অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উদ্বিগ্নতা দূৰত ৰাখক

উদ্বিগ্নতা দূৰত ৰাখক

জীৱনত আমি কিছুমান কথা এৰি চলিব নোৱাৰোঁ। যেনে – কাম-কাজ, চৌদিশৰ পৰিৱেশ, আমোদ-প্ৰমোদ আদিবোৰ। এইবোৰ যদি আমি বাদেই দিওঁ জীৱন বুলিবলৈনো থাকিলেইবা কি? পিছে সময়ৰ অগ্ৰগতিৰ লগে লগে মানুহৰ প্ৰয়োজন আৰু অশান্তিৰ তালিকা ক্ৰমান্বয়ে দীৰ্ঘায়িত হোৱাৰ লগে লগে মানুহৰ কেতবোৰ বিশেষ জটিল সমস্যাও বাঢ়ি গৈছে। সমস্যাবোৰ আপাতত: মানসিক যদিও ক্ৰমে ক্ৰমে ইয়াৰ বিষানলে সমগ্ৰ পাৰ্থিৱ শৰীৰকে সামৰি লোৱাও আমি দেখিছোঁ। এয়া সভ্যতাৰ ব্যাধিনে পূৰ্বৰে পৰা থকা মানসিক অসুস্থতা সেই বিতৰ্কলৈ নগৈও ক’ব পাৰি যে সময়ে আমাৰ মন-মগজুক অধিক ভাৰাক্ৰান্ত কৰি তুলিছে – সেয়া লাগিলে বস্তুগত দিশৰপৰাই হওক নাইবা বৌদ্ধিক দিশৰ পৰাই হওক। জীৱন মূলত চাহিদাভিত্তিক। এই চাহিদাৰ লগত একাত্ম হৈ আছে আশা-আকাংক্ষা তথা প্ৰাপ্তিৰ প্ৰত্যাশা। দৰাচলতে এইবোৰ পূৰণ হ’লেই মানুহৰ মন ভৰি পৰে। কিন্তু প্ৰত্যাশা পূৰণৰ পথ ইমান সহজ নহয়। প্ৰতি পদে পদে সংঘাতৰ সন্মুখীন হ’বলগীয়া হয়। তদুপৰি আধুনিক জীৱন, জীৱন নহয় যেন এখন ৰণক্ষেত্ৰহে। এই যুদ্ধক্ষেত্ৰতেই নিতৌ চলে মৰণপণ ৰণ – দেহ-মনৰ-স্নায়ুৰ। প্ৰতিক্ষণে বিধ্বস্ত হয় আমাৰ শাৰীৰিক-মানসিক তথা বৌদ্ধিক শক্তি। ফলস্বৰূপে, আমাৰ শৰীৰত এক বিশেষ ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়, সৃষ্টি হয় –এক গভীৰ অস্বস্তিকৰ মানসিক চাপৰ। ইয়াতেই সূত্ৰপাত হয় – টেনছনৰ।

জীৱনৰ অন্য এক সংগী – টেনছন

আধুনিক জীৱনত প্ৰতিজন ব্যক্তিৰে অন্যতম সংগী যেন হৈ পৰিছে – টেনছন। বিভিন্ন কাৰণত সৃষ্টি হোৱা এই টেনছন বা উদ্বেগ অৱশ্যে নিজে কোনো ভয়ানক ব্যাধি বা অসুখ নহয়। টেনছন আধুনিক জীৱন-যাপনৰ অন্যতম অংশস্বৰূপ। এনে মানুহ হয়তো নোলাব, যিয়ে কেতিয়াও টেনছনৰ চিকাৰ হোৱা নাই। অৱশ্যে, জীৱনৰ প্ৰতিটো ক্ষণতেই যে টেনছনৰ চিকাৰ হ’বলগীয়া, হয় সেই কথাও সত্য নহয়। এই ক্ষেত্ৰত মনোবিজ্ঞানীসকলে সৰু-সুৰা টেনছনত ভোগাটো ভালৰ লক্ষণ বুলিহে ক’ব খোজে। ই হেনো কৰ্মসংস্থাপনৰ লগতে কৰ্মদক্ষতাও বৃদ্ধি কৰে। উদাহৰণস্বৰূপে আমি পৰীক্ষাৰ কাৰণে সৃষ্টি হোৱা টেনছনৰ কথাকে ক’ব পাৰোঁ। এই ধৰণৰ টেনছনে ছাত্ৰ এজনক অধ্যয়নৰ প্ৰতি অধিক মনোযোগীহে কৰি তোলে। ফলস্বৰূপে ছাত্ৰজনৰ ফলাফল আশানুৰূপ হোৱাত সহায় কৰে। কিন্তু মাত্ৰাধিক টেনছনে মানুহক গোপন ব্যাধিৰ দৰে খুলি খুলি খায়। কিয়নো টেনছনৰ পৰাই সৃষ্টি হয় গভীৰ মানসিক উদ্বেগ তথা হতাশা। দীৰ্ঘদিন ধৰি কোনো কঠিন মানসিক চাপত থাকিলেই এই ধৰণৰ হতাশাৰ সৃষ্টি হয়। অৱশ্যে হতাশাৰ অন্যতম কাৰক টেনছনৰ কাৰণ ভালদৰে জানিব পৰা নাযায়। উদ্বেগ বা টেনছনৰ ফলত জীৱনত নানা অনাহুত পৰিস্থিতিৰ সৃষ্টি হয়। কেৱল সিমানেই নহয়, টেনছনৰ বাবেই নানা শাৰীৰিক উপসৰ্গৰো সৃষ্টি হয়। অহেতুক ভয় খোৱা, দেহৰ পেশী টানি ধৰা, বুকুৰ ধপ্‌ধপনি বাঢ়ি যোৱা, মূৰৰ বিষ, সঘনে ঘামি থকা, ডিঙি শুকাই থকা, সেপ গিলোঁতে অসুবিধাৰ সৃষ্টি হোৱা, মুখমণ্ডল ৰঙা পৰি যোৱা ইত্যাদিবোৰ মানসিক উদ্বেগৰ কাৰণজনিত লক্ষণৰ ভিতৰত পৰে। কেৱল সিমানেই নহয়, মূৰ ঘূৰণি, বুকু ধপ্‌ধপাই থকা, উশাহ চুটি চুটি হোৱা, স্বাভাৱিক শ্বাস-প্ৰশ্বাস ব্যাহত হোৱা, সঘনে পেটৰ অসুখত ভোগা, সঘনে প্ৰস্ৰাৱ হোৱা, অৱসাদ, খিংখিঙীয়া হোৱা, টোপনি নোহোৱা, পাহৰি যোৱা, মন:সংযোগত ব্যাঘাত ঘটা আদিবোৰ হ’ল টেনছনৰ সাধাৰন উপসৰ্গ।

টেনছনৰ সূত্ৰপাত ক’ত আৰু কিয়?

ব্যক্তিভেদে ষ্ট্ৰেছ বা মানসিক চাপ সহ্য কৰিব পৰা ক্ষমতাৰ তাৰতম্য দেখা যায়। কোনোবা জন অতি সামান্য কথাতেই উদ্বিগ্ন হৈ পৰে; আনহাতে, কোনোজনে আকৌ অতি সহজেই এইবোৰ অতিক্ৰম কৰিব পাৰে। ইয়াৰ মূলতেই হ’ল কেতবোৰ প্ৰৱণতাৰ ফল। তদুপৰি বহু সময়ত মানুহ এজনৰ লালন-পালন হোৱাৰ পৰিবেশ তথা পদ্ধতিৰ প্ৰভাৱেও চাপ সহ্য কৰিব পৰা ক্ষমতাৰ তাৰতম্য ঘটায় বুলি সমীক্ষাবোৰত প্ৰকাশ পাইছে। এই কথা অস্বীকাৰ কৰিব নোৱাৰি যে আজিৰ ব্যস্ত, প্ৰাত্যহিক জীৱন যাত্ৰাত প্ৰত্যেকেই টেনছনৰ চিকাৰগ্ৰস্ত। অৱশ্যে কেতবোৰ মানসিক চাপ মানুহে নিজৰ অভিজ্ঞতা আৰু বুদ্ধিৰে নিয়ন্ত্ৰণত ৰাখিব পাৰে। এই ধৰক কলমটো বিচাৰি নাপালেই তেনে যিকোনো বিশেষ পৰিস্থিতিতে সাময়িকভাৱে চাপৰ সৃষ্টি হ’ব পাৰে। এনে সময়ত সামান্য টেনছন থাকিলে আপোনাক সতৰ্ক কৰাত বা নিৰাপদে থকাত আপোনাক সহায়হে কৰিব পাৰে। কিন্তু অতিৰিক্ত চাপে আপোনাক অস্বস্তিত পেলোৱাৰ লগতে মানসিকভাৱে আপোনাক পংগু কৰি তুলিব। আচলতে যিকোনো সাধাৰণ ধৰণৰ টেনছনক সামান্য শাৰীৰিক আৰু মানসিক প্ৰস্তুতিৰেই মোকাবিলা কৰিব পৰা যায়। কিন্তু দীৰ্ঘদিনীয়া টেনছনে মানুহৰ বৰ ক্ষতি কৰে। ইয়ে ক্ৰমশ: আত্মবিশ্বাস নোহোৱা কৰি পেলোৱাৰ লগতে বহুদিন ধৰি অতি অস্বস্তিকৰ মানসিক চাপ সহ্য কৰি থাকিবলগীয়া হয়। অতিমাত্ৰাৰ টেনছনক যদি নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াস কৰা নাযায় তেন্তে ব্যক্তি শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ হৈ পৰাৰ সম্ভাবনাও থাকে। সকলো ধৰণৰ চাপ বা টেনছনৰ কাৰণ অনুসন্ধান কৰাৰ সঠিক আৰু কাৰ্য্যকৰী উপায় হ’ল – ষ্ট্ৰেচ ডায়েৰী অনুশীলন কৰা। কিয়নো, ডায়েৰীত সকলো কথা লিপিবদ্ধ কৰি ৰাখিলে টেনছনৰ কাৰণসমূহ জনাৰ লগতে তাৰ প্ৰতি সতৰ্কতামূলক উপায়ো অৱলম্বন কৰিব পৰা যাব।

টেনছনৰ উপসৰ্গ

  • হাত ঘমা, পেটৰ অস্বস্তি, পেট ফুলা, বমি বমি ভাব, একো নাজানো, একো নোৱাৰোঁ, একোতে নহ’বগৈ আদিৰ দৰে সকলো নঞাৰ্থক চিন্তা।
  • সকলো সময়তে অহেতুক অজান আশংকাত ভোগা।
  • মনোযোগৰ অভাৱ।
  • নিদ্ৰাহীনতা।
  • সাধাৰণ কাম-কাজতে বাৰে বাৰে ভুল হোৱা।
  • সাময়িকভাবে স্মৃতি লোপ পোৱা, ইত্যাদি।

এই উপসৰ্গসমূহ কেনে লোকৰ মাজত কি ধৰণে প্ৰযোজ্য বা সক্ৰিয় সেইসমূহ বিশ্লেষণ কৰিলেই লোক এজনৰ টেনছনৰ বিষয়ে সঠিককৈ জানিব পৰা যায়।

জয় কৰক মানসিক চাপক

সাধাৰণতে টেনছনত ভোগা মানুহ এজনৰ অৱস্থা ঠিক এজন অভিনেতা বা অভিনেত্ৰীৰ দৰেই। যেতিয়াই মঞ্চৰ সন্মুখলৈ আহে তেতিয়াই তেওঁলোক অতি স্বাভাৱিক যেনেই বোধ হয়। কিন্তু অতি সূক্ষ্মভাৱে চালে দেখা যায় যে উক্ত সময়ত তেওঁলোকৰ এড্ৰিনেল গ্ৰন্থিৰ ক্ষৰণৰ মাত্ৰা বাঢ়ি গৈছে। যাৰ বাবে তেওঁলোকে ভিতৰি ভিতৰি সকলো সময়তে ‘নাৰ্ভাছ’বোধ কৰে। অথচ তেওঁলোকে প্ৰতি মুহূৰ্ততে সতৰ্ক হৈ থাকিবলগীয় হয় যাতে দৰ্শকে তাৰ উমান নাপায়। পুন: পুন: অনুশীলনৰ মাধ্যমেৰে তেওঁলোকৰ এই নাৰ্ভাছনেছ, টেনছন প্ৰায় নোহোৱা হৈ পৰে। আপোনাৰো অৱস্থা ঠিক সেই ধৰণৰেই। আজিৰ জটিল সময়ত জীয়াই থকাটোৱেই এক সমস্যা। তেনেক্ষেত্ৰত টেনছন সকলোৰে প্ৰতিটো দিনৰ প্ৰতিটো পলৰে সংগী হৈ পৰিছে। আজিৰ পৃথিৱীত টেনছনবিহীন জীৱন নাই বুলিলেও ভুল কোৱা নহয়। এইক্ষেত্ৰত অভিনেতা, অভিনেত্ৰীসকলৰ মতে, টেনছনৰ পৰা মুক্তি পাবলৈ অনুশীলনৰ মাধ্যমেৰে ৰিলেক্স হোৱাৰ যত্ন কৰক। নিশ্চিতভাবে টেনছনক নিয়ন্ত্ৰণ কৰক। এই কথা সদায় মনত ৰাখক যাতে টেনছনে আপোনাক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। কোনো ধৰণৰ মানসিক চাপ অনুভৱ কৰিলেই প্ৰায় দহমিনিটমান সময় মৌন হৈ বহি থাকক। পৰিবেশটোক পাৰ্যমানে সহজ কৰিবলৈ চেষ্টা কৰক। যি কামেই নকৰক কিয়, অতি সন্তৰ্পণে, লাহে লাহে কৰক। হুৰমুৰকৈ কৰি সোনকালে আজৰি হোৱাৰ মানসিকতা পৰিহাৰ কৰক। এনে সময়ত আপোনাৰ সুবিধা হ’লে আপোনাৰ ভাল লগা গান এতি শুনাৰ চেষ্টা কৰক। কিয়নো ‘মিউজিক ইজ দা মেডিচিন অব মাইণ্ড’। অৰ্থাৎ সংগীত হ’ল মগজুৰ পথ্য। কথাষাৰ কিন্তু একেবাৰেই অতিৰঞ্জিত নহয়। সংগীতৰ মহিমা অপাৰ। জীৱনৰ অতি বেদনা-বিধুৰ ক্ষণতো সংগীতৰ নিৰ্য্যাস আকণ্ঠ পান কৰি পাহৰিব পাৰি দুখৰ আতিশয্য।সংগীতৰ অমিয়া সুধা পান কৰি ধুই নিকা কৰিব পাৰি হৃদয়ৰ কলুষতা। এই পথ্য কেৱল মানসিক ক্ষেত্ৰতেই প্ৰযোজ্য নহয়, বৰঞ্চ দৈহিক পীড়া, বিষ-বেদনাতো ই সমানে প্ৰযোজ্য। এটি সুন্দৰ মনপৰশা গীতে মনৰ উদ্বেগ, হতাশা বহু পৰিমাণে নোহোৱা কৰি দিব পাৰে। শাৰীৰিক আৰু মানসিক দুয়ো দিশতে সংগীতৰ যাদুকৰী প্ৰভাৱ বিদ্যমান। তদুপৰি টেনছনৰ পৰা হাত সাৰিবলৈ আপুনি কোনো ধৰণৰ অনুষ্ঠান নাইবা পাৰ্টি আদিতো ভাগ ল’ব পাৰে। ইয়াৰ বাবে আপোনাৰ আন্তৰিক প্ৰচেষ্টাৰ একান্তই প্ৰয়োজন। সুন্দৰকৈ কথা ক’ব পৰাটোও এটা কলা। সুন্দৰকৈ কথা ক’বলৈ চেষ্টা কৰক। প্ৰয়োজন সাপেক্ষে ইয়াৰ বাবে অনুশীলন আদিও কৰিব পাৰে। টেনছনৰ পৰা মুক্তি পোৱাৰ গুৰুত্বপূৰ্ণ বিষয়টোৱেই হ’ল – বিশ্ৰাম, অৰ্থাৎ ৰিলেক্সছন। বিশ্ৰামে দেহ-মনলৈ অনাবিল প্ৰশান্তি আনিব পাৰে। আচলতে শৰীৰটোক টেনছন অৱস্থাৰ পৰা শিথিল আৰু আৰামদায়ক অৱস্থালৈ ঘূৰাই অনাটোৱেই হ’ল – বিশ্ৰাম। কাউন্সেলিঙৰ দ্বাৰাও ৰিলেক্সেছনৰ জৰিয়তে চিকিৎসা  প্ৰদান কৰা হয়। ইয়াৰ জৰিয়তে কেতবোৰ বিষয় নিয়মিতভাবে অভ্যাস কৰিব পাৰি। বিছ মিনিটৰ পৰা প্ৰায় তিনিশ মিনিট পৰ্যন্ত কোনো এক শান্ত পৰিবেশত আৰামদায়ক পৰিবেশত বহি নাইবা শুই পাৰ কৰাৰ চেষ্টা কৰক। দুচকু বন্ধ ৰাখিব এনে মুহূৰ্তত। ইয়াৰ ফলত শৰীৰৰ সকলো মাংসপেশী সক্ৰিয় হৈ উঠিব। অৰ্থাৎ এক নিৰ্দ্দিষ্ট সময়ৰ ব্যৱধানত শিথিল হৈ পৰিব। এনে অভ্যাস গঢ়ি তোলক। ই আপোনাক ভাল টোপনি অহাত সহায় কৰিব। লগতে জনবহুল পৰিবেশতো আপুনি অস্বস্তি অনুভৱ নকৰিব। মনত ভাল ৰিলেক্সেছন কিন্তু একেদিনাই সম্ভৱ নহয়। ইয়াক পুন: পুন: অনুশীলনৰ দ্বাৰাহে আয়ত্বলৈ আনিব পৰা যায়। এই কাম মোৰ দ্বাৰা কেতিয়াও সম্ভৱ নহয় – এই ভাবি নিষ্ক্ৰিয় হৈ বহি নাথাকিব। একোবাৰ পালন কৰিব পাৰিলেই ৰিলেক্সেছনৰ প্ৰকৃত আনন্দ অনুভৱ কৰিব পাৰিব। মনত ৰাখিব দৈনিক কাম-কাজত মানুহে এনেয়েও বিশ্ৰাম বিচাৰেই। সেই বিশ্ৰামৰ প্ৰয়োজন হয় মানুহজনক পিছৰ সময়খিনিত ভালদৰে কাম কৰাৰ ক্ষেত্ৰত শক্তি দিয়াৰ বাবে। আপোনাৰ মনটোকো পৰ্য্যাপ্ত বিশ্ৰাম দিলে আপোনাৰ মনৰ পৰা অৱসাদ দূৰ হ’ব আৰু এইদৰেই হতাশা বা ডিপ্ৰেছন বা মানসিক উদ্বেগৰ বিৰুদ্ধে চলোৱা যুঁজখনত আপুনি জয়লাভ কৰিবলৈ সক্ষম হ’ব। টেনছন যিহেতু নিজে কোনো ৰোগ নহয়, সেয়েহে ইয়াৰ কোনো নিৰ্দ্দিষ্ট পথ্যও নাই। দীৰ্ঘদিনীয়া টেনছনে কেতবোৰ জটিল ৰোগৰ জন্ম দিয়ে – য’ত চিকিৎসকৰ দ্বাৰা নানা চিকিৎসা লৈও ৰোগমুক্ত হ’ব পৰা নাযায়।এনে বহু লোক ওলাব যিয়ে চিকিৎসকৰ পাছে পাছে ৰোগৰ নিৰাময়ৰ আশাতে দৌৰি ফুৰে। কিন্তু ৰোগ নিৰাময় নহয়হে নহয়। বহু লোকে অতি আক্ষেপেৰে কোৱা শুনা যায় যে চিকিৎসা কৰিলোঁহে কৰিলোঁ কিন্তু আৰোগ্য নহ’লোঁ। এনে বহু ৰোগীৰে প্ৰকৃততে ৰোগৰ প্ৰকৃত কাৰণ চিনাক্ত কৰিব নোৱাৰাৰ বাবেই চিকিৎসা বিফল হয় বাৰে বাৰে। এনেবোৰ ৰোগৰ আঁৰতো কিন্তু টেনছনৰ কথাটো বিশেষভাবে জড়িত হৈ থাকে। অতিমাত্ৰা টেনছনৰ পৰাই পেটচলা পৰ্যন্ত হয়। কিন্তু এনেবোৰ ক্ষেত্ৰত ৰোগীয়ে মানসিক অৱস্থাৰ কথা খোলা-খুলিকৈ ব্যক্ত নকৰিলে ৰোগৰ প্ৰকৃত চিকিৎসা নোহোৱাটোৱেই স্বাভাৱিক। এনে ক্ষেত্ৰত আমি মনোৰোগ বিশেষজ্ঞৰ ওচৰ চপাটো নিতান্তই প্ৰয়োজন। অন্যথা টেনছনজনিত ৰোগত ভুগিয়েই জীৱনটো কটাব লাগিব। সেয়েহে নিজকে ভালদৰে নিজেই নিৰীক্ষণ কৰি আগবাঢ়ক। যিমানেই সবল মনৰ মানুহ নহওক কিয় মানসিক চাপ, উদ্বেগ আদিৰ পৰা হাত সাৰি থকা খুবেই কঠিন। প্ৰত্যেকেই ইয়াৰ চিকাৰ হৈছে। কিন্তু টেনছনৰ হাঁতোৰাত আপোনাৰ জীৱনটোক বিপৰ্য্যয়ৰ মাজলৈ ঠেলি নিদিব। আচলতে বহু কথাই সহজে ল’ব পাৰিলেই বহু সমস্যাৰে সমাধান ওলাই পৰে। কেৱল পোৱাৰ মাজেৰেই নহয়, হেৰুৱায়ো জীৱনৰ প্ৰকৃত সোৱাদ ল’ব পাৰি। পিছে, বাস্তৱ জীৱনতনো কিমান জনে ত্যাগ কৰি মহান হ’ব খোজে, নহয় জানো? আধুনিক দৃষ্টিভংগীৰে চালে দেখা যায় যে কেতবোৰ কথাৰ বিষয়ে মানুহে কম আগ্ৰহ দেখুওৱা হৈছে। বাটে-ঘাটে মাৰপিট লাগি থাকিলেও বেছিভাগ মানুহে মন-কাণ নিদিয়াৰ কাৰণ হৈছে- অতিৰিক্ত চিন্তাৰ বোজা এটা এৰি চলা। এনে ধৰণে ব্যক্তিকেন্দ্ৰিক ভাবনাৰে আপুনি টেনছন এটা দূৰ কৰিব পাৰিব ঠিকেই, কিন্তু মানুহৰ সামাজিক গুৰুত্ব এনেবোৰ কথাই লাঘৱ কৰে বুলি ভবাৰ থল নাইনে? বস্তুত: টেনছন বা উদ্বেগ হ’ল আপোনাৰ ব্যক্তিগত বিষয়; গতিকে ই যিহেতু আপোনাকেই ক্ষতি কৰিব, সেয়ে আপুনি টেনছনক দূৰত ৰখাৰ চেষ্টা নিজাববীয়াকৈয়ে চলাব লাগিব। নিৰুদ্বেগভাবে এটা সুন্দৰ জীৱন কটাবলৈ আপোনাক পৰ্যাপ্ত বিশ্ৰাম, ধ্যান, পৰিমিত শ্ৰম, নিয়মীয়া শৰীৰ চৰ্চা, সুষম খাদ্য, সুখৰ সংসাৰ আদিয়েও বহুখিনি অৱদান আগবঢ়ায়। নিজে টেনছনৰ কৱলত নপৰিবলৈ প্ৰথমে আপুনি নিজক টেনছনমুক্ত হৈ থাকিবলৈ শিকাওক, তাৰপিছত ঘৰখনৰ সদস্যসকলক শিকাওক। দেখিব, ঘৰৰ টেনছনখিনি নাথাকিলেও আপোনাৰ বহুখিনি দু:চিন্তা নোহোৱা হৈছে।

লেখিকা: প্ৰীতিফুল ৰাজখোৱা, প্ৰিয় সখী।

3.06451612903
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top