অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এলজেইমাৰ ডিমেনচিয়া-আন ডিমেনচিয়াৰ পৰিচৰ্যাৰ কেন্দ্ৰ

এলজেইমাৰ ডিমেনচিয়া-আন ডিমেনচিয়াৰ পৰিচৰ্যাৰ কেন্দ্ৰ

ডে’ কেয়াৰ চেণ্টাৰ

সমগ্ৰ বিশ্বতে বৰ্তমান বয়সস্থ লোকৰ সংখ্যা বাঢ়িছে। সেয়ে বয়ৰ্ত হোৱা ৰোগ, যেনে- ডিমেনচিয়া, ষ্ট্ৰ’ক, পাৰকিনচন, বেমাৰত ভোগা লোকৰ সংখ্যাও বাঢ়িছে। ডিমেনচিয়া ৰোগে ৰোগীৰ লগতে পৰিয়াল আৰু সামাজিক জীৱনৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। এইসকল লোকক দিনটোৰ বাবে পৰিচৰ্যা কৰিবলৈ সমগ্ৰ বিশ্বতে কিছুমান ডে’ কেয়াৰ চেণ্টাৰ আছে।

বিভিন্ন কেন্দ্ৰই এই সুবিধা বিভিন্ন ধৰণে দিয়ে

ৰোগীজনক কেইটামান ঘণ্টাৰ কাৰণে বা সপ্তাহত কেইদিনমানো ৰাখিব পাৰে। তদুপৰি কেৱল স্পেচিয়েল এক্টিভিটি, যিবোৰৰ দ্বাৰা ৰোগীৰ মানসিক বিকাশ হয়, তাৰ বাবেও ৰোগীক আনিব পাৰে। সামান্য ফিজৰ বিনিময়ত এই সকলো ব্যৱস্থা কৰা হয়। বেছিভাগ ডে’ কেয়াৰ চেণ্টাৰ হৈছে নন প্ৰ’ফিট অৰ্গেনাইজেচন।

ডে’ কেয়াৰ চেণ্টাৰ ডে’ হেল্‌থ কেয়াৰৰ পাৰ্থক্য

ডে’ হেল্‌থ চেণ্টাৰত ৰখা ৰোগীজন যিকোনো বয়সস্থ লোকৰ হোৱা বেমাৰত ভুগিব পাৰে, ডিমেনচিয়া নহ’লেও হ’ব। তেওঁক পৰিচৰ্যা কৰিবৰ বাবে কেন্দ্ৰটোত ডাক্তৰ, নাৰ্ছৰ উপৰি আন Paramedics থাকে। ইয়াত ৰোগীৰ বাবে দৰকাৰী কাম, Speech Therapy, Occupational Therapy আদি দিয়া হয়। দৰকাৰ অনুযায়ী বিভিন্ন পৰীক্ষা-নিৰীক্ষাও কৰা হয়। ডে’ কেয়াৰ চেণ্টাৰত কেৱল ডিমেনচিয়াত ভোগা ৰোগীকহে ৰখা হয়। তেওঁক বিশেষকৈ ডিমেনচিয়া ৰোগ নিৰাময়ৰ বাবে আৱশ্যকীয় প্ৰশিক্ষণ দিয়া হয়।

ডে’ কেয়াৰ চেণ্টাৰ কি?

ডে’ কেয়াৰ চেণ্টাৰ এনে এটা কেন্দ্ৰ, য’ত ৰোগীৰ স্বাস্থ্যৰ লগতে মানসিক বিকাশৰ ব্যৱস্থা লোৱা হয়। এনে কেন্দ্ৰবোৰ পুৱাৰ পৰা আবেলিপৰ্যন্ত খোলা ৰখা হয়। দেওবাৰে আৰু কিছুমান বিশেষ বন্ধৰ দিনত এই কেন্দ্ৰ বন্ধ ৰখা হয়।

উদ্দেশ্য

  • ৰোগীজনে ঘৰত অকলে সোমাই নাথাকি আন আন লোকৰ লগত মত বিনিময় কৰিব পাৰে। মনৰ কথা খুলি ক’ব পাৰে। তাৰ ফলত তেওঁ যদি হতাশাতো ভোগে, ই বহু পৰিমাণে লাঘৱ হয়।
  • কোনো কোনো কেন্দ্ৰই ৰোগীক পুষ্টিকৰ আহাৰো যোগান ধৰে।
  • এই কেন্দ্ৰত কৰা Cognitive stimulation activity ৰ সহায়ত ডিমেনচিয়া ৰোগ দ্ৰুতগতিত বেয়ালৈ ঢাল নলয়।

ডে’ কেয়াৰ চেণ্টাৰ কেনেকৈ বাছি উলিয়াব?

প্ৰথম এমাহ সপ্তাহত দুদিন ৰাখক আৰু চুড়ান্ত সিদ্ধান্ত লওক। ৰোগীক কেন্দ্ৰলৈ নিব নে নিনিয়ে।

ডে’ কেয়াৰ চেণ্টাৰলৈ নিলে আপুনি কি প্ৰশ্ন কৰিব?

