়া হয়। বাধ্যবাধকতাৰ মাজত এনেদৰে আলস্য জীৱন যাপন কৰিব লগীয়া হ’লেও যি ব্যক্তি স্বভাৱগতভাৱে সক্রিয়, তেওঁ এনে সময়তে পঢ়া-শুনা কৰি বা সৃষ্টিশীল কৰ্মত আত্মনিয়োজনৰ জৰিয়তে সময়ৰ সদব্যৱহাৰ কৰাৰ সামৰ্থ্যহীনতাই দীৰ্ঘসূত্ৰিতাৰ সৃষ্টি কৰে আৰু কালক্ৰমত ইয়াৰ ফলত আলস্যতাৰ সৃষ্টি হয়। দীর্ঘসূত্রিতা হৈছে মানসিক দুর্বলতাৰ চানেকি আৰু ক’বলৈ গ’লে সময়ানুৱৰ্তিতাৰ ই বিপৰীত ধর্মী গুণ। মনতত্ত্ব বিজ্ঞানীসকলৰ মতানুযায়ী আৰামপ্রিয়তাই মানৱ জীৱনত আলস্যতাৰ সৃষ্টিত অৰিহণা যোগায়। এই লেখকে ক’ৰবাত পঢ়িবলৈ পাইছিলোঁ— আৰামপ্রিয়তা হৈছে এলেহুৱা জীৱনৰ ভূষণ। তদুপৰি বিজ্ঞানৰ অগ্ৰগতিৰ ফলত উপলব্ধ আহিলা বা যন্ত্ৰবোৰৰ মাধ্যমত আৰামদায়ক জীৱন যাপন কৰাটো তেনেই উজু হৈ পৰিছে। যিয়ে নেকি আলস্যতাৰ সৃষ্টিত অৰিহণা যোগায়। অর্থাৎ আধুনিক জীৱনৰ অন্যতম অভিশাপৰ ৰূপ লৈছে এই আলস্য জীৱনে। ইয়াৰ ফলত মানুহৰ মানসিকতাত নানাধৰণৰ বিৰূপ প্ৰভাৱ পৰাৰ শংকা থাকে। জীৱন ধাৰণ কৰিবলৈ পূর্বতে যি কঠোৰ শ্ৰম কৰিবলগীয়া হৈছিল তাৰ পৰা অব্যাহতি লভি গৰিষ্ঠ সংখ্যক মানুহেই তুলনামূলকভাৱে এক আৰামদায়ক জীৱন যাপনৰ সুবিধা লভিছে। ফলত মেদবহুলতা, উচ্চ ৰক্তচাপ, কলিজাৰ নানা ৰোগৰ উপৰি বহুমূত্র আদিত আক্রান্ত হোৱাৰ সম্ভাৱনীয়তা বাঢ়ি গৈছে। আনুষংগিকভাৱে IDLE BRAIN IS THE DEVIL’S WORKSHOP নামৰ ইংৰাজী ভাষাত প্ৰসিদ্ধ আপ্তবাক্যফেৰাৰ সাৰ্থকতা বাস্তৱায়িত কৰি বিভিন্ন ধৰণৰ। ঋণাত্মক চিন্তাধাৰাই এক বুজনসংখ্যকৰ মানসিকতা গ্রাস কৰিছে। ফলত সতকাই হতাশাগ্ৰস্ততাৰ উপৰি আত্মহত্যা কৰাৰ প্ৰৱণতা বাঢ়িছে আৰু বিভিন্ন সমাজত অপৰাধমূলক তথা কূটাঘাতমূলক কার্য সংঘটিত কৰাৰ ঘটনা বাঢ়িছে। কুৰি শতিকাৰ মাজভাগত ইংলেণ্ডৰ যুৱ চামৰ মাজত ওপৰত বৰ্ণনা কৰা ঋণাত্মক মানসিকতাই সর্বব্যাপী প্ৰভাৱ পেলাইছিল। আলস্যতাকে ইয়াৰ ঘাই কাৰণ বুলি ইংৰাজী ভাষাৰ বিখ্যাত লেখক ছেমুৱেল স্মাইল্‌ছে উল্লেখ কৰিছিল। আক্রান্ত ব্যক্তিসকলে ইয়াৰ পৰিণতি হিচাপে জীৱনটো উপভোগ কৰাৰ উৎসাহ-উদ্দীপনা হেৰুৱাই পেলায়। তদুপৰি তেওঁলোকৰ মানসিকতা এক ব’ৰডম (BOREDOM) বা আত্মনিদায়ক পৰিস্থিতিয়ে গ্রাস কৰে। জীৱন তেওঁলোকৰ বাবে অর্থহীন হৈ পৰে আৰু খাই-বহি শুই সময় অতিবাহিত কৰিব বিচাৰে। অর্থাৎ জীৱন এওঁলোকৰ বাবে উদ্দেশ্যবিহীন হৈ পৰে। এনে অৱস্থাত আক্ৰান্ত ব্যক্তিসকল যিকোনো বয়সৰে হ’ব পাৰে। তাহানিখনতেই গ্ৰীচ দেশত চিকিৎসা বিজ্ঞানীসকলে এই অৱস্থাটোৰ বিষয়ে নিৰীক্ষণ কৰি বৰ্ণনা কৰিছিল। তেওঁলোকৰ বৰ্ণনাৰ দুটামান বাক্য হৈছে এনেধৰণৰ-শ্ৰম অবিহনে কাহানিও সুস্থ দেহ এটা লভিব তথা অটুট ৰাখিব নোৱাৰি। এটা সুস্থ দেহত এটা সুস্থ মনে স্থিতি লয়। অৱধাৰিতভাৱে আলস্যতাৰ পৰা পৰিত্ৰাণ লভিবলৈ গ্ৰীকসকলে অহোপুৰুষাৰ্থ কৰিছিল। তৎসত্ত্বেও সৌ প্ৰাচীন কালতো সেই দেশৰ সমাজত কেতবোৰ ব্যক্তি স্বকৰ্মত এনেদৰে বৃত্তিগতভাৱে নিমজ্জিত হৈ আছিল (পণ্ডিত-দাৰ্শনিক-লেখকসকল) যে দৈহিক শ্ৰম কৰিবলৈ তেওঁলোকে সময় উলিয়াব নোৱাৰিছিল। প্ৰাত:কাল আৰু সন্ধ্যা পৰত এইসকল মানুহে অতি খৰকৈ খোজকঢ়াৰ অভ্যাস কৰিছিল।

সমস্যাটো পঢ়ুৱৈসকলৰ আগত মই এনেদৰে উপস্থাপন কৰাৰ পাছত উদিত হোৱা প্ৰশ্নটো হৈছে-নিগনিৰ দৌৰৰ লেখীয়াকৈ দিনবোৰ অতিবাহিত কৰিবলগীয়া মানৱকুলৰ বাবে দৈহিক শ্ৰম কৰিবলৈ সময়-সুবিধা ক’ত? পৰিশ্ৰমী জাতি বুলি জাপানীসকলৰ সমগ্ৰ বিশ্বতে সুখ্যাতি আছে। তেওঁলোকৰ মাজত এক প্রচলিত বিশ্বাস হৈছে যে নিতৌ গড় হিচাপে ২-৩ ঘণ্টাকৈ দৈহিক শ্ৰম কৰিলে স্বাস্থ্যগত দিশত ধনাত্মক অগ্রগতি লভাৰ উপৰি দেশখনৰ জাতীয় উৎপাদন বৃদ্ধিৰ প্রক্রিয়াতে বৰঙনি যোগাব পাৰি। গতিকে কবিৰ ভাষাত— “এলাহ নিহালি বোৱা/বীৰ বেশ গা-ত লোৱা/ৰণত বীৰেন্দ্ৰ বুলি হোৱা খ্যাতিমান।”

চিকিৎসা বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে শাৰীৰিক আলস্যতাৰ তুলনাত মানসিকভাৱে এলাহৰ ভাবেহে স্বাস্থ্যগত দিশত বেছি ক্ষতি কৰে। বিভিন্ন ৰোগৰ উপসর্গ হিচাপেও এগৰাকী ব্যক্তিৰ মানসিক অৱসাদগ্ৰস্ততাৰ সৃষ্টি হ’ব পাৰে। এইবোৰৰ ভিতৰত পার্কিনছনিজিম আদিকে ধৰি নানা ধৰণৰ স্নায়ৱিক ৰোগৰ নাম বিশেষভাৱে উল্লেখ কৰিব পাৰি। সময় সাপেক্ষে দৈহিক শৰীৰতাত্ত্বিক প্রক্রিয়াৰ অংশ হিচাপেও আলস্যতাৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে ডেকা কালত অত্যন্ত সক্রিয় একোগৰাকী ব্যক্তি বাৰ্ধক্যক আঁকোৱালি লোৱাৰ সময়ত আলস্যতাৰ কবলত পৰিব পাৰে। আমাৰ অসমীয়া মানুহখিনিৰ জাতিগত দুর্নাম আছে-এলেহুৱা বা ধোদ বুলি। কথাষাৰৰ সত্যতা যথেষ্টখিনি আছে। আমাৰ ৰাজ্যখনৰ সেমেকা জলবায়ু ইয়াৰ এক গুৰুত্বপূর্ণ কাৰক বুলি বহুতে ব্যাখ্যা কৰে।

আলস্য জীৱন যাপন কৰা মানুহ আহাৰৰ জৰিয়তে গ্রহণ কৰা কেলৰিখিনিৰ (শক্তিৰ একক) শৰীৰত প্রকৃততে প্রয়োজনীয়তা নাথাকিবও পাৰে। কাৰণ ভ্ৰান্ত ধৰণৰ জীৱন ধাৰণৰ শৈলীৰ হেতুকে শৰীৰত শক্তি সঞ্চিত হৈ থাকিব পাৰে। ফাষ্ট ফুড বা জাংক ফুড নিয়মীয়াভাৱে অত্যধিক মাত্ৰাত গ্রহণ কৰি থাকিলে এনেবোৰ দ্ৰব্যৰ জৰিয়তে শৰীৰে নিতৌ প্রয়োজনীয় কেলৰিৰ সৰহখিনিয়েই লভে। এনে পৰিস্থিতিত মূল আহাৰ ৰূপে গ্রহণ কৰা ভাত দাইল-তৰকাৰীৰ জৰিয়তে আহৰণ কৰা কেলৰিখিনি অতিৰিক্তভাৱে চৰ্বিৰূপে জমা হৈ থাকে। ইয়াকে ‘শূণ্য কেলৰি’ বুলি আখ্যা দিয়া হয়, যিটো নেকি শৰীৰৰ বাবে অপকাৰী। গতিকেই আলস্যতা এৰি সুস্থ জীৱন ধাৰণৰ শৈলী যাপন কৰা স্বাস্থ্যৰ বাবে উপযোগী।

লেখক: ডাঃ মিহিৰ কুমাৰ গোস্বামী, দৈনিক জনমভূমি।

শেহতীয়া উন্নীতকৰণ: : 2/28/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate