মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / এটি হতাশমুক্ত জীৱনৰ বাবে
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এটি হতাশমুক্ত জীৱনৰ বাবে

 

কেতিয়াবা ল’ৰা-ছোৱালীৰ কেতবোৰ সমস্যাৰ কাৰণে, কেতিয়াবা অফিচৰ কামৰ বোজা, কেতিয়াবা বস্তুৰ জুই-ছাই দামৰ হেতু, কেতিয়াবা পঢ়া-শুনা, ঘৰ-গৃহস্থী, বজাৰ-সমাৰ সকলো ক্ষেত্ৰতে চিন্তা। গোটেই জীৱনটো চিন্তাৰে আৰম্ভ হৈ শেষ হৈ যায়। ইয়াক কম কৰিবলৈ গৈ আজিৰ মানুহে পুনৰ চিন্তা বঢ়াবহে লাগিছে। গতিকে আপুনি যদি বিচাৰে এই সুন্দৰ জীৱনটো সুমধুৰ কৰি জীয়াবলৈ, তেন্তে জীৱনৰ পৰা হতাশা- উদ্বিগ্নতা দূৰ কৰা অতি প্রয়োজন। হতাশা তথা মানসিক চাপ দূৰ কৰাৰ ক্ষেত্ৰত ব্যক্তিৰ নিজস্ব ভূমিকা কম নহয়। হতাশামুক্ত হ’ব পাৰিলে শৰীৰ-মনলৈ শান্তি আহে।

  • হতাশাগ্রস্ত হোৱাসকলে জানি থোৱা ভাল হ’ব সমস্যা দূৰ কৰাত সহায় কৰে। ই আপোনাৰ বাতাৱৰণৰ পৰা ৰাসায়নিক তথা বিষাক্ত পদার্থ আঁতৰ কৰি ত্বকক সজীৱ কৰি ৰখাৰ লগতে হাঁওফাওঁ অধিক কর্মক্ষম কৰি তোলে
  • হতাশামুক্ত জীৱন যদি জীয়াব পাৰিছে, তেন্তে শাৰীৰিক, মানসিক দুই ধৰণৰ ব্যায়াম কৰক। কিন্তু ব্যায়াম কৰাৰ এটা নির্দিষ্ট সময় থকা উচিত। সাধাৰণতে সন্ধিয়া ছয় বজাৰ সময়খিনি ব্যায়ামৰ কাৰণে উপযুক্ত; কিয়নো এই সময়ত শাৰীৰিক তাপমান স্বাভাৱিক হৈ থাকে। সেয়েহে এই সময়খিনিত কৰা ব্যায়ামৰ ফলত শৰীৰৰ বিশেষ লাভ হয়।
  • উদ্বিগ্নতা দূৰ কৰাৰ আটাইতকৈ ভাল উপায় হৈছে সুনিদ্রা। টোপনি যাৰ ঠিকমতে হয়, তেওঁলোকক আপেক্ষিকভাৱে অন্যতকৈ কম হতাশাগ্রস্ত হোৱা দেখা যায়। গতিকে দিনে সাত-আঠ ঘন্টা শোৱা উচিত যাতে শৰীৰটো সুস্থ আৰু সতেজ অনুভৱ কৰে।
  • যদি ভাৱ হয় যে আপুনি হতাশাত ভূগিছে, তেন্তে গৰম পানীৰে স্নান কৰক। এনে কৰিলে আপোনাৰ মন-শৰীৰ ক্রিয়াশীল হ’ব আৰু হতাশাও দূৰ হ’ব।
  • কোৱা হয় যে সুখাদ্যই সু-স্বাস্থ্যৰ আধাৰ। সুখাদ্যৰ প্রয়োজন কেৱল শৰীৰৰ বাবেই নহয়, বৰঞ্চ মানসিক চাপ কমোৱাৰ বাবেও পাৰে, তেতিয়াহ’লে আপুনি এটি স্বাস্থ্যবান শৰীৰৰ লগতে সুস্থ মস্তিষ্কৰো অধিকাৰী হ’ব পাৰিব। এই কাৰণতে খোৱা-বোৱাৰ ক্ষেত্ৰত সচেতন হ’ব। সদায় সময়মতে জলপান কৰাৰ উপৰি দুপৰীয়া আৰু নিশাৰ আহাৰ কৰাৰ সঠিক সময় বান্ধি লওক।
  • তেল, মছলাহীন তথা ভজা-পোৰা খাদ্য খোৱাৰ পৰা বিৰত থাকিব আৰু সতেজ শাক-পাচলি সৰহকৈ খাব, যিয়ে আপোনাক ভিতৰৰ পৰা সুস্থ কৰি তুলিব।
  • কেতিয়াও কোনো এটি বিষয়ক লৈ গম্ভীৰভাৱে চিন্তা নকৰিব। কেতিয়াবা কোনো এটি বিষয়ক লৈ ইমান গহীন হৈ পৰা যায় যে নিজৰ অজ্ঞাতে হতাশাত ভূগিবলগীয়া পৰিস্থিতি আহি পৰে। সেয়েহে ধীৰ-স্থিৰ, সহজ-সৰল হ’বলৈ যত্ন কৰি সমস্যাটোৰ সমাধানৰ প্ৰয়াস কৰক।
  • কেতিয়াবা আকৌ এনে হয়, দুখ-হতাশাই দেহৰ আভ্যন্তৰীণ ভাগ জ্বলাই পুৰি মাৰে। তেতিয়া আপুনি কোনো মনোবিশেষজ্ঞৰ সৈতে বিষয়টোৰ সম্পর্কে মুকলিকৈ আলোচনা কৰক। দেখিব, অতি সহজে আপুনি সুফল পাব।
  • হতাশামুক্ত হৈ থাকিবলৈ যদি বিচাৰে, তেনেহ’লে ভোক লগা মাত্রকে আহাৰ খোৱাৰ অভ্যাস কৰক। পানী সৰহকৈ খাব।
  • সময় অনুসাৰে আপুনি নিজৰ সম্পূৰ্ণ শৰীৰটোৰ মালিচ কৰিবলৈ লওক।
  • যদি আপুনি নিচাকাৰক কোনো দ্ৰব্য সেৱন কৰে, তেন্তে তেনে বস্তু সেৱনৰ অভ্যাস এৰি পেলাওক অথবা লাহে লাহে কমাই আনক; কিয়নো ই আপোনাক শাৰীৰিক-মানসিকভাৱে ৰুগীয়া কৰিহে তুলিব।
  • যদি দৈনন্দিন কাম-কাজখিনি কৰি উঠাৰ আপুনি কিছুসময় ধ্যানমগ্ন হওক। আপুনি ধীৰে ধীৰে উশাহ টানি লওক। পুনৰ ধীৰে ধীৰে উশাহ এৰি দিয়ক। এনেদৰে কিছুসময়ৰ পিছত দেখিব— শৰীৰ-মনৰ দুখ-ভাগৰ আঁতৰি যাব।
  • হতাশা তথা টেনচন মুক্ত হ’বলৈ মানুহে বিভিন্ন ৰকমৰ মনোৰঞ্জনৰ দিহা কৰে। টিভি, চিনেমা, খেলা-ধূলা, সংগীত, নৃত্য ইত্যাদি এনে কৰি আহিছে| আপুনিও এনে উপায় অৱলম্বন কৰিব পাৰে।
  • যদি অতিমাত্ৰাত খং উঠে, তেন্তে আপুনি অন্য বিষয়ত মন কেন্দ্ৰিত কৰাৰ চেষ্টা কৰক।
  • যিকোনো কামত নিজকে ব্যস্ত ৰাখক যাতে অদৰকাৰী কথাবোৰ মনলৈ নাহে।
  • ব্যায়ামক বোজা জ্ঞান নকৰি প্রতিদিনে নিয়মীয়াকৈ ইয়াৰ অভ্যাস কৰিবলৈ লওক।

লেখিকা: ৰীণা দেৱী।

 

 

3.10256410256
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top