মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / ক্লেপটোমেনিয়া : এক মানসিক সমস্যা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ক্লেপটোমেনিয়া : এক মানসিক সমস্যা

ক্লেপটোমেনিয়া : এক মানসিক সমস্যা

আমি কেতিয়াবা জীৱনত কিছুমান অদ্ভূত অভিজ্ঞতাৰ সন্মুখীন হওঁ। যেনে ধৰক- পৰিয়ালৰ কোনো ভাল বন্ধু আমাৰ ঘৰলৈ ফুৰিবলৈ আহিছে। হাঁহি-মাতি কথা-বতৰা পাতি তেওঁ ঘৰলৈ ঘূৰি গৈছে। তাৰ পিছত দেখিছো শ্ব’কেছৰ ওপৰত বা টেবুলত সজাই থোৱা সুন্দৰ এটি শ্ব’পিচ তাৰ পৰা নোহোৱা হৈছে। কথাটো কি আমি একো তত ধৰিব পৰা নাই। নতুবা উপহাৰ সামগ্ৰী কিনিবলৈ আপুনি কোনো এখন দোকানত সোমাই শুনিবলৈ পাইছে দোকানীয়ে ভোৰভোৰাই আছে- ইমান ভদ্ৰলোক, অথচ দোকানত চুৰ কৰিবলৈ আহে। কথাটো কি বুলি সোধোতে দোকানীয়ে উষ্মাৰে কৈছে যে অলপ আগতে বস্তু চাবলৈ আহি এজন ভদ্ৰ লোকে তেওঁৰ দোকানৰ পৰা ওলাই গৈছে আৰু তাৰ পিছত তেওঁ দেখিছে বস্তু বিলাকৰ মাজৰ পৰা এটি সুন্দৰ দামী উপহাৰ সামগ্ৰী নোহোৱা হৈছে। এই সকল ব্যক্তি কেনে ধৰণৰ চোৰ?

দৰাচলতে ই এক মানসিক সমস্যা। সাধাৰণ চোৰে যেনেদৰে প্ৰয়োজন বা অভাৱ বোধৰ বাবে চুৰ কৰে, এই সকল ব্যক্তিয়ে তেনে কাৰণত চুৰ নকৰে। এই সকল ব্যক্তি যি ধৰণৰ মানসিক সমস্যাত ভোগে তাক ক্লেপটোমেনিয়া বোলে। এওঁলোকৰ ক্ষেত্ৰত ই ম্পল্‌চ কণ্ট্ৰ’ল (Impluse Control)ৰ সমস্যা হয়। আন চোৰবোৰে সাধাৰণতে সাৱধাণতে অৱলম্বন কৰি চুৰ কৰে। কিন্ত এই ৰোগী সকলে আপোনাৰ সন্মুখৰ পৰাই বস্তু চুৰ কৰে। কিন্ত তেওঁলোকে সচেতন ভাৱে এই কামটো নকৰে আৰু বহু ক্ষেত্ৰত নিজৰ অজানিতে কেতিয়াবা এই কাম কৰি পেলাইছে সেই কথা নিজেও গম নাপায়।

কোনো কোনো শিশুৱে তাৰ বন্ধুৰ ৰবৰ, পেঞ্চিল, ভাল লাগিলে নিজৰ বেগত সুমুৱাই ঘৰলৈ লৈ আহে। এইটো সি হয়তো অভাৱ বোধৰ বাবে কৰিলে। অৰ্থাৎ তেনেকুৱা ধৰণৰ ৰবৰ বা পেঞ্চিল তাৰ নাই। এই অভাৱবোধ আঁতৰি গ’লে ভৱিষ্যতে বস্তুবোৰৰ প্ৰতি সি হয়তো ঘূৰিও নাচাব। কিন্ত যেতিয়া দেখা যায় এই শিশুটিয়ে বাৰে বাৰে তাৰ বন্ধুৰ বস্তু বেগত সুমুৱাই লৈ আহিছে বা আভিভাৱকৰ অগোচৰে সি দোকানৰ বস্তু অচেতন ভাৱেই উঠাই লৈ আহিছে, তেতিয়া অভিভাৱক সকল সতৰ্ক হোৱা প্ৰয়োজন। এই কথাটো সি অভাৱ বোধৰ বাবে কৰিছে নে অন্য কাৰণে কৰিছে, সেইটো বিচাৰি উলিওৱাৰ দায়িত্ব অভিভাৱকৰ।

বহু ক্ষেত্ৰত দেখা যায় যি সকল ডিপ্ৰেছনত ভোগে, হীনমান্যতাত ভোগে অথবা মিছা কথা কয় তেওঁলোকৰ এই সমস্যা হয়। আচল ৰোগ হ’ল ডিপ্ৰেছন। কিন্ত ইয়াতকৈ বেছি আক্ৰান্ত হোৱা ৰোগটো হ’ল ক্লেপটোমেনিয়া। হাইপাৰ এক্টিভ বা অতি সক্ৰিয় শিশু সকলৰ ক্ষেত্ৰত দেখা যায় যে বহু সময়ত সিহঁতে কাৰো লগত সহজে মিলিব নোৱাৰে, হীনমান্যতাত ভোগে কিন্ত অতি চঞ্চল হৈ নিজকে জাহিৰ কৰিব বিচাৰে। তাৰ ব্যৱহাৰত এনে এটি ভাব প্ৰকাশ পায় যে সি সকলোতকৈ বেছি আগবঢ়া। ইহঁতৰ ক্ষেত্ৰত দেখা যায় বহু সময়ত সিহঁত ক্লেপটোমেনিয়াৰ বলি হৈছে। আন একধৰণৰ মানসিক সমস্যাৰ পৰাও এই ৰোগ হ’ব পাৰে। যিসকল খুব মানসিক অৱসাদত ভোগে, সিহঁতৰ মনত বহু সময়ত এনে ভাবৰ উদয় হয় যে ঘৰৰ কোনেও তেওঁৰ প্ৰতি যত্নৱান নহয়, কোনেও তেওঁৰ প্ৰতি খেয়াল নাৰাখে, বুজিবলৈ নিবিচাৰে। এনে অৱস্থাত তেনে ব্যক্তিয়ে আত্মহত্যাৰ চেষ্টা কৰে। কিন্ত তেওঁৰ উদ্দেশ্য নিজকে শেষ কৰি দিয়াটো নহয়, অন্যৰ দৃষ্টি আকৰ্ষণ কৰাটোহে। তেনে ব্যক্তিয়ে কেইটামান টোপনিৰ পিল বেছিকৈ খাই ঘৰৰ আন সদস্যৰ মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। সেই ব্যক্তি জনে নিজেও জানে, সেই পৰিমাণৰ টোপনিৰ ঔষধে মানুহৰ মৃত্যু ঘটাব নোৱাৰে। কিন্ত অন্যৰ সহানুভূতি পোৱাৰ বাবে কামটো কৰি পেলায়। ই এক মনোবিকাৰ আৰু এই ধৰণৰ বিকাৰগ্ৰস্ত লোকৰ ক্লেপটোমেনিয়াৰ সমস্যা হ’ব পাৰে।

বৰ্তমান সময়ত বেছি ভাগ শিশু নিউক্লিয়াৰ ফেমিলিত ডাঙৰ-দীঘল হয়। পিতৃ-মাতৃ দুয়ো জনে নিজৰ কাম-কাজত ব্যস্ত থাকে। সন্তানক সকলো সময়তে আগুৰি থকাটো সম্ভৱ নহয়। আনহাতে সন্তানৰ বস্তুগত সকলো চাহিদা তেওঁলোকে পূৰণ নকৰাকৈও নাথাকে। তথাপি পিতৃ-মাতৃৰ যিমান সান্নিধ্য সিহঁতে আশা কৰে সিমান খিনি সিহঁতে নাপায়। সেই বাবে সিহঁতৰ মনত এটা অভাৱবোধ থাকি যায়। ইয়াৰ পৰাই পিতৃ-মাতৃৰ প্ৰতি এক বিদ্বেষ ভাবৰ জন্ম হয় আৰু পিতৃ-মাতৃক কিদৰে হেনস্থা কৰিব, সেই পথ বিচাৰি ফুৰে। এই ধৰণৰ মানসিক অৱস্থাত শিশুৱে বহু সময়ত অৱচেতনা ভাৱে বস্তু চুৰ কৰে। এনেদৰে শিশু এটি ক্লেপটোমেনিয়াত আক্ৰান্ত হয়।

ইয়াৰ বাহিৰেও মস্তিষ্কৰ কণ্ট্ৰ’ল এৰিয়াত যদি টিউমাৰ বা কোনো ৰোগ হয়, তেন্তে অন্যান্য সমস্যাৰ লগতে ক্লেপটোমেনিয়াৰ উপসৰ্গয়ো দেখা দিব পাৰে।

এই ৰোগৰ প্ৰাথমিক অৱস্থাত সচৰাচৰ কোনেও চিকিৎসকৰ ওচৰলৈ নাযায়। ডাঙৰবোৰে সমস্যাটোৰ বিষয়ে জানিলেও স্বীকাৰ নকৰে আৰু লাজতে চিকিৎসকৰ ওচৰলৈ নাযায়। এই অৱস্থাটো অতি দুৰ্ভাগ্য জনক এইটোও যে অন্য অসুখৰ দৰে এটি অসুখহে, সেই সম্পৰ্কে বেছি ভাগ লোকেই জ্ঞাত নহয়। এই ক্ষেত্ৰত পৰিয়ালৰ আন সদস্যই দায়িত্ব কান্ধ পাতি ল’ব লাগে। এনে ধৰণৰ সমস্যাত ভোগা সকল যে পাগল বা চোৰ নহয়, সেই কথাটো ভালেদৰে বুজোৱা আৰু চিকিৎসকৰ ওচৰলৈ লৈ যোৱাটো তেওঁলোকৰে একান্ত কৰ্তব্য।

শিশুৰ ক্ষেত্ৰত দেখা যায়, পিতৃ-মাতৃয়ে আচল সমস্যাটো বহু সময়ত বুজি নাপাই শিশুটিক মাৰ-ধৰ কৰে, শাসন চলায়। শাস্তি স্বৰুপে ঘৰত বন্ধ কৰি থয় অথবা কাৰো সৈতে মিলিবলৈ নিদিয়ে। কিন্ত ইয়াৰ ফলত অন্য কোনো মানসিক অসুখৰ জন্ম হ’ব পাৰে। আকৌ বহু সময়ত অভিভাৱকে ভাৱে শিশুটি ডাঙৰ হ’লে বা বুজিব পৰা হ’লে এই ধৰণৰ সমস্যাটো নাথাকিব। শিশুটি যে মানসিক ভাৱে অসুস্থ, সেই কথা বুজি নাপায় বা বহু ক্ষেত্ৰত অজ্ঞতাৰ বাবে কথাবোৰ এৰাই চলে। মনোৰোগ বিশেষজ্ঞৰ দ্বাৰা এই ৰোগৰ চিকিৎসা নিশ্চয় কৰাব পৰা যায়। ৰোগ বহু দিন পুহি ৰাখিলে নিৰাময় হ’বলৈও বহু দিন লাগে। ইয়াৰ চিকিৎসা হিচাপে সাধাৰণতে ‘ইনটেঞ্চিভ বিহেভিয়াৰ থেৰাপি’ আৰু কাউন্সেলিং কৰা হয়।

লেখক: ডাঃ ৰঞ্জন বৰুৱা, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

2.90909090909
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top