  • কিমান ঘণ্টা ৰাখিব পাৰিব?
  • কিমান পইচা লাগিব, কি কি ছাৰ্ভিচ দিব?
  • বিষয়াবৰ্গই ডিমেনচিয়াৰ বিষয়ে জানেনে?
  • কোন কোন স্বাস্থ্য পৰীক্ষক এই কেন্দ্ৰৰ লগত জড়িত?
  • কেনেধৰণৰ ডিমেনচিয়া ৰোগী ৰাখিব, স্ক্ৰীনিং কোনে কৰিব?
  • জৰুৰীকালীন অসুখ হ’লে কি কৰিব? যাতায়তৰ সুবিধা আছেনে?
  • আউটিং আদিত অতিৰিক্ত মাচুল ল’ব নেকি?
  • শেষত এডাল্ট ডে’ হেল্‌থ চেণ্টাৰ আৰু এডাল্ট ডে’ কেয়াৰ চেণ্টাৰৰ পাৰ্থক্য জনা দৰকাৰ।

ডে’ কেয়াৰ চেণ্টাৰে দিবলগীয়া ছাৰ্ভিচবোৰ

  • কাউন্সেলিং।
  • হেল্‌থ ছাৰ্ভিচ।
  • নিউট্ৰিচন।
  • পাৰ্ছনেল কেয়াৰ।
  • এক্টিভিটিছ- মিউজিক, আৰ্ট থেৰাপি, ডিছকাছন, মাইণ্ড ষ্টিমুলেচন, ম’টৰ ক’ৰ্ডিনেচন, মেম’ৰি ট্ৰেইনিং, ব’ৰ্ড এক্টিভিটি ইত্যাদি।
  • থেৰাপি- ফিজিকেল একুপট্ৰনেল, যোগা, স্পীচ থেৰাপি।
  • কম্পিউটাৰ ট্ৰেইনিং।
  • স্পেচিয়েল নীড- হুইল চেয়াৰ, হিয়াৰিং এইড।
  • ইণ্টাৰেকচন উইথ স্কুল চিলড্ৰেন।
  • আউটিং।
  • চেলিব্ৰেটিং বাৰ্থডেইজ।

ডে’ কেয়াৰ চেণ্টাৰ আপোনাৰ আপোনজনৰ বাবে সুৰক্ষিতনে?

আপোনাৰ মনত এনে বহু ধৰণৰ প্ৰশ্ন উদয় হ’ব পাৰে। তাৰ আগতে আপোনাক দুটামান প্ৰশ্ন কৰা হওক।

  • ডিমেনচিয়া ৰোগীজনে নিজৰ দৈনন্দিন কাম নিজে কৰিব নোৱাৰে?
  • তেওঁ বাৰু দিনটোৰ এঘণ্টা বা তাতকৈ অধিক সময় কোনো মানুহক লগ নোপোৱাকৈ থাকে নেকি?
  • ডিমেনচিয়াত ভোগা লোকজন বাৰু ঘৰত অকলে বা সহায়িকাগৰাকীৰ লগত থকাটো সুৰক্ষিত নে?
  • সহায়িকাগৰাকী যদি বাহিৰৰ পৰা আহে তেওঁ কামত প্ৰায়ে খতি কৰে নেকি?
  • ডিমেনচিয়া লোকজনৰ লগত সদায় লাগি থাকি তেওঁৰ পত্নী অথবা স্বামী বাৰু ক্লান্ত হৈ পৰিছে নেকি?
  • ডিমেনচিয়া লোকজনৰ পৰিচৰ্যাৰ বাবে আপুনি বাৰু চাকৰি বাদ দিব লগা হৈছে নেকি?

ডে’ কেয়াৰ চেণ্টাৰ হৈছে এনে এটা কেন্দ্ৰ, য’ত এই সকলো প্ৰশ্নৰ সমিধান আৰু ব্যৱস্থাৰ উপায় আপুনি বিচাৰি পাব পাৰে। এনে কেন্দ্ৰবোৰে ৰোগীজনক এক সুৰক্ষিত পৰিবেশত ৰাখে। বিশেষকৈ এনে ৰোগীৰ যেতিয়া Wandering স্বভাৱ থাকে, অৰ্থাৎ মনে মনে ঘৰৰ পৰা ওলাই যায়, তেতিয়া এই কেন্দ্ৰবোৰ তেওঁৰ বাবে সুৰক্ষিত।

যোগাযোগ

গুৱাহাটীত বৰ্তমান একমাত্ৰ ডে’ কেয়াৰ চেণ্টাৰ, ARDSI Guwahati Chapter ৰ তত্ত্বাৱধানত আছে। ই এক নন প্ৰফিট অৰ্গেনাইজেচন। যোগাযোগৰ নম্বৰ: ৯৪৩৫০৪৫০৬৬, ৭০৩৫৯০৭৯১৮,

৯৪৩৫০৪৮০৯০, ৯৮৬৪০১৬২২১।

লেখিকা: ডা° অজয়া মহন্ত, অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 6/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate