অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খং এৰাই চলক

খংৰ বিষয়ে লিখা হৈছে

 

খং নামে চণ্ডাল। কথাষাৰ যুগ যুগ ধৰি চলি আহিছে। আমি সকলোৱে সৰুৰেপৰা এই কথাষাৰ শুনি আহিছো। তথাপি আমি বেছিভাগেই খং চম্ভালিব পাৰোনে? খং এবিধ মানসিক ক্রিয়া। খং উঠাৰ কাৰণৰ সীমা নাই। খং উঠাৰ সময়ৰো বিচাৰ নাই। অকলে থাকিলেও খং উঠে, মানুহৰ মাজত বা সমজুৱা স্থানতো খং প্রকাশ কৰা যায়। খঙৰ বাবেই বন্ধু বিচ্ছেদ হয়। খঙৰ বাবেই পৰিয়ালৰ বন্ধন ছিঙি যায়। খঙৰ বাবেই বহুদিনীয়া পুৰণা সম্পর্ক আইনা ভগা দি ভাঙি যায়।

মানুহৰ মৰম-চেনেহ হয়তো লাহে লাহে বাঢ়ে। কিন্তু খং নামৰ ক্রিয়াবিধ তৎমুহুর্ততে টিঙিচকৈ উঠে। আৰু তেতিয়াই মানুহে হিতাহিত জ্ঞান হেৰুৱাই অতি আপোন লোকজনকো দুৰ্ব্যৱহাৰ কৰি পেলায়। খঙৰ দ্বাৰা মানুহে আটাইতকৈ বেয়া আচৰণ কৰে। মানুহে ডাঙৰকৈ মাত মাতে বা হঠাৎ চিঞৰি উঠে। তর্কাতর্কি কৰে বা কাজিয়া কৰে। দামী বস্তু এটাও দলিয়াই ভাঙি পেলাব পাৰে। কাৰোবাক মাৰিবলৈ খেদি যাব পাৰে বা হাত তোলা কামটো কৰিয়েই পেলায়।

আচৰণৰ দ্বাৰা এজন মানুহৰ ব্যক্তিত্ব ফুটি উঠে। সু-আচৰণৰ দ্বাৰা এজন লোকৰ সুন্দৰ ব্যক্তিত্ব ফুটি উঠে। তেনে লোকৰ প্ৰতি সকলো লোক আকৰ্ষিত হয়। যিসকলৰ আচৰণত প্রায়েই নেতিবাচক দিশসমূহ প্রকট হৈ থাকে, তেনে লোক মানুহৰ ওচৰত আদৰণীয় ব্যক্তি হ’বই নোৱাৰে। কোনোবাই কথা-বতৰা পাতিলেও নিতান্তই প্রয়োজনতহে পাতে। অন্যথা আঁতৰি থাকিবলৈ যত্ন কৰে। এই নেতিবাচক দিশসমূহৰ ভিতৰত খং এটা নেতিবাচক দিশ। বহু মানুহৰ সাধাৰণ কথাতে টিঙিচকৈ খং উঠে আৰু মুখলৈ যি আহে সেয়া কৈ পেলায়। দুর্ব্যৱহাৰ কৰিবলৈ কেৰেপ নকৰে। কিন্তু প্রকৃততে এই খঙাল লোকসকল একোগৰাকী দুৰ্ভগীয়া চৰিত্ৰ। এনে লোকক কোনেও সন্মান নকৰে আৰম এৰাই চলিবলৈ চেষ্টা কৰে।

মনৰ খংবোৰ দমন কৰিবলৈ আমি প্রতিনিয়ত চেষ্টা কৰিব লাগে। কিদৰে খংমুক্ত হৈ এটা শান্ত-সমাহিত জীৱনৰ গৰাকী হ’ব পাৰো, লগতে আনৰ দৃষ্টিত এজন সুব্যক্তিত্বৰ গৰাকী হিচাপে পৰিচয় দিব পাৰো। সেয়ে লক্ষ্য কৰিব লাগে মনৰ মাজত— শান্তি শান্তি, ওম শান্তি ভাবটো কঢ়িয়াই লৈ ফুৰিবলৈ। ‘live and let live’ অর্থাৎ নিজেও ভাল ধৰণে জীয়াই থকা, আনকো ভালদৰে জীয়াই থাকিবলৈ পৰিস্থিতি সৃষ্টি কৰি দিয়া আদর্শত গভীৰভাৱে বিশ্বাসী হৈ উঠিব লাগে। ভগৱানৰ প্রতি বিশ্বাসী হ’লে মনক শান্ত অৱস্থাত ৰাখিব পাৰি। কিছুমান লোক ভগৱানৰ প্রতি বিশ্বাসী। অনবৰত পূজাসেৱা লৈ ব্যস্ত থাকে। কিন্তু তেওঁলোকৰ খং-ৰাগো তুংগত থাকে। এনে লোকৰ পূজা-সেৱা আচলতে উপৰুৱা। তেওঁলোকে ভগৱানৰ পথ ল'বলৈ সক্ষম হৈ উঠা নাই। সেই কথা তেওঁলোকৰ আচৰণত প্রকাশ পায়।

খঙত বহুতে বহুতক বেয়াকৈ কথা কৈ দিয়ে। এই ক্ষেত্ৰত আমি এই অভ্যাস গঢ়ি তুলিবলৈ চেষ্টা কৰা উচিত— যেতিয়া তীব্ৰ খং উঠে, তেতিয়া নিজকে আত্মস্থ কৰি ৰাখিব লাগে। খঙৰ সময়খিনি কাটি যাবলৈ দিব লাগে। কাৰণ খঙতহে মানুহৰ মুখৰ পৰা ওলাব নলগা কথাবোৰ ওলাই আহে। খং নাইকিয়া হ’লেই মনৰ কথাও মনতে থাকি যায়। বিচাৰ-বিবেচনাৰ দ্বাৰা নোকোৱাকৈ থাকিব পাৰি। তেতিয়া সম্পর্কও ভালভাৱে থাকিল। নিজৰ সংযত আচৰণৰো পৰিচয় দিব পাৰিলে। কোনোবাই খঙত আচৰণৰ বিৰুদ্ধে স্বভাৱ দেখুৱালে নিজেও যে তেনে আচৰণ কৰিব সেই ভাব ৰখাটো কেতিয়াও উচিত নহয়; বৰঞ্চ সেইজন ব্যক্তিতকৈ আপুনি যে ওপৰত, আপোনাৰ সু-আচৰণৰ দ্বাৰা প্রমাণ ৰাখি আহক। খং-ৰাগৰ বিষয়ে একলম লিখাৰ কাৰণ– খঙৰ দৰে বদ আচৰণ ত্যাগ কৰি আমি আমাৰ মাজৰ সম্পর্কবোৰ মধুৰ কৰি ৰাখিব নোৱাৰোনে?

দীপমণি হাজৰিকা, অসম বাণী।

2.975
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